Class 9 Assamese Chapter 5 Question Answer | মোৰ দেশ প্ৰশ্ন উত্তৰ

Class 9 Assamese Chapter 5 Question Answer ৰ কথা কলে আমি বুজি পাওঁ নৱম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পঞ্চম অধ্যায় তথা মোৰ দেশ প্ৰশ্ন উত্তৰ।

হয়, আপুনি যদি আজি Class 9 Assamese Chapter 5 Question Answer বিচাৰি ইয়ালৈ আহিছে তেন্তে এই লিখনিৰ জৰিয়তে আমি আপোনালোকৰ বাবে Class 9 Assamese Chapter 5 Question Answer লৈ আহিছোঁ যিয়ে আপোনাক Class 9 Assamese পৰীক্ষাত সহায় কৰিব।

আমি ইয়াত কেৱল Class 9 Assamese Chapter 5 Question Answer আলোচনাই নকৰোঁ, ইয়াৰ আগেয়ে আমি Class 9 Assamese Chapter 4 Question Answer আলোচনা কৰিছোঁ, আপুনি ইচ্ছা কৰিলে লিংকত ক্লিক কৰি বিনামূল্যত পঢ়িব পাৰে।

Class 9 Assamese Chapter 5 Question Answer 2024

আজিৰ লিখনিৰ জৰিয়তে আমি আপোনালোকৰ বাবে Class 9 Assamese Chapter 5 ৰ পাঠ্যভিত্তিক প্ৰশ্নৰ লগতে কিছু প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন উত্তৰ দিয়াৰ প্ৰয়াস কৰিছোঁ।

কিন্তু, আমি পোন প্ৰথমতে আমি আন আন প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ আগতে কবিতাটো বা তাৰ মূলভাৱ জানি বুজি লোৱা ভাল।

মোৰ দেশ

মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ।
মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে
শ‍ইচ-সোনোৱালী ভৱিষ্যতৰ সপোন । মোৰ জীৱনৰ আহেঁ আহেঁ
মোৰ যৌৱনৰ কোহেঁ-কোহেঁ সেই সপোনৰ কলৰোল ।

দেশে-দেশে দেশ আছে । এনে বহু দেশৰ অৰঙে-দৰঙে
ম‍ই ঘূৰিছোঁ । বহু বন্ধুৰ সতে হাতে-হাত ধৰি ফুৰিছোঁ ।
কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা
পাহাৰতলিত খন্তেক জিৰাইছোঁ । বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ
কথা পাতিছোঁ । তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা ।

এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ । যাৰ বুকুৰ উমে মোক দিছে
ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য । জীৱনৰ নতুন অৰ্থ ।
এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ
প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস । প্ৰতিটো ঋতুৱে
মোক দি যায় জীৱনৰ আশীৰ্বাদ ।

মোৰ দেশৰ বাবে ম‍ই জীয়াই আছোঁ । এই দেশৰ বাবে ম‍ই
জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ । ৰণুৱা, বনুৱা, হালোৱা
এই সকলোৰে মাজত ঐক্য হৈ, বিৰোধৰ মাজত
সংহতিৰ সম্ভাৱনা হৈ ম‍ই আছোঁ ।
জীৱনে-মৰণে, শয়নে-সপোনে এই দেশৰ আহ্বান ম‍ই শুনিছোঁ ।
শত্ৰু-মিত্ৰ সকলোকে ম‍ই চিনিছোঁ । সিহঁতৰ অন্তৰ ম‍ই বিশ্বাসেৰে
জিনিছোঁ । শান্তিৰ চৰাইযুৰিক আঁজলি ভৰাই দিছোঁ – ভঁৰালৰ
এমুঠি ধান, পৰাণৰ একোটি গান ।

আৰুতো মোৰ একো নাই !
মোৰ দেশ – মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগ‍ই
মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ, আদৰ্শৰ কঠিন
পৰ্বত-মূললৈ ….

হীৰেণ ভট্টাচাৰ্য


আমি Class 9 Assamese Chapter 5 তথা মোৰ দেশ নামৰ কবিতাটো পঢ়িলো গতিকে এতিয়া জানিব লগা বিষয় হল মোৰ দেশ মূলভাৱ।

‘মোৰ দেশ’ কবিতাটোৰ মূলভাৱ

‘মোৰ দেশ’ কবিতাটোৰ কবি হীৰেণ ভট্টাচাৰ্য। সুগন্ধি কবি হীৰেণ ভট্টাচাৰ্য দেৱৰ `মোৰ দেশ’ নামৰ কবিতাটি এটি স্বদেশ প্ৰেম মূলক কবিতা। কবিৰ বাবে নিজৰ দেশখন প্ৰাণতকৈও, গানতকৈও আপোন। তেওঁৰ প্ৰতিটো কাম আৰু চিন্তাই দেশখনৰ উন্নতিৰ কথাকেই সোঁৱৰাই। পৃথিৱীৰ বিভিন্ন দেশ কবিয়ে ঘূৰিছে, বিভিন্ন ঠাইৰ মানুহৰ লগত আন্তৰিকতা স্থাপন কৰিছে ; কিন্তু তেওঁৰ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি কবি সদা আকৃষ্ট, দায়বদ্ধ।

এই দেশৰ প্ৰতিটো পুৱাই কবিক দিয়ে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ, প্ৰতিটো সন্ধিয়াই স্নিগ্ধ ফুলৰ সুবাস আৰু প্ৰতিটো ঋতুৱে যেন কবিক দিয়ে জীৱনৰ আশীৰ্বাদ। সেয়েহে কবিয়ে এই দেশৰ প্ৰতিজন শ্ৰমিকৰ লগত নিজকে বিলীন কৰি দিছে। সকলোকে ঐক্যবদ্ধ ভাৱে ৰখাৰ প্ৰয়াস কৰিছে। শত্ৰু- মিত্ৰ সকলোকে অন্তৰ জিনি পৰস্পৰৰ মাজত শান্তিৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। দেশৰ প্ৰতি গভীৰ ভালপোৱা কবিতাটোৰ মাজেৰে প্ৰকাশ পাইছে।

ভাৱ-বিষয়ক প্ৰশ্ন উত্তৰ

১। অতি চমু উত্তৰ দিয়া

ক) হীৰেণ ভট্টাচাৰ্যৰ কত জন্ম হৈছিল?
উত্তৰ:- হীৰেণ ভট্টাচাৰ্যৰ ১৯০২ চনত যোৰহাটত জন্ম হৈছিল।

খ) হীৰেণ ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা।
উত্তৰ:- হীৰেণ ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম হল – চিত্ৰবন আৰু মনন।

গ) দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে?
উত্তৰ:- দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে লুকাই আনিছে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ।

২। `মোৰ দেশ’ কবিতাটোৰ মূলভাৱ লিখা।
উত্তৰ:- `মোৰ দেশ’ কবিতাটোৰ মূলভাৱঃ

‘মোৰ দেশ’ কবিতাটোৰ কবি হীৰেণ ভট্টাচাৰ্য।

সুগন্ধি কবি হীৰেণ ভট্টাচাৰ্য দেৱৰ `মোৰ দেশ’ নামৰ কবিতাটি এটি স্বদেশ প্ৰেম মূলক কবিতা। কবিৰ বাবে নিজৰ দেশখন প্ৰাণতকৈও, গানতকৈও আপোন। তেওঁৰ প্ৰতিটো কাম আৰু চিন্তাই দেশখনৰ উন্নতিৰ কথাকেই সোঁৱৰাই। পৃথিৱীৰ বিভিন্ন দেশ কবিয়ে ঘূৰিছে, বিভিন্ন ঠাইৰ মানুহৰ লগত আন্তৰিকতা স্থাপন কৰিছে ; কিন্তু তেওঁৰ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি কবি সদা আকৃষ্ট, দায়বদ্ধ।

