Class 12 Assamese Chapter 2 Question Answer | মগনিয়াৰ প্ৰশ্ন উত্তৰ

Class 12 Assamese Chapter 2 Question Answer তথা যতীন্দ্ৰ নাথ দুৱৰাৰ দ্বাৰা ৰচিত দ্বাদশ শ্ৰেণীৰ অসমীয়া বিষয়ৰ দ্বিতীয় অধ্যায় সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আজি আমি Assamese Question Answer ৱেবচাইটত আলোচনা কৰাৰ ওপৰিও Class 12 Assamese Chapter 2 Question Answer ৰ পৰা HS Final Exam 2015 – HS Final Exam 2020 ত সুধা প্ৰতিটো প্ৰশ্নৰ উত্তৰ ইয়াত উল্লেখ কৰা হৈছে।

আজিৰ আলোচনাত আমি Class 12 Assamese Chapter 1 Question Answer ৰ দৰেই Class 12 Assamese Chapter 2 Question Answer ৰ অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বহলাই লিখা, ব্যাখ্যা কৰা আদিৰ ওপৰিও কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ প্ৰয়াস কৰিছো। যদি আপুনি Class 12 Assamese Medium ৰ শিক্ষাৰ্থী তেন্তে এই লিখনিয়ে আপোনাক আগন্তুক HS Final Exam 2024 ত বহুখিনি সহায় কৰিব।

Watch Video Classes

Class 12 Assamese Chapter 2 Question Answer আলোচনাত আপুনি যদি কিবা বুজিব লগা থাকে তেন্তে অনুগ্ৰহ কৰি Comment Section ত জনাব নেপাহৰিব। আপুনি ইচ্ছা কৰিলে Video Class সমূহ চাবলৈ YouTube Channel “Nitid Academy” আপুনি Subscribe কৰিব পাৰে।

Class 12 Assamese Chapter 2 Question Answer

Class 12 Assamese Chapter 2 Question Answer for HS Final Exam 2024

ইয়াত আমি প্ৰথমতে পাঠ্যক্ৰমৰ অন্তৰ্গত প্ৰশ্ন উত্তৰ সমূহ আলোচনা কৰিবলৈ প্ৰয়াস কৰিছো আৰু ইয়াৰ লগতে আমি কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰও যোগান ধৰাৰ প্ৰয়াস কৰিছো। ইয়াৰ লগতে 2015 -2020 HS Final Exam ত অহা প্ৰশ্ন উত্তৰ আমি আপোনাৰ বাবে ইয়াত সন্নিবিষ্ট কৰিছো। তেন্তে আহক, আমি আজি Class 12 Assamese Chapter 2 Question Answer সমূহ আলোচনা কৰোঁ।

আৰ্হি প্ৰশ্ন উত্তৰ

অতি চমু প্ৰশ্নঃ (মূল্যাংক-১)

১। অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবি গৰাকী কোন?
উত্তৰঃ অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবি গৰাকী যতীন্দ্ৰনাথ দুৱৰা৷

২। কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল?
উত্তৰঃ কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম ১৮৯২ চনত হৈছিল ৷

৩। যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি জনা যায়?
উত্তৰ: যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি জনা যায় ৷

৪। ‘ওমৰ তীৰ্থ’ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ?
উত্তৰঃ ‘ওমৰ তীৰ্থ’ পুথিখনি ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ ‘ৰুবায়ত’ পুথিৰ ভাৱানুবাদ ৷

৫। যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে “সাহিত্য অকাডেমি বঁটা” লাভ কৰিছিল?
উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাই “বনফুল” কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ৷

চমু প্ৰশ্নঃ (মূল্যাংক-২/৩)

১। কথা-কবিতা বুলিলে কি বুজা? কথা-কবিতাৰ দুটা বৈশিষ্ট্য লিখা ৷
উত্তৰঃ কবিত্বময়ী কথা লিখাৰ ভংগীৰে লিখা একশ্ৰেণীৰ কবিতাকে কথা-কবিতা বুলি কোৱা হয় ৷
কথা-কবিতাৰ দুটা বৈশিষ্ট্য হ’ল-

  • i) কথা-কবিতাত ৰূপকৰ সমাৱেশ থাকে ৷
  • ii) কথা-কবিতাত এটাই মাত্ৰ কেন্দ্ৰস্হ ভাৱ থাকে ৷

২। কবিতা আৰু কথা-কবিতাৰ মাজত কি কি পাৰ্থক্য আছে?
উত্তৰঃ পুৰণি কবিতাবোৰত পৰম্পৰাগত ছন্দৰ প্ৰয়োগ কৰা হয়৷ তেনেদৰে আধুনিক কবিতাবোৰতো মুক্তক ছন্দৰ প্ৰয়োভৰ ঘটে৷ এক কথাত কবিতাত ছন্দৰ প্ৰয়োগ অপৰিহাৰ্য ৷ কিন্তু কথা-কবিতা ছন্দৰ বান্ধোনত বন্দী নহয়৷ই মুক্তভাৱে কথা কোৱাৰ ভংগীত ৰচিত কবিত্বময়ী সাহিত্য ৷

৩। ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা ৷
উত্তৰঃ ওমৰ খায়াম একাদশ শতিকাৰ এগৰাকী ইৰাণী কবি, গণিতজ্ঞ, জ্যোতিৰ্বিদ ৷ তেওঁ ৰচনা কৰা এখন পুথি হ’ল ৰুবায়ৎ ৷

৪। মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে?
উত্তৰঃ মগনিয়াৰজনে কবিৰপৰা গভীৰ মানৱতাবোধ আৰু সহানুভূতি দান পোৱাৰ কথা কৈছে৷কবি মগনিয়াৰজনৰ দৰেই নিঃস্ব আছিল৷ কিন্তু তেওঁৰ অন্তৰ দয়া, স্নেহেৰে ভৰপূৰ আছিল৷ মগনিয়াৰজনে কিবা এটা বিচাৰোঁতে কবিয়ে তেওঁৰ হাতদুখন ধৰি সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছিল৷ সেই সহানুভূতিখিনি মগনিয়াৰজনৰ কাৰণে উৎকৃষ্ট দান আছিল ৷

৫। ‘ককাই মোৰ ওপৰত খং নকৰিবা,মোৰ হাতত একোৱেই নাই৷’ – কোনে কি প্ৰসংগত এই উক্তি কৰিছিল?
উত্তৰঃ উক্ত কথাখিনি কবিয়ে মগনিয়াৰজনক কৈছিল৷এদিন কবি বাটৰে গৈ থাকোঁতে এজন মগনিয়াৰক লগ পাইছিল৷ হাড়, ছাল ওলোৱা মগনিয়াৰজনে হাতখন মেলি কবিক কিবা এটা বিচাৰিছিল৷ কিন্তু কবিও মগনিয়াৰজনৰ দৰেই নিঃস্ব আছিল৷ মগনিয়াৰজনক দিবৰ বাবে তেওঁৰ হাতত কোনো পাৰ্থিৱ সম্পদ নাছিল৷ কিন্তু কবিৰ অন্তৰ দয়া, আন্তৰিকতা, স্নেহেৰে ভৰপূৰ আছিল৷ মগনিয়াৰজনৰ হত দুখন ধৰি কবিয়ে সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছিল ৷

দীঘল প্ৰশ্ন (মূল্যাংক – ৪/৫)

১। ‘মগনিয়াৰ’ শীৰ্ষক কথা-কবিতাটিৰ সাৰাংশ লিখা ৷
উত্তৰঃ অসমীয়া সাহিত্যত প্ৰথম কথা-কবিতাৰ জনক যতীন্দ্ৰনাথ দুৱৰাৰ “মগনিয়াৰ” এটা উৎকৃষ্ট কথা-কবিতা৷কবিতাটোত ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভৰ “The Beggar” নামৰ কথা-কবিতাটোৰ সাদৃশ্য আছে৷ কবিতাটোত কবিয়ে এজন সৰ্বহাৰা মগনিয়াৰ ছবি অংকন কৰিছে৷ কবিয়ে মগনিয়াৰজনক বাটত লগ পাইছিল৷ দৰিদ্ৰতাই কোঙা কৰা মগনিয়াৰজনে সহায় বিচাৰি কবিলৈ দুহাত আগবঢ়াই দিছিল৷ কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত কোনো পাৰ্থিৱ বস্তু নাছিল৷ যাৰ বাবে মগনিয়াৰজনৰ হাতত ধৰি কবিয়ে গভীৰ সহানুভূতি ব্যক্ত কৰিলে আৰু তেওঁক খং নকৰিবলৈ অনুৰোধ জনালে৷ কবিৰ আন্তৰিকতা, দয়া আৰু স্নেহ অনুভৱ কৰি মগনিয়াৰজন আৱেগিক হৈ পৰিল৷ মগনিয়াৰজনে কবিৰ এই মানৱীয় অনুভূতিখিনিকি মহান দান বুলি গণ্য কৰিলে আৰু কবিক ধন্যবাদ জ্ঞাপন কৰিলে৷ কবিতাটোৰ মাজেৰে ব্যক্তি হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতাৰ প্ৰকাশ ঘটিছে৷

২। ‘মগনিয়াৰ’ পাঠটিত কথা-কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে?
উত্তৰঃ ‘মগনিয়াৰ’ যতীন্দ্ৰনাথ দুৱৰাৰ এটি উৎকৃষ্ট কথা-কবিতা ৷ সাধাৰণতে কথা-কবিতাবোৰত বহুতো সাধাৰণ বৈশিষ্ট্য লক্ষ্য কৰা যায়৷’মগনিয়াৰ’ কবিতাটোৰ এই লক্ষণসমূহ আলোচনা কৰা হ’ল- কথা-কবিতাবোৰ ৰূপকাত্মক৷’মগনিয়াৰ’ কবিতাটোতো ৰূপকৰ সঠিক প্ৰয়োগ ঘটিছে৷ মগনিয়াৰ ৰূপকৰ জৰিয়তে কবিয়ে সমাজৰ শোষিত আৰু অৱহেলিত লোকসকলৰ মৰ্মবেদনা আৰু সেইসকলৰ প্ৰতি কবিৰ সহানুভূতি প্ৰকাশ পাইছে৷কথা-কবিতাবোৰত এটি মাত্ৰ কেন্দ্ৰস্হ ভাৱ থাকে৷সমাজৰ শোষিত আৰু অৱহেলিত এটা শ্ৰেণীৰ প্ৰতি কবিৰ গভীৰ মানৱতাবোধ কবিতাটোত মৰ্মস্পৰ্শী ৰূপত প্ৰতিফলন হৈছে৷ কথা-কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত৷ ‘মগনিয়াৰ’ কবিতাত মগনিয়াৰজনৰ আৱয়ৱিক বৰ্ণনাত চিত্ৰধৰ্মিতাৰ পয়োভৰ ঘটিছে ৷ কবিতাটো পঢ়ি যাওঁতে চকুৰ সন্মুখত এজন সৰ্বহাৰা মগনিয়াৰ কৰুণ ছবি ভাঁহি উঠে ৷

৩। কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্যকৃৰ্তিৰ এটি চমু পৰিচয় দাঙি ধৰা ৷
উত্তৰঃ অসমীয়া সাহিত্যজগতত ‘বনফুল’ কবিৰূপে খ্যাত যতীন্দ্ৰনাথ দুৱৰাই অসমীয়া কাব্য-সাহিত্যলৈ ভালেমান অৰিহণা আগবঢ়াইছে৷ তেওঁৰ কবিতাপুথিকেইখন হ’ল- ওমৰ তীৰ্থ, আপোন সুৰ আৰু মৰমৰ সুৰ৷ ‘বনফুল’ নামৰ কাব্যপুথিখনৰ বাবে দুৱৰাই সাহিত্য অকাঁডেমি বটাঁ লাভ কৰিছিল৷ এই বটাঁ লাভ কৰা তেওঁৱেই প্ৰথম অসমীয়া৷ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ ৰুৱায়তক প্ৰথম অসমীয়ালৈ ভাঙনি কৰি দুৱৰাই ওমৰ তীৰ্থ পুথিখন ৰচনা কৰে৷ ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভৰ ‘Poems in Prose’ আৰু অলিভ শ্ৰাইনাৰ ৰচনাৰ আলমত দুৱৰাই কথা-কবিতা ৰচনা কৰিছিল৷ অসমীয়া ভাষাত পোনপ্ৰথমে কথা-কবিতা ৰচনা কৰা যতীন্দ্ৰনাথ দুৱৰাৰ কথা-কবিতাৰ পুথিখনৰ নাম হৈছে -‘কথা-কবিতা’৷

৪। ‘মগনিয়াৰ’ পাঠটি ক’ৰপৰা সংগ্ৰহ কৰা হৈছে? পাঠটিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা ৷
উত্তৰঃ ‘মগনিয়াৰ’ পাঠটি যতীন্দ্ৰনাথ দুৱৰাৰ ‘কথা-কবিতা’ নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে৷
কবিতাটোৰ মূল বক্তব্য হৈছে- ব্যক্তি হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতা৷ ইয়াত মগনিয়াৰজনে সমাজৰ দলিত শোষিত শ্ৰেণীটোক প্ৰতিনিধিত্ব কৰিছে ৷ দৈনন্দিন জীৱন ধাৰণৰ মৌলিক প্ৰয়োজনখিনিৰ পৰাও তেওঁলোক বঞ্চিত৷মগনিয়াৰজনক দেখা পাই কবিৰ নিজৰ নিঃস্বৰূপটো উপলব্ধি কৰিছে৷যাৰ বাবে তেওঁ মগনিয়াৰজনৰ হাতখন সাৱটি ধৰি অকণমান সহানুভূতি প্ৰদৰ্শন কৰিছে৷ইফালে মগনিয়াৰজনো কবিৰ এই কৰ্মত আচৰিত হৈছে৷ কিয়নো সমাজৰ তথাকথিত ধনাঢ্যসকলে এনেদৰে কেতিয়াও তেওঁক সহানুভূতি আৰু আন্তৰিকতা দেখুওৱা নাছিল ৷ সেইখিনিৰ বাবে তেওঁ কবিক কৃতজ্ঞতা জনাইছে ৷

৫। ‘মগনিয়াৰ’ পাঠটিৰ কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ ভাষাত লিখা ৷
উত্তৰঃ কবিয়ে বাটত এদিন এজন মগনিয়াৰক লগ পাইছিল৷দৰিদ্ৰতাই কোঙা কৰা মগনিয়াৰজনে সহায় বিচাৰি কবিলৈ দুহাত আগবঢ়াই দিছিল৷ কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত কোনো পাৰ্থিৱ বস্তু নাছিল৷ কবিয়ে মগনিয়াৰজনৰ হাতদুখন সাৱটি একো দিব নোৱাৰাৰ বাবে খং নকৰিবলৈ অনুৰোধ জনালে৷কবিৰ আন্তৰিকতা, দয়া আৰু স্ন” অনুভৱ কৰি মগনিয়াৰজন আৱেগিক হৈ পৰিল৷ মগনিয়াৰজনে কবিৰ এই মানৱীয় অনুভূতিখিনিকে মহান দান বুলি গণ্য কৰি কবিক অশেষ ধন্যবাদ জ্ঞাপন কৰিলে ৷

অতিৰিক্ত প্ৰশ্ন উত্তৰ –

১। অসমীয়া ভাষাৰ প্ৰথমগৰাকী কথা-কবিতা’ ৰচক কোন?
উত্তৰ: যতীন্দ্র নাথ দুৱৰা।

২। যতীন্দ্র নাথ দুৱৰাই ৰচনা কৰা কথাকবিতা পুথিখনিৰ নাম কি?
উত্তৰ: কথা কবিতা।

৩। যতীন্দ্র নাথ দুৱৰাই কোন চনত জন্ম লাভ কৰিছিল?
উত্তরঃ ১৮৯২ চনত।

8। যতীন্দ্র নাথ দুৱৰাৰ ওমৰতীর্থ’ কোন গৰাকী ফাৰ্চী ছুফী কবিৰ কাব্যৰ ভাবানুবাদ?
উত্তৰ: ওমৰ খায়াম।

৫। ‘ওমৰ তীর্থ’ কাব্য-পুথিৰ মূল কি?
উত্তৰ: ওমৰ খায়ামৰ ৰুবায়ত’।

৬। যতীন্দ্র নাথ দুৱৰাই অসম সাহিত্য সভাৰ কোন স্থানত অনুষ্ঠিত অধিবেশনত সভাপতিত্ব কৰিছিল ?
উত্তৰ: ১৯৫৫ চনত গুৱাহাটীৰ অধিবেশনত।

৭। ‘মগনিয়াৰ পাঠটি ক’ৰপৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰঃ কথা কবিতা’ৰ পৰা সংগ্রীহিত।

৮। ৰুছ সাহিত্যিক ‘টুর্গেনিভ’ৰ কোনটো কথা কবিতাটোৰ লগত ‘মগনিয়াৰ’ৰ সাদৃশ্য আছে?
উত্তৰঃ “The Beggar” ৰ লগত সাদৃশ্য আছে।

৯। দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰা কবিতাপুথিখনৰ নাম কি?
উত্তৰ: দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰা কবিতা পুথিখনৰ নাম হ’ল ‘বনফুল’।

১০। কথা কবিতা’ ৰচনা কৰোতে কোন গৰাকী আফ্রিকাৰ লেখিকাৰ দ্বাৰা যতীন্দ্রনাথ দুৱৰা অনুপ্রাণিত হৈছিল?
উত্তৰ : অলিভ শ্লাইনাৰ।

১১। মগনিয়াৰ’ পাঠটিৰ কেন্দ্রস্থ ভাবটো কি?
উত্তৰ: দৰিদ্ৰতাৰ আন্তৰিকতা।

১২। যতীন্দ্র নাথ দুৱৰাই লিখা দুখন কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ ওমৰ তীর্থ’, ‘আপােন-সুৰ’, ‘বনফুল’, ‘ মিলন সুৰ’ আৰু ‘মৰমৰ সুৰ’।

১৩। ‘মগনিয়াৰ জনৰ শৰীৰৰ চমু বর্ণনা দিয়া।
উত্তৰঃ মগনিয়াৰ জনৰ ওঁঠ শেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপােৰ। মগনিয়াৰ জনৰ উখহা অপৰিষ্কাৰ হাত, তেওঁৰ চকুৰ সন্মুখত দৰিদ্রতা। মগনিয়াৰ জনৰ শৰীৰ অতি দুর্বল; সেয়ে মগনিয়াৰ জনৰ কপনি উঠা কবি যতীন্দ্র নাথ দুৱাৰাই দেখিছে।

Download PDF Notes

Class 12 Assamese Chapter 2 Question Answer PDF

Watch Video Class

পাঠটোৰ পৰা ২০১৫ বৰ্ষত অহা প্ৰশ্নসমূহ

1) যতীন্দ্রনাথ দুৱৰাই কোনখন কাব্যপুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উঃ যতীন্দ্রনাথ দুৱৰাই বনফুল কবিতাপুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

2) ওমৰ তীর্থ’ কাব্যপুথিৰ মুল কি?
উ : ‘ওমৰ তীর্থ’ কাব্যপুথিৰ মূল হল— ফার্চী ছুফী কবি ওমৰ খায়ামৰ ৰুবায়ত।

3) কোনগৰাকী বিদেশী সাহিত্যিকৰ কোনটো কথা- কবিতাৰ লগত মগনিয়াৰৰ সাদৃশ্য আছে? নাইবা যতীন্দ্রনাথ দুৱৰাৰ মগনিয়াৰ কথা কবিতাটো কোনগৰাকী ৰুচ সাহিত্যিকৰ কোনটো কবিতাৰ লগত সাদৃশ্য আছে?
উ : যতীন্দ্রনাথ দুৱৰাৰ মগনিয়া’ৰ কথা কবিতাটো ৰুছ সাহিত্যিক আইভান টুর্গেনিভৰ “The Beggar” নামৰ কথা কবিতাটোৰ লগত সাদৃশ্য আছে।

পাঠটোৰ পৰা ২০১৬ বৰ্ষত অহা প্ৰশ্নসমূহ

4) অসমীয়া সাহিত্যত প্রথম কথা কবিতা ৰচনা কৰা কৰিগৰাকী কোন?
উঃ অসমীয়া ভাষাৰ প্ৰথমগৰাকী কথা কবিতাৰ ৰচক হ’ল যতীন্দ্র নাথ দুৱৰা।

5) কবিয়ে লগ পােৱা মগনিয়াৰজনৰ শৰীৰৰ চমু বর্ণনা দিয়া।
উঃ কবিয়ে লগ পােৱা মগনিয়াৰজন আছিল বুঢ়া বেমাৰী। তেওঁৰ গাৰ হাড়-ছাল ওলােৱা, ওঁঠ দুটা শেতা আৰু চকু দুটা ৰঙা আছিল। তেওঁৰ উখহা অপৰিষ্কাৰ হাত আৰু গাত ফটা-কাপােৰ আছিল। দেখিলেই ধৰিব পাৰি তেওঁ দৰিদ্ৰতাৰজ্বলন্ত প্রতিমূর্তি।

পাঠটোৰ পৰা ২০১৭ বৰ্ষত অহা প্ৰশ্নসমূহ

1) “কি হল একো কথা নাই”- ইয়াৰ কাৰণে অশেষ ধন্যবাদ”—কথাষাৰ কোনে কি প্ৰসংগত কৈছিল বুজাইলিখা।
উ : উক্ত কথাষাৰ যতীন্দ্রনাথ দুৱৰাৰ মগনিয়াৰ নামৰ কথা- কবিতাটোৰ পৰা তুলি অনা হৈছে। এই কথাষাৰ মগনিয়াৰজনে কবি যতীন্দ্রনাথ দুৱৰাক কৈছিল।

কবিয়ে ৰাষ্টাৰে গৈ থাকোত হাড় ছাল ওলােৱা, ফটা কাপােৰ পিন্ধা এজন মগনিয়াৰক লগ পাইছিল। কবিয়ে সুন্দৰকৈ বুজি পাইছিলে যে তেওঁ দৰিদ্ৰতাৰ কবলত পৰি শুকাই ক্ষিণাই গৈছে, সর্বদেহত দৰিদ্ৰতাৰ চিন পৰিস্ফুট। মগনিয়াৰজনৰ প্রতি কবিৰ পুতৌ জন্মিছিল যদিও মগনিয়াৰজনক দিবলৈ কবিৰ হাতত একোৱেই নাছিল। সেই সময়ত মগনিয়াৰজনৰ দৰে কবিয়ে নিজকে অসহায় আৰু ভিক্ষাৰী বুলি অনুভৱ কৰিছিল। সেই সময়ত মগনিয়াৰজনৰ প্রতি কবিৰ অন্তৰত সহানুভূতিৰ বাহিৰে দিবলৈ একো নাছিল। কবিয়ে মগনিয়াৰজনৰ দুহাতত সাবটি ধৰি কৈছিল ককাই, মােৰ ওপৰত খং নকৰিবা মােৰ হাতত একোৱেই নাই। সেয়েহে মগনিয়াজনৰ দুই ওঁঠেৰে আনন্দৰ হাঁহি বিৰিঙিছিল।

মুখৰ মধুৰ মাত এষাৰিও কেতিয়াবা বহুমূলীয়া দান হ’ব পাৰে। তেওঁ ভাবিছিল অন্তত এইজনেই মানুহ যিজনে মগনিয়াৰজনক ঘৃণা নকৰে। তেওঁৰ বাবে ইয়াতকৈ মহৎ দান একো হ’ব নােৱাৰে বুলি ভাবি মগনিয়াৰজনে কবিক অশেষ ধন্যবাদ জনাইছিল। দুখীয়াৰ প্রতি মানৱতাবােধেই যে সর্বশ্রেষ্ঠ দান এই কথা কবিয়ে নিজেও বুজি পাইছিল। দৰিদ্ৰতাৰ প্ৰতি থকা আন্তৰিকতা, সহানুভূতি, এই কথাষাৰৰ মাজত সুন্দৰকৈ প্ৰকাশ পাই ছিল। মগনিয়াৰজনে কবিৰ পৰা কোনাে বস্তু পােৱা নাছিল যদিও তেওঁৰ প্ৰতি কবিয়ে যি আন্তৰিকতা দেখুৱাইছিল তাকেই তেওঁ দান বুলি ধৰি লৈছিল।

পাঠটোৰ পৰা ২০১৮ বৰ্ষত অহা প্ৰশ্নসমূহ

1) ওমৰ তীর্থ’ পুথিখন কোন পুথিৰ ভাবানুবাদ?
উঃ ওমৰ তীর্থ’ পুথিখনি ফাচী ছুফী কবি ওমৰ খায়ামৰ ৰুবায়ত নামৰ পুথিখনৰ ভাবানুবাদ।

2) মগনিয়াৰ শীৰ্ষক কথা কবিতাটোৰ মূলভাৱ লিখা। F-20
উঃ ‘মগনিয়াৰ নামৰ কথা-কবিতাটি কবি যতীন্দ্র নাথ দুৱৰাদেৱৰ দ্বাৰা ৰচিত। এদিনাখন কবি বাটেদি গৈ থাকোতে এটা বুঢ়া বেমাৰীহাড়-ছাল ওলাই শুকাই-খীনাই যােৱা মগনিয়াৰ দেখা পাইছিল। মগনিয়াৰজন আহি কবিৰ কাষতে ৰৈছিলহি। কবিয়ে মগনিয়াৰজনক ভালদৰে পর্যবেক্ষণ কৰি দেখা পাইছিল যে মগনিয়াৰজনৰ ওঁঠ দুটা শেঁতা চকু দুটা ৰঙা আৰু গাত কাপোৰ বুলিবলৈ অলপমান ফটা কাপােৰৰ বাহিৰে আন একোৱেই নাই। কবিৰ নিজ চকুৰ আগতে দৰিদ্ৰতাৰ এনে শােক লগা দৃশ্য দেখা পাই মগনিয়াৰজনৰ বাবে বহুত দুখ লাগিছিল, দুখত পৰি যে কেনেকুৱা হৈছে।

কবিয়ে এনেদৰে মগনিয়াৰজনৰ কথা ভাবি থাকোতে মগনিয়াৰজনে তাৰ ওখহা অপৰিষ্কাৰ হাতদুখন মেলি কবিক কিবা এটা দিবৰ বাবে অনুৰােধ কৰিলে। কবিয়ে লৰালৰিকৈ নিজৰ চোলাৰ জেপত হাত সুমুৱাই খেপিয়াই চালে, কিন্তু দুর্ভাগ্যবশতঃ মগনিয়াজনক দিবলৈ কবিয়ে একোকে নাপালে, টকা নাই, ঘড়ী নাই আনকি এখন ৰুমালাে নাই।

কবিয়ে নিজৰ লগত একোকে অনা নাছিল। কবিয়ে নিজৰ পকেটত বস্তু বিচাৰি নােপােৱা স্বত্ত্বেও মগনিয়াৰজনে কিবা এটা পােৱাৰ। আশাত তেতিয়াও কবিৰ ওচৰত হাত পাতিয়েই ৰৈ আছিল আৰু ভোক-পিয়াহে থকা তাৰ দুর্বল শৰীৰটো কঁপিবলৈ ধৰিছিল। মগনিয়াজনৰ এইটো অৱস্থা দেখা পাই কবি আৰু থিৰেৰে থাকিব নােৱৰিলে। তেওঁ তৎক্ষণাত মগনিয়াৰজনৰ হাতত থাপ মাৰি ধৰি কবিয়ে একো দিব নােৱাৰ বাবে তেওঁক খং কৰিবলৈ মানা কৰিলে, কবিৰ ভাষাত— ‘ককাই মােৰ ওপৰত খং নকৰিবা, মােৰ হাতত একোৱেই নাই।

তাৰ পিছত মগনিয়াৰজনে আচৰিত ধৰণে এবাৰ কবিলৈ চালে আৰু তাৰ শেতা ওঁঠ দুখনেৰে অলপ হাঁহিলে আৰু কবিৰ হাত দুখনতাে নিজৰ হাতেৰে ধৰি অতি কষ্টেৰে কলে—“একো নহয়, ইয়াৰ কাৰণে অশেষ ধন্যবাদ। ইও যে এটা দান। অর্থাৎ মগনিয়াৰজনে ইয়াকে বুজালে যে কবিয়ে পার্থিব বস্তু একো দিব নােৱাৰিলেও তেওঁ মগনিয়াৰজনক কৰা ব্যৱহাৰৰ যােগেদি নিজৰ মানৱীয় গুণৰ পৰিচয় দিলে। মগনিয়াৰজনৰ কথাৰ পৰা কবিয়ে বুজি পালে যে মগনিয়াৰজনৰ দৰে কবিও একেবাৰে নিম্ন। মগনিয়াৰজনৰ দৰে তেওঁৰ হাততাে পাৰ্থিৱ বস্তু একো নাই আৰু কবিৰ লগৰীয়া এজনৰ পৰা কবিয়েও এটা আর্শীবাদ পালে।

পাঠটোৰ পৰা ২০১৯ বৰ্ষত অহা প্ৰশ্নসমূহ

1) সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকী কোন।
উঃ যতীন্দ্রনাথ দুৱৰা হৈছে সাহিত্য একাডেমী বঁটাপ্রাপ্ত প্রথম গৰাকী অসমীয়া।

2) কথা কবিতা বুলিলে কি বুজা? ইয়াৰ তিনিটা বৈশিষ্ট্য লিখা। (১৪, ১৮, ২০)
উঃ যি কবিতা সাধাৰণতে গদ্যতৰচনা কৰা হয় তেনে কবিতাক কথা কবিতা বােলা হয়। গদ্যত ৰচিত হয় কাৰণে কথা কবিতাত ছন্দ নাথাকে। কথা কবিতাৰ শ্ৰষ্টা হ’ল ৰুছিয়াৰ বিখ্যাত সাহিত্যিক আইভান টুর্গেনিভ। অসমীয়া ভাষাত প্ৰথম কথা কবিতা ৰচনা কৰে কবি যতীন্দ্রনাথ দুৱৰাই। কথা কবিতাৰ তিনিটা বৈশিষ্ট্য হল-

  • চিত্র ধর্মীতাঃ কথা কবিতা চিত্রধর্মীতাৰ ওপৰত প্রতিষ্ঠিত।
  • এটা মাত্ৰ ভাৱ প্ৰধানঃ চনেটৰ দৰে কথা কবিতাতাে এটি মাত্র কেন্দ্রস্থ ভাব থাকে। সেই কেন্দ্রস্থ ভাৱটো বিভিন্ন চিত্ৰৰ সহায়ত সজীৱ কৰি তােলা হয়।
  • ৰূপকাত্মকঃ কথা কবিতা ৰূপকাত্মক, ইয়াত সংযােজন কৰা প্ৰত্যেকটো চিত্ৰৰ অন্তৰালত একোটি বেলেগ ভাৱ ছদ্মৰূপে অৱস্থান কৰে

পাঠটোৰ পৰা ২০২০ বৰ্ষত অহা প্ৰশ্নসমূহ –

1) কথা কবিতা কোন শতিকাত সৃষ্টি হৈছিল? কোনগৰাকী কবিক ইয়াৰ জনক বুলি কোৱা হয়?
উঃ কথা কবিতা উনৈশ শতিকাত সৃষ্টি হৈছিল। ৰুছ সাহিত্যিক আইভান টুর্গেনিভক কথা কবিতাৰ জনক বুলি কোৱা হয়।

2) মগনিয়াৰ পাঠটি ক’ৰপৰা সংগ্ৰহ কৰা হৈছে?
উঃ মগনিয়াৰ পাঠটি যতীন্দ্র নাথ দুৱৰাদেৱৰ কথা কবিতা নামৰপুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে।

3) যতীন্দ্র নাথ দুৱৰাই কোন চনত আৰু ক’ত জন্ম হয়?
উ : ১৮৯২ চনত শিৱসাগৰৰ আমােলাপট্টিত যতীন্দ্র নাথ দুৱৰাৰ জন্ম হয়।

4) যতীন্দ্র নাথ দুৱৰাই অসম সাহিত্য সভাৰ কোন। স্থানত অনুষ্ঠিত অধিৱেশনত সভাপতিত্ব কৰিছিল?
উ : যতীন্দ্র নাথ দুৱৰাই অসম সাহিত্য সভাৰ ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত হােৱা চতুর্বিংশ অধিৱেশনত সভাপতিত্ব কৰিছিল।

5) ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা।
উঃ ওমৰ খায়াম হ’ল ফাৰ্চী চুফী কবি। তেওঁৰ ৰচিত এখন বিখ্যাত পুথি হ’ল—ৰুবায়ত।

6) যতীন্দ্রনাথ দুৱৰাক কি কবি বুলি কোৱা হয়?
উ : যতীন্দ্রনাথ দুৱৰাক বনফুলৰ’ কবি বুলি কোৱা হয়।

7) কথা কবিতা ৰচনা কৰোঁতে কোনগৰাকী আফ্রিকাৰ লেখিকাৰ দ্বাৰা যতীন্দ্রনাথ দুৱৰা অনুপ্রাণিত হৈছিল?
উঃ কথা কবিতা ৰচনা কৰোঁতে আফ্রিকাৰ লেখিকা অলিভ শ্রাইনাৰৰ ৰচনাৰ দ্বাৰা যতীন্দ্রনাথ দুৱৰা অনুপ্রাণিত হৈছিল।

শেষ বাক্য

হয়, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিলোঁ Class 12 Assamese Chapter 2 Question Answer তথা দ্বাদশ শ্ৰেণীৰ অসমীয়া বিষয়ৰ “মগনিয়াৰ” প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত কিছু প্ৰশ্ন উত্তৰ। ইয়াৰ ওপৰিও আপোনালোকৰ বাবে Class 12 Assamese Chapter 2 Question Answer PDF দিয়াৰও ব্যৱস্থা কৰিছো।

যদি আপোনাৰ এই Class 12 Assamese Chapter 2 Question Answer ৰ জৰিয়তে কিবা লাভ অনুভৱ কৰিছে হৈছে তেন্তে আপুনি Facebook বা Whatsapp ৰ জৰিয়তে আপোনাৰ বন্ধু বান্ধবীলৈ Share কৰিবলৈ নাপাহৰিব।

ইয়াৰ উপৰিও যদি আপোনাৰ কিবা জানিব লগা আছে তেন্তে Comment Section ত জনাব। আপোনাৰ যিকোনো প্ৰশ্ন উত্তৰ আমি সময়মতে দিবলৈ প্ৰয়াস কৰিম।

Leave a Comment