Class 12 Assamese Chapter 11 Question Answer | মিলন

ADVERTISEMENT

আপুনি যদি অসমীয়া মাধ্যমত দ্বাদশ শ্ৰেণীত পঢ়ি আছে আৰু আপুনি আজি ইয়াত Class 12 Assamese Chapter 11 Question Answer বিচাৰি আহিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই, আমি আপোনালোকৰ বাবে Class 12 Assamese Chapter 11 Question Answer অৰ্থাৎ মিলন প্ৰশ্ন উত্তৰ লৈ আহিছোঁ যত পাঠ্যপুথিৰ প্ৰশ্ন উত্তৰ দিয়াৰ লগতে আমি Previous Question Paper ৰ সম্পূৰ্ণ সমাধান দিবলৈ প্ৰয়াস কৰিছো।

Watch FREE Video Classes

আপুনি যদি আগন্তুক HS Final Exam ত অসমীয়া বিষয়ত ১০০% নম্বৰ লাভ কৰিব বিচাৰে তেন্তে এই লিখনিয়ে আপোনাক বহুত সহায় কৰিব।

ADVERTISEMENT

Class 12 Assamese Chapter 11 Question Answer 2025

আজি আমি Class 12 Assamese Chapter 11 Question Answer অৰ্থাৎ মিলন অধ্যায়ৰ অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বহলাই লিখা, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা, কিছু Assamese Grammar ৰ লগতে ২০১৫ চনৰ পৰা ২০২০ চনলৈ এই অধ্যায়ৰ পৰা পৰীক্ষাত সুধা প্ৰশ্ন উত্তৰ সন্নিবিষ্ট কৰাৰ প্ৰয়াস কৰা হৈছে।

Class 12 Assamese Chapter 11 Question Answer
ADVERTISEMENT

আৰ্হি প্ৰশ্ন উত্তৰ

(ক) অতি চমু প্ৰশ্ন উত্তৰ (প্ৰতিটো প্রশ্নৰ মূল্যাংক -১)

১। নলিনীবালা দেৱীক কি কবিৰূপে জনা যায়?
উত্তৰঃ নলিনীবালা দেৱীক অতিন্দ্রীয়বাদী কবিৰূপে জনা যায়।

২। নলিনীবালা দেৱীৰ আত্মজীৱনীখনিৰ নাম কি?
উত্তৰঃ নলিনীবালা দেৱীৰ আত্মজীৱনীখনিৰ নাম হ’ল ‘এৰি অহা দিনবোৰ’।

৩। ‘জাগৃতি’ কাব্য গ্রন্থখনৰ মাজেৰে কবিৰ কি মনোভাব প্রকাশ পাইছে?
উত্তৰঃ ‘জাগৃতি’ কাব্য গ্রন্থখনৰ মাজেৰে কবিৰ স্বদেশপ্রেমৰ মনোভাব প্রকাশ পাইছে।

৪। ‘মিলন’ কবিতাটিত কবিয়ে ‘তোমাৰ’ বুলি কাক বুজাইছে?
উত্তৰঃ ‘মিলন’ কবিতাটিত কবিয়ে ‘তোমাৰ’ বুলি ভগৱানক বুজাইছে ।

৫। নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ?
উত্তৰঃ নলিনীবালা দেৱীয়ে ‘অলকানন্দা’ কাব্যগ্রন্থৰ বাবে ১৯৬৮ চনত সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।

(খ) চমু প্ৰশ্ন উত্তৰ (প্ৰতিটো প্রশ্নৰ মূল্যাংক -২/৩)

১। নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীৰ নাম লিখা।
উত্তৰঃ নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীৰ নাম হ’ল ‘স্মৃতিতীর্থ’ আৰু ‘বিশ্বদীপা’।

২। কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ দর্শন দিয়ে ?
উত্তৰঃ কবিৰ পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলদ্ধি কৰে।তেওঁৰ পৰম আৰাধ্যজনে সপোনে-দিঠকে, মানসৰ তীৰে তীৰে আহি নিতে তেওঁক দর্শন দিয়ে।

৩। কবিয়ে ‘আছা মোৰ নিজান কোণত’ বুলি কাৰ কথা বুজাইছে?
উত্তৰঃ কবিয়ে ‘আছা মোৰ নিজান কোণত’ বুলি পৰম আৰাধ্য ভগৱানৰ কথা বুজাইছে ।তেওঁক চকুৰে দেখা নাপালেও মনৰ দৃষ্টিৰে তেওঁ হৃদয়ৰ গভীৰ কোণত নিতৌ ভগৱানৰ সান্নিধ্য উপলব্ধি কৰে।

৪। কোনে নিয়ৰৰ মালা গাঁথি ৰাতিপুৱা কবিক দেখা দিয়েহি?
উত্তৰঃ পৰম আৰাধ্য ভগৱানে নিয়ৰৰ মালা গাঁথি ৰাতিপুৱা কবিক দেখা দিয়েহি।

৫। ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে কাক দেখা পায়?
উত্তৰঃ ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে পৰম আৰাধ্য ভগৱানক দেখা পায়।

(গ) দীঘল প্ৰশ্ন উত্তৰ (প্ৰতিটো প্রশ্নৰ মূল্যাংক -৩/৫)

১। নলিনীবালা দেৱীৰ কবিতাসমুহৰ মাজেৰে মূলতঃ কি ভাবধাৰা প্রকাশ পাইছে, তোমাৰ পাঠতিৰ আধাৰত আলোচনা কৰা।
উত্তৰঃ অসমীয়া ৰহস্যবাদী কাব্যক্ষেত্রখনৰ এটি উল্লেখযোগ্য নাম হৈছে নলিনীবালা দেৱী। শান্ত-সমাহিত আৰু কৰুণ আকৃতিৰে ভৰা তেওঁৰ কবিতাবোৰত আকুল হৃদয়ৰ বিননি ধ্বনিত হৈছে।অতিন্দ্ৰীয়বাদী কবিতাবোৰৰ মাজত নলিনীবালা দেৱীৰ হৃদয়ৰ আকুলতাৰ লগতে গভীৰ চিন্তাৰো সমাৱেশ ঘটিছে।
‘মিলন’ কবিতাটিও এইধৰণৰ কবিতা। কবিতাটিত কবিৰ আধ্যাত্মিক চেতনাৰ প্ৰতিধ্বনি অনুভূত হৈছে। সপোনে-দিঠকে পৰম আৰাধ্যজনৰ অস্তিত্বক নিজৰ হৃদয়ৰ মাজত অনুভৱ কৰে। নিশাৰ জোনাকী পোহৰ, তৰাভৰা আকাশৰ মোহনীয় সৌন্দৰ্য-সুষমাই কবিৰ ভগৱৎ প্রীতিৰ ধাৰণাক গভীৰ কৰি তোলে। আকৌ ৰাতিপুৱা সূর্য উদয় হোৱাৰে পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্রতিটো ক্ষণতে পৰমজনৰ অস্তিত্ব ভিন্ন ভিন্ন ধৰণেৰে অনুভৱ কৰে। কবিৰ মতে পৰমজনৰ সান্নিধ্য অনুভৱৰ প্রতিটো মুহূর্ত তেওঁৰ ভগৱানৰ সৈতে হোৱা অন্তহীন মিলন।

২। ‘মিলন’ কবিতাটিত কবিয়ে কাৰ লগত কাৰ মিলন হোৱাৰ কথা বুজাইছে আলোচনা কৰা।
উত্তৰঃ অতীন্দ্ৰিয়বাদী কবি নলিনীবালা দেৱীৰ ‘মিলন’ কবিতাটিত আধ্যাত্মিক চেতনাৰ প্ৰতিধ্বনি অনূভূত হৈছে।কবিতাটিত কবিয়ে পৰম আৰাধ্য ভগৱানৰ লগত কবিৰ মিলন হোৱাৰ কথা বুজাইছে।কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলব্ধি কৰে। সপোনে-দিঠকে, জোনাকীৰ পোহৰ, গধূলিৰ তৰা ভৰা আকাশৰ পোহৰত, হৃদয়ৰ গভীৰ কোণত, ৰাতিপুৱাৰ পৰা নিশা গভীৰ নিদ্ৰাত পৰালৈকে সকলোতে কবিয়ে পৰমজনাৰ অস্তিত্ব অনুভৱ কৰে। পৰম আৰাধ্য জনৰ লগত কবিৰ অন্তৰত জাগি উঠা এই অনুভৱক কবিয়ে মিলন বুলি অভিহিত কৰিছে ।

৩। কবিয়ে তেওঁৰ পৰম আৰাধ্যজনক ক’ত কেনেকৈ নিতে দেখা পায় বুলি কৈছে, চমুকৈ লিখা ।
উত্তৰঃ কবি নলিনীবালা দেৱীয়ে ‘মিলন’ কবিতাটিত তেওঁৰ পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলদ্ধি কৰে।সপোনে-দিঠকে তেওঁ পৰমজনৰ অস্তিত্বক হৃদয়ৰ নিজান কোণত অনুভৱ কৰে।নিশাৰ জোনাকী পোহৰত, সন্দিয়াৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দৰ্য-সুষমাৰ মাজত, গধূলিৰ আকাশত, ধ্যানৰ মুহুর্তত, সূর্য উদয় হোৱা সময়ৰ পৰা নিশা গভীৰ নিদ্রাত পৰাৰ সময়লৈকে প্রতিটো ক্ষণতে কবিয়ে ভিন ভিন ৰূপত পৰমজনাক দেখিবলৈ পায় ।

৪। কবিয়ে ‘তোমাৰ লগত মোৰ অনন্ত মিলন’ বুলি কি বুজাইছে ব্যাখ্যা কৰা ।
উত্তৰঃ নলিনীবালা দেৱীৰ অতিন্দ্ৰীয়বাদী কবিতাবোৰৰ মাজত হৃদয়ৰ আকুলতাৰ লগতে গভীৰ চিন্তাৰ সমাৱেশ ঘটে। ‘মিলন’ কবিতাটিত আধ্যাত্মিক চেতনাৰ ধ্বনি শুনিবলৈ পোৱা যায়। কবিৰ ভগৱানৰ প্রতি যি আৰাধনা সেইয়াই কবিক জীয়াই থকাৰ সমল আৰু প্রেৰণা যোগায়। কবিয়ে সেয়ে ‘মিলন’ কবিতাটিত নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰা ভৰা আকাশ, ৰাতিপুৱা সূর্য উদয় হোৱাৰে পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্রতিটো ক্ষণতে কবিয়ে পৰমজনাৰ অস্তিত্ব ভিন ভিন ধৰণে ভিন ভিন ৰূপত অনুভৱ কৰে। এই ভিন্ন ৰূপৰ অনুভৱকে কবিয়ে পৰমজনৰ প্রতি ‘তোমাৰ লগত মোৰ অনন্ত মিলন’ বুলি অভিহিত কৰিছে।

৫। ‘মিলন’ কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মিক অনুভূতি কেনেদৰে প্রকাশ পাইছে, চমুকৈ আলোচনা কৰা।
উত্তৰঃ অসমীয়া ৰহস্যবাদী কাব্যক্ষেত্ৰ খনৰ কবি নলিনীবালা দেৱীৰ কবিতাৰ মাজত ঘাইকৈ আধ্যাত্মিকতাৰ সুৰ শুনিবলৈ পোৱা যায়।শান্ত-সমাহিত আৰু কৰুণ আকূতিৰে ভৰা কবিতাবোৰত কবিৰ আকুল হৃদয়ৰ বিননি ধ্বনিত হৈছে। কবিয়ে তেওঁৰ ব্যক্তিগত জীৱনৰ দুখ আৰু বেদনাক ভাৰতীয় ধর্ম আৰু দাৰ্শনিক চিন্তাৰ মাজেদি বিচাৰ কৰি তেখেতৰ মূল্যবান কবিতাসমুহৰ জৰিয়তে ব্যক্ত কৰিছে। সেয়েহে ‘মিলন’ কবিতাটিত আধ্যাত্মিক চেতনাৰ পৰিস্ফুৰণ দেখিবলৈ পোৱা যায়।

কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলদ্ধি কৰে। সপোনে-দিঠকে, নিজৰ হৃদয়ৰ নিজান কোণত,নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰা ভৰা আকাশৰ মোহনীয় সৌন্দৰ্য,ৰাতিপুৱা সূর্য উদয় হোৱাৰ পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্রতিটো ক্ষণতে কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব ভিন্ন ধৰণে অনুভৱ কৰে। কবিৰ মতে এয়াই তেওঁৰ পৰম জনাৰ সৈতে হোৱা অনন্ত মিলন। এইদৰেই কবিৰ আধ্যাত্মিক অনুভূতি ‘মিলন’ কবিতাটোত প্রকাশিত হৈছে।

ঘ) অতিৰিক্ত প্ৰশ্ন উত্তৰ

১। নলিনীবালা দেৱীৰ জন্ম কেতিয়া হৈছিল?
উত্তৰঃ নলিনীবালা দেৱীৰ জন্ম হৈছিল ১৮৯৮ চনৰ ২৩ মাৰ্চত গুৱাহাটীত।

২। নলিনীবালা দেৱীৰ পিতৃৰ নাম কি আছিল?
উত্তৰঃ নলিনীবালা দেৱীৰ পিতৃৰ নাম আছিল কর্মবীৰ নবীনচন্দ্ৰ বৰদলৈ।

৩। তেখেতৰ কেইখনমান কাব্যগ্ৰন্থৰ নাম লিখা।
উত্তৰঃ ‘সন্ধিয়াৰ সুৰ’, ‘সপোনৰ সুৰ’, ‘পৰশমণি’, ‘জাগৃতি’, ‘অলকানন্দা’ ইত্যাদি।

৪। অসম সাহিত্য সভাৰ কোনখন অধিবেশনত নলিনীবালা দেৱীয়ে সভাপতিত্ব কৰিছিল?
উত্তৰঃ ১৯৫৪ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ যোৰহাট অধিবেশনত নলিনীবালা দেৱীয়ে সভাপতিত্ব কৰিছিল।

৫। তেওঁ কেতিয়া পদ্মশ্ৰী সন্মান লাভ কৰিছিল?
উত্তৰঃ তেওঁ ১৯৫৮ চনত ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান লাভ কৰিছিল।

৬। নলিনীবালা দেৱীয়ে কেতিয়া ইহলীলা সম্বৰণ কৰে?
উত্তৰঃ নলিনীবালা দেৱীয়ে ১৯৭৭ চনৰ ২৪ ডিচেম্বৰ তাৰিখে ইহলীলা সম্বৰণ কৰে।

৭। ‘মিলন’ কবিতাটি কবিৰ কোনখন কাব্যগ্ৰন্থৰ পৰা তুলি অনা হৈছে?
উত্তৰঃ মিলন’ কবিতাটি কবিৰ ‘সন্ধিয়াৰ সুৰ’ কাব্যগ্ৰন্থৰ পৰা তুলি অনা হৈছে।

৮ । নলিনীবালা দেৱীক কি কবিৰূপে জনা যায়?
উঃ নলিনীবালা দেৱীক অতিন্দ্রীয়বাদী বা ৰহস্যবাদী কবিৰূপে জনা যায়।

৯। ‘মিলন’ কবিতাটিত কবিয়ে তােমাৰ বুলি কাক বুজাইছে? এই কবিতাটিৰ মাজেৰে কবিয়ে কি কামনা কৰিছে?
উ : “মিলন’ কবিতাটিত কবিয়ে ‘তােমাৰ বুলি সৃষ্টিকর্তা ভগৱানক বুজাইছে। এই কবিতাটিৰ মাজেৰে কবিয়ে পৰম ভগৱানৰ সৈতে অন্তহীন মিলন কামনা কৰিছে।

১০। মিলন কবিতাটি নলিনীবালা দেৱীৰ কোনখন কবিতা পুথিৰ পৰা লােৱা হৈছে?
উ : মিলন কবিতাটি নলিনীবালা দেৱীৰ সন্ধিয়াৰ সুৰ নামৰ কবিতা পুথিৰ পৰা লােৱা হৈছে।

১১। নিশাৰ আকাশত মংগল উৰুলি কোনে গায়?
উঃ নিশাৰ আকাশত মংগল উৰুলি আকাশৰ তৰাৰ শাৰীয়ে গায়।

১২। গধূলিৰ স্নান এন্ধাৰত কবিয়ে কাক দেখে বুলি কৈছে?.
উঃ গধূলিৰ ম্লান এন্ধাৰত কবিয়ে পৰম আৰাধ্যজনক দেখে বুলি কৈছে।

১৩। কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ দৰ্শন দিয়ে?
উ : কবিয়ে আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলাে বিষয়ৰ মাজত ভিন ভিন ৰূপত অনুভৱ কৰে। কবিক আৰাধ্যদেৱতাই নিতে আহি দেখা দিয়ে মানসৰ তীৰে তীৰে, সপােনত, দিঠকত এইদৰে তেওঁ পৰমজনৰ অস্তিত্বৰ অনুভৱ কৰে। সূর্য উদয় হােৱাৰ পৰা নিদ্রাত পৰালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব অনুভৱ কৰে। কবিৰ ভগৱানৰ প্ৰতি থকা আধ্যাত্মিক অনুভূতিকে আৰাধ্যজনৰ দৰ্শন বুলি ভাবিছে।

১৪। কবিয়ে ‘আছা মােৰ নিজান কোণত’ বুলি কাৰ কথা বুজাইছে?
উ : কবিয়ে ‘আছা মােৰ নিজান কোণত’ বুলি পৰম আৰাধ্যজনৰ কথা কৈছে। পৰম দেৱতাই চিৰ দিনৰে পৰা কবিৰ মনত যেন গােপনে থিতাপি লৈ আছে। কবিৰ নিজৰ নিভৃত কোণত, হৃদয়ত সকলাে সময়তে পৰম ঈশ্বৰক দেখি আছে। মনৰ দৃষ্টিৰে সদায় কবিয়ে আৰাধ্যজনক দেখা পায়।

১৫। ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে কাক দেখা পায়?
উঃ ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলেও কবিয়ে ভগৱানকেই দেখা পায়। ঈশ্বৰ সর্বব্যাপী, সকলােতে ব্যাপী থাকে। সেয়েহে কবিয়ে দোভাগ নিশা টোপনিত লালকাল হৈ থাকিলেও তেওঁকে দেখে।

১৬। কবিয়ে ‘তােমাৰ লগত মােৰ অনন্ত মিলন’বুলি কি বুজাইছে ব্যাখ্যা কৰা।
উ : কবিয়ে ‘তােমাৰ লগত মােৰ অনন্ত মিলন’ বুলি ঈশ্বৰৰ লগত আত্মাৰ অনন্ত মিলন হােৱা বুলি কৈছে। আচলতে জীৱনত স্বামী বিয়ােগৰ যন্ত্ৰণা আৰু পুত্ৰ বিয়ােগৰ দুখ-বেদনাই কবিক আজীৱন বিষাদগ্রস্ত কৰি তুলিছিল। এই দুখ-বেদনাৰ পৰা হাত সাৰিবলৈ কবিয়ে আধ্যাত্মিক জগতত সােমাই পৰিছে। এইদৰে ব্যক্তিগত জীৱনত দুখ-যন্ত্রণাই কবিক আধ্যাত্মিক জগতলৈ উত্তৰণ ঘটাইছে। পৃথিৱীৰ সকলাে বস্তুৰ মাজতে কবিয়ে নেদেখাজনৰ উপস্থিতি অনুভৱ কৰে। অতিন্দ্রীয়বাদী কবিসকলে অন্তৰৰ গােপন কোণত ভগৱানৰ উপস্থিতি অনুভৱ কৰাৰ দৰে কবিয়েও এই অনুভৱকে পৰমজনৰ প্রতি অন্তহীন মিলন বুলি কৈছে। সেয়েহে পৰমজনৰ সান্নিধ্য পাবলৈ তেওঁ নিতে প্রার্থনা কৰে।

১৭। ‘নিশা আহে জ্বালি লৈ
জোনাকীৰ উজ্জ্বল দীপালি। – কথাষাৰৰ তাৎপর্য বুজাই লিখা।

উ: কবিতাফাকিৰ মাজেৰে কবিৰ আধ্যাত্মিক অনুভূতি প্ৰকাশ হৈছে।

কবিয়ে প্রকৃতিৰ সকলাে বস্তুতে কেৱল পৰম আৰাধ্যজনক দেখে। নