Class 9 Assamese Chapter 12 Question Answer | লোকসংস্কৃতি প্ৰশ্ন উত্তৰ

মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোকে আন এক গুৰুত্বপূৰ্ণ লিখনিলৈ স্বাগতম জনাইছো। আজি আমি ইয়াত Class 9 Assamese Chapter 12 Question Answer তথা লোকসংস্কৃতি প্রশ্নোত্তৰ আলোচনা কৰিম।

Class 9 Assamese Chapter 12 Question Answer 2024

ভাৱ বিষয়ক প্ৰশ্ন উত্তৰ

১। চমু উত্তৰ দিয়া।

(ক) লােক কৃষ্টিৰ সাধাৰণ উত্তৰণক কি বােলা হয়?
উত্তৰঃ লােক কৃষ্টিৰ সাধাৰণ উত্তৰণক লােক সংস্কৃতি বােলা হয়।

(খ) লোক সমাজত কোন সময়ৰ কথাৰ অধিক সমাদৰ।
উত্তৰঃ লােক সমাজত পুৰণি সময় বা দিনৰ কথাৰ অধিক সমাদৰ।

(গ) লােক কৃষ্টি কাক বােলে?
উত্তৰঃ লােক বা জ্ঞানৰ যি আচাৰ-অনুষ্ঠান, গীত-পদ, নৃত্য-নাচ, খােৱা-লােৱা, পিন্ধা- উৰা, পূজা-উপাসনা, ৰীতি-নীতি, উৎসৱ-অনুষ্ঠান, খেলা-ধূলা আদিৰ সমষ্টিকে লােক কৃষ্টি বােলে। লােক কৃষ্টিক লােক সংস্কৃতি বা গঞা সংস্কৃতি বুলিও ক’ব পাৰি। চমুকৈ জন সাধাৰণৰ বা লােক সাধাৰণৰ আচৰণৰ সমষ্টিয়েই হ’ল লােককৃষ্টি।

(ঘ) লােক সংস্কৃতিৰ দৃশ্যমান দিশক কি বােলা হয় ?
উত্তৰঃ লােক সংস্কৃতিৰ দৃশ্যমান দিশক ভৌতিক বা বস্তু সংস্কৃতি বােলা হয়।

(ঙ) লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথাৰ পুথিখনৰ নাম কি?
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথাৰ পুথিখনৰ নাম হ’ল – ‘বুঢ়ী আইৰ সাধু’।

২। লােকসমাজ সম্পর্কে কিছুমান লােকতত্ত্ববিদে দিয়া কি ধাৰণ৷ গ্ৰহণ কৰিৰ নােৱাৰি বুলি লিখকে কৈছে? এই ধাৰণা গ্ৰহণ কৰিব নােৱৰাৰ কাৰণ কি?

উত্তৰঃ লােক সমাজ সম্পর্কে কিছুমান লােকতত্ত্ববিদে দিয়া ধাৰণাটো এয়ে যে – লােক সমাজ সমাজৰ এটা নিম্ন স্তৰৰ অংগ। কিন্তু সেই চাম লােকতত্ত্ববিদৰ এনে ধাৰণা কেতিয়াও গ্ৰহণ কৰিব নােৱাৰি বুলি লিখকে স্পষ্টভাৱে কৈছে। তেওঁ কৈছে যে বিজ্ঞানসন্মত দৃষ্টিভংগী হলেই যে কোনো এখন সমাজ উচ্চতৰ হ’ব আৰু তাৰ বিপৰীত লােক বা গঞা সমাজ নিম্নৰ হ’ব লাগিব তাৰ কোনাে কথা নাই।

লােক সমাজৰ অংগীভূত মানুহে প্রায়ে গাঁৱে-ভূঞে বাস কৰে আৰু অভিজাত লােক সকল নগৰ-চহৰ আদিত বাস কৰিলেও এই ধাৰণা সদা-সর্বদাই গ্রহণযােগ্য হ’ব নােৱাৰে, যিহেতু গাঁৱতাে শিক্ষিত মানুহ বাস কৰে। তাৰ বিপৰীতে চহৰ বা নগৰতাে গঞা লােকৰ বসতি দেখা যায়। নগৰ-চহৰ বিভিন্ন কাম- কাজৰ বাবে গঞা লােকৰ প্রয়ােজন হয়। তেতিয়া গাৱৰ লােকে চহৰ-নগৰত থাকি মজদুৰ বা কামৰ ভূমিকা পালন কৰে আৰু এইদৰেই তেওঁলোেক চহৰ বা নগৰবাসী হয়।

৩। চমু টোকা লিখাঃ

নিচুকনি গীত, মালিতা বা কাহিনী গীত, সাঁথৰ, জনশ্রুতি, জিকিৰ, দেহবিচাৰৰ গীত, হুচৰি গীত।
উত্তৰঃ

নিচুকনি গীত→ নিচুকনি গীত হ’ল ল’ৰা-ছােৱালী ওমলােৱা আৰু নিচুকুওৱা গীত। এইবােৰক ধাই নামাে বােলা হয়। মিঠা কোমল সুৰৰ এই গীতবােৰৰ যােগেদি শিশুমনক এক আনন্দৰ জগতলৈ লৈ যােৱা হয় যত কালৰ ভয় দৌৰাত্ম্য একো নাই। এইবােৰে লােক সমাজৰ মৌখিক তথা লােকগীত। যেনে –
“আমাৰে মইনা শুব এ, বাৰীতে বগৰী ৰুব এ
বাৰীৰে বগৰী পৰি সৰিব, আমাৰে মইনাই বুটলি খাব এ।”

মালিতা বা কাহিনী গীতঃ পৌৰাণিক কাহিনী বা বুৰঞ্জী মূলক আখ্যান আদিৰ বৰ্ণনালে কেতবোৰ গীত লােক সমাজত প্ৰচলিত হৈ আহিছিল। এই গীতবােৰকে মালিতা বা কাহিনী গীত বােলে। ইয়াৰ লেখক, চন, তাৰিখ আদিৰ বিষয়ে একো জনা নাযায় যদিও কিছুমান বুৰঞ্জীমূলক গীতৰ বিষয় বস্তু অনুসাৰে ৰচনাৰ কাল কিছু অনুমান কৰিব পৰা যায়। ইংৰাজীত এই গীত বিলাকক ‘বেলাড’ বুলি কোৱা হয়। এই শ্রেণীৰ গীতক বিষয়বস্তু অনুসাৰে একাধিক ভাগত ভাগ কৰিব পৰা যায়। পালা-পার্বতীৰ গীত, মণি কোঁৱৰৰ গীত, ৰাধিকা শান্তিৰ গীত, মানামতীৰ গীত, মণিৰাম দেৱানৰ গীত, বৰফুকনৰ গীত আদি এই শ্ৰেণীৰ গীত।

সাঁথৰঃ সাঁথৰ হ’ল— সাধাৰণ জন সাধাৰণৰ আৰু কেতিয়াবা পণ্ডিতৰৰ বুদ্ধিজাত শব্দৰ ধেমালি। এইবােৰত কল্পনাৰ সূৰণ, কাব্যশ্ৰীৰ স্পৰ্শ আৰু অনুপ্রাস আদি শব্দালংকাৰৰ ব্যঞ্জনা দেখিবলৈ পােৱা যায়। অত্যানুপ্রাস এটি সাধাৰণ লক্ষণ। এটা সাঁথৰৰ উদাহৰণ – ইয়ে সিহে, পিঠিৰে দৌৰে কিহে – (নাও)

জনশ্রুতিঃ পৌৰাণি কালৰে পৰা মানুহৰ মুখে মুখে শুনি অহা বা চলি অহা মাত-কথা, কাহিনী আদিকেই জনশ্রুতি বােলা হয়। সেইবােৰ মানুহে ইজনৰ মুখৰ পৰা সিজনে শুনি মনত ৰাখিছিল আৰু এনেদৰে পৰম্পৰাগতভাৱে চলি আহিছিল। শুনি মনত ৰখা একেটা কথাই কেতিয়াবা বিকৃত বা নানান ৰূপ লব পাৰে। এইবিলাক মৌখিক সাহিত্যৰ অন্তর্ভুক্ত।

জিকিৰঃ ইছলাম ধর্ম প্রচাৰৰ উদ্দেশ্যে শাহ মিলন বা আজান পীৰ নামৰ এজন ধর্ম প্ৰচাৰকে জিকিৰ ৰচনা কৰিছিল। এই গীতসমূহৰ ৰচনা কাল ১০৪৫ হিজৰী বা ১৬৩৪ খ্রীষ্টাব্দ আৰু ১১৪৫ হিজৰী বা ১৭৩৪ খ্রীষ্টাব্দ বুলি অনুমান কৰা হৈছে। অনেক জিকিত বৈষ্ণৱ সাহিত্য আৰু লােক-গীতৰ প্রতিধ্বনি শুনা যায়। জিকিৰৰ এটা উদাহৰণ-

চিন্তা হেৰা মােৰ মন আল্লাৰ নামত।
ভজা হেৰা মােৰ মন গুৰুৰ পাৱত।

দেহবিচাৰৰ গীতঃ দেহবিচাৰৰ গীতসমূহ এক প্ৰকাৰ ভকতীয়া গীত। এই গীতবােৰত গুপ্ত সাধনা আৰু শৈৱ-শাক্তৰ তান্ত্রিক ৰূপ প্ৰকাশ হােৱা দেখা যায় পূর্ণসেৱা, বৰখেলীয়া, গােপীধৰা, বৰসেৱা, ৰাতিখােৱা, কণিপতীয়া ৰীতিয়া আদিৰ পন্থাৰ মানুহে সাধাৰণতে এই গীত সমূহ গাইছিল। দেহ বিচাৰৰ গীতত শৰীৰক কেতিয়াবা নাও, কেতিয়াবা ঘৰ, কেতিয়াবা চাকিৰ লগত তুলনা কৰা হয়। শৰীৰ “চতুৰ অধিক কুৰিজনৰ মন্দিৰ”, চৌৰিশ তত্ত্বৰ ঘৰ। এই ঘৰৰ নৱথান দ্বাৰ” এই ঘৰৰ ভিতৰৰাে “নিজঘৰত” পূর্ণ কৃষ্ণ” বা পূর্ণানন্দ নিবাস। মায়া নদীৰ ইপাৰে সিপাৰে থাকে “কাল-বিকাল পক্ষী”– জীবাত্মা আৰু পৰমাত্মা। – এনেবােৰ কথা দেহবিচাৰৰ গীতত গােৱা হয়।

হুঁচৰিগীতঃ হুঁচৰি গীত সমূহ ধর্মীয় ভাবাপন্ন আশীর্বাদ-প্রার্থনামূলক গীত। বিহুৰ সময়তেই এই গীত সমূহ গাই গৃহস্থ, ৰাইজ সকলােৰে মঙ্গল কামনা কৰি আশীর্বাদ দিয়া হয় আৰু ভগৱানৰ ওচৰত প্রার্থনা জনােৱা হয়। তাৰােপৰি পৰিবেশ-পৰিস্থিতিৰৰ এই গীতবােৰৰ মাজেৰে আভাস পােৱা যায়।

৪। “লােক জীৱন তিনিটা ভাগত বিভক্ত” —- লােক জীৱন কি কি তিনিটা ভাগত বিভক্ত? প্রত্যেকটি ভাগৰে চমু আভাস দিয়া।
উত্তৰঃ লােকজীৱন তিনিটা ভাগত বিভক্ত। এই তিনিটা ভাগ হল –

  • সামাজিক আচাৰ অনুষ্ঠান
  • ভৌতিক বা বস্তু সংস্কৃতি
  • লােক পৰিবেশ্য কলা।

ইয়াৰ চমু আভাস তলত দিয়া হ’ল –

(ক) সামাজিক আচাৰ অনুষ্ঠানঃ মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজতে পৰম্পৰাগত জীৱন। পৰম্পৰাগত জীৱন, মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজৰ সংযােগ সেতু। সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত কৃষি বা খেতি-বাতি, জন্ম-বিবাহ- মৃত্যু আদি বিষয়ক ৰীতি-নীতি, আচাৰ ব্যৱস্থা অনুষ্ঠান আদিয়েই সামাজিক আচাৰ-অনুষ্ঠান। এইবােৰ প্রধানভাৱে লােক বিশ্বাসৰ সৈতে জৰিত। সামাজিক আচাৰ-অনুষ্ঠান আকৌ চাৰিটা ভাগত বিভক্ত। যেনে- উৎসৱ অনুষ্ঠান, অৱসৰ-বিনােদন আৰু খেল-ধেমালি, লােক-ঔষধ আৰু লােক ধর্ম।

(খ) ভৌতিক বা বস্তু সংস্কৃতি → ভৌতিক বা বস্তু সংস্কৃতি লােক সংস্কৃতিৰ দৃশ্যমান দিশ। জীৱন ধাৰণৰ বাবে প্রয়ােজনীয় সমল নির্মাণ, নাইবা খােৱা-লােৱা বস্তু সামগ্রী আদিৰ ৰন্ধাবঢ়া, প্রস্তুতি আদিয়েই ভৌতিক বা বস্তু সংস্কৃতিৰ অধ্যয়নৰ সামগ্রী। ভৌতিক বা বস্তু সংস্কৃতিৰ উপৰিভাগ সমূহ হৈছে – লােক কলা, লোক শিল্প, লােক স্থপতি কলা, লােক আভৰণ আৰু লােক ৰন্ধন প্রণালী।

(গ) লােক পৰিবেশ্য কলা → লােক জীৱনৰ শেষ ভাগ হৈছে লােক পৰিবেশ্য কলা। পৰম্পৰাগত সংগীত, নৃত্যনাচ আৰু নাট আদিয়েই লােক-বাদ্য যন্ত্র, নৃত্যৰ পােছাক- পৰিচ্ছেদ আৰু দৃশ্য বিৱৰণীৰ সৈতে ৰূপায়ণ কৰা পদ্ধতিৰ তুলনাত আকস্মিক ধৰণৰ। পৰিবেশ্য কলাৰ পৰিসৰে গীত, নৃত্ত নৃত্য, বাদ্যযন্ত্র আদিক সামৰে। লােকনাট, গীত আৰু নৃত্যৰ সমষ্টি। সংলাপৰ তুলনাত লােক নাটত গীত আৰু নৃত্যৰ গুৰুত্ব বেছি।

৫। বহলাই লিখাঃ

ক) সামাজিক আচাৰ-অনুষ্ঠান
খ) লোক পাৰিবেশ্য কলা
গ) ভৌতিক বা বস্তু সংস্কৃতি।

উত্তৰঃ
(ক) সামাজিক আচাৰ-অনুষ্ঠানঃ প্রাচীন কালৰে পৰা লিখিত ৰূপ পােৱা সময়লৈকে পৰম্পৰাগতভাৱে চলি অহা গীত-মাত, ফকৰা-যােজনা, প্রবচন, সাধুকথা আদিয়েই মৌখিক সাহিত্য। জীৱন ধাৰণৰ বাবে প্রয়ােজনীয় সমল নির্মাণ নাইবা খােৱা-লােৱা বস্তু সামগ্রী আদিৰ ৰন্ধা বঢ়া, প্রস্তুতি আদি হৈছে ভৌতিক সংস্কৃতি অধ্যয়নৰ সামগ্রী। এই মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজতে মানুহৰ জীৱন। পৰম্পৰাগত জীৱন মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজৰ সংযােগ সেতু।

সামাজিক আচাৰ- অনুষ্ঠানবােৰ সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত কৃষি বা খেতি-বাতি, জন্ম-বিবাহ মৃত্যু আদি বিষয়ক ৰীতিনীতি, আচাৰ-অনুষ্ঠান সমূহ। এইবােৰ প্ৰধানভাৱে লােক বিশ্বাসৰ সৈতে জৰিত। ইয়াৰ সত্যতা বা বিজ্ঞান সন্মত কথা বিচাৰ কৰা নহয়। এই সামাজিক আচাৰ অনুষ্ঠানসমূহ আকৌ চাৰিটা ভাগত বিভক্ত কৰা হৈছে। এই চাৰিটা হ’ল, –

  1. উৎসৱ অনুষ্ঠান
  2. অৱসৰ বিনােদন আৰু খেল-ধেমালি
  3. লােক ঔষধ
  4. লােক ধর্ম।

(১) উৎসৱ অনুষ্ঠান – যেনে— লােক সমাজত প্রচলিত গৰখীয়া সভা, বিহু উৎসৱ। জন্মােৎসৱ, নামকৰণ, চূড়াকৰণ, ছােৱালী-মহিলা সকলৰ ক্ষেত্ৰত পালন কৰা উৎসৱ আদি।
(২) অৱসৰ বিনােদন আৰু খেল-ধেমালি— যেনে – কড়ি খেল, তাছ খেল, টল খেল, খিউ, ঘূপী টোপ খেল ইত্যাদি।
(৩) লােক ঔষধ – যেনে – বিভিন্ন নীতি-নিয়মেৰে গাঁৱলীয়া বৈদৰ দ্বাৰা ব্যবহৃত নানান জৰা-ফুকা, বনৌষধী আদি।
(৪) লােক ধর্ম— ধর্মীয় বিশ্বাসত সমাজত পালন কৰি অহা আইনাম, শীতলা পূজা, অন্যান্য পূজা-পাতল, গার্হস্থ্য ধর্ম পালন কৰা ধর্মীয় অনুষ্ঠান সমূহ।

(খ) লােক পৰিবেশ্য কলা→ পৰম্পৰাগত সংগীত নৃত্যনাচ তাৰু নাট আদিয়েই লােকবাদ্য-যন্ত্র, নৃত্যৰ পােছাক-পৰিচ্ছদ আৰু দৃশ্য বিবৰণীৰ সৈতে ৰূপায়ণ কৰা পদ্ধতি তুলনাত আকস্মিক ধৰণৰ। পৰিবেশ্য কলাৰ পৰিসৰে গীত, নৃত্ত-নৃত্য, বাদ্যযন্ত্র আদিক সামৰে। লােকনাট গীত আৰু নৃত্যৰ সমষ্টি। ইয়াৰ নৃত্যৰ লগে লগে গীতৰৰ পয়ােভৰ হয়। নৃত্য আৰু গীতে নাটৰ এটা সুন্দৰ পৰিবেশ গঢ়ি তুলে। সংলাপৰ তুলনাত লােক নাটত গীত আৰু নৃত্যক প্রাধান্য দিয়া হয়। লোক নাট অংকীয়া নাট সমূহত আৰু খুলীয়া – ভাওনা সমূহত এই প্রাধান্য স্পষ্ট ৰূপত দেখা যায়।

(গ) ভৌতিক বা বস্তু সংস্কৃতি → লােক সংস্কৃতিৰ দৃশ্যমান দিশ হ’ল – ভৌতিক বা বস্তু সংস্কৃতি। জীৱন ধাৰণৰ বাবে প্রয়ােজনীয় নানাবিধ সাসঁজুলি, সমল আদি নির্মাণ নাইবা খােৱা-লােৱা বস্তু সামগ্রী আদিৰ ৰন্ধা বঢ়া প্রস্তুতি আদি ভৌতিক বা বস্তু সংস্কৃতিৰ অন্তর্ভুক্ত। ইয়াক আকৌ পাঁচটা ভাগত বিভক্ত কৰিব পাৰি, – যেনে,

  • লােককলা
  • লােক শিল্প
  • লােক স্থপতি কলা
  • লােক আভৰণ আৰু
  • লােক ৰন্ধন প্রণালী।

লােককলা হ’ল – কাৰুকার্য খটুৱাই অতি সুন্দৰকৈ সজোৱা বিভিন্ন সামগ্রী যাক- সৌন্দর্য বর্ধনৰ বাবে সজাই ৰখা হয়।

লােক শিল্প হ’ল – চিত্রাংকন, বাঁহ-বেত কাঠ-লােহা আদিৰে সুন্দৰকৈ তৈয়াৰ কৰা নানাবিধ বস্তু আৰু কার্য ইত্যাদি।

লােক স্থপতি কলা হ’ল – নানান কাৰু কার্য খচিত মঠ-মন্দিৰ, মূর্তি ইত্যাদি।

লােক আভৰণ হ’ল — লোেক সমাজত নির্মিত আৰু ব্যৱহৃত নানান আ-অলংকাৰ, পােছাক পৰিচ্ছদ আদি।

লােক ৰন্ধন প্রণালী হ’ল— লােক সমাজত ব্যৱহৃত খাদ্যৰ ৰন্ধন আৰু সংৰক্ষণ প্রণালী সমূহ।

৬। লােক নাট কিহৰ সমষ্টি বুলি লিখকে কৈছে? এই শ্ৰেণীৰ নাটত সংলাপৰ ওপৰত গুৰুত্ব দিয়া হয়নে? তােমাৰ নিজৰ কথাৰে লিখা।
উত্তৰঃ লােক নাট গীত আৰু নৃত্যৰ সমষ্টি বুলি লিখকে কৈছে। এই শ্ৰেণীৰ নাটত সংলাপৰ ওপৰত গুৰুত্ব দিয়া নহয়। উদাহৰণ স্বৰূপে লােক নাটৰ অন্তর্ভুক্ত অংকীয়া নাট সমূহ সংলাপতকৈ নৃত্য আৰু গীতৰহে পয়ােভৰ বেছি। সেইদৰে খুলীয়া ভাওনাৰােৰতাে গীত আৰু নৃত্যৰ জৰিয়তে নাটৰ বিষয় বস্তু আৰু উপস্থাপন উদ্দেশ্য আৰু সমাজলৈ নির্দিষ্ট বার্তা আদি প্ৰকাশ কৰা হয়। তাত সংলাপ মাথো গৌণ অংগ।

৭। লােক সাহিত্য কেইটা আৰু কি কি উপভাগত ভগাব পাৰি? ভাগবােৰৰ নাম লিখা।
উত্তৰঃ লােক সাহিত্যক বাচিক কলাও বােলে। ইয়াক লিখকৰ মতে পাঁচটা উপভাগত ভগাব পাৰি। সেইকেইটা হ’ল –
(ক) লােক বা মৌখিক কবিতা বা বাচিক কবিতা বা লােকগীত।
(খ) গদ্যধর্মী সাধুকথা, লােক কথা।
(গ) প্রবচন, বচন, লােকোক্তি, যােজনা, পটন্তৰ।
(ঘ) সাঁথৰ দিষ্টান্ত, আৰু
(ঙ) লােক ভাষা।

৮। ভৌতিক বা বস্তু সংস্কৃতিৰ অধ্যয়ন সামগ্রী কি ? ইয়াৰ উপবিভাগ কি কি ?
উত্তৰঃ ভৌতিক বা বস্তু সংস্কৃতিৰ অধ্যয়ন সামগ্রী হ’ল জীৱন ধাৰণৰ বাবে প্রয়ােজনীয় সমল নির্মাণ, নাইবা খােৱা-লােৱা বস্তু সামগ্রী আদিৰ ৰন্ধা-বঢ়া প্রস্তুতি আদি। ইয়াৰ উপবিভাগ কেইটা হ’ল – লােক কলা, লােক শিল্প, লােক স্থপতি কলা, লােক আভৰণ আৰু লােক ৰন্ধন প্রণালী।

