Class 9 Assamese Chapter 3 Question Answer | গীত আৰু ছবি প্ৰশ্ন উত্তৰ

আপুনি যদি Google ত বিচাৰি আছে Class 9 Assamese Chapter 3 Question Answer তেন্তে এই লিখনি আপোনাৰ বাবেই।

আপুনি যদি নৱম শ্ৰেণীত পঢ়ি আছে বা পঢ়ুৱাই আছে তেন্তে আজিৰ এই লিখনিত Class 9 Assamese Chapter 3 Question Answer য়ে আপোনাক বহুত সহায় কৰিব।

ইয়াৰ আগতে আমি Class 9 Assamese Chapter 1 Question Answer আৰু Class 9 Assamese Chapter 2 Question Answer আলোচনা কৰিছোঁ। আপুনি যদি পঢ়িব খোজে তেন্তে তলত দিয়া লিংকৰ জৰিয়তে পঢ়িব পাৰে।

Class 9 Assamese Chapter 3 Question Answer 2024

‘গীত আৰু ছবি’  কবিতাটোৰ কবি দুৰ্গেশ্বৰ শৰ্মাৰ দ্বাৰা ৰচিত। কবিতাটোৰ জৰিয়তে কবিয়ে প্ৰকৃত গীত আৰু ছবিৰ সাৰ্বজনীন আবেদন আৰু মহত্বৰ কথা কলাত্মক ৰূপত তুলি ধৰিছে।

ইয়াত আমি Class 9 Assamese Chapter 3 Question Answer ত পাঠ্যভিত্তিক প্ৰশ্ন উত্তৰ লগতে কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰিম। 

ভাৱ বিষয়ক প্ৰশ্ন উত্তৰ

হয়, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধৱী সকল, Class 9 Assamese Chapter 3 Question Answer ত ভাৱ বিষয়ক প্ৰশ্ন, ভাষা বিষয়ক প্ৰশ্ন, ব্যাখ্যা লগতে আন আন প্ৰশ্ন আছে।

চমু উত্তৰ দিয়া

ক) কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নোবোলে?
উত্তৰঃ যিবোৰ গীত সকলোৱে বুজি নাপায় আৰু যিবোৰ ছবিৰ মূল সকলোৱে ধৰিব নোৱাৰে, তেনেবোৰ গীত আৰু ছবিক কোনেও ভাল নোবোলে।

খ) সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে?
উত্তৰঃ সদায় কাণেৰে শুনা সৰু কথাটিয়ে গীতৰ ৰূপ লৈ আমাৰ প্ৰাণ টানি ধৰে।

গ) কবিৰ মতে কোনবোৰ বস্তু অজৰ-অমৰ?
উত্তৰঃ নিমজ ভাব গতিৰ সকলোবোৰ কৌশলী বিদ্যাকে কবিয়ে অজৰ-অমৰ বুলি কৈছে।

ঘ) কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়?
উত্তৰঃ যিবোৰ গীত আৰু ছবি সকলোৱে বুজি পায় আৰু যিবোৰ গীত আৰু ছবিয়ে প্ৰত্যেকৰে মনত আনন্দৰ নাহৰ তোলে, তেনেবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়।

ঙ) সিহে পায় নিজে নিজে আলাসত ঠাই’ – ইয়াত আলাস’ শব্দটোৰ অৰ্থ কি?
উত্তৰঃসিহে পায় নিজে নিজে আলাসত ঠাই’-ইয়াত আলাস’ শব্দটোৰ অৰ্থ হ’লঃ আকাশ, শূন্য কিন্তু কবিতাটিত আলাস’ শব্দটোৱে হৃদয়ত বুজাইছে।

২)  ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা – কবিতাটোৰ সহায়ত বুজাই লিখা।
উত্তৰঃ গীত বা সংগীত আৰু ছবি বা চিত্ৰ – এই দুয়োবিধেই চৌষষ্ঠীকলাৰ অন্তৰ্গত। এই কলাৰ জৰিয়তে মানৱমনে আনন্দ লাভ কৰে। এই কলাৰ গৰাকী হবলৈ মানুহক একান্তই সাধনাৰ প্ৰয়োজন। কেৱল শব্দৰ বিন্যাসেই গীত হব নোৱাৰে বা কেৱল ৰঙৰ সমাহাৰ হলেই তাক উৎকৃষ্ট ছবিৰ মৰ্যদা দিব নোৱাৰি। যিবোৰ সুৰীয়া শব্দই সৰ্বসাধাৰণ হৃদয়ত আনন্দৰ জোৱাৰ তুলিবলৈ সক্ষম হয় তাকেই গীত বুলি কোৱা হয়।

আনহাতে, যিবোৰ চিত্ৰই মানুহৰ মনত প্ৰশান্তিৰ ভাৱ জগায়, যিবোৰ চিত্ৰ সৰ্বসাধাৰণে বুজি পায় তাকে মহ্য চিত্ৰ বুলি কোৱা হয়। অৰ্থাৎ ভাল গীত আৰু ছবিয়ে প্ৰত্যেকৰে মনত আনন্দৰ সৃষ্টি কৰে।

৩) সদায় চকুৰে দেখা পাতটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা? নিজৰ মতামত আগবঢ়োৱা।
উত্তৰঃ আমাৰ চাৰিওফালে বিভিন্ন গছ লতিকাৰে ভৰি আছে। সাধাৰণতে আমি আমাৰ চৌপাশৰ পৰিবেশ ভালদৰে নিৰীক্ষণ নকৰোঁ। কিন্তু আমি সদায়ে দেখি থকা এই চৌপাশৰ পৰিবেশটোকেই যদি কোনো চিত্ৰকৰে ৰং তুলিকাৰে আমাৰ আগত দাঙি ধৰে আমি তেতিয়া তাত অনিন্দ সুন্দৰ সৌন্দৰ্য্য দেখিবলৈ পাওঁ। ইয়াৰ দ্বাৰা কবিয়ে আমাক কবলৈ বিচাৰিছে যে যিকোনো সাধাৰণ বস্তুকে কলাত্মক ৰূপেৰে অসাধাৰণ ৰূপে দাঙি ধৰিব পাৰি। অৰ্থাৎ কলাৰ জৰিয়তে সকলোতে অসাধাৰণত্ব আৰোপ কৰিব পাৰি।

৪) কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নোবোলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে নিজৰ ভাষাৰে বৰ্ননা কৰা।
উত্তৰঃ কবি দুৰ্গেশ্বৰ শৰ্মাদেৱে তেখেতৰ গীত আৰু ছবি’ নামৰ কবিতাটিত প্ৰকৃত গীত আৰু ছবিৰ সৰ্বজনীন আবেদন আৰু মহত্বৰ কথা কবলৈ গৈ কৈছে যে যিবোৰ গীত সৰ্বসাধাৰণে বুজি নাপায় আৰু যিবোৰ ছবি সৰ্বসাধাৰণে ধৰিব নোৱাৰে, তেনেকুৱা গীত আৰু ছবিৰ পৰা তেওঁলোকে ৰস আহৰণ কৰিব নোৱাৰে। ফলত তেওঁলোকৰ হৃদয়ে কোনো আনন্দ অনূভৱ কৰিব নোৱাৰে। সেয়েহে তেনেবোৰ দুৰ্বোধ্য গীত আৰু ছবিক কোনোৱে ভাল নোবোলে বুলি কবিয়ে কৈছে।

আনহাতে, যিবোৰ গীত আৰু ছবিয়ে সৰ্বসাধাৰণ মীননৰ অন্তৰত আনন্দৰ জোৱাৰ তোলে, যিবোৰ গীতৰ শব্দ, সুৰ-লয়ে মানুহৰ অন্তৰত সুৰৰ ঝঙ্কাৰ তোলে, যিবোৰ ছবিৰ কলাত্মক উপস্থাপনে মানৱৰ মনত সৌন্দৰ্যবোধৰ ধাৰণা দিয়ে তেনেবোৰ গীত আৰু ছবিক সকলোৱে আদৰি লৈ হৃদয়ৰ মণিকোঠাত স্হান দিয়ে। যিবোৰ সদায়ে চিৰস্থায়ী হৈ ৰয়।

৫) গীত আৰু ছবি’ কবিতাটোৰ সাৰাংশ লিখা।
উত্তৰঃগীত আৰু ছবি’ – কবিতাটোৰ কবি দুৰ্গেশ্বৰ শৰ্মা।কবিতাটোৰ জৰিয়তে কবিয়ে প্ৰকৃত গীত আৰু ছবিৰ সাৰ্বজনীন আবেদন আৰু মহত্বৰ কথা কলাত্মক ৰূপত তুলি ধৰিছে।

কবিয়ে কবিতাটিৰ আৰম্ভণিতে কৈছে যে – যিবোৰ গীত আৰু ছবিয়ে মানুহৰ মনত আনন্দৰ জোৱাৰ তুলিব নোৱাৰে, যিবোৰ গীত আৰু ছবি সাধাৰণ মানুহে সহজতে বুজিব নোৱাৰে, তেনেবোৰ গীত আৰু ছবিক কোনেও ভাল নাপায়। আনহাতে, যিবোৰ গীত আৰু ছবিয়ে মানুহক ৰস বোধৰ খোৰাক দিয়ে, হৃদয়ত আনন্দৰ নাহৰ তোলে তেনেবোৰ গীত আৰু ছবিয়ে সকলোৰে মনত ঠাই অধিকাৰ কৰিব পাৰে। অৰ্থাৎ সৰু বিষয়বস্তু এটাৰো কলাত্মক উপস্থাপনে মানুহক আকৰ্ষণ কৰিব পাৰে। আমি সদায় দেখি থকা গছ পাতখিলাও যেতিয়া চিত্ৰকৰে ৰং- তুলিকাৰে দাঙি ধৰে তেতিয়া সি অনন্য হৈ ধৰা দিয়ে।

থিক তেনেদৰে আমি শুনি থকা কথাবোৰেই যেতিয়া গীতিকাৰে সুৰেৰে সজায়, সি আমাৰ কাণত অমৃত হৈ বৰষে। সৰু সৰু বিষয়বস্তু বোৰকো সূশ্ম ভাৱ অনুভূতিৰে কলাত্মক ৰূপত প্ৰকাশ কৰিলে তাৰ কেতিয়াও মৃত্যু নহয়। এইবোৰ কৌশলী বিদ্যা অজৰ-অমৰ। সকলোতে এই বিদ্যাৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটিব পাৰে ; বিভিন্ন ঠাইভেদে ই বিভিন্ন ৰূপ পৰিগ্ৰহণ কৰে।

বাখ্যা কৰা

ক) সদায় চকুৰে দেখা গছ পাতটিও
           ছবিটিত ভাল হৈ পৰে,
   সদায় কাণেৰে শুনা সৰু কথাটিও
        গীত হলে প্ৰাণ টানি ধৰে।
        
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠৰ দুৰ্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা ৰচিত গীত আৰু ছবি’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
         সূক্ষ্মতকৈও সূক্ষ্ম সাধাৰণ বিষয়ো কলাত্মক ৰূপত দাঙি ধৰিলে সিঅসাধাৰণ ৰূপত জিলিকি উঠাৰ প্ৰসংগতে কবিয়ে উক্ত কবিতাফাঁকি উপস্থাপন কৰিছে।

        আমি সদায়ে দেখি থকা গছৰ পাত খিলা যেতিয়া চিত্ৰকৰে ৰং তুলিকা বোলাই অংকন কৰে তেতিয়া সি আমাৰ চকুত অসাধাৰণ হৈ দেখা দিয়ে। আমি সদায় শুনি থকা কথাবোৰ যেতিয়া সুৰ লয়েৰে সজাই তোলা হয় তেতিয়া সি আমাৰ মনত আনন্দৰ লহৰ তোলে। অৰ্থাৎ সৰ্বসাধাৰণে বুজি পোৱাকৈ কলাত্মক ৰূপত উপস্থাপনে গীত আৰু ছবিক মহত্ব প্ৰদান কৰে।

খ) মিহি ভাব মিহি গতি কৌশলী বিদ্যাৰ
               নাই মৃত্যু অজৰ-অমৰ
     য’তে পৰে ত’ তে গজে, বিভিন্ন আকাৰ
              ঠাই বুজি দীঘল-ডাঙৰ।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ ৰচনা কৰা গীত আৰু ছবি’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।    
         কলাত্মক কৌশলী বিদ্যা যে অজৰ-অমৰ সেই প্ৰসংগতে কবিয়ে উক্ত কবিতাফাঁকি উপস্থাপন কৰিছে।        
        সাধাৰণ বিষয়বস্তু কলাত্মক উপস্থাপনৰ জৰিয়তে মানুহৰ হৃদয়ত স্হান লাভ কৰিবলৈ সক্ষম হয়। এই কলাত্মক কৌশলক কবিয়ে অজৰ অমৰ বুলি কৈছে। ইয়াৰ কেতিয়াও মৃত্যু নাই,  ই চিৰস্থায়ী। ঠাইভেদে ইয়াৰ প্ৰকাৰ ভিন্ন হব পাৰে।

ভাষা-বিষয়ক প্ৰশ্ন উত্তৰ 

৭) সমাৰ্থক শব্দ লিখা: জগত, উলাহ, চকু, সৰু, ভাল, কান
উত্তৰ: 

শব্দসমাৰ্থক শব্দ
জগতপৃথিৱী, ধৰণী
উলাহউৎসাহ, আনন্দ
চকুনয়ন, অক্ষি
সৰুক্ষুদ্ৰ, সুক্ষ্ম
ভালউত্তম, সজ
কানকৰ্ণ

৮) বাক্য ৰচনা কৰা: কৌশলী বিদ্যা, অজৰ-অমৰ, আলাসত ঠাই, ডাঙৰ-দীঘল
উত্তৰ: কৌশলী বিদ্যাঃ কৌশলী বিদ্যাৰ সহায়ত সুক্ষ্ম বিষয়কো কলাত্মক ৰূপত উপস্থাপন কৰিব পাৰি।
অজৰ-অমৰঃ শংকৰদেৱৰ ৰচনাৰাজি অসমীয়া সাহিত্যত সদায়ে অজৰ-অমৰ হৈ থাকিব।
আলাসত ঠাইঃ সুমধুৰ গীতক শ্ৰোতা ডানতাই আলাসত ঠাই দিয়ে।
ডাঙৰ-দীঘলঃ ৰমেনক আইতাকে বৰ কষ্টৰে ডাঙৰ-দীঘল কৰিছে।

৯) বিপৰীত শব্দ লিখা:মিহি, প্ৰাণ, মৃত্যু, মূল, ক্ষুদ্ৰ
উত্তৰ:

শব্দবিপৰীত শব্দ
মিহিঃখহটা
প্ৰাণঃনিস্প্ৰাণ
মৃত্যুঃজন্ম
মূলঃঅতিৰিক্ত
ক্ষুদ্ৰঃবৃহৎ

Download PDF Notes

আমি ইতিমধ্যে Class 9 Assamese Chapter 3 Question Answer আলোচনা কৰিলোঁ। আপুনি যদি ইয়াৰ ওপৰিও Class 9 Assamese Chapter 3 Question Answer PDF ডাউনলোড কৰিব খোজে তেন্তে তলত দিয়া লিংকৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব।

Class 9 Assamese Chapter 3 Question Answer PDF 

Watch Video Class

আমি আপোনালোকৰ বাবে Class 9 Assamese Chapter 3 Question Answer দিয়াৰ ওপৰিও ওপৰৰ লিংকত আমি Class 9 Assamese Chapter 3 Question Answer PDF ডাউনলোড কৰাৰ ব্যৱস্থা কৰিছোঁ। 

ইয়াৰ ওপৰিও যদি আপোনাৰ Class 9 Assamese Chapter 3 Question Answer বুজি পোৱাত অসুবিধা পাইছে তেন্তে তলত দিয়া Video Class চাই সুন্দৰকৈ বুজি লব পাৰিব।

অতিৰিক্ত প্রশ্ন আৰু উত্তৰ

ক) সৰু কথা এটি গীত হ’ব পাৰেনে?
উত্তৰঃ সুৰ লগাই গালে গীত হ’ব পাৰে।

খ) সাধাৰণ গছপাতটিও ছবিত আৰু সাধাৰণ কথাটিও গীতত কিয় ভাল হৈ পৰে?
উত্তৰঃ চিত্ৰকৰ আৰু সুৰকাৰৰ বা কলাকাৰৰ কৌশলী বিদ্যাৰ গুণত।

গ) কেনে ধৰণৰ গীত বুজাইহে বুজে?
উত্তৰঃ যিবোৰ গীত ৰাগ প্ৰধান, সেইবোৰ গীত বুজাইহে বুজে অৰ্থাৎ ৰাগৰ চৰ্চা কৰা মানুহেহে মাথোন সেই গীতবোৰৰ অৰ্থ বুজে।

ঘ) কেনে ছবিৰ মূল্য আটায়ে নুবুজে?
উত্তৰঃ যিবোৰ ছবি প্রতীকধৰ্মী তাৰ মূল্য আটায়ে নুবুজে।

ঙ) কোন ছবি দেখিলে মানুহে ৰং পায়?
উত্তৰঃ সচৰাচৰ দেখি থকা বস্তুৰ বাস্তৱধৰ্মী ছবি দেখিলে মানুহে ৰং পায়।

চ) কোন ধৰণৰ ছবিয়ে জগতৰ উপকাৰ সাধন কৰে?
উত্তৰঃ আদৰ্শমূলক, জাতীয় চেতনা জগাব পৰা ছবিয়ে জগতৰ উপকাৰ সাধন কৰে।

ছ) কেনে গীতে হৃদয় জগাব পাৰে?
উত্তৰঃ গীতৰ কথা আৰু সুৰে যেতিয়া মানুহৰ বা শ্ৰোতাৰ অন্তৰ স্পর্শ কৰে।

জ) কেনে ছবি মানুহৰ মনত সোমাব পাৰে?
উত্তৰঃ ভাল আৰু আকর্ষণীয় ছবি।

২। গীত আৰু ছবিৰে জগতৰ কেনেকৈ উপকাৰ কৰিব পাৰি? উদাহৰণেৰে বুজাই লিখা।

উত্তৰঃ গীত আৰু ছবি দুয়োটাই সুকুমাৰ কলা। সুকুমাৰ কলাই সকলো শ্ৰেণীৰ মানুহৰ মন আকৰ্ষণ কৰিব পাৰে। গীত মানুহৰ অতিকৈ প্রিয় বস্তু। নানা বাদ্যৰ সহায়ত যেতিয়া গায়কে এটা গীত গাবলৈ ধৰে তেতিয়া মন শ্ৰোতাৰ যতেই নাথাকক কিয়, সি গায়কৰ সুৰৰ মাজলৈ ধাবিত হবই। সমাজৰ সংস্কাৰৰ ক্ষেত্ৰত গীত বৰ প্ৰশস্ত। গীতিকাৰে সমাজ আৰু ব্যক্তিৰ কল্যাণৰ অৰ্থে বচা বচা শব্দ প্ৰয়োগ কৰি গীত ৰচনা কৰে আৰু সুৰকাৰে তাত সুৰদান কৰি প্ৰাণৱন্ত কৰে আৰু শেষত গায়কে সেই গীত সুৱদী কণ্ঠেৰে গাই শ্রোতাক আকৰ্ষণ কৰে। ইয়াৰ কিছুমান সুন্দৰ আৰু বাস্তৱ উদাহৰণ আছে—

খ্ৰীষ্টীয় চতুর্দশ শতিকাত অসমীয়া সমাজত নানা অনাচাৰ ব্যভিচাৰ আৰম্ভ হৈ সমাজখনক অধোগামী কৰিছিল। তেতিয়া মহাপুৰুষ শঙ্কৰ-মাধৱদেৱে আধ্যাত্মিক ভাৱৰ কিছুমান বৰগীত ৰচনা কৰি অসমীয়া সমাজত পৰিবেশন কৰিছিল। ফলত তেওঁলোকে অধোমুখী অসমীয়া সমাজখনক উদ্ধাৰ কৰি অসমীয়া জাতিটোক একত্ৰিত কৰিবলৈ সমৰ্থ হৈছিল। সেই কাৰণে অসমীয়া সমাজত বৰগীতবোৰ আজিও অমৰ হৈ আছে।

ভাৰতৰ স্বাধীনতা আন্দোলন পৃথিৱীৰ এক অবিস্মৰণীয় ঘটনা। ভাৰতীয় জাতিটোক পৰাধীনতাৰ কবলৰ পৰা উদ্ধাৰ কৰিবৰ অৰ্থে সকলো ৰাজ্যতে নিজ নিজ ভাষাত আৰু ৰাষ্ট্ৰভাষাত বহুতো জাতীয় ভাবোদ্দীপক গীত ৰচিত আৰু পৰিবেশিত হৈছিল। ইয়াৰ ফলত সমগ্ৰ ভাৰতীয় সমাজখন একত্ৰিত হৈ পৰাধীনতাৰ বিৰুদ্ধে যুঁজ দিব পাৰিছিল আৰু ভাৰতক স্বাধীন কৰিবলৈ সমৰ্থ হৈছিল।

গীতবোৰৰ দৰে ছবিৰ প্ৰদৰ্শনো বিভিন্ন সময়ত মন কৰিবলগীয়া। বৈষ্ণৱ আন্দোলনৰ সময়ত মহাপুৰুষ শংকৰদেৱে সাতবৈকুণ্ঠৰ চিত্ৰপট আঁকি মানুহৰ মন ধৰ্মৰ প্ৰতি আকৃষ্ট কৰিবলৈ চেষ্টা কৰিছিল। স্বাধীনতা আন্দোলনৰ সময়ত বহুতো চিত্ৰকৰে ছবিৰ প্ৰদৰ্শনেৰে মানুহৰ মনত জাতীয় চেতনা জগাই তুলিবলৈ যত্ন কৰিছিল। বর্তমান কালতো চৰকাৰে সমাজ বিৰোধী কামবোৰৰ ক্ৰিয়া আৰু পৰিণতিক ছবিৰ যোগেদিয়েই প্ৰদৰ্শন কৰি আছে। কৃষি আৰু বাণিজ্যৰ উন্নতিও ছবিৰ যোগেদিয়েই প্ৰসাৰতা লাভ কৰি আছে। এইদৰেই গীত আৰু ছবিৰ যোগেদি জগতৰ উপকাৰ সাধন কৰা হয়। অৱশ্যে এই ক্ষেত্ৰত ছবিবোৰ প্ৰতীকধর্মী নহৈ পোনপটীয়া হোৱাহে ভাল যাতে সকলো শ্ৰেণীৰ লোকে বুজিব আৰু উপলব্ধি কৰিব পাৰে।

৩। কবি দুৰ্গেশ্বৰ শৰ্মাৰ কবি পৰিচয় পঁচিশটামান শব্দৰ ভিতৰত জুকিয়াই লিখা।

উত্তৰঃ ইংৰাজী ১৮৮২ খ্ৰীষ্টাব্দত যোৰহাটৰ পটীয়াগাৱঁত দার্শনিক কবি স্বৰ্গীয় দুৰ্গেশ্বৰ শৰ্মাৰ জন্ম হয়। তেওঁৰ পিতাকৰ নাম আছিল কমলচন্দ্ৰ শৰ্মা। দুৰ্গেশ্বৰ শৰ্মাই সৰুৰেপৰা তেওঁৰ তীক্ষ্ণ বুদ্ধিৰ পৰিচয় দিছিল। ১৯০৩ খ্ৰীষ্টাব্দত তেওঁ দক্ষতাৰে বি.এ. পাছ কৰে। তাৰপাছত ১৯০৬ খ্ৰীষ্টাব্দত আইন পৰীক্ষা পাছ কৰি ওকালতিৰে কৰ্মজীৱন আৰম্ভ কৰিছিল। পাঁচ বছৰ কাল ওকালতি কৰাৰ পাছত তেওঁ চৰকাৰী চাকৰিত সোমায় আৰু নিজ বুদ্ধিৰ বলত দোপত দোপে উন্নতি কৰি ডিৰেক্টৰ অব্ লেণ্ড ৰেকৰ্ডছ (D.L.R) আৰু এক্সাইজ কমিশনাৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।

দুৰ্গেশ্বৰ শৰ্মা একেধাৰে কবি আৰু নাট্যকাৰ। তেওঁ ‘অঞ্জলী’ আৰু ‘নিবেদন’ নামৰ দুখন কবিতাৰ পুথি, আৰু ‘পাৰ্থ-পৰাজয়’, ‘চন্দ্ৰাৱলী’ আৰু ‘বালীবধ’, এই তিনিখন নাটক ৰচনা কৰে। ইয়াৰ উপৰিও সাময়িক আলোচনী বোৰত তেওঁৰ বহুতো কবিতা প্রকাশ হৈছিল। কবি হিচাবে তেওঁ গুৱাহাটীৰ পৰা ওলোৱা জোনাকী কাকতৰ যোগেদি নিজক প্ৰকাশ কৰে। তেওঁৰ কবিতাত অতীন্দ্ৰিয়বাদৰ ধ্বনিও আছে। আত্মাৰ অবিনশ্বৰতা আৰু জন্মান্তৰবাদত কবিৰ বিশ্বাস অতীন্দ্ৰিয়বাদৰ কবিতাবোৰত প্ৰকাশ পাইছে। তেওঁ কিছুমান ইংৰাজী কবিতাও অসমীয়ালৈ অনুবাদ কৰিছিল। তেওঁৰ ভাষা অতি প্ৰাঞ্জল । তেওঁৰ ১৯৬১ চনত গুয়াহাটীত পৰলোকপ্রাপ্তি হয়।

শেষ বাক্য হিচাপে

শেষ বাক্য হিচাপে যদিও একো কবলৈ নাই, তথাপি আমি ইয়াত আলোচনা কৰা পাঠ্যপুথিৰ প্ৰশ্ন উত্তৰত কিছু ভুল থাকিলে জনাবলৈ অনুৰোধ জনাইছোঁ। 

যদি আপুনি Class 9 Assamese Chapter 3 Question Answer পঢ়ি ভাল পাইছে তেন্তে আপোনাৰ বন্ধু বান্ধৱী সকললৈ Share কৰিবলৈ নাপাহৰিব। আপোনাৰ এটি মাত্ৰ Share য়ে বহুত দুখীয়া ছাত্ৰ ছাত্ৰীক সহায় কৰিব।

Leave a Comment