Class 9 Assamese Chapter 13 Question Answer | হনুমন্ত লংকা দর্শন

আপুনি যদি Class 9 Assamese Chapter 13 Question Answer তথা নৱম মান শ্ৰেণীৰ অসমীয়াৰ 13 তম অধ্যায় ‘হনুমন্ত লংকা দর্শনৰ প্ৰশ্ন উত্তৰ‘ বিচাৰি আছে তেন্তে এইয়ে আপোনাক বহুত সহায় কৰিব।

আজি আমি Class 9 Assamese Chapter 13 Question Answer আলোচনা কৰিবলৈ প্ৰয়াস কৰিছো। আজি আমি Class 9 Assamese Chapter 13 Question Answer ত অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ, ব্যাখ্যা কৰা, ভাষা বিষয়ক প্ৰশ্ন উত্তৰ আদি সাঙুৰি লোৱা হৈছে।

Class 9 Assamese Chapter 13 Question Answer 2024

ভাৱ বিষয়ক প্ৰশ্ন উত্তৰ

১। চমু উত্তৰ দিয়া।

ক) মাধৱ কন্দলী কোন আছিল?
উঃ মাধৱ কন্দলী প্রাক-শংকৰী যুগৰ এগৰাকী অসমীয়া কবি আছিল। তেওঁ চতুর্দশ শতিকাৰ বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপােষকতা লাভ কৰিছিল।

খ) মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল?
উঃ মাধৱ কন্দলীয়ে মহাকবি বাল্মীকিয়ে ৰচনা কৰা সংস্কৃত ৰামায়ণ মহাকাব্যখন অসমীয়ালৈ অনুবাদ কৰিছিল।

গ) মাধৱকন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পােৱা যায়?
উঃ মাধৱ কন্দলীৰ ৰামায়ণত পাঁচটা খণ্ড পােৱা যায়।

ঘ) মাধৱকন্দলীৰ ৰামায়ণত বর্তমানে সন্নিবিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে?
উঃ মাধৱ কন্দলীৰ ৰামায়ণত সন্নিবিষ্ট উত্তৰাকাণ্ডটো শংকৰদেৱে ৰচনা কৰে।

ঙ) হনুমন্তৰ লংকাদর্শন’-কাব্যাংশ কোনটো কাণ্ডৰ পৰা লােৱা হৈছে?
উঃ “হনুমন্তৰ লংকাদর্শন’ কাব্যাংশটো ৰামায়ণৰ সুন্দৰাকাণ্ডৰ পৰা লােৱা হৈছে।

২) মাধৱ কন্দলীৰ বাহিৰে শংকৰ-পূর্ব যুগৰ কবিকেইজনৰ নাম উল্লেখ কৰা।
উঃ মাধৱ কন্দলীৰ বাহিৰে শংকৰ-পূর্ব যুগৰ কবিকেইজন হ’ল : হেম সৰস্বতী, হৰিহৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী আৰু ৰুদ্র কন্দলী।

৩) মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপােষকতা কৰিছিল? তেওঁ ক’ৰ ৰজা আছিল?
উঃ মাধৱ কন্দলী বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপােষকতা লাভ কৰিছিল। তেওঁ অসমৰ পূৱ-মধ্য অঞ্চলৰ কোনাে অঞ্চলত ৰাজত্ব কৰিছিল।

৪) টোকা লিখা – হনুমন্ত, সুগ্রীব,নীল, অম্ৰাৱতী, কাশ্যপনন্দন, বিশ্বকর্মা
উ:

হনুমন্ত: ৰামায়ণৰ মতে হনুমন্ত বায়ুদেৱতাৰ পুত্র আছিল। তেওঁ অযোধ্যাৰ ৰজা শ্ৰীৰামচন্দ্ৰৰ পৰম ভক্ত আছিল। সীতাক ৰাৱণৰ কবলৰ পৰা উদ্ধাৰ কৰাত তেওঁ ৰামক সহায় কৰিছিল। এওঁ অতি বলী আৰু পৰাক্ৰমী আছিল। ৰামায়ণৰ বর্ণনা মতে তেওঁ সীতাৰ অন্বেষণত একে জাপে সাগৰ পাৰ হৈছিল। সীতাক উদ্ধাৰৰ বাবে ৰাম ৰাৱণৰ মাজত হােৱা যুদ্ধত মেঘনাথৰ হাতত মৃত্যু হােৱা লক্ষ্মণক পুনৰ জীয়াই তুলিবলৈ সঞ্জীৱনী লতাৰ প্রয়ােজন হােৱাত হনুমন্তই গন্ধমাদন পাহাৰখন হাতৰ তলুৱাত দাঙি লৈ আহিছিল।

