Class 9 Assamese Chapter 15 Question Answer | চোৰধৰা প্ৰশ্নোত্তৰ

Class 9 Assamese Chapter 15 Question Answer অৰ্থাৎ নৱম মান শ্ৰেণীৰ “চোৰধৰা প্ৰশ্নোত্তৰ” আজি আমি আলোচনা কৰিবলৈ প্ৰয়াস কৰিছো। আশা কৰোঁ আপোনাক এই লিখনিয়ে সহায় কৰিব।

এতিয়ালৈকে আমি Assamese Question Answer নামৰ এই ৱেবছইটটোত Class 9 Assamese ৰ বহু কেইটা অধ্যায়ৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিছো, আপুনি যদি পঢ়া নাই তেন্তে তলত লিংক দিয়া আছে।

Class 9 Assamese Chapter 15 Question Answer 2024

Class 9 Assamese Chapter 15 Question Answer বুলি কলে সাধাৰণতে পাঠ্যভিত্তিক প্ৰশ্ন উত্তৰ বুজি পাওঁ, কিন্তু আমি আজি ইয়াত পথ্যভিত্তিক প্ৰশ্নৰ ওপৰিও কিছু গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰিছোঁ।

ভাৱ বিষয়ক প্ৰশ্ন উত্তৰ

অতি চমুকৈ উত্তৰ লিখা

ক) কানাই বুলি কাৰ কথা কোৱা হৈছে ?
উত্তৰ: কানাই বুলি ভগৱান শ্ৰী কৃষ্ণৰ কথা কোৱা হৈছে।

খ) লৱণু- চোৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল ?
উত্তৰ: লৱণু- চোৰ কৃষ্ণই গোপীৰ মুখত মাখন সানি দিছিল।

গ) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি ?
উত্তৰ: ‘নামঘোষা’ মাধৱদেৱৰ সাহিত্যাক জীৱনৰ কীৰ্তিস্তম্ভ।

ঘ)”ওহি বান্দীসৱক থানে আৱৰ নাহি ”। ‘আৱৰ নাহি ‘বুলি কোনে কাক কৈছিল?
উত্তৰ: মাখন চোৰ কৃষ্ণক মিছা অপবাদ দিয়াত মাক যশোদাই কৃষ্ণক গোপীসকলৰ ওচৰলৈ পুনৰ নাহিবলৈ কৈছিল।

২। ক) হে মাই যশোদে তোহো তাপ তেজহ। যশোদাৰ মনৰ তাপ গুচাবলৈ গোপীয়ে কিয় কব লগা হৈছিল ?
উত্তৰ: যশোদাই কৃষ্ণক নেদেখি মন মাৰি আছিল আৰু সেইবাবে গোপীয়ে কৈছিল যে মই তোমাৰ কৃষ্ণক দেখি আহিছোঁ গতিকে তুমি মনৰ তাপ এৰা ।

২। খ) শ্ৰী কৃষ্ণই গোপীৰ মুখত কিয় লৱণু সানি দিছিল ?
উত্তৰ: শ্ৰী কৃষ্ণক লৱণু খাই থকা অৱস্থাত দেখা পাই লৱণু চোৰ বুলি নাম দিয়াৰ বাবে গোপীৰ মুখত লৱণু সানি দিছিল ।

৩। ইহা শুনি চিন্তা শোক তেজিৱে পৰম হৰষিত ভেল — কোনে কাৰ আৰু কি কথা শুনি হৰষিত হৈছিল ?
উত্তৰ: মাতৃ যশোদাই গোপীৰ মুখে পুত্ৰ কৃষ্ণৰ শুভ বাতৰি পাই হৰষিত হৈছিল । গোপী এগৰাকীয়ে আহি যশোদাক কৈছিল যে শ্ৰী কৃষ্ণই এগৰাকী গোপীৰ ঘৰত গৈ লৱণু খাই থাকোতে ধৰা পৰাত এতিয়া গোপীক আগত লৈ নানা কৌতুক নৃত্য কৰি আছে । এই কথা শুনি যশোদা হৰষিত হৈছিল ।

৪। মাক যশোদাই কানাইক লগ পাই কি কি কথা কৈছিল আৰু কিদৰে চেনেহ প্ৰকাশ কৰিছিল ?
উত্তৰ: মাক যশোদাই কৃষ্ণক লগ পাই কৈছিল যে এই বান্দী সকলৰ ঠাইলৈ আৰু নাহিবা, আমাৰ ঘৰত দৈ, গাখীৰ লৱণুৰ কথা সোধোতা কোন ? যিমান খাব পৰা সিমান মই দিম । তোমাৰ পদধূলা মূৰত লওঁ, তুমি আমাৰ কোটি কোটি পুৰুষৰ পৰম দেৱতা, মূৰৰ মুকুট, গলৰ সাতসৰী, বুকুৰ শীতল চন্দন ।

এইবুলি যশোদাই কৃষ্ণৰ গাৰ ধূলা জোকাৰি, বুকুত বান্ধি কোলাত লৈ চুমা দিলে আৰু পৰম আনন্দেৰে ঘৰলৈ আনি শীতল জলেৰে স্নান কৰাই, পঞ্চামৃত ভোজন কৰালে আৰু দিব্য বস্ত্ৰ, অলংকাৰেৰে ভূষিত কৰাই কৃষ্ণৰ সৌন্দৰ্য চাই চাই পৰম সন্তোষ লভিলে ।

ভাষা- বিষয়ক প্ৰশ্ন উত্তৰ

৫। তলৰ শব্দবোৰ আধুনিক ৰূপত লিখা
উত্তৰ:

গাৰি গালি
তেজহ ত্যাগ কৰা
তোহাৰি তোমাৰ
হামু মই
থিক আছে
মাখিয়েসানি
উনিকৰএওঁৰ
ফিৰতঘূৰি ফুৰা

৬। বিপৰীত শব্দ লিখা –
উত্তৰ:

শব্দবিপৰীত শব্দ
চোৰপুলিচ
উত্তৰপ্ৰশ্ন
কাতৰ ধৈৰ্যৱান
পূণ্যপাপ
শোকআনন্দ
হৰ্ষবিষাদ
শীতলতপত

Leave a Comment