Class 9 Assamese Chapter 6 Question Answer | অন্যৰ প্ৰতি ব্যৱহাৰ

মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ৱৈ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ Class 9 Assamese তথা নৱম মান শ্ৰেণীৰ অসমীয়া বিষয়ৰ আন এক অধ্যায় লৈ।

আজি আমি Assamese Question Answer নামৰ এই ৱেবচাইটত আলোচনা কৰিম Class 9 Assamese Chapter 6 Question Answer তথা “অন্যৰ প্ৰতি ব্যৱহাৰ” নামৰ এক গদ্যাংশ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ।

ইয়াৰ আগতে আমি Class 9 Assamese Chapter 5 Question Answer আৰু Class 9 Assamese Chapter 4 Question Answer আলোচনা কৰিছোঁ, আপুনি পঢ়িব খুজিলে লিংকত ক্লিক কৰি পঢ়িব পাৰে।

Class 9 Assamese Chapter 6 Question Answer 2024

Class 9 Assamese Chapter 6 Question Answer ত পাঠ্যপুথিৰ প্ৰশ্ন উত্তৰৰ লগতে কিছু প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰিছোঁ।

ভাৱ বিষয়ক প্ৰশ্ন উত্তৰ

১। অতি চমু উত্তৰ দিয়াঃ

ক) সাৰথি’ পুথিখন কাৰ ৰচনা?
উঃ ‘সাৰথি’ পুথিখন সত্যনাথ বৰাৰ ৰচনা।

খ) কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভূগিবলৈ পায় ?
উঃ মানুহে মানুহৰ লগত কেনেদৰে ব্যৱহাৰ কৰিব লাগে আৰু কেনেকৈ চলিলে সংসাৰত সুখ-সন্তোষে কাল নিয়াব পাৰি তাক নজনাৰ বাবে মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভূগিব লগা হয়।

গ) কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ?
উঃ আনৰ লগত কেটেৰা মাৰি কথা কোৱা খিংখিঙীয়া শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ।

ঘ) সজ ব্যৱহাৰৰ অনুপান কি?
উঃ নম্রতা সজ ব্যৱহাৰৰ অনুপান।

ঙ) মনত অহঙ্কাৰ ৰাখি মুখত নম্র হলে মানুহক কি কৰা হয়?
উঃ মনত অহংকাৰ ৰাখি মুখত নম্র হলে মানুহক ছল (ছলনা) কৰা হয়।

চ) এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল ৷ ’ ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে?
উঃ যি শ্ৰেণীৰ মানুহে আনৰ গুপ্ত কথা লুকাই ৰাখিব নােৱাৰে সেই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল বুলি লিখকে কৈছে।

ছ) কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্রয় দিয়া হয়?
উঃ শঠ মানুহৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্রয় দিয়া হয়।

জ) বহল ব্যাকৰণ’ পুথিখন কাৰ ৰচনা ?
উঃ ‘বহুল ব্যাকৰণ’ পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা।

২। চমুকৈ বুজাই লিখা

ক) ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নােৱাৰি ?
উঃ ব্যৱহাৰ প্রণালীক সামান্য কথা বুলি উলাই কৰিব নােৱাৰি। কাৰণ মানুহৰ প্রতি মানুহে কৰা আচাৰ-ব্যৱহাৰৰ ওপৰতে সমাজ জীৱনৰ সুখ, আৰু শান্তি নির্ভৰ কৰে। আচাৰ-ব্যৱহাৰ বেয়া হ’লে জীৱনত নানা উপদ্ৰৱ ভূগিব লগা হয়। বহুত চৰিত্ৰৱান মানুহেও অসজ ব্যৱহাৰৰ ফলত আন মানুহৰ গৰিহণাৰ পাত্র হয়। আকৌ বহুত কপটীয়া ছলাহী মানুহেও সজ ব্যৱহাৰৰ ফলত মানুহৰ মৰমৰ পাত্র হয়।

খ) বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানী সকলে কিয় কৈছে?
উঃ বিনয় মানে নম্রতা। নম্রতাই মানুহক মানুহৰ ওচৰত মৰমীয়াল কৰি তােলে। বিনয়ভাৱক অলংকাৰৰ লগত তুলনা কৰিব পাৰি। অলংকাৰে যেনেকৈ মানুহৰ শাৰীৰিক সৌন্দর্য বৃদ্ধি কৰে তেনেকৈ বিনয়ভাৱে মানুহৰ ব্যক্তিত্ব প্রকাশত অৰিহণা যােগায়। সেয়ে দান দিয়াৰ সময়ত বিনয়ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কৈছে। বিনয়ী ভাৱত দান কৰিলে মানুহৰ মাজত মৰম, চেনেহ, শ্রদ্ধা-ভক্তি আদি গুণৰ বিকাশ হয় আৰু সামাজিক জীৱনাে সুখৰ হয়।

তাৎপর্য ব্যাখ্যা কৰা

(ক)নম্রতা সজ ব্যৱহাৰৰ অনুপান।
উঃ নম্রতা সজব্যৱহাৰৰ অনুপান’—কথাষাৰসত্যনাথ বৰাদেৱৰ অন্য়ৰ প্রতি ব্যৱহাৰ নামৰ পাঠটিত সুন্দৰভাৱে ব্যাখ্যা কৰিছে। সজ ব্যৱহাৰে মানুহৰ সামাজিক জীৱন সুখ আৰু সন্তোষেৰে ভৰাই তােলে। নম্রতা (বিনয়ভাৱ) হৈছে সজ ব্যৱহাৰৰ এক অন্যতম অনুপান (উপাদান)। নম্র ব্যৱহাৰে মানুহক মানুহৰ ওচৰত মৰমীয়াল কৰি তােলে। বিনয়ভাৱক অলংকাৰৰ লগত তুলনা কৰিব পাৰি। অলংকাৰে যেনেকৈ মানুহৰ শাৰীৰিক সৌন্দর্য বৃদ্ধি কৰে তেনেকৈ বিনয়ভাৱে মানুহৰ ব্যক্তিত্ব প্রকাশত অৰিহণা যােগায়। লােকৰ মাজত নম্র ভাৱ থাকিলে মুখেৰে আপােনা- আপুনি মিঠা মাত ওলায়। কিন্তু মনত অহংকাৰ ৰাখি মুখেৰে নম্রতা প্রকাশ কৰিব বিচাৰিলেওঁ কেতিয়াও প্ৰকৃত নম্র হ’ব নােৱাৰে।

খ) সােণৰ জেউতি অমান্য কৰিলে নকমে।
উঃ সােণ এবিধ অতি মূল্যৱান ধাতু। ইয়াৰ দ্বাৰা অলংকাৰ তৈয়াৰ কৰা হয়। ই অতি উজ্জ্বল। ইয়াৰ উজ্জ্বলতাক কোনেও অস্বীকাৰ কৰিব নােৱাৰে আৰু অস্বীকাৰ কৰিলেও সােণৰ মূল্য নকমে। সােণৰ উপমাটিৰ দ্বাৰা লিখকে ইয়াকে বুজাব খুজিছে যে মান্যবন্ত অর্থাৎ গুণী লােক সদায় মানুহৰ ওচৰত মৰম, সন্মান আৰু গুৰুত্ব পায়। কিছুমান মানবীয় গুণ যেনেঃ নম্রতা, অকপট আচৰণ, দয়া, পৰােপকাৰ আদিয়ে মানুহক মান্যৱন্ত কৰি তােলে। কিন্তু সমাজত এনে কিছুমান লােক আছে যিসকলে মান্যৱন্ত লােকৰ কথা অমান্য কৰে আৰু সুযােগ পালেই তেনে লােকৰ লগত ছল কৰিব বিচাৰে। কিন্তু তেনে কৰিলে মান্যৱন্ত লােকৰ গুণ অকনাে নকমে ঠিক সােণৰ দৰে যাৰ গুণ অস্বীকাৰ কৰিলেও ইয়াৰ মূল্য হ্রাস নাপায়।