সুগ্রীবঃ ৰামায়ণৰ মতে বানৰ ৰাজ বালীৰ ভায়েক আছিল। সীতা উদ্ধাৰ কার্যত এওঁ ৰামচন্দ্ৰক সহায় কৰিছিল। বালীৰ লগত হােৱা যুদ্ধত ৰামে সুগ্রীৱক সহায় কৰি বালীক বধ কৰি সুগ্রীৱক কিষ্কিন্ধ্যাৰ ৰজা পাতিছিল।

নীল: সীতা অন্বেষণ আৰু সাগৰত সেঁতু বান্ধোতে ৰামচন্দ্রক সহায় কৰা এজন সেনাপতি।

অম্রাবতী: অম্ৰাৱতী দেৱৰাজ ইন্দ্ৰৰ ৰাজধানী। এই নগৰখন দেৱতাসকলৰ খনিকৰ বিশ্বকর্মাই নির্মাণ কৰিছিল।

কাশ্যপ-নন্দনঃ সূর্যদেৱতা কাশ্যপ আৰু অদিতিৰ পুত্র। এওঁ হিন্দু ধৰ্মৰ তেত্রিশ কোটি দেৱতাৰ ভিতৰত অন্যতম দেৱতা। সূর্যদেৱতাৰ দীপ্তিৰে স্বৰ্গ, মর্ত্য আৰু পাতাল দীপ্তমন্ত হৈ আছে।

বিশ্বকর্মা: দেৱতাসকলৰ বিমান আৰু অলংকাৰ নির্মাণ। কৰা দেৱতা হিচাপে জনা যায়। তেওঁক শিল্পীসকলৰ ভিতৰত শ্রেষ্ঠ বুলিও কোৱা হয়।

৫) হনুমন্তৰ লঙ্কাদর্শন’ কাব্যাংশৰ মূল কথাখিনি তােমাৰ নিজৰ কথাৰে লিখা।
উঃ ৰামৰ পত্নী সীতাক লংকাৰ ৰজা ৰাৱণে হৰণ কৰি নিয়াত সীতাৰ অন্বেষণত ৰামৰ পৰম ভক্ত হনুমানে সাগৰ পাৰ হৈ সুবেল বা ত্রিকুটগিৰি শৃঙ্গত আৰােহণ কৰে। লংকা নগৰীৰ কাষৰ বন-বননিত হনুমন্তই বিভিন্ন ধৰণৰ ফল-মূলৰ গছ-গছনি দেখিবলৈ পায়, যেনেঃ খেজুৰ, আঙুৰ, তেতেলী, বগৰী, আম, জাম, আমলখি, মধুৰিআম, নাগেশ্বৰ, নাৰিকল, বেল, কর্দৈ,কমলাটেঙা, সােলং টেঙা, অমৰা ইত্যাদি। ইয়াৰ উপৰিও পাৰিজাত, সেৱতি, মালতি, গুটিমালি আদি ফুল দেখা পাইছিল। তাৰােপৰি হাবিৰ জলাশয়বােৰত এওঁ বহুত পদুম ফুল ফুলি জাতিষ্কাৰ হৈ থকা দেখা পাইছিল। এনেতে সূর্য অস্ত যাবলৈ ওলােৱাত কিছু সময়ৰ বাবে সূর্য দেৱতাক পােহৰ বিলাই থাকিবলৈ প্রর্থনা জনায় যাতে হনুমন্তইদিনৰ পােহৰত লংকানগৰীৰ চাৰিওফালে থকা গড়টো ভালকৈ চাব পাৰে। হনুমন্ত প্রার্থনাত সূর্যদেৱতা সন্তুষ্ট হৈ অস্ত নােযােৱাকৈ কিছু সময় পােহৰ বিলাই থাকিল।

লংকা নগৰীৰ সুৰক্ষা ব্যৱস্থা অতি কটকটীয়া আছিল। সেয়ে হনুমন্তই চিন্তিত হৈ পৰিছিল এই ভাৱি যে অঙ্গদ, সুগ্রীৱ, নীল আৰু হনুমন্তই শতেক যােজন পথ অতিক্ৰম কৰি সাগৰ পাৰ হৈ আহিলেও বান্দৰবােৰে কিদৰে লংকালৈ আহিব আৰু ৰামচন্দ্রই তালৈ আহিয়েই কি কৰিব। কিন্তু পিছ মূহুর্ততে ৰাম- লক্ষ্মণৰ অপাৰ মহিমাৰ কথা মনলৈ অহাত তেওঁৰ চিন্তা প্রশমিত হৈছিল। হনুমন্তই গােটেই দিন লংকা নগৰীৰ কাষত থকা হাবি- বননিৰ সৌন্দর্য উপভােগ কৰি গধূলি সময়ত এটা মেকুৰীৰ ৰূপ ধাৰণ কৰি লংকানগৰীৰ প্ৰাচীৰৰ ওপৰত উঠি লঙ্কানগৰীৰ সৌন্দর্য উপভােগ কৰিবলৈ ধৰিলে। তেওঁ দেখা পালে যে লংকা নগৰখন অতি বিতােপন যেন বিশ্বকর্মাই নিজ হাতেৰে দ্বিতীয়খন অম্ৰাৱতী নির্মাণ কৰিছে। লংকানগৰীৰ চাৰিওফালে সােণৰ গড়, প্ৰাচীৰ আদিৰে আবৰি সুৰক্ষিত কৰা আছে। সােণ, মণি, মানিক আদিয়ে নগৰখনৰ মাজে মাজে জলমলাই থাকি গােটেই নগৰখনলৈ পােহৰ বিলাই আছে। দেৱতা, অসুৰ আদিয়ে পাৰ হ’ব নােৱাৰাকৈ লংকাত শাৰীশাৰীকৈ নানা যন্ত্র স্থাপন কৰা আছে। লংকা নগৰীৰ এনে সুৰক্ষা ব্যৱস্থা দেখি হনুমন্তই বৰ চিন্তিত হৈ পৰিছিল।

৬) লংকা নগৰীৰ কাষৰ বন-বননিত হনুমন্তই কি কি ফল-মূলৰ গছ দেখিবলৈ পাইছিল?
উঃ লংকানগৰীৰ কাষৰ বন বননিত হনুমন্তই বিভিন্ন ধৰণৰ ফল-মূলৰ গছ-গছনি দেখিবলৈ পাইছিল, যেনেঃ খেজুৰ, আঙুৰ, তেতেলী, বগৰী, আম, জাম, আমলখি, মধুৰিআম, নাগেশ্বৰ, নাৰিকল, বেল, কর্দৈ, কমলাটেঙা, সােলং টেঙা, অমৰা ইত্যাদি। ইয়াৰ উপৰিও পাৰিজাত, সেৱতি, মালতি, গুটিমালি, আদি ফুল দেখা পাইছিল। তাৰােপৰি হাবিৰ জলাশয়বােৰত এওঁ বহুত পদুম ফুল ফুলি থকা দেখা পাইছিল।

হনুমন্তই গােটেই দিন লংকা নগৰীৰ কাষত থকা হাবি- বননিৰ সৌন্দর্য উপভােগ কৰি গধূলি সময়ত এটা মেকুৰীৰ ৰূপ ধাৰণ কৰি লংকানগৰীৰ প্ৰাচীৰৰ ওপৰত উঠি লঙ্কানগৰীৰ সৌন্দর্য উপভােগ কৰিবলৈ ধৰিলে। তেওঁ দেখা পালে যে লংকা নগৰখন অতি বিতােপন যেন বিশ্বকর্মাই নিজ হাতেৰে দ্বিতীয়খন অম্ৰাৱতী নির্মাণ কৰিছে। লংকানগৰীৰ চাৰিওফালে সােণৰ গড়, প্রাচীৰ আদিৰে আবৰি সুৰক্ষিত আছে। সােণ, মণি, মানিক আদিয়ে নগৰখনৰ মাজে মাজে জলমলাই থাকি গােটেই নগৰখনলৈ পােহবিলাই আছে। দেৱতা, অসুৰ আদিয়ে পাৰ হব নােৱাৰাকৈ লংকাত শাৰী শাৰীকৈ নানা যন্ত্র স্থাপন কৰা আছে। লংকা নগৰীৰ এনে সুৰক্ষা ব্যৱস্থা দেখি হনুমন্তই বৰ চিন্তিত হৈ পৰিছিল।

৭) হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল? তেওঁ সেইৰূপ ধৰাৰ কাৰণ কি আছিল?
উঃ হনুমন্তই এটা মেকুৰীৰ ৰূপ ধাৰণ কৰি লঙ্কা নগৰীত প্রৱেশ কৰিছিল। ত্রিকুট গিৰি শৃঙ্গত থিয় হৈ হনুমন্তই লঙ্কা নগৰীৰ সুৰক্ষা ব্যৱস্থা বৰ শক্তিশালী দেখিবলৈ পাইছিল। তেওঁ ভাৱিছিল যে যদিহে তেওঁ নিজ ৰূপত লঙ্কা নগৰীত প্ৰৱেশ কৰে তেন্তে ৰখীয়াবােৰে তেওঁক ধৰি শিকলি লগাই ঘৰে ঘৰে ঘূৰাই ফুৰাব। সেয়ে তেওঁ মেকুৰী ৰূপ ধাৰণ কৰি লঙ্কা নগৰীত প্ৰৱেশ কৰিব লগা হৈছিল।