এই দেশৰ প্ৰতিটো পুৱাই কবিক দিয়ে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ, প্ৰতিটো সন্ধিয়াই স্নিগ্ধ ফুলৰ সুবাস আৰু প্ৰতিটো ঋতুৱে যেন কবিক দিয়ে জীৱনৰ আশীৰ্বাদ। সেয়েহে কবিয়ে এই দেশৰ প্ৰতিজন শ্ৰমিকৰ লগত নিজকে বিলীন কৰি দিছে। সকলোকে ঐক্যবদ্ধ ভাৱে ৰখাৰ প্ৰয়াস কৰিছে। শত্ৰু- মিত্ৰ সকলোকে অন্তৰ জিনি পৰস্পৰৰ মাজত শান্তিৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। দেশৰ প্ৰতি গভীৰ ভালপোৱা কবিতাটোৰ মাজেৰে প্ৰকাশ পাইছে।

বাখ্যা কৰা

ক) অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত
সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত `মোৰ দেশ’ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবি হীৰেন ভট্টাচাৰ্য।

কবিতাফাঁকি মাজেৰে কবিয়ে দেশত শান্তিৰ বাতাবৰণ সৃষ্টিৰ কথা কৈছে।

আমাৰ দেশ ভাৰতবৰ্ষখন বহুজাতিক আৰু বহুভাষিক দেশ। বিভিন্ন জাতি- ধৰ্মালম্বী লোকৰ বাসস্থান ভাৰতবৰ্ষৰ উন্নতিৰ প্ৰধান অন্তৰায় হল অনৈক্য আৰু বিৰোধ। কবিয়ে দেশৰ প্ৰতিজন বনুৱা, হালোৱা, ৰণুৱাক একত্ৰিত সবকে একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ প্ৰয়োগ কৰিছিল। দেশৰ ঐক্য, সংহতি আৰু সম্প্ৰীতিৰ তেওঁ সদা সচেতন প্ৰহৰীস্বৰূপ।

খ) মোৰ জীৱনৰ আঁহে আঁহে
মোৰ যৌৱনৰ কোঁহে কোঁহে সেই সপোনৰ কলৰোল।

উত্তৰ: উদ্ধৃত কবিতাফাঁকি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য দেৱৰ দ্বাৰা ৰচিত কবিতা `মোৰ দেশ’ ৰ পৰা তুলি দিয়া হৈছে।

কবিয়ে নিজৰ দেশখনক প্ৰাণাধিক ভাল পায়। তেওঁৰ প্ৰতিটো কথা কামৰ মাজত দেশৰ প্ৰগতিৰ বাৰ্তাই প্ৰকাশ পায়। তেওঁৰ জীৱন, যৌৱন দেশৰ বাবেই অৰ্পন কৰিছে। দেশখনৰ সোণালী ভৱিষ্যতৰ সপোণ কবিৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিয়পি আছে। কবিতাফাঁকিৰ মাজেৰে কবিৰ স্বদেশানুৰাগ ফুটি উঠিছে।

৪। কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উত্তৰঃ `মোৰ দেশ’ কবিতাটিত এটি স্বদেশপ্ৰেমমূলক কবিতা। কবি হীৰেন ভট্টাচাৰ্য।

কবিৰ বাবে নিজৰ দেশখন গানতকৈও, প্ৰাণতকৈও আপোন। তেওঁৰ প্ৰতিটো কামতে দেশখনৰ প্ৰগতি বাৰ্তা লুকাই থাকে। তেওঁ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি সদায় দায়বদ্ধ। সেয়েহে তেওঁ দেশৰ ৰণুৱা, বনুৱা, হালোৱা অৰ্থাৎ শ্ৰমিক শ্ৰেণীটোৰ লগত মিলি পৰিছে। সকলোকে যাতে ঐক্য আৰু সম্প্ৰীতিৰ ডোলেৰে বান্ধিব পাৰে তাৰ বাবে অহৰহ যত্ন কৰিছে। কবিয়ে বিভিন্ন দেশ বিদেশ ভ্ৰমণ কৰিছে যদিও সকলোৰে ওপৰত নিজৰ দেশক স্থান দিছে। এনেদৰে কবিতাটিত কবিৰ স্বদেশানুৰাগ ফুটি উঠিছে।

৫। প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে?
উত্তৰঃ- প্ৰতিটো ঋতুৱে কবিক জীৱনৰ আশীৰ্বাদ দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে।

৬। শান্তিৰ চৰাইজনীক আডালি ভৰাই কবিয়ে কি দিছে?
উত্তৰ: শান্তিৰ চৰাইজনীক আডালি ভৰাই কবিয়ে দিছে – ভৰাঁলৰ এমুঠি ধান, পৰানৰ একোটি গান।

ভাষা- বিষয়ক প্ৰশ্ন উত্তৰ

৭) সমাৰ্থক শব্দ লিখাঃ
দেশ, কাম, কলৰোল, সাগৰ, সপোণ, বন্ধু, শেষ, সম্ভাৰ, শইচ
উত্তৰঃ

শব্দসমাৰ্থক শব্দ
কাম কৰ্ম
কলৰোল কলৰৱ
সাগৰ সমূদ্ৰ
সপোণ স্বপ্ন
বন্ধু মিত্ৰ
শেষ সমাপ্ত
সম্ভাৰ সামগ্ৰী
শইচ শস্য
বুকু হৃদয়
তৰংগঢৌ
কল্লোল কলৰৱ
দেশ ৰাষ্ট্ৰ


৮। বিপৰীতাৰ্থক শব্দ লিখা:
সপোন, দেশ, জীৱন, পাহাৰ, ঐক্য, সংহতি, শয়ন, বিশ্বাস, শত্ৰু
উত্তৰঃ

শব্দবিপৰীতাৰ্থক শব্দ
সপোনদিঠক
দেশ বিদেশ
জীৱনমৰণ
পাহাৰভৈয়াম
ঐক্যঅনৈক্য
সংহতিবিৰোধ
শয়নজাগৰণ
বিশ্বাসঅবিশ্বাস
শত্ৰুমিত্ৰ।

Download PDF Notes

আমি ইতিমধ্যে Class 9 Assamese Chapter 5 Question Answer আলোচনা কৰিলোঁ। আপুনি যদি ইয়াৰ ওপৰিও Class 9 Assamese Chapter 5 Question Answer PDF ডাউনলোড কৰিব খোজে তেন্তে তলত দিয়া লিংকৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব।

Class 9 Assamese Chapter 5 Question Answer PDF

Watch Video Class

আমি আপোনালোকৰ বাবে Class 9 Assamese Chapter 5 Question Answer দিয়াৰ ওপৰিও ওপৰৰ লিংকত আমি Class 9 Assamese Chapter 5 Question Answer PDF ডাউনলোড কৰাৰ ব্যৱস্থা কৰিছোঁ।

ইয়াৰ ওপৰিও যদি আপোনাৰ Class 9 Assamese Chapter 5 Question Answer বুজি পোৱাত অসুবিধা পাইছে তেন্তে তলত দিয়া Video Class চাই সুন্দৰকৈ বুজি লব পাৰিব।

অতিৰিক্ত প্ৰশ্ন উত্তৰ

এতিয়ালৈকে আমি Class 9 Assamese Chapter 5 Question Answer তথা ‘মোৰ দেশ’ নামৰ কবিতাৰ সম্পূৰ্ণ পাঠ্যপুথিৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ প্ৰয়াস কৰিছোঁ।

এতিয়া আমি আপোনালোকৰ বাবে কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰিব গৈ আছোঁ। তেন্তে আহক, কোনো পলম নকৰাকৈ আলোচনা আৰম্ভ কৰোঁ।

i) কবিয়ে মোৰ দেশ বুলি কোনখন দেশৰ কথা কৈছে?
উত্তৰঃ কবিয়ে মোৰ দেশ ভাৰতবৰ্ষৰ কথা কৈছে।

ii) কবিৰ চিন্তাই কেনে সপোন ৰচনা কৰে?
উত্তৰঃ ভৱিষ্যতৰ সোনোৱালী সপোন অর্থাৎ শস্য পথাৰ যেনেকৈ সোনালী ৰঙেৰে ভৰি পৰে সেইদৰে ভবিষ্যত পৰম সুখৰ বুলি কবিয়ে আশা কৰিছে।

iii) কবিয়ে ভৱিষ্যতৰ সুখ কেনেকৈ লাভ কৰাৰ আশা কৰিছে?
উত্তৰঃ দেশৰ উন্নয়নমূলক কামৰ যোগেদি।

iv) ‘দেশে দেশে দেশ আছে’ -বুলি কবিয়ে কি কৈছে?
উত্তৰঃ পৃথিৱীত বহুতো দেশ আছে; মহাদেশবোৰৰ ভিতৰত বহুতো দেশ আছে বুলি কৈছে। অর্থাৎ আন লোকৰ দেশ আছে আৰু সেইবোৰে কবিক আনন্দ দিব নোৱাৰে।

v) কবিয়ে অৰঙে দৰঙে ফুৰা বুলি কোৱাৰ অৰ্থ কি?
উত্তৰঃ কবিয়ে নিজৰ দেশৰ বাদেও অন্যান্য বহুদেশতেই ভ্ৰমণ কৰিছে। কিন্তু স্বদেশৰদৰে কবিক কোনো এখন দেশেই আকৰ্ষণ কৰিব পৰা নাই আৰু কবি নিজেও সেই দেশবোৰৰ বাবে কোনো দিন কোনো চিন্তা কৰা নাই, কোনো আশা কৰা নাই।

vi) কবিৰ যাত্ৰাৰ শেষ ক’ত হোৱা বুলি কৈছে?
উত্তৰঃ নিজৰ দেশত। অর্থাৎ বিদেশবোৰ ভ্ৰমণ কৰি কবি যেতিয়া স্বদেশলৈ উভতি আহিল, তেতিয়া সেই দেশবোৰলৈ পুনৰাই কবিৰ যোৱাৰ ইচ্ছা নহল।

vii) কবিক স্বদেশে কি কি দিছে?
উত্তৰঃ বুকুৰ উম, ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য আৰু জীৱনৰ নতুন অর্থ।

viii) ঋতুবিলাকে কবিকে কি দিয়ে?
উত্তৰঃ জীৱনৰ আশীৰ্বাদ। অর্থাৎ ঋতু পৰিবৰ্তনে কবিৰ মনৰ আনন্দৰো পৰিবৰ্তন আনে।

ix) কবিয়ে কিয় জীয়াই আছে?
উত্তৰঃ স্বদেশৰ উন্নতিৰ বাবে।

x) কবিয়ে নিজক ক’ত থকা বুলি ভাবে?
উত্তৰঃ ৰণুৱা, বনুৱা, হালোৱাৰ মাজত অর্থাৎ দেশৰ কৰ্মীসকলৰ মাজত।

xi) কবিয়ে অনৈক্যৰ মাজত ঐক্য হৈ থকা বুলি কিয় কৈছে?
উত্তৰঃ ভাৰতবৰ্ষৰ ভিতৰত বহুতো ৰাজ্য আছে। সেই ৰাজ্যবোৰৰ প্ৰত্যেকৰে সুকীয়া সুকীয়া ভাষা, সংস্কৃতি আছে। কাৰো ভাষাৰ লগত কাৰো মিল নাই আৰু বুজিও নাপায়। কিন্তু কবিয়ে যিবোৰ কাম কৰিছে সেইবোৰ সকলো ভাৰতীয়ৰ বাবেই কৰিছে। সেইবাবে তেওঁ ঐক্য সাধন কৰিব পাৰিব বুলি নিজকে বিশ্বাস কৰে।

xii) মোৰ দেশ কবিতাটিত কবিয়ে ব্যৱহাৰ কৰা প্ৰতীক বোৰ উল্লেখ কৰা।
উত্তৰঃ সোনোৱালী শইচ (সোণবৰণীয়া শস্য) অৰঙে-দৰঙে, সাগৰ, খেজুৰ, পাহাৰৰ তলি, পুৱা-সন্ধিয়া, ঋতু, ৰণুৱা, বনুৱা, হালোৱা শান্তিৰ চৰাই ইত্যাদি।