ভাষা বিষয়ক প্ৰশ্ন উত্তৰ

৪) বিপৰীতার্থক শব্দ লিখা -সুখ, সন্তোষ, সজ, চৰিত্ৰৱন্ত, কপটীয়া, মিঠা, বিনয়, নম্রতা, লঘু, উচ্চ, নিন্দা, গুপ্ত, দোষ, গহীন, আঢ্যৱন্ত।
উত্তৰ:

শব্দ বিপৰীতার্থক শব্দ
সুখদুখ।
মিঠাতিতা
সতেঅসন্তোষ।
বিনয়উগ্র।
সজঅসজ।
নম্রতাউগ্রতা
চৰিত্ৰৱন্তচৰিত্ৰহীন।
লঘুগুৰু
কপটীয়াউদাৰ।
উচ্চনীচ।
নিন্দাপ্ৰশংসা
গহীনপাতল।
গুপ্তপ্রকাশ্য।
আঢ্যৱন্তদৰিদ্র।
দোষনির্দোষ।

৫) বাক্য ৰচনা কৰা – চকুৰ কুটা, পেটত কথা ৰাখ।
উত্তৰ:

চকুৰ কুটা⇒(শত্রু,দেখিব নােৱৰা) : আনৰ অপকাৰ কৰি ফুৰা মানুহ আনৰ চকুৰ কুটা দাঁতৰ শাল হৈ পৰে।
পেটত কথা ৰাখ⇒ (ক’বলগীয়া কথা ব্যক্ত নকৰি মনতে ৰাখা): আনৰ গুপ্ত কথা প্রকাশ নকৰি পেটত কথা ৰাখিব পাৰিলে মানুহৰ শত্রুতা কমে।

শব্দার্থ আৰু টোকা

অনুপান→আনুষঙ্গিক উপাদান, লগত অনা বা দিয়া বস্তু।
আটক→ বাধা।
চাটুকাৰ→ছলাহী কথাৰে আনৰ অন্তৰ জয় কৰা মানুহ।
প্রৌঢ়ী→জনাজাত, ব্যক্ত, প্ৰচাৰ।
ব্যৱহাৰ→আচৰণ।
ভাজন→পাত্র।
দুলাহী→ ঠগ কথা বা আচৰণ, প্রবঞ্চনা কৰা।
উলাই →অবজ্ঞা
কেটে→কঠুৱা, টান, কর্কশ।
অর্বুদ→ দহ কোটি (সংখ্যা বিশেষ)
নিমিষতে →তৎক্ষণাত, খন্তেকতে।
দম্ভালি→ অহংকাৰ, মই বৰ ভাৱ, নিজেই বৰ ডাঙৰবাৰৰ জানালােক এনেভাৱ।
বিনীত→ স্বভাৱ, শান্ত-শিষ্ট।
বখনা→প্রশংসা কৰা।
মহত্ত্ব→উচ্চতা, গৰিষ্ঠতা।
দুৰাচাৰ →বেয়া আচৰণৰ।
সুচল→ সুবিধা, সুযােগ।
সজাতী →বিশ্বাসী, প্রিয়ভাজন, আপােন।
লােকৰ কথা খুচুৰি ফুৰা→ আনর ভাল-বেয়া কথা জানিবলৈ বিচাৰি ফুৰা
শ্রেয়স→ শ্রেষ্ঠ, উৎকৃষ্ট, অতি ভাল।
খুত→দোষ, ব্যতিক্রম।
উপলুঙা →ভেঙুচালি, ঠাট্টা-মস্কৰা।
শঠ →ছলনাকাৰী, বঞ্চক।
শঠতা→ছলনা, বঞ্চনা।
আটাৱন্ত→ ধনৱন্ত।
মানাৱন্ত→মানী, মান-সম্মান থকা।
জেউতি→পােহৰ, উজ্জ্বলতা।
পুৰুষালি→বল, বীর্য, সাহস।
নিকৃষ্ট→ নিচেই সৰু।
বিগতি→ইতিকিং।

বহলাই উত্তৰ লিখা

ক) কেনেকৈ চলিলে সুখে-সন্তোষে কাল নিয়াব পাৰি বুলি লিখকে কৈছে?
উত্তৰঃ যিবিলাক মানুহেৰে সৈতে সম্বন্ধ জন্মে বা যিবিলাকেৰে সংসাৰত সমাজপাতি থকা যায় সিবিলাক মানুহৰ ভিতৰত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে বা কেনেকৈ চলিব লাগে তাক সংসাৰ যাত্ৰীয়ে ভালদৰে জানিলে সুখে-সন্তোষেৰে কাল নিয়াব পাৰি। এই কথা ভালদৰে নজনাৰ কাৰণেই বহু মানুহে জীৱনত নানান কষ্ট ভুগিব লগাত পৰে। সেই কাৰণে মানুহে সুখে-সন্তোষেৰে কাল নিয়াবলৈ সজ ব্যৱহাৰৰ কথা ভালদৰে জনা উচিত। সজ ব্যৱহাৰত নম্রতা থাকিলে ইয়ে মানুহক আৰু আকর্ষিত কৰিব পাৰে।

খ) “চৰিত্র সজ হলেই ব্যৱহাৰ সজ হ’ব বুলি ভবা উচিত নহয়।” – কিয় ?
উত্তৰঃ চৰিত্র সজ হলেই ব্যৱহাৰ সজ হ’ব বুলি ভবা অনুচিত। কাৰণ অনেক চৰিত্ৰৱন্ত মানুহ ব্যৱহাৰৰ দোষত আনৰ হিংসা আৰু গৰিহণাৰ পাত্র হয়। সজ চৰিত্ৰৰ মানুহাে কর্কশ মাত কথাৰ আৰু দুব্যৱহাৰ হ’ব পাৰে। গতিকে তেনে চৰিত্ৰৱন্ত লােকক সজ ব্যৱহাৰৰ লােক বুলি পৰিচয় দিব নােৱাৰে। আনহাতে অনেক কপটীয়া, ছলাহী, দুঃচৰিত্ৰৰ মানুহাে সজ ব্যৱহাৰৰ গুণত আনৰ মৰমৰ পাত্ৰ হ’ব পাৰে।

গ) “মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্র।” – কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰঃ মাত কথাৰ ওপৰত ব্যৱহাৰ বৰকৈ নিৰ্ভৰ কৰে। স্বভাৱত বহুত দোষ থাকিলেও মিঠা-মাতৰ গুণত মানুহ সৰবৰহী হ’ব পাৰে। নিজলৈ আনৰ মৰম-ভক্তি জন্মােৱাটো মানুহৰ মুখ্য উদ্দেশ্য। ব্যৱহাৰত মিঠা-মাতৰ অভাৱ হ’লে সেই উদ্দেশ্য সিদ্ধ নহয়। মিঠা মাত ব্যৱহাৰৰ কলপৰ নিচিনা। যিদৰে মিঠা বস্তুৰ কলপ লগাইহে বেজেও অকটা দৰব ৰুগীয়াক খাবলৈ দিয়ে আৰু ৰুগীয়েও খাই ভাল পায় সেইদৰে কপটীয়া বা দুষ্ট মানুহে মিঠা মাতেৰে সকলােৰে পৰা মৰম-শ্রদ্ধা আদায় কৰে। সেয়ে সজ ব্যৱহাৰত মিঠা মাতৰ ৰহণ বা কলপ লগালেহে মানুহৰ মনত সন্তোষ লগাব পাৰে।

(ঘ) অবাবতে কেটে মাত মাতা মানুহৰ বিষয়ে লিখকে কি কৈছে?
উত্তৰ : অবাবতে কেটে মাত মাতা মানুহে আনৰ মনত বেজাৰ দিয়ে। এয়া কৰা অনুচিত। নির্বোধ, খিংখিঙিয়া-মানুহে ভৱিষ্যত নুগুনি কেটেৰা মাৰিহে মানুহৰ লগত কথা কয়। এই শ্রেণীৰ মানুহ শত্রু বেছি। সিহঁতে মনে জানি কাৰাে অহিত নকৰিলেও কেৱল কঠুৱা মাতৰ দোষতেই সকলােৰে চকুৰ কুটা যেন হৈ পৰে। সিহঁতৰ গাত লক্ষ গুণ থাকিলেও অকল কেটে বা তিতা মাতেই সকলাে ঢাকি পেলায়। কেটে মাত মাতিলে। সহস্ৰ উপকাৰ মানুহে একেতিলে পাহৰে, অবুদ দানৰ ফল নিমিষতে লয় হয়।

(ঙ) “নম্রতা এটা মনৰ গুণ, মিঠা মাত তাৰ ফল।” – তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰঃ মিঠা গছৰ ফল যিদৰে মিঠা হয় ঠিক সেইদৰে মানুহৰ মিঠা গুণ নম্ৰতাৰ ফলাে হৈছে মিঠা মাত। মনত নম্ৰতাৰ ভাব থাকিলেহে মুখেৰে আপােনা-আপুনি মিঠামাত ওলায়। মনত নম্ৰতাৰ পৰিবৰ্তে অহংকাৰ ভাৱ ৰাখি মুখেৰে মিঠা মাত কেতিয়াও নােলায়, সেই মাত অলপ নহয় অলপ কর্কশ হ’বই। অহংকাৰ ৰাখি নম্র হ’বলৈ গ’লে মানুহে ছল কৰাহে হয়। তেনে আচৰণ অনুচিত। সেয়ে ব্যৱহাৰত মনে-মুখে একে হ’বলৈ সততে চেষ্টা কৰা উচিত।

(চ) “চাটুকাৰক মূখ বা দাম্ভিক মানুহে ভাল পাব পাৰে; কিন্তু জ্ঞানী মানুহে ঘিণায়।” কথাষাৰ বুজাই লিখা।
উত্তৰ :চাটুকাৰৰ স্বভাৱ হ’ল সমুখত আনৰ প্রশংসা কৰি নিজৰ উদ্দেশ্য সাধন কৰা। মূৰ্খ বা দাম্ভিক লােকে এই কথা ভাল পালেওঁ জ্ঞানীলােকে ঘিণ কৰে। মূৰ্খ বা দাম্ভিক লােকে চাতুকাৰৰ গােপন উদ্দেশ্যৰ কথা বুজি নাপায় তাৰ মুখত নিজৰ প্রশংসা শুনি বৰ আনন্দ পায় আৰু গৌৰৱবােধ কৰি গপত ওপন্দি পৰে। এই কথাই চাটুকাৰৰ গােপন উদ্দেশ্য পূৰণ হােৱাত সহায় কৰে। চাটুকাৰৰ এনে ছলাহীপূর্ণ প্রশংসাই মূৰ্খ বা দাম্ভিক লােকক অনেক বিপদতাে পেলায়। সেয়ে চাটুকাৰৰ তেনে প্রশংসাক জ্ঞানীলােকে কোনাে প্ৰকাৰেই প্রশ্রয় নিদিয়ে, বৰং ঘিণহে কৰে।


Download PDF Note

আমি ইতিমধ্যে Class 9 Assamese Chapter 6 Question Answer আলোচনা কৰিলোঁ। আপুনি যদি ইয়াৰ ওপৰিও Class 9 Assamese Chapter 6 Question Answer PDF ডাউনলোড কৰিব খোজে তেন্তে তলত দিয়া লিংকৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব।

Class 9 Assamese Chapter 6 Question Answer PDF

Watch Video Class

আমি আপোনালোকৰ বাবে Class 9 Assamese Chapter 6 Question Answer দিয়াৰ ওপৰিও ওপৰৰ লিংকত আমি Class 9 Assamese Chapter 6 Question Answer PDF ডাউনলোড কৰাৰ ব্যৱস্থা কৰিছোঁ।

ইয়াৰ ওপৰিও যদি আপোনাৰ Class 9 Assamese Chapter 6 Question Answer বুজি পোৱাত অসুবিধা পাইছে তেন্তে তলত দিয়া Video Class চাই সুন্দৰকৈ বুজি লব পাৰিব।

অতিৰিক্ত প্ৰশ্ন উত্তৰ

ক) ‘অন্যৰ প্ৰতি ব্যৱহাৰ’ পাঠটিৰ লিখক কোন?
উত্তৰঃ সত্যনাথ বৰা।

খ) সত্যনাথ বৰাৰ জন্ম আৰু মৃত্যু চন দুটা উল্লেখ কৰা।
উত্তৰঃ জন্ম ১৮৬০ চন আৰু মৃত্যু ১৯২৫ চন।

গ) সত্যনাথ বৰাৰ দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ ‘বহল ব্যাকৰণ’ আৰু ‘সাৰথি’।

ঘ) ‘অন্যৰ প্ৰতি ব্যৱহাৰ’ পাঠটি সত্যনাথ বৰাৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? এই পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰঃ ‘সাৰথি’ গ্ৰন্থৰ পৰা। গ্ৰন্থখন সত্যনাথ বৰাই ৰচনা কৰিছিল।

ঙ) সত্যনাথ বৰাই সম্পাদনা কৰা আলোচনীখনৰ নাম লিখা।
উত্তৰঃ গুৱাহাটীৰ পৰা ওলোৱা সময়ত ‘জোনাকী’ আলোচনী খন।

চ) ‘অন্যৰ প্ৰতি ব্যৱহাৰ’ পাঠটিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক কি বুজাবলৈ চেষ্টা কৰা হৈছে?
উত্তৰঃ জীৱন-যুদ্ধৰ আঁতি-গুৰি আৰু জীয়াই থকাৰ কৌশলবোৰ। তাৰোপৰি আনৰ অন্তৰ জয় কৰিবলৈ কেনে ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে।

ছ) অনেক চৰিত্ৰৱন্ত মানুহ ব্যৱহাৰৰ দোষত কি হয়?
উত্তৰঃ আনৰ হিংসা-গৰিহণাৰ ভাজন হয়।

জ) ব্যৱহাৰ প্ৰণালীৰ ঘাইমন্ত্ৰ কি?
উত্তৰঃ মিঠামাত।

ঝ) সজ ব্যৱহাৰৰ মুখিয়াল উদ্দেশ্য কি?
উত্তৰঃ নিজলৈ আনৰ মনৰ ভক্তি জন্মোৱা।

ঞ) ব্যৱহাৰৰ কলপ বা ৰহণৰ নিচিনা কি?
উত্তৰঃ মিঠা মাত।

1) ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি?
উত্তৰঃ মানুহ সমাজপ্রিয় জীৱ । সমাজ নহ’লে মানুহ জীয়াই থাকিব নোৱাৰে । সমাজ জীৱনত চলি থাকিবলৈ হলে,কাৰ লগত কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগিব সেই কথা নিশিকিলে বহুত মানুহে জীৱনত নানা কষ্ট ভুগিবলগীয়া হয় । যদিও সজ ব্যৱহাৰ সজ চৰিত্ৰৰ গুণ – তথাপিও চৰিত্ৰ ভাল হ’লেই ভাল ব্যৱহাৰ নহ’বও পাৰে ।

আনকি অনেক চৰিত্ৰৱান মানুহ ব্যৱহাৰৰ দোষত অইনৰ অপাত্ৰ হয় । আকৌ অনেক বদ চৰিত্ৰৰ মানুহে ব্যৱহাৰৰ গুণত সকলোৰে মৰম বুটলিবলৈ সক্ষম হয় । গতিকে ব্যৱহাৰ মানৱ জীৱনৰ অতি গুৰুত্ত্বপূৰ্ণ দিশ; তাক আমান্য কৰিব নোৱাৰি ।