৯। ‘অ’ মাই যশােদা হে, মাই হে যশােৱা ” গীতটি কোনে লিখিত ৰূপ দিছিল ?
উত্তৰঃ “অ’মাই যশােৱা হে, মাই হে যশােৱা …..”এই গীতটিক পােনতে ড° ভূপেন হাজৰিকাদেৱে লিখিত ৰূপ দিছিল।

১০। তাৎপর্য ব্যাখ্যা কৰা

(ক) “লােক সংস্কৃতি পুৰণি হৈও নতুন নতুন হৈও পুৰণি।”
উত্তৰঃ লােক সংস্কৃতি পুৰণি হৈও নতুন, নতুন হৈও পুৰণি! এই কথাষাৰ বৰ তাৎপর্যপূর্ণ। লােক সংস্কৃতি লােক-জনতাৰ হৃদয়ৰ বস্তু। ই লােক সমাজৰ অতি জনপ্রিয় আৰু ইয়াক অন্তৰেৰে লােক সমাজে গ্রহণ কৰি আহিছে। পুৰণি কালত ইয়াৰ যি সমাদৰ আধুনিক কালতাে লােক সমাজত একেই সমাদৰ। ইয়াৰ উপাদান সমূহ যুগে যুগে মুখ পৰম্পৰা প্ৰচলিত হৈ বা শিক্ষিত লােকৰ হাতত পৰি আধুনিক ৰূপ লৈ যুগ সাপেক্ষ বা সময় সাপেক্ষ স্থিতি লাভ কৰে। তথাপিতাে লােক সংস্কৃতিয়ে নিজৰ স্বৰূপ নেহেৰুৱায়। ইয়াৰ নতুন পুৰণিৰ চিন নাথাকে। সেই কাৰণে লিখকে লােক সংস্কৃতি পুৰণি হৈও নতুন, নতুন হৈও পুৰণি বুলি মন্তব্য কৰিছে।

(খ) “সমাজৰ পৰিবৰ্তনৰ লগে লগে লােক সংস্কৃতিৰাে পৰিবৰ্তন ঘটে।”
উত্তৰঃলােক সংস্কৃতিৰ উপাদান সমূহ যুগে যুগে মুখ পৰম্পৰা প্ৰচলিত হৈ আহি বর্তমান শিক্ষিত বা আধুনিক সমাজতাে প্রচলিত হৈছেহি। আগৰ সমাজ আছিল অশিক্ষিত, হােজা আৰু সেই সময়ত লােক সংস্কৃতি মানুহে যেনেদৰে ব্যৱহাৰ কৰিছিল, পালিছিল বা মানিছিল, শিক্ষিত সমাজত বা আধুনিক সমাজত ইয়াৰ কিছু পৰিবর্তন হােৱা স্বাভাবিক। কাৰণ সিবােৰ যুগ সাপেক্ষ হ’ব লাগিব। সেই কাৰণেই সমাজৰ পৰিবৰ্তনত সমাজৰ ৰুচি, পৰিবেশ আৰু প্রয়ােজন অনুসৰি ইয়াৰ পৰিবর্তন ঘটে; কিন্তু ইমানতে লােক সংস্কৃতিয়ে নিজৰ স্বৰূপ নেহেৰুৱায়। মাত্র পৰিবৰ্তিত সমাজত লােক সংস্কৃতিয়ে দ্বিতীয় অস্তিত্বত

ভাষা বিষয়ক প্ৰশ্ন উত্তৰ

১১। তলৰ শব্দ কেইটাত মূর্ধণ্য “ণ” আৰু “ষ হােৱাৰ কাৰণ দশোৱা
কৃষি, অনুষ্ঠান, ধাৰণ, আহৰণ