৮) হনুমন্তই গধূলি সময়ত দেখা লংকানগৰীৰ এটি বর্ণনা দিয়া।
উঃ হনুমন্তই গােটেই দিন লংকা নগৰীৰ কাষত থকা হাবি বননিৰ সৌন্দর্য উপভােগ কৰি গধূলি সময়ত এটা মেকুৰীৰ ৰূপ ধাৰণ কৰি লংকা নগৰীৰ প্ৰাচীৰৰ ওপৰত উঠি লঙ্কা নগৰীৰ সৌন্দর্য উপভােগ কৰিবলৈ ধৰিলে। তেওঁ দেখা পালে যে লংকা নগৰখন অতি বিতােপন যেন বিশ্বকর্মাই নিজ হাতেৰে দ্বিতীয়খন অম্ৰাৱতী নির্মাণ কৰিছে। লংকা নগৰীৰ চাৰিওফালে সােণৰ গড়, প্রাচীৰ আদিৰে সুৰক্ষিত কৰা আছে। সােণ, মণি, মানিক আদিয়ে নগৰখনৰ মাজে মাজে জলমলাই থাকি গােটেই নগৰখনলৈ পােহৰ বিলাই আছে। দেৱতা, অসুৰ আদিয়ে পাৰ হব নােৱাৰাকৈ লংকাত শাৰী শাৰীকৈ নানা যন্ত্র স্থাপন কৰা আছে। লঙ্কানগৰীৰ এনে সুৰক্ষা ব্যৱস্থা দেখি হনুমন্তই চিন্তিত হৈপৰিছিল।

৯) সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনেধৰণৰ চিন্তা আহিছিল?
উঃ লংকা নগৰীৰ সুৰক্ষা ব্যৱস্থা অতি কটকটীয়া আছিল । সেয়ে হনুমন্তই চিন্তিত হৈছিল এই ভাৱি যে অঙ্গদ, সুগ্রীৱ, নীল আৰু হনুমন্তই শতেক যােজন পথ অতিক্রম কৰি সাগৰ পাৰ হৈ আহিলেও বান্দৰবােৰে কিদৰে লংকালৈ আহিব আৰু ৰামচন্দ্রই তালৈ আহিয়েই কি কৰিব। কিন্তু পিছ মূহুর্ততে ৰাম লক্ষ্মণৰ অপাৰ মহিমাৰ কথা মনলৈ অহাত তেওঁৰ চিন্তা প্রশমিত হৈছিল।

১০) সুবেল শৃংগত বহি হনুমন্তই কি ভাবিছিল?
উঃ সীতাৰ অন্বেষণত যােৱা হনুমন্তই বিশাল সাগৰ পাৰ হৈ সুবেল বা ত্রিকুটগিৰি শৃঙ্গত অৱতৰণ কৰে। সুবেল শৃঙ্গত বহি হনুমন্তই অতি গর্ব অনুভৱ কৰে। তেওঁ ভাবিবলৈ ধৰিলে যে শতেক যােজনৰ পথ অতিক্রমি সাগৰ পাৰ হৈ অহা তেওঁৰ বাবে কোনাে গৰ্বৰ কথা নহয়। কাৰণ কোটি যােজন পাৰ হৈ যাবলৈ হনুমন্তৰ সাহস আছে।

ভাষা বিষয়ক প্ৰশ্ন উত্তৰ

১১) তলৰ শব্দবােৰৰ আধুনিক ৰূপলিখাঃ কণ্টকি, ছাতিয়াল,তহিতে, দেখিলন্ত।
উঃ

শব্দআধুনিক ৰূপ
ছাতিয়াল ছতিয়না গছ।
তুহিতেতাত
দেখিলন্ত দেখিলে।
কণ্টকি কাইটীয়া গছ।

১৬। সমার্থক শব্দ লিখাঃ গগন, বিৰাল, গড়, সমুদ্র, পৱন।
উঃ

শব্দসমার্থক শব্দ
গগনআকাশ।
বিৰালমেকুৰী
গড়প্রাচীৰ।
সমুদ্রসাগৰ।
পৱনবতাহ।

শেষ বাক্য

ইয়াত আমি এতিয়ালৈকে Class 9 Assamese Chapter 13 Question Answer আলোচনা কৰিলোঁ। আপুনি যদি Class 9 Assamese Medium ৰ এজন শিক্ষাৰ্থী তেন্তে এই লিখনিয়ে আপোনাক পৰীক্ষাৰ বাবে বহুত সহায় কৰিব।

আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাত কিবা অসুবিধা থাকিলে অনুগ্ৰহ কৰি আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰে, আমি আপোনাৰ যিকোনো প্ৰশ্নৰ উত্তৰ যথা সময়ত দিবলৈ প্ৰয়াস কৰিম।

Leave a Comment