Class 9 Assamese Chapter 4 Question Answer | প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক

আপুনি বাৰু ন​ৱম মান শ্ৰেণীৰ অসমীয়াৰ প্ৰশ্ন উত্ত​ৰ বিছাৰি ইয়ালৈ আহিছে নেকি? আজি আমি আপোনালক​ৰ বাবে Class 9 Assamese Chapter 4 Question Answer লৈ আহিছো ।

আশা কৰো আপুনি আগতে আলোচনা কৰা Class 9 Assamese Chapter 1 Question Answer, Class 9 Assamese Chapter 2 Question Answer, আৰু Class 9 Assamese Chapter 3 Question Answer পঢ়ি ভাল পাইছে।

আজি আমি ডঃ ভুপেন হাজৰিকা দেৱে লিখা “প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক” প্ৰশ্ন উত্ত​ৰ লৈ আহিছো । ডঃ ভূপেন হাজৰিকা অসমৰ এজন স্বনামধন্য গীতিকাৰৰ, সুৰকাৰ আৰু লিখক। তেখেতৰ হাতত প্ৰাণ পাই উঠিছে হাজাৰ হাজাৰ গীত মাত আৰু বহুত লিখনি। ডঃ ভূপেন হাজৰিকা দেৱৰ বিভিন্ন লিখনিৰ মাজৰ Class 9 Assamese Chapter 4 Question Answer “প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক” নামৰ কবিতাটো সন্নিবিষ্ট কৰা হৈছে।

Class 9 Assamese Chapter 4 Question Answer 2024

Class 9 Assamese Chapter 4 Question Answer তথা “প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক” নামৰ অধ্যায়টোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ আগতে আমি কবিতাফাকি আমি পঢ়িব লাগিব। অকল কবিতাফাকি পঢ়াই নহয়, ইয়াৰ মুলভাৱ জানিব লাগিব।

তেতিয়াহে আমি Class 9 Assamese Chapter 4 Question Answer তথা প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ কবিতাৰ প্ৰশ্ন উত্তৰ অতি সহজেই মনত ৰাখিব পাৰিব। তেন্তে আহক আমি আগতে মূলভাৱ আৰু কবিতা ফাকি জনি লওঁ।

-প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক-

‘তোমাৰ প্ৰাপ্য কি কোৱা?’
মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে কʼলো –
‘তোমাৰ শক্তিখিনি দিয়াঁ।’
বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি কʼলে –
‘তোমাৰ কাম্য কি কোৱাঁ ?’
মই কʼলোঁ ব্ৰজক, তোমাৰ শক্তিশালী
উদাত্ত কণ্ঠটি দিয়াঁ।
এদিন আকাশে কʼলে: ‘জনৈক গীতিকাৰে
অকণি আকাশ দেখোঁ মাগে ।’

তুমি কিয় আজি বাৰু
কম্পিত কণ্ঠেৰে
মাগিছাঁ সৰ্বাকাশ সত্তা ?
মই কʼলোঁ, ‘তুমিয়েতে কৈছিলাঁ ৰাতিপুৱা
যিমানে বিলাই দিবা, সিমানে মহান হʼবা,
তাৰে নাম সঁচা উদাৰতা।
সেয়েহে আকাশ তুমি
দিব যদি খুজিছাঁই
সংকীৰ্ণতা এৰি
দিয়াঁ অৱদান ৰূপে
তোমাৰ পূৰ্ণ বিশালতা,
দিয়া যদি আজিয়েই দিয়াঁ।’

মহাকাশে দিলে মোক বিশাল দৃষ্টি
আৰু ধুমুহাই প্ৰচণ্ড শক্তি
বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ
আৰু দিলে সাহসৰ যুক্তি
বজ্ৰৰ কণ্ঠেৰে, ধুমুহাৰ শক্তিৰে
গীত গাই কঁপাম দিগন্ত।
দানৱৰ সমাজতো গাম মানৱৰে গীত
কলিজাৰ সঁচা সুৰ-সিক্ত।
মুমূৰ্ষু মানৱক জীৱনৰ বিদ্যুৎ
কিঞ্চিতো যদি দিব পাৰোঁ
আকাশ
ধুমুহা
আৰু বজ্ৰক
তাৰ বাবে
শতবাৰ প্ৰণিপাত কৰোঁ।

সাৰাংশ/মূলভাৱ

মানুহৰ ভাৱানুভূতিৰ খোৰাক যোগায় প্রকৃতিয়ে । প্রকৃতি জগতখনত বিচৰণ কৰিয়ে নানা ভাৱানুভূতিৰে মানুহৰ হৃদয় পৰিপূৰ্ণ হৈ উঠে। কবিয়েও প্রকৃতি জগতখনক আশ্ৰয় কৰিয়েই মানুহৰ বাবে কিবা কৰাৰ সপোন দেখিছে।

কবিৰ এই সপোন জগতৰ মুমূর্ষু মানৱৰ হৃদয়ত নতুন আশা- আকাংক্ষাৰে প্ৰাণৰ সঞ্চাৰ কৰা তথা তেওঁলোকৰ দুখ-বেদনাৰ অৱসান ঘটোৱা। ইয়াৰ বাবে কবিৰ প্রয়োজন মহাশক্তি আহৰণ কৰা। সেয়ে কবিয়ে প্রকৃতিজগতকে মহাশক্তিৰ আধাৰ হিচাপে গণ্য কৰি প্ৰকৃতিৰ মহাশক্তিসমূহ অর্থাৎ আকাশ, ধুমুহা, বজ্ৰৰ শক্তিৰে নিজক শক্তিমান কৰি তুলিবলৈ বিচাৰিছে, যাতে তেওঁ বিচৰা মতে নিঃস্ব তথা আৰ্তৰ্জনৰ দুখমোচন কৰিব পাৰে।

কবিয়ে ধুমুহাৰ পৰা প্ৰচণ্ড শক্তি, বজ্ৰৰ পৰা উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি আৰু আকাশৰ পৰা পূৰ্ণ বিশালতা পাবলৈ বিচাৰিছে। কবিয়ে বিচৰা মতেই মহাকাশে কবিক দিলে বিশাল দৃষ্টি, ধুমুহাই দিলে প্রচণ্ড শক্তি আৰু বজ্ৰই দিলে উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি।

এনেদেৰে কবিয়ে প্রকৃতি জগতৰ পৰা আহৰণ কৰা শক্তিৰে শক্তিশালী হৈ দানৱৰ সমাজখনত মানৱৰ গীত গাই দিগন্ত কঁপাই সমাজখনক শোষণ, বঞ্চনা, নিপীড়নৰ পৰা মুক্ত কৰিব বিচাৰিছে কবিয়ে পুৱাৰ পোহৰে ধনী-দুখীয়া, উচ্চ-নীচ সকলোকে সমানে পোহৰ বিলোৱাৰ দৰে মানৱ সমাজখনতো সকলোলোকে যাতে সমান সা-সুবিধা লাভ কৰি এখন শান্তিপূর্ণ, সুশৃংখল সমাজ গঢ়িব পাৰে তাকেই আন্তৰিকতাৰে কামনা কৰিছে।

ভাৱ-বিষ​য়ক প্ৰশ্ন উত্ত​ৰ

1) চমু উত্তৰ দিয়া

ক) কবিয়ে কাক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিৱলৈ আহ্বান জনাইছে?
উত্তৰঃ কবিয়ে আকাশক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বন জনাইছে।

খ) কবিৰ প্ৰাপ্য কি তাক সুধি কোনে প্ৰশ্ন কৰিছিল?
উত্তৰঃ প্ৰচণ্ড ধুমুহাই কবিৰ প্ৰাপ্য কি সুধি প্ৰশ্ন কৰিছিল।

গ) কবিক বিশাল দৃষ্টি কোনে দিলে?
উত্তৰঃ মহাকাশে কবিক বিশাল দৃষ্টি দিলে।

ঘ) ‘মুমূৰ্ষ মানবক জীবনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ’ – ইয়াত বিদ্যুৎ শব্দই কি বুজাইছে?
উত্তৰঃ ইয়াত ‘বিদ্যুৎ’ শব্দই পুনৰ সঞ্জীৱিত বুজাইছে।

ঙ) প্ৰচণ্ড ধুমুহাই কবিক কি প্ৰশ্ন কৰিছিল?
উত্তৰঃ প্ৰচণ্ড ধুমুহাই কবিক প্ৰাপ্য কি বুলি প্ৰশ্ন কৰিছিল।

২) বজ্ৰই কবিক কি কি দিলে?
উত্তৰঃ বজ্ৰই কবিক উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি দিলে।

৩) কবিয়ে ‘সচাঁ উদাৰতা’ কথাষাৰেৰে কি বুজাব খুজিছে?
উত্তৰঃ ‘সচাঁ উদাৰতা’ কথাষাৰেৰে সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানবিক উদাৰতাৰ কথা বুজাব খুজিছে।