xiii) কবিয়ে মোৰ দেশ কবিতাটিত নিজক কি বুলি পৰিচয় দিছে?
উত্তৰঃ এগৰাকী সৰ্বহাৰা স্বদেশপ্রেমিক কৰ্মী বুলি পৰিচয় দিছে।

xiv) কবিয়ে শত্রু-মিত্ৰৰ অন্তৰ কেনেকৈ জিনিছে?
উত্তৰঃ বিশ্বাসেৰে জিনিছে।

xv) ‘মোৰ দেশ’ কবিতাটোতে কবিয়ে নিজৰ দেশ খনক কি কাৰণে ভাল বুলি কৈছে, আলোচনা কৰি দেখুৱা।

উত্তৰঃ ‘মোৰ দেশ’ কবিতাটোৰ মাজেৰে কবিয়ে নিজৰ দেশৰ উৎকর্ষতা নিৰূপণ কৰিছে। অৱশ্যে তেওঁ তেওঁৰ দেশখন ভাল বুলি প্ৰত্যক্ষভাৱে কবলৈ যোৱা নাই। তাৰ সলনি পৰোক্ষ পদ্ধ তিহে অবলম্বন কৰিছে। তেওঁ বিভিন্ন দেশ ভ্ৰমণ কৰিবলৈ গৈছে, নানা দেশৰ অৰঙে-দৰঙে ঘূৰিছে। অকলেও ঘূৰা নাই, অন্তৰঙ্গ বন্ধুৰ লগত, মনখুলি কথা পাতি বিভিন্ন ঠাইত জিৰাইছে— কেতিয়াবা সাগৰৰ পাৰত, কেতিয়াবা খেজুৰৰ তলিত, কেতিয়াবা পাহাৰৰ পাদমূলত ৷

কিন্তু তাৰ পিছত আকৌ নতুন নয় যাত্ৰা আৰম্ভ কৰিছে ৷ সেই সকলোবোৰ যাত্ৰাৰ শেষ হ’ল তেওঁৰ নিজৰ দেশ পাই। তাৰ মাজেৰে কবিয়ে এইটো কথাকে প্রতিপাদন কৰিছে যে তেওঁ পৃথিৱীৰ বিভিন্ন দেশ ঘুৰি ফুৰিলেও কতো শান্তি নাপালে, শান্তি পালে আহি নিজৰ দেশ ভাৰততহে । তেওঁৰ নিজৰ দেশক ভালোপোৱাৰ কাৰণ হ’ল সেই দেশৰ উমে তেওঁক দিছে ভালপোৱাৰ আনন্দ, যৌবনৰ প্ৰাচুৰ্য্য, জীৱনৰ নতুন অর্থ। কাৰণ, সেই দেশৰ প্ৰতিটো পুৱাই তেওঁলৈ বহন কৰি আনে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই লৈ আহে ফুলৰ স্নিগ্ধ সুৱাস আৰু প্ৰতিটো ঋতুৱে কবিক দি যায় জীৱনৰ আশীৰ্বাদ। সেই কাৰণেই কবিয়ে তেওঁৰ দেশক ইমান ভাল পায়।

নিজৰ দেশখনক সিমানকৈ ভালপোৱা কাৰণেই কবিয়ে পৃথিৱীৰ বিভিন্ন দেশত ঘূৰিছে, অন্তৰঙ্গ বন্ধুৰ সৈতে মনৰ কথা পাতি বিভিন্ন ঠাইত জিৰাইছে, তথাপি কবিয়ে শান্তি পোৱা নাই৷ পুনৰ নতুন যাত্ৰা আৰম্ভ কৰি যাত্ৰাৰ শেষ কৰিছে আহি নিজৰ দেশত। নিজৰ দেশৰ সেই মাধুর্য সেই আপোনত্ব ইমান সুন্দৰকৈ কবিয়ে কবিতাটোৰ মাজেৰে ফুটাই তুলিছে যে তাৰ সীমা নাই। হীৰেন ভট্টাচাৰ্য্যৰ দৰে এনে সুৱদী সুৰীয়াকবি অসমীয়া সাহিত্যত আৰু দ্বিতীয় এজন নাই। তেওঁৰ নিজ দেশৰ প্ৰতি থকা গভীৰ ভালপোৱা কেইজনে ইমান প্রাণস্পর্শীভাৱে ফুটাই তুলিব পাৰে? বোধহয় কোনেও নোৱাৰে।

কবিয়ে হাড়ে হিমজুৱে, প্ৰতিটোপা বুকুৰ তেজেৰে দেশক ভাল পায় আৰু তেওঁৰ সেই নির্ভেজাল ভালপোৱাটোৱে অন্তৰপৰশা কৰি প্ৰকাশ কৰিছে । তথাপি নিজৰ জৰিয়তে তেওঁ মানুহক এটা আদর্শ দেখুৱাইছে যে প্রতিজন দেশবাসী লোকেই তেনে নিস্পৃহ, নিস্বার্থ নির্ভেজালভাৱে নিজৰ দেশখনক ভালপোৱাটো উচিত। কবিয়ে অৱশ্যে আনক ভালপাবলৈ আহ্বান নকৰি বা উপদেশ নিদি নিজৰ কাৰ্য্যৰ মাজেৰে তাৰ প্ৰকাশ কৰিছে। কাৰণ উপদেশতকৈ আদৰ্শৰ মূল্য অধিক। সেই কাৰণে তেওঁ উপদেশ নিদি দেশ-প্ৰেমৰ আদৰ্শ দেখুৱাইছে । সেই আদৰ্শ দেখুৱাবলৈ যাওঁতেই কবিৰ মহত্ত্ব ফুটি ওলাইছে।

xvi) ‘মোৰ দেশ’ কবিতাত কবিয়ে কি কাৰণে জীয়াই থকা বুলি কৈছে, অথবা তেওঁৰ জীয়াই থকাৰ সাৰ্থকতা কি বুলি দেখুৱাইছে আলোচনা কৰা।
উত্তৰঃ ‘মোৰ দেশ’ কবিতাত কবিয়ে কৈছে যে তেওঁ তেওঁৰ দেশৰ কাৰণে জীয়াই আছে আৰু দেশৰ কাৰণে জীয়াই থাকিবলৈ তেওঁ মৰণ-পণ কৰিছে । কাৰণ তেওঁ নিজৰ দেশখনক খুব ভাল পায়, নিজৰ দেশখন তেওঁৰ প্ৰাণতকৈয়ো আপোন আৰু গানতকৈয়ো মধুৰ। এই দেশৰ বুকুতে তেওঁ শইচ-সোনোৱালী ভবিষ্যতৰ আশাভৰা সপোন দেখিব পাৰে। কবিৰ জীৱনৰ আঁহে আঁহে যৌৱনৰ কোঁহে কোঁহে সেই সপোনবোৰেই ব্যাপ্ত হৈ আছে। নিজৰ দেশখন যে ‘পৃথিবীৰ কতো তুলনা নোপোৱা’ সেই কথা কবিয়ে প্রত্যক্ষভাৱে কোৱা নাই। কিন্তু পৰোক্ষ ইঙ্গিতেৰে বুজাইছে যে তেওঁৰ দেশখনেই পৃথিৱীৰ সমগ্ৰ দেশৰ ভিতৰতেই সৰ্বশ্ৰেষ্ঠ। তেওঁ তাৰ ব্যক্তিগত অভিজ্ঞতা সংগ্ৰহ কৰিছে।

তেওঁ বিভিন্ন দেশৰ ‘অৰঙে-দৰঙে’ ঘূৰিলে। অকলেও ঘূৰি ফুৰা নাই । অন্তৰঙ্গ বন্ধুৰ লগত হাতত হাত মিলাই বিভিন্ন ঠাইত জিৰাইছে— কেতিয়াবা সাগৰৰ পাৰত কেতিয়াবা মৰুভূমিত আৰু কেতিয়াবা পাহাৰৰ পাদমূলত। তাৰ পিছত আকৌ নতুন যাত্ৰা আৰম্ভ কৰিছে। সেই সকলোবোৰ যাত্ৰাৰ শেষ হৈছে আহি নিজৰ দেশতহে। তাৰ মানে কবিয়ে বিভিন্ন দেশ চাই জিৰাইছে, ফুৰিছে, যাত্ৰাৰ শেষ কৰিব খোজা নাই; আকৌ যাত্ৰা আৰম্ভ কৰিছে, যাত্ৰাৰ পৰিসমাপ্তি ঘটিছে নিজৰ দেশত আহি ৷ গতিকে কবিয়ে ব্যক্তিগত অভিজ্ঞতাৰ পৰা দেখুৱাই দিলে যে পৃথিৱীৰ বিভিন্ন দেশৰ ভিতৰত কবিৰ দেশ শ্রেষ্ঠ।

নিজৰ দেশখনক— ভাৰতবৰ্ষক ভালপোৱাৰ কাৰণ হিচাবে ভট্টাচাৰ্য্য কবিয়ে কৈছে, যে এই দেশৰ উমে তেওঁক দিছে ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য আৰু জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই কবিৰ কাৰণে বহন কৰি আনে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ। আৰু প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধফুলৰ সুৱাস। প্ৰতিটো ঋতুই কবিক দি যায় জীৱনৰ আশীৰ্বাদ।

ৰণুৱা, বনুৱা হালোৱা— সকলোৰে মাজত কবি আছে তেওঁৰ দেশৰ কাৰণে অৰ্থাৎ তেওঁৰ দেশৰ কাৰণে কবিয়ে ৰণুৱাৰ লগতো ৰণ কৰিছে, বনুৱাৰ লগতে বন কৰিছে আৰু হালোৱাৰ লগতো হাল বাইছে। দেশৰ মাজত যদি অনৈক আছে, কবিয়ে হৈছে তাত ঐক্যৰ প্ৰতীক, বিৰোধ যদি আছে কবিয়ে হৈছে তাত সংহতিৰ সম্ভাৱনা।

কবিয়ে জীৱনে- মৰণে, শয়নে-সপোনে দেশৰ আহ্বান শুনিছে । তেওঁৰ দেশত থকা শত্রু-মিত্র সকলোকে তেওঁ চিনি পাইছে আৰু মিত্ৰ সকলৰ অন্তৰতে জিনিছেই, শত্ৰু সকলৰ অন্তৰো কবিয়ে বিশ্বাসেৰে জিনিছে। অর্থাৎ কবি শত্রুৰে প্রীতিভাজন হ’ব পাৰিছে। শান্তিৰ চৰাইযুৰিক কবিয়ে আঁজলি ভৰাই ভঁৰালৰ পৰা এমুঠি ধান দিছে আৰু দিছে পৰাণৰপৰা একোটি গান । তাত বাহিৰে সৰ্বহাৰা কবিৰতো দিবলৈ আৰু একো নাই।

কবিয়ে গোটেই জীৱন ধৰি দেশৰ চিন্তাই কৰি আহিছে, দেশৰ মঙ্গল কামনাই কৰি আহিছে। সেই কাৰণেই কবিয়ে জীয়াই আছে আৰু তাতেই বিচাৰি পাইছে জীৱনৰ সাৰ্থকতা।

শেষ বাক্য

Class 9 Assamese Chapter 5 Question Answer ৰ শেষ বাক্য হিচাপে আমি ইয়াত লবলগীয়া একো নাই। ইয়াত আমি আমাৰ সাদ্য অনুযায়ী প্ৰশ্ন উত্তৰ আলোচনা কৰিব প্ৰয়াস কৰিছোঁ।

যদি আপুনি Class 9 Assamese Chapter 5 Question Answer ৰ কোনো অংশ বুজি পোৱাত অসুবিধা পাইছে তেন্তে পোনপটীয়াকৈ আমাক জনাব পাৰে। আমি যথা সম্ভৱ আপোনাৰ প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিম।

Leave a Comment