উত্তৰঃ কৃষি→ ‘ঋ’ৰ পিছত স্বৰ বৰ্ণৰ ব্যৱধান থাকিলেও “ষ’ হয় কাৰণে ‘কৃষি’ শব্দত জীয়াই থাকে।
অনুষ্ঠানঃ -ৰ পিছত যুক্তাক্ষৰৰ স’ মূদ্ধণ্য ‘ষ’ হয় কাৰণে অথবা ট বর্গৰ আখৰৰ লগত যুক্ত হােৱা কাৰণে ‘ষ হৈছে।
ধাৰণ, আহৰণঃ ‘ৰ’ৰ পিছত সাধাৰণতে ‘ণ হয় কাৰণে ধাৰণ, আহৰণ শব্দ দুটাত মূদ্ধণ্য ‘ণ’ হৈছে।

অতিৰিক্ত চমু প্রশ্নোত্তৰ

(ক) লােক সংস্কৃতি’ পাঠটিৰ লেখক কোন?
উত্তৰঃড় নবীনচন্দ্র শর্মা।

(খ) ড’ নবীনচন্দ্ৰ শৰ্মাৰ জন্ম কোন চনত হৈছিল।
উত্তৰঃ ইং ১৯৩৮ চনত।

(গ) ড° নবীনচন্দ্ৰ শৰ্মাৰ কোনখন পুথিৰে যােগেদি লােপ পাৰ খােজা ওজাপালি অনুষ্ঠানটোক অসমৰ ৰাইজৰ ওচৰত মেলি ধৰে?
উত্তৰঃ অসমৰ ওজাপালি’ নামৰ পুথিখনৰ যােগেদি।

(ঘ) লােক সাহিত্যৰ সন্ধানত ড° নবীনচন্দ্র শর্মা আমেৰিকাৰ কলৈ গৈছিল?
উত্তৰ কেলিফোর্ণিয়াৰলৈ।

(চ) ‘লােক’ শব্দৰ সলনি কি কি শব্দ ব্যৱহাৰ কৰিব পাৰি?
উত্তৰঃ লােক’ শব্দৰ সলনি জন, গা, গণ আদি শব্দ ব্যৱহাৰ কৰিব পাৰি।

(ছ) লােক সংস্কৃতিক অন্য কি বুলিব পাৰি?
উত্তৰঃ গা-সংস্কৃতি বা সৰ্বসাধাৰণৰ সংস্কৃতি।

(জ) লােক কৃষ্টিৰ সাধাৰণ উত্তৰণক কি বােলা হয়?
উত্তৰঃ লােক কৃষ্টিৰ সাধাৰণ উত্তৰণক লােক সংস্কৃতি বােলা হয়।

(ঝ) লোক সমাজত কোন সময়ৰ কথাৰ অধিক সমাদৰ।
উত্তৰঃ লােক সমাজত পুৰণি সময় বা দিনৰ কথাৰ অধিক সমাদৰ।

(ঞ) লােক কৃষ্টি কাক বােলে?
উত্তৰঃ লােক বা জ্ঞানৰ যি আচাৰ-অনুষ্ঠান, গীত-পদ, নৃত্য-নাচ, খােৱা-লােৱা, পিন্ধা- উৰা, পূজা-উপাসনা, ৰীতি-নীতি, উৎসৱ-অনুষ্ঠান, খেলা-ধূলা আদিৰ সমষ্টিকে লােক কৃষ্টি বােলে। লােক কৃষ্টিক লােক সংস্কৃতি বা গঞা সংস্কৃতি বুলিও ক’ব পাৰি। চমুকৈ জন সাধাৰণৰ বা লােক সাধাৰণৰ আচৰণৰ সমষ্টিয়েই হ’ল লােককৃষ্টি।

(ট) লােক সংস্কৃতিৰ দৃশ্যমান দিশক কি বােলা হয় ?
উত্তৰঃ লােক সংস্কৃতিৰ দৃশ্যমান দিশক ভৌতিক বা বস্তু সংস্কৃতি বােলা হয়।

Leave a Comment