2)”নম্ৰতা সজ ব্যৱহাৰৰ অনুমান“- কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা ।
উত্তৰঃ মানৱ জীৱনৰ নম্ৰতা সজগুণ । সজ ব্যৱহাৰ আৰু নম্ৰতাই মানুহৰ জীৱনত বহুত সহায় কৰে । ভাল ব্যৱহাৰ আৰু নম্ৰতাৰে অইনৰ লগত কথা পাতিলে খঙাল আৰু শত্ৰুৰো হৃদয় জয় কৰিব পাৰি । নম্রজনক সকলোৱে আদৰ কৰে । চৰিত্ৰৱান,

সজ ব্যৱহাৰ আৰু নম্ৰ মানুহৰ সমাজত স্থান বহুত উচ্চ হয়, সকলোৰে আদৰ হৈ পৰে । নম্ৰতাৰ নিচিনা গুণ আহৰণ কৰিবলৈ তেওঁৰ পৰিয়ালৰ পৰিবেশৰ ওপৰত বহু নিৰ্ভৰ কৰে । ই এটি মহান গুণ­ । মনত নম্ৰতা ভাব থাকিলে অইনৰ অন্তৰ সহজভাৱে জয় কৰিব পাৰি ।

সেয়েহে সজ ব্যৱহাৰ হৃদয়স্পৰ্শী কৰিবলৈ নম্ৰতাক অনুপান ল’ব পাৰি । সেইবাবে নম্ৰতাক সজ ব্যৱহাৰৰ অনুপান বুলি কোৱা হয় ।

3) বিনয় ভাবত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে?
উত্তৰঃ কেটেৰা কথাই মানুহক অসন্তুষ্ট কৰে । কিছুমান মানুহে অবাবত কেটেৰা মাত মাতি মানুহক কষ্ট দিয়ে । এই শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ । তেওঁলোকে মনে জানি কাৰো আহিত নকৰিলেও,কেৱল কেটেৰা মাতৰ বাবেই আনৰ চকুৰ কটা যেন হৈ পৰে।

তেওঁলোকৰ গাত লক্ষ গুণ থাকিলেও তিতা মতে সকলো ঢাকি পেলায় । তিতা মুখে মাতিলে সহস্ৰ উপকাৰ মানুহে একেতিলে পাহৰে,অৰবোত দানৰ ফল একে নিমিষতে লয় হয় । সেয়েহে জ্ঞানীসকলে দানত বিনয় বিধান কৰিছে ।

4) “মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ“- কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা ।
উত্তৰঃ মিঠা মাত ব্যৱহাৰৰ প্ৰাথমিক উপাদান । স্বভাৱত বহুত দোষ থাকিলেও মিঠা মাতৰ গুণত মানুহক মানুহে ভাল পায়,সৰহবৰহী হয় ।আনৰ মৰম,ভক্তি আদায় কৰা সজ ব্যৱহাৰৰ মুখ্য উদেশ্য। ব্যৱহাৰত মিঠা মাতৰ নাটনি হ’লে সেই উদ্দেশ্যে সফল নহয় ।

মিঠা মাত ব্যৱহাৰৰ ৰহণ নলগালে শুৱনি নহয়,সেইদৰে সজ ব্যৱহাৰত মিঠা মাতৰ ৰহণ নলগালে সেই ব্যৱহাৰে আনক সন্তুষ্ট কৰিব নোৱাৰে । সেয়েহে মিঠা মাত ব্যৱহাৰৰ প্ৰণালীৰ ঘাই মন্ত্ৰ ।

শেষ বাক্য

Class 9 Assamese Chapter 6 Question Answer ৰ শেষ বাক্য হিচাপে আমি ইয়াত লবলগীয়া একো নাই। ইয়াত আমি আমাৰ সাদ্য অনুযায়ী প্ৰশ্ন উত্তৰ আলোচনা কৰিব প্ৰয়াস কৰিছোঁ।

যদি আপুনি Class 9 Assamese Chapter 6 Question Answer ৰ কোনো অংশ বুজি পোৱাত অসুবিধা পাইছে তেন্তে পোনপটীয়াকৈ আমাক জনাব পাৰে। আমি যথা সম্ভৱ আপোনাৰ প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিম।

Leave a Comment