৪) কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাবলৈ মন মেলিছে চমুকৈ বুজাই লিখা।
উত্তৰঃ কবিয়ে বজ্ৰৰ কন্ঠেৰে আৰু ধুমুহাৰ শক্তিৰে গীত গাই দিগন্ত কঁপাবলৈ মন মেলিছে।

৫) কবিয়ে কলিজাৰ সচাঁ সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে?
উত্তৰঃ কবিয়ে কলিজাৰ সচাঁ সুৰেৰে সিক্ত কৰি দানৱৰ সমাজত মানৱৰ গীত গাবলৈ সাজু হৈছে।

৬) আকাশ, ধুমুহা আৰু বজ্ৰক কবিয়ে কি কাৰণে প্ৰণিপাত জনাইছে বহলাই লিখা।
উত্তৰঃ আকাশ, ধুমুহা আৰু বজ্ৰক কবিয়ে প্ৰণিপাত জনোৱাৰ কাৰণ হল আকাশে কবিক প্ৰদান কৰিলে বিশাল দৃষ্টি, যাৰ জৰিয়তে কবিয়ে সংকীৰ্ণতাৰ পৰিধি ভাঙি মানুহৰ মাজত মানৱতা বোধৰ বানী দাঙি ধৰিবলৈ সক্ষম হৈছে। ধুমুহা আৰু বজ্ৰই কবিক প্ৰচণ্ড শক্তি আৰু উদাত্ত কণ্ঠ প্ৰদান কৰিছে, যি শক্তি আৰু কন্ঠেৰে কবিয়ে দানৱৰ সমাজত মানৱৰ গীত গাই দিগন্ত কঁপাবলৈ সক্ষম হৈছে। মৃতপ্ৰায় সমাজখনক কবিয়ে পুনৰ সঞ্জীৱিত কৰাত আকাশ, ধুমুহা আৰু বজ্ৰৰ পৰা পোৱা প্ৰেৰণাৰ বাবে কবিয়ে প্ৰণিপাত জনাইছে।

ব্যাখ্যা কৰা

ক) বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি কলে,
তোমাৰ কাম্য কি কোৱা?
মই কলো, বজ্ৰ তোমাৰ
শক্তিশালী উদাত্ত কণ্ঠটি দিয়া।

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ডঃ ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত “প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক” নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানৱৰ সমাজত সম্প্ৰীতিৰ বানী প্ৰচাৰ কৰিবলৈ প্ৰকৃতিৰ উপাদান বোৰৰ পৰা শক্তি আৰু প্ৰেৰণা আহৰণ কৰাৰ কথা কৈছে।

কবিয়ে বজ্ৰৰ দৰে নিৰ্ভীকতা আৰু উদাত্ত কন্ঠৰে মানবতাৰ জয়গান গাবলৈ ইচ্ছা প্ৰকাশ কৰিছে। সেয়েহে কবিয়ে বজ্ৰৰ পৰা শক্তিশালী আৰু উদাত্ত কন্ঠটি বিচাৰিছে। যাতে তেওঁ সেই শক্তিশালী উদাত্ত কন্ঠৰে মানবতাৰ জয় গান গাব পাৰে।

খ) সেয়েহে আকাশ তুমি যদি দিব খুজিছাই
সংকীৰ্ণতা এৰি দিয়া
আৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা
দিয়া যদি আজিয়েই দিয়া।

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ডঃ ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত “প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক” নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

কবিতাফাঁকিৰ জৰিয়তে আকাশৰ দৰে উদাৰ আৰু বিশাল মানৱতা বোধৰ কথা কোৱা হৈছে।
কবিয়ে প্ৰকৃতিৰ উপাদান বোৰৰ পৰা শক্তি আৰু প্ৰেৰণা আহৰণ কৰিছে। আকাশৰ বিশালতাই কবিক যেন সোৱৰাই দিছে- সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানবিক উদাৰতাৰ কথা। সেয়েহে কবিয়ে নিজৰ মনটোও আকাশৰ দৰে বিশাল আৰু উদাৰ হোৱাটো কামনা কৰিছে।

গ) মহাকাশে দিলে মোক বিশাল দৃষ্টি
আৰু ধুমুহাই প্ৰচণ্ড শক্তি
বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ
আৰু দিলে সাহসৰ যুক্তি।

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ডঃ ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত “প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক” নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

কবিতাফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদান বোৰৰ পৰা শক্তি আহৰণ কৰাৰ কথা কৈছে।

কবিয়ে মহাকাশৰ পৰা বিশাল হৃদয় আৰু উদাৰ দৃষ্টি, ধুমুহাৰ পৰা প্ৰচণ্ড শক্তি, বজ্ৰৰ পৰা উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি আহৰণ কৰি মানৱতাক জয়গান গাবলৈ প্ৰয়াস কৰিছে।

ঘ) মুমূৰ্ষু মানবক জীৱনৰ বিক্ষ
কিঞ্চিতো যদি দিব পাৰোঁ
আকাশ, ধুমুহা আৰু বজ্ৰক
তাৰ বাবে প্ৰণিপাত কৰোঁ।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ডঃ ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত “প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক” নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

কবিতাফাঁকিত মানবতাৰ সুৰ পৰিলক্ষিত হৈছে।

ধুমুহাৰ দৰে প্ৰচণ্ড শক্তি লাভ কৰি সমাজৰ উত্তৰণত সেই শক্তি প্ৰয়োগ কৰিবলৈ কবি আগ্ৰহী। বজ্ৰৰ দৰে নিৰ্ভীকতা আৰু উদাত্ত কন্ঠৰে মানবতাৰ জয়গান গাবলৈ কবিয়ে ইচ্ছা প্ৰকাশ কৰিছে। আকাশৰ বিশালতাই যেন কবিক সোৱৰাই দিছে- সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানবিক উদাৰতাৰ কথা। মুমূৰ্ষু মানবক মানৱতা বোধৰে পুনৰ সঞ্জীৱিত কৰাটোয়েই কবিৰ অভিপ্ৰায়।

ভাষা বিষয়ক প্ৰশ্ন উত্ত​ৰ

৫) তলত দিয়া শব্দবোৰৰ সমাৰ্থক শব্দ লিখা।
ধুমুহা, বুকু, কাম্য, সংকীৰ্ণতা, বিশাল, দানব , প্ৰণিপাত, সিক্ত
উত্তৰঃ

শব্দশব্দ সমাৰ্থক
ধুমুহাবৰদৈচিলা
বুকুহৃদয়
কাম্যবিচাৰো
সংকীৰ্ণতাঠেক
বিশালবহল
দানবদৈত্য
প্ৰণিপাতপ্ৰণাম
সিক্ততিতা, ভিজা

৬) তলত দিয়া শব্দকেইটাত কি কাৰণে ‘ণ’ হৈছে লিখাঃ
কণ্ঠ, পূৰ্ণ, প্ৰচণ্ড, সংকীৰ্ণতা, প্ৰণিপাত
উত্তৰঃ

কণ্ঠঃ ট বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হলে দন্ত্য ন মূৰ্ধন্য ণ হয়।
পূৰ্ণঃ একেটা পদতে থকা ঋ, ৰ আৰু ষ-ৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ণ হয়।
প্ৰচণ্ডঃ ট বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হলে দন্ত্য ন মূৰ্ধন্য ণ হয়।
সংকীর্ণতাঃ ‘ৰ ৰ পাছত থকা দন্ত্য ন ‘ণ’ হয়।
প্রণিপাতঃ প্ৰ উপসৰ্গৰ পাছত থকা দন্ত্য ন মূর্ধন্য ণ হয়।

৭) তলত দিয়া শব্দকেইটাৰ কি কাৰণে ‘ ষ’ হৈছে লিখা।
মুমূৰ্ষু, দৃষ্টি
উত্তৰঃ

মুমূৰ্ষুঃ অ, আ ভিন্ন অন্য স্বৰবৰ্ণ বা ক বা ৰ-ৰ পাছত থকা প্ৰত্যয়ৰ স মূৰ্ধন্য ষ হয়।
দৃষ্টিঃ ট বৰ্গৰ বৰ্ণৰ সৈতে যুক্ত হলে দন্ত্য স মূৰ্ধন্য ষ হয়।

৮) সন্ধি ভাঙাঃ দিগন্ত, সৰ্বাকাশ, সংকীৰ্ণ
উত্তৰঃ

দিগন্তদিক্ +অন্ত
সৰ্বাকাশসৰ্ব+ আকাশ
সংকীৰ্ণসম্ + কীৰ্ণ

Download PDF Notes

আমি ইতিমধ্যে Class 9 Assamese Chapter 4 Question Answer আলোচনা কৰিলোঁ। আপুনি যদি ইয়াৰ ওপৰিও Class 9 Assamese Chapter 4 Question Answer PDF ডাউনলোড কৰিব খোজে তেন্তে তলত দিয়া লিংকৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব।

Class 9 Assamese Chapter 4 Question Answer PDF

Watch Video Class

আমি আপোনালোকৰ বাবে Class 9 Assamese Chapter 4 Question Answer দিয়াৰ ওপৰিও ওপৰৰ লিংকত আমি Class 9 Assamese Chapter 4 Question Answer PDF ডাউনলোড কৰাৰ ব্যৱস্থা কৰিছোঁ।

ইয়াৰ ওপৰিও যদি আপোনাৰ Class 9 Assamese Chapter 4 Question Answer বুজি পোৱাত অসুবিধা পাইছে তেন্তে তলত দিয়া Video Class চাই সুন্দৰকৈ বুজি লব পাৰিব।

অতিৰিক্ত চমু প্ৰশ্ন উত্তৰ

ক) কোনে কবিক তোমাৰ প্ৰাপ্য কি কোৱা বুলি প্ৰশ্ন সুধিছিল?
উত্তৰঃ প্ৰচণ্ড ধুমুহাই কবিক তোমাৰ প্ৰাপ্য কি কোৱা বুলি প্ৰশ্ন সুধিছিল।

খ) ধুমুহাৰ পৰা কবিয়ে কি বিচাৰিছিল?
উত্তৰঃ ধুমুহাৰ পৰা কবিয়ে ধুমুহাৰ শক্তিখিনি বিচাৰিছিল।

গ) কোনে অকণি আকাশ মাগিছিল?
উত্তৰঃ জনৈক গীতিকাৰে আকাশক ‘অকণি আকাশ’ মাগিছিল।

ঘ) ‘যিমানে বিলাই দিবা, সিমানে মহান হ’বা’— কথাষাৰৰ প্ৰকৃত অর্থ কি?
উত্তৰঃ ‘যিমানে বিলাই দিবা, সিমানে মহান হ’বা’ কথাষাৰৰ প্ৰকৃত অৰ্থ সঁচা উদাৰতা।

ঙ) কবিয়ে কাৰ ওচৰত পূৰ্ণ বিশালতা বিচাৰিছিল?
উত্তৰঃ কবিয়ে আকাশৰ ওচৰত আকাশৰ পূৰ্ণ বিশালতা বিচাৰিছিল।

চ) মহাকাশে কবিক কি দিছিল?
উত্তৰঃ মহাকাশে কবিক বিশাল দৃষ্টি দিছিল।

ছ) কবিয়ে কাৰ পৰা সাহসৰ যুক্তি বিচাৰি পাইছিল?
উত্তৰঃ কবিয়ে বজ্ৰৰ পৰা সাহসৰ যুক্তি বিচাৰি পাইছিল।

জ) কবিয়ে কি কি শক্তিৰে গীত গাই দিগন্ত কঁপাব বিচাৰিছে?
উত্তৰঃ কবিয়ে বজ্ৰৰ উদাত্ত কণ্ঠেৰে আৰু ধুমুহাৰ প্ৰচণ্ড শক্তিৰে গীত গাই দিগন্ত কঁপাব বিচাৰিছে।

ঝ) ‘মুমূর্ষু মানৱ’ বুলি কবিয়ে কোন শ্ৰেণীৰ লোকক বুজাব খুজিছে?
উত্তৰঃ ‘মুমূর্ষু মানৱ’ বুলি কবিয়ে সমাজৰ শোষিত-বঞ্চিত, নিপীড়িত তথা নির্যাতিত দুর্বল-দুখীয়া শ্ৰেণীৰ লোকক বুজাব বিচাৰিছে।

ঞ) ‘জীৱনৰ বিদ্যুৎ’ শব্দাংশৰে কবিয়ে কি বুজাব বিচাৰিছে?
উত্তৰঃ ‘জীৱনৰ বিদ্যুৎ’ শব্দাংশৰে কবিয়ে মুমূর্ষু জনৰ হৃদয়ত প্ৰাণৰ সঞ্চাৰ কৰিব বিচৰাৰ কথা বুজাব বিচাৰিছে।

শেষ বাক্য

Class 9 Assamese Chapter 4 Question Answer তথা “প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক” নামৰ ডঃ ভূপেন হাজৰিকা দেৱে ৰচনা কৰা কবিতাৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আদি আজি আমি আলোচনা কৰিলোঁ।

Class 9 Assamese Lesson 4 Question Answer ত আলোচনা কৰা প্ৰশ্ন উত্তৰে আপোনাক সহায় কৰিব বুলি আমি আশাবাদী।

যদি আপোনাৰ Class 9 Assamese Chapter 4 Question Answer ৰ কিবা প্ৰশ্ন বা অসুবিধা আছে তেন্তে আমাক জনাব পাৰে, আমি আপোনাৰ প্ৰশ্নৰ উত্তৰ যথা সময়ত দিবলৈ যত্ন কৰিম।

Leave a Comment