Class 12 Assamese Chapter 8 Question Answer | বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো

আপুনি যদি Class 12 ৰ শিক্ষাৰ্থী বা শিক্ষক তেন্তে আজিৰ এই লিখনি আপোনাৰ বাবে। আজিৰ আলোচনাত আমি Class 12 Assamese Chapter 8 Question Answer তথা “বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো” নামৰ অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ প্ৰয়াস কৰিছো।

আমি ইয়াত বিভিন্ন লিখকে লিখি উলিওৱা সহায়িকা পঢ়াৰ ওপৰিও বিভিন্ন শিক্ষক শিক্ষয়ত্ৰীৰ লগত আলোচনা কৰি Class 12 Assamese Chapter 8 Question Answer লিখি উলিয়াইছোঁ। আশা কৰোঁ আপোনালোকে এই Class 12 Assamese Chapter 8 Question Answer পঢ়িলে আগন্তুক HS Final Exam 2024 ৰ বাবে বহুত সহায় হব।

Class 12 Assamese Chapter 8 Question Answer

Class 12 Assamese Chapter 8 Question Answer 2024-25

আমি ইয়াত Class 12 Assamese Chapter 8 ত উল্লেখ কৰা অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ, কিছু বাখ্যা লগতে ব্যাকৰণ সমন্ধীয় কিছু প্ৰশ্ন উত্তৰ আৰু আপোনালোকৰ বাবে পৰীক্ষাত অহা কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ যোগান ধৰাৰ প্ৰয়াস কৰিছো। তেন্তে আহক আমি আজি Class 12 Assamese Chapter 8 Question Answer পঢ়ি নিজকে পৰীক্ষাৰ বাবে প্ৰস্তুত কৰি লওঁ।

আৰ্হি প্ৰশ্ন উত্তৰ

(ক) অতি চমু প্রশ্ন উত্তৰ (মূল্যাংক-১)

১।বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’প্ৰবন্ধটো লেখকৰ কোনখন গ্ৰন্থৰপৰা লােৱা হৈছে?
উত্তৰঃ বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা নামৰ গ্ৰন্থৰ পৰা লােৱা হৈছে।

২। বসন্ত ৰােগ হােৱাৰ বিজ্ঞানসন্মত কাৰণ কি?
উত্তরঃ একোবিধ ক্ষুদ্ৰ ভাইৰাছ বা বীজাণুয়ে বসন্ত ৰােগ হােৱাৰ বিজ্ঞানসন্মত কাৰণ।

৩। আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদঘাটনৰ ব্যৱস্থাটোক কি বুলি কোৱা হয়?
উত্তৰঃ বিজ্ঞান বুলি কোৱা হয়।

8। যাদু-মন্ত্র বা তাবিজ-বিভূতিৰে ৰােগ নিৰাময় কৰিব পাৰিনে?
উত্তৰ: নােৱাৰি।।

৫। ড° দীনেশ চন্দ্র গােস্বামীয়ে সম্পদান কৰা এখন বিজ্ঞান বিষয়ক আলােচনীৰ নাম লিখা।
উত্তৰ :’দৃষ্টি’।

চমু প্রশ্ন উত্তৰ (মূল্যাংক-২/৩)

১। সপােনত পােৱা ঔষধ’ ৰােগীয়ে কিয় ব্যৱহাৰ কৰা অনুচিত?
উত্তৰ :’সপােনত পােৱা ঔষধ’ৰ কোনাে বিজ্ঞানসন্মত ভিত্তি নাই বাবে ইয়াক ৰোগীয়ে ব্যৱহাৰ কৰা অনুচিত। সপােন মানুহৰ অৰ্দ্ধচেতন মনত সম্পাদন হােৱা এক প্রক্রিয়া তথা কাৰ্য। এই অৰ্দ্ধচেতন মনৰ কোনাে বাস্তৱিকতা আৰু সত্যতা নাই।

কিছুমান মানুহে হঠাৎ ৰাতি সপােনত কোনাে শক্তিৰ পৰা মানুহৰ ৰােগ নিৰাময়ৰ দৰব বা যন্ত্র লাভ কৰা বুলি দাবী কৰে। আন দুই-এজন মানুহে হঠাৎ কোনাে অদ্ভুত শক্তিৰ অধিকাৰী হৈ পৰা বুলি ভূত- ভৱিষ্যতৰ কথা ক’ব পৰা, আনকি ভৱিষ্যৎ নির্ণয় কৰি দিব পৰা হােৱা বুলি আৰু প্রায় সকলো ৰোগ নিৰাময় কৰিব পৰা হােৱা বুলি দাবী কৰে। এনে দাবীৰ কোনাে ভিত্তি নাই আৰু সময়ত এইবােৰ মিছা বুলিও প্রমাণিত হয়। কিন্তু, অন্ধবিশ্বাসী এচাম মানুহৰ পৃষ্টপােষকতাতে এইবােৰ ঘটনা ঘটি থাকে। এইবােৰ ঘটনাই ব্যক্তি আৰু সমাজৰ পূৰণ কৰিব নােৱাৰা অনিষ্ট কৰে। উক্ত কাৰণে দেশ তথা সমাজৰ উন্নতি -প্রগতিৰ বাধাস্বৰূপ।

২। বাহ্যিক জীৱনৰ বাবে প্ৰয়ােজনীয় বস্তুবােৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান কি?
উত্তরঃ বাহ্যিক জীৱনৰ বাবে প্রয়ােজনীয় বস্তুবােৰতকৈ বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনােভাৱ আৰু বৈজ্ঞানিক পদ্ধতি।

৩। মুকলি মন মানে কি?
উত্তৰঃ আঁকোৰ-গােজ হৈ অযুক্তিকৰ পুৰণি কথাবােৰত লাগি নাথাকি বিজ্ঞান সন্মত নতুন কথা, নতুন সিদ্ধান্ত গ্রহণ কৰিব পৰাটোৱেই মুকলি মন।

8। ভূত-প্রেত, দেৱতা-অপদেৱতা আদিৰ বাস্তৱ ভিত্তি আছে নে?
উত্তৰঃ বিজ্ঞানসন্মতভাৱে ক’বলৈ গ’লে ভূত-প্রেত, দেৱতা – অপদেৱতা আদিৰ বাস্তৱ ভিত্তি নাই। প্রাচীন কালত মানুহে বহুতাে কথা বা ঘটনাৰ কাৰ্যকৰণ সম্পর্কে জনা নাছিল, তেওঁলােকে সেইবােৰ কোনাে ভূত-প্রেত, দেৱতা-অপদেৱতা আদি অদৃশ্য শক্তিৰ কাণ্ড বুলি বিশ্বাস কৰিছিল। বসন্ত আদি ৰােগ শীতলা আদি অপেশ্বৰীৰ ৰােষত হােৱা বুলি বিশ্বাস কৰিছিল। আধুনিক চিকিৎসা বিজ্ঞানীয়ে প্ৰমাণ কৰি দেখুৱালে যে ভূত-প্রেত, দেৱতা-অপদেৱতা বুলি কোনাে শক্তি নাই। বসন্ত ৰােগ এবিধ ক্ষুদ্ৰ ভাইৰাছৰ দ্বাৰাহে সৃষ্টি হয়।

সেইদৰে মানুহৰ দৈনন্দিন জীৱনৰ লগত জড়িত বহুতাে ৰীতি-নীতি, পৰম্পৰাগত অন্ধবিশ্বাস জড়িত হৈ আছে। এইবােৰে প্ৰায়ে সমস্যাৰ সৃষ্টি কৰে। ভূত-প্রেত, দেৱতা-অপদেৱতা বিশ্বাস কৰা নিষ্ঠুৰ মানুহ কিছুমানে সম্প্রতি ‘ডাইনী’ বুলি সন্দেহ কৰি দৰিদ্র, নিঠৰুৱা, তিৰােতা কেতবােৰক অতি নিষ্ঠুৰভাৱে হত্যা কৰি আছে। এনেধৰণৰ সমস্যাই সামাজিক ব্যাধি ৰূপে মুৰ দাঙি দেশৰ উন্নতি তথা প্রগতিত বাধাৰ সৃষ্টি কৰি আহিছে।

৫। আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল?
উত্তরঃ আদিম মানুহে শিলত শিল দলিয়াই জুইৰ আৱিষ্কাৰ কৰিছিল?

দীঘল প্রশ্ন উত্তৰ (মূল্যাংক-৪/৫)

১। ‘আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদঘাটনৰ ব্যৱস্থাটোৱেই হ’ল বিজ্ঞান’-কথাষাৰ বুজাই লিখা।
উত্তৰ: বিশ্বব্রহ্মাণ্ডত নানা তৰহৰ বস্তু আৰু জীৱ-জন্তু বাস কৰে। এই বিশ্ব ব্রহ্মাণ্ডখননাে কি, ইয়াৰ স্থিতি, গতি, অস্তিত্ব, অৱয়ৰ আদি মানুহে জ্ঞান-বুদ্ধিৰে বিছাৰ-বিশ্লেষণ কৰি, বুজি চাই তাৰ ৰহস্য আৰু আচল তত্ব বিচাৰি উলিওৱা প্ৰথাটোকেই বিজ্ঞান বােলা হয়। বিজ্ঞানত আমি দেখা বস্তু আৰু ঘটনাবােৰৰ একোটা সু-সংবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয়। কিন্তু এই ব্যাখ্যাবােৰ পৰীক্ষা কৰি চাব পৰা বিধৰ হ’ব লাগিব। এইদৰে পর্যবেক্ষন কৰা, জোখ-মাপ লােৱা, সত্য অনুসন্ধান কৰা, বস্তু বা ঘটনাটোৰ ধৰ্ম বা চৰিত্ৰ ফঁহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা এইবােৰ হ’ল বিজ্ঞানীৰ কাম।

২। বৈজ্ঞানিক মানসিকতা মানে কি? বুজাই লিখা।
উত্তৰ :বিজ্ঞানসম্মত চিন্তা-চৰ্চাৰে কোনাে বস্তু বা ঘটনা বিচাৰ -বিশ্লেষণ কৰিব পৰা মানসিক শক্তিয়ে হ’ল বৈজ্ঞানিক মানসিকতা। বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ’বলৈ কোনাে এজন মানুহ বিজ্ঞানৰ উচ্চ ডিগ্ৰীধাৰী হােৱাৰ প্ৰয়ােজন নাই। আনহাতে, বিজ্ঞানৰ উচ্চ ডিগ্রীধাৰী হলেও কোনাে লােকৰ বৈজ্ঞানিক মানসিকতা নাথাকিব পাৰে। অথাৎ তেওঁ পৰম্পৰবাদী আৰু অন্ধবিশ্বাসী হ’ব পাৰে। সমাজৰ নিৰক্ষৰ হােজালােক এজনাে বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ’ব পাৰে। বৈজ্ঞানিক মানসিকতা বিষয়টি মন-মগজু আৰু ব্যক্তিবিশেষৰ চিন্তা – চৰ্চা চেতনাৰ লগত জড়িত।

৩। বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা যােগায়?
উত্তৰঃ বৈজ্ঞানিক মানসিকতা গঢ়িবলৈ এটা মুকলি মনৰ প্ৰয়ােজন। আঁকোৰ গােজ হৈ অযুক্তিকৰ পুৰণি কথাবােৰত লাগি নাথাকি বিজ্ঞানসন্মত নতুন কথা, নতুন সিদ্ধান্ত গ্রহণ কৰিব পৰাজনেহে সমাজৰ প্ৰগতিত অৰিহণা যােগাব পাৰে। প্রাচীন কালত ভূত-প্রেত, দেৱতা-অপদেৱতা আদি অদৃশ্য শক্তিৰ কাণ্ড বুলি বিশ্বাস কৰিছিল। বসন্ত আদি ৰােগ শীতলা আদি অপেস্বৰী ৰোষত হােৱা বুলি বিশ্বাস কৰিছিল। কিন্তু আধুনিক চিকিৎসাবিজ্ঞানীয়ে প্ৰমাণ কৰি দেখুৱালে যে ভূত-প্রেত, দেৱতা-অপদেৱতা বুলি কোনাে শক্তি নাই। বসন্ত ৰােগ এবিধ ক্ষুদ্ৰ ভাইৰাছৰ দ্বাৰাহে সৃষ্টি হয়। বিজ্ঞানৰ আৱিষ্কাৰসমূহ যেনে— বেমাৰ-আজাৰৰ কাৰণ আৰু চিকিৎসা পদ্ধতি গ্রহণ নকৰি পুৰণি বেজ-মন্ত্র, জৰা- ফুকাকে ধৰি থাকিলে সমাজৰ প্রগতি নহয়। গতিকে আমি যদি উন্নত সমাজ তথা দেশ কামনা কৰোঁ, তেন্তে আমাৰ মন-মস্তিষ্কত বৈজ্ঞানিক চেতনা বা মানসিকতা গঢ় ল’ব লাগিব।

৪। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা–‘ বিজ্ঞানৰ গােটেই পদ্ধতিটোতে একি মুকলি মনটোৰ গুৰুত্ব বেছি?
উত্তৰঃ উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সুবাসৰ অন্তৰ্গত ড°দীনেশ চন্দ্র গোস্বামীদেৱৰ ৰচিত ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ পাঠটিৰ পৰা তুলি দিয়া হৈছে। বৈজ্ঞানিক মানসিকতাৰ বাবে যে এটা মুকলি মনৰ প্ৰয়ােজন তাকেই উল্লেখ কৰা হৈছে। বিশ্বাস-অবিশ্বাস, পুৰণি চিন্তা ধাৰাক ভুলে-শুদ্ধই আঁকোৰগােজ ভাৱে খামুচি ধৰি থকা মনে বিজ্ঞানক কেতিয়াও আঁকোৱালি ল’ব নােৱাৰে।

বিজ্ঞানীসকলে লক্ষ্য বা পর্যবেক্ষণ কৰে, তাৰ পিছত তথ্যবােৰ সুন্দৰকৈ সজাই লৈ এইটো এনে বস্তু বা এইটো এনে পৰিঘটনা হ’ব লাগে বুলি এটা উপকল্প, এটা ধাৰণা কৰি লয়। তাৰ পাছত নতুন তথ্য, নতুন পর্যবেক্ষণেৰ তেঁওলােকে আগৰ উপকল্প বা ধাৰণাটো সঁচা নে মিছা জানিব খােজে। যদি দেখা যায় যে নতুনকৈ পােৱা তথ্যবােৰে আগৰ সিদ্ধান্তটো মানি নচলে, তেনেহ’লে তেওঁলােকে কোনো দ্বিধা নােহােৱাকৈ আগৰ সিদ্ধান্তটো এৰি পেলায়। বিজ্ঞানীসকলে সদায় যুক্তি যুক্তভাৱে নতুনক আঁকোৱালিলবৰ বাবে প্রস্তুত থাকে। সেইবাবেই বিজ্ঞানৰ পদ্ধতিটা মুকলি নৰ গুৰুত্ব বেছি বুলি কোৱা হৈছে।

৫। বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বৰ্তি থকা তিনিটা অন্ধবিশ্বাসৰ বিষয়ে উল্লেখ কৰা।
উত্তৰ: বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বৰ্তি থকা তিনিটা অন্ধবিশ্বাস হল-

আদিম মানুহে বসন্ত ৰােগৰ কাৰণ জানিব পৰা নাছিল বাবে কোনাে দেবীৰ প্ৰভাৱ বুলি ভাবিছিল আৰু মাহ-প্ৰসাদ দি দেৱীক পূজা-সেৱা কৰি সন্তুষ্ট কৰিবলৈ বিচাৰিছিল।

দাঁতত পােকে খােৱা, মাইকী মানুহৰ মাহেকীয়া হােৱা আদি কথাবােৰৰাে যুক্তি প্রমাণসিদ্ধ ব্যাখ্যা বিজ্ঞানে দিছে। মাহেকীয়া হ’ল শৰীৰ দুৰ্বল হৈ থাকে বাৰে কঠিন কামহে কৰিব নালাগে। তাৰ লগত কোনা অণুজীৱ বা জীবানু জড়িত নাথাকে। ই এক স্বাভাবিক প্রক্রিয়াহে। আগতে মানুহে এই স্বাভাৱিক কথাটোৱে নাজানি তেনে তিৰােতাজনীক অস্বাভাৱিক ধৰণৰ ব্যৱহাৰ কৰিছিল।

কিছুমান মানুহে হঠাতে ৰাতি সপােনত কোনাে শক্তিৰ পৰা মানুহৰ ৰােগ নিৰাময়ৰ দৰৱ বা মন্ত্র লাভ কৰা বুলি দাবী কৰে। আন দুই-এজন মানুহে হঠাতে কোনাে অদ্ভুত শক্তিৰ অধিকাৰী হৈ পৰা বুলি, ভূত-ভৱিষ্যতৰ কথা ক’বপৰা, আনকি ভৱিষ্যত নির্ণয় কৰি দিব পৰা হােৱা বুলি আৰু প্রায় সকলাে ৰোগ নিৰাময় কৰিব পৰা বুলি দাবী কৰে। কিন্তু এনে দাবীৰ কোনাে ভিত্তি নাই আৰু সময়ত এইবােৰ মিছ বুলিও প্রমাণিত হয়।

Download PDF Notes

তলত দিয়া লিংকৰ জৰিয়তে আপুনি Class 12 Assamese Chapter 8 Question Answer PDF ডাউনলোড কৰিব পাৰিব।

Class 12 Assamese Chapter 8 Question Answer PDF

Watch Video Class

পাঠটোৰ পৰা ২০১৫ বৰ্ষত অহা প্ৰশ্নসমূহ

1) বৈজ্ঞানিক মানসিকতা মানে কি? বুজাই লিখা। (19, 18, 15) নাইবা আমি বৈজ্ঞানিক মানসিকতা কেনেকৈ গঢ়িব পাৰে? (17)
উঃ বিজ্ঞানসম্মত চিন্তা-চৰ্চাৰে কোনাে বস্তু বা ঘটনা বিচাৰ-বিশ্লেষণ কৰিব পৰা মানসিক শক্তিয়ে হ’ল বৈজ্ঞানিক মানসিকতা। বিজ্ঞানৰ সত্যতা প্রমাণ হলে সিদ্ধান্তত উপনীত হ’ব পাৰে। এনে ধাৰণাকে বৈজ্ঞানিক মানসিকতা বুলি কোৱা হয়। বৈজ্ঞানিক মানসিকতা গঢ়িবলৈ হ’লে আমি সকলাে কথা যুক্তিৰে চাবলৈ শিকিব লাগিব। বােপাককাৰ দিনৰ পৰা চলি অহা অনিষ্টকাৰী আৰু অবৈজ্ঞানিক প্রথাবােৰ ত্যাগ কৰিব লাগিব। কৃষিৰ ক্ষেত্ৰত মাটি পৰীক্ষা কৰি, নতুন, উন্নত বীজ দি বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিব লাগিব। বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ’বলৈ হ’লে মন মুকলি হ’ব লাগে। কোনাে এজন মানুহ বিজ্ঞানৰ উচ্চ ডিগ্রীধাৰী হােৱাৰ প্ৰয়ােজন নাই। এনেদৰে মানুহে বৈজ্ঞানিক মানসিকতা গঢ়ি তুলিব পাৰে।

2) বিজ্ঞান বুলিলে কাক বুজায়?
উ : আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হ’ল বিজ্ঞান। বিজ্ঞানত আমি দেখা বস্তু আৰু ঘটনাবােৰৰ একোটা সুসংবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয়।

পাঠটোৰ পৰা ২০১৬ বৰ্ষত অহা প্ৰশ্নসমূহ

1) বিশুদ্ধ খােৱা পানীৰ অভাৱত মুলত কেনে ধৰণৰ ৰােগ হ’ব পাৰে। (16,14)
উ: বিশুদ্ধ খােৱা পানীৰ অভাৱত বা অস্বাস্থ্যকৰ পৰিৱেশত মূলতঃ ডায়েৰিয়া, মেলেৰিয়া, জণ্ডিছ আদি নানা ৰােগ হ’ব পাৰে।

2) বসন্ত ৰােগ হােৱাৰ বিজ্ঞানসন্মত কাৰণ কি? (16, 18)
উঃ বসন্ত ৰােগ হােৱাৰ বিজ্ঞানসম্মত কাৰণ হ’ল- এবিধ ক্ষুদ্ৰ ভাইৰাছ বা অণুজীৱ।।

পাঠটোৰ পৰা ২০১৭ বৰ্ষত অহা প্ৰশ্নসমূহ

3) বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ শীর্ষক পাঠটি ক’ৰপৰা সংগ্ৰহ কৰা হৈছে।(17)
উঃ “বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা’ নামৰ গ্ৰন্থৰ পৰা সংগ্রহ কৰা হৈছে।

4) বিজ্ঞানীৰ কাম কি?
উঃ পর্যবেক্ষণ কৰা, জোখ-মাখ লােৱা, সত্য অনুসন্ধান কৰা, বস্তু বা ঘটনাটোৰ ধৰ্ম বা চৰিত্ৰ ফঁহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা এইবােৰ হ’ল বিজ্ঞানীৰ কাম।

5) সপােনত দেখা ঘটনাৰােৰ আৰু ইয়াৰ ফলাফল দাবীৰ ভিত্তি আছেনে? (14) নাইবা সপােনত পােৱা ঔষধ ৰােগীয়ে কিছু ব্যৱহাৰ কৰা অনুচিত?
উঃ কিছুমান মানুহে হঠাতে ৰাতি সপােনত কোনাে শক্তিৰ পৰা মানুহৰ ৰােগ নিৰাময়ৰ দৰব বা মন্ত্র লাভ কৰি ৰােগ নিৰাময় কৰিব পৰা হােৱা বুলি দাবী কৰে। অন্ধবিশ্বাসী এচাম মানুহে এই অপকর্ম কৰি ধন উপার্জন কৰে। এনে দাবীৰ কোনাে ভিত্তি নাই আৰু সময়ত এইবােৰ মিছা বুলিও প্রমাণিত হয়। সেয়েহে সপােনত পােৱা ঔষধ ৰােগীয়ে ব্যৱহাৰ কৰা অনুচিত। কাৰণ বৈজ্ঞানিক ভিত্তি নােহােৱাকৈ কোনাে দৰবে বেমাৰ ভাল কৰিব নােৱাৰে।

পাঠটোৰ পৰা ২০১৮ বৰ্ষত অহা প্ৰশ্নসমূহ

1) পদার্থকণা-ত্বৰক কাক বােলে? (18/20)
উঃ পদাৰ্থৰ ক্ষুদ্রতম কণাসমূহৰ বেগ ক্রমে বঢ়াই দিয়া যন্ত্র বিশেষক পদার্থ কণা-ত্বৰক বােলা হয়।

পাঠটোৰ পৰা ২০১৯ বৰ্ষত অহা প্ৰশ্নসমূহ

1) বসন্ত ৰােগ প্ৰধানকৈ কোনগৰাকী দেৱীৰ ৰােষত হােৱা বুলি মানুহে বিশ্বাস কৰিছিল?
উঃ বসন্ত ৰােগ প্রধানকৈ শীতলা দেৱীৰ ৰােষত হােৱা বুলি মানুহে বিশ্বাস কৰিছিল।

2) প্রসংগ-সংগতি দশাই ব্যাখ্যা কৰা– বিজ্ঞানৰ গােটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি।
উঃ উক্ত কথাফাকি ড° দীনেশ চন্দ্র গােস্বামীয়ে ৰচনা কৰা সাহিত্য সৌৰভৰ অন্তৰ্গত ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰাে’ শীর্ষক প্ৰবন্ধটোৰ পৰা অনা হৈছে। বৈজ্ঞানিক মানসিকতা গঢ়ি তােলাৰ বাবে যে মুকলি মনৰ অধিকাৰী হ’ব লাগে তাকে ক’বলৈ গৈ লিখকে উক্ত কথাষাৰ ব্যক্ত কৰিছে। বিজ্ঞান হ’ল সত্য আৰু যুক্তিৰে প্ৰণালীবদ্ধ, আলােচনা আৰু সিদ্ধান্তত উপনীত হ’ব পৰা ব্যৱস্থা। বসন্ত ৰােগ কোনাে দেৱী বা অপদেৱতাৰ পৰা সৃষ্টি নহয়। এই ৰােগ এবিধ ক্ষুদ্ৰ ভাইৰাছৰ দ্বাৰা সৃষ্টি হয় যে— এই কথা বিজ্ঞানে প্রমাণ কৰিছে।

বিজ্ঞানীৰ গােটেই পদ্ধতিত মুকলি মনটোৰ অৱদান হ’ল— বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনােভাব আৰু বৈজ্ঞানিক পদ্ধতি। বিজ্ঞানৰ গােটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি। আঁকোৰগােজ হৈ পুৰণা কথাটোতে লাগি নাথাকি নতুন কথা, নতুন সিদ্ধান্ত গ্রহণ কৰিব পৰা মনটোৱে ব্যক্তি আৰু সমাজকো উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়। বৈজ্ঞানিক মানসিকতা আঁকোৱালি ল’বলৈ মুকলি মনৰ প্রয়ােজন। বােপাককাৰ দিনৰ চিন্তাধাৰা, অন্ধবিশ্বাসক ধৰি থাকিলে কোনেও বৈজ্ঞানিক মানসিকতা গঢ়িব নােৱাৰে। বিজ্ঞানীসকল এনে মুক্ত মনৰ অধিকাৰী।

বিজ্ঞানীসকলে পুৰণা পদ্ধতিত আৰ্কোৰণােজ হৈ নাথাকি মুকলি মনেৰে নতুন পদ্ধতিৰে সিদ্ধান্ত লৈ সমাজক আগুৱাই নিয়ে। তেওঁলােকে সকলাে পূর্ব বিশ্বাসৰ পৰা মুক্ত মনলৈ কোনাে ঘটনা পর্যবেক্ষণ কৰি তথ্যবােৰ সুন্দৰকৈ সজায়। পিছত তেনে ঘটনাৰ ওপৰত তথ্য সংগ্রহ কৰি সঁচা-মিছা প্রমাণ কৰি এটা শুদ্ধ সিদ্ধান্তত উপনীত হয়। বৈজ্ঞানিকসকল নতুন আৰু সঁচাটোক আঁকোৱালি ল’বলৈ সদায় প্রস্তুত থাকে।

পাঠটোৰ পৰা ২০২০ বৰ্ষত অহা প্ৰশ্নসমূহ

1) উপকল্প শব্দটিৰ অর্থ কি?
উঃ উপকল্প শব্দটিৰ অৰ্থ হৈছে– উপ-বিধি।

2) আমাৰ বিশ্বব্রহ্মাণ্ডখনৰ ৰহস্য ব্যৱস্থাটো হ’ল বিজ্ঞান- কথাষাৰ বুজাই লিখা।
উঃ ৰহস্যৰে ভৰপূৰ বিশ্ব ব্রহ্মাণ্ডৰ ৰহস্য উদ্ঘাটন কৰা আৰু সেইবােৰ পৰীক্ষা-নিৰীক্ষা কৰি এটা সত্য সিদ্ধান্তত উপনীত হ’ব পৰাটোৱে হল বিজ্ঞান। বিজ্ঞানে সদায় ঘটনাৰ আৰত থকা ৰহস্য পর্যবেক্ষণ তথা পৰীক্ষা কৰি সত্যত উপনীত হােৱাৰ বাবে আজি খাদ্য, বস্ত্ৰ আৰু বাসস্থানকে ধৰি বহুতাে সমস্যাৰ সমাধান হৈছে।

3) উপকল্প শব্দটির অর্থ কি?
উঃ উপকল্প শব্দটিৰ অৰ্থ হৈছে– উপ-বিধি।

4) আমাৰ বিশ্বব্রহ্মাণ্ডখনৰ ৰহস্য ব্যৱস্থাটো হ’ল বিজ্ঞান— কথাষাৰ বুজাই লিখা।
উঃ ৰহস্যৰে ভৰপূৰ বিশ্ব ব্রহ্মাণ্ডৰ ৰহস্য উদঘাটন কৰা আৰু সেইবােৰ পৰীক্ষা-নিৰীক্ষা কৰি এটা সত্য সিদ্ধান্তত উপনীত হ’ব পৰাটোৱে হ’ল বিজ্ঞান। বিজ্ঞানে সদায় ঘটনাৰ আৰত থকা ৰহস্য পর্যবেক্ষণ তথা পৰীক্ষা কৰি সত্যত উপনীত হােৱাৰ বাবে আজি খাদ্য, বস্ত্ৰ আৰু বাসস্থানকে ধৰি বহুতাে সমস্যাৰ সমাধান হৈছে। বিজ্ঞানৰ বলত আজিৰ মানুহেবসন্ত যে ভাইৰাছজনিত ৰােগ তাক ধৰিব পাৰিছে। জুইৰ আৱিষ্কাৰৰ ৰহস্যৰ মূলতে হ’ল বিজ্ঞান। আদিম মানুহৰ কোনােবা এজনে হয়তাে এদিন শিলৰ ওপৰতে শিল দলিয়াই থাকোতে জুইৰ ব্যৱহাৰ কৰিবলৈ শিকিলে এইজুইৰ সহায়তনানা কার্য সম্পন্ন হ’ল।ঠিক তেনেদৰে এদিন পর্যবেক্ষণ কৰি ৰহস্য উদঘাটন হ’ল আকাশত চৰায়ে কিয় উৰিব পাৰে। এইদৰে মানুহৰ চিন্তাধাৰা বৃদ্ধি হৈ দাঁতৰ পােকবােৰ প্ৰকৃততে অণুজীৱ বুলি গম পােৱা হ’ল।

শেষ বাক্য

হয়, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিলোঁ Class 12 Assamese Chapter 8 Question Answer তথা দ্বাদশ শ্ৰেণীৰ অসমীয়া বিষয়ৰ “বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো” প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত কিছু প্ৰশ্ন উত্তৰ। ইয়াৰ ওপৰিও আপোনালোকৰ বাবে Class 12 Assamese Chapter 8 Question Answer PDF দিয়াৰও ব্যৱস্থা কৰিছো।

যদি আপোনাৰ এই Class 12 Assamese Chapter 8 Question Answer ৰ জৰিয়তে কিবা লাভ অনুভৱ কৰিছে হৈছে তেন্তে আপুনি Facebook বা Whatsapp ৰ জৰিয়তে আপোনাৰ বন্ধু বান্ধবীলৈ Share কৰিবলৈ নাপাহৰিব।

ইয়াৰ উপৰিও যদি আপোনাৰ কিবা জানিব লগা আছে তেন্তে Comment Section ত জনাব। আপোনাৰ যিকোনো প্ৰশ্ন উত্তৰ আমি সময়মতে দিবলৈ প্ৰয়াস কৰিম।

Leave a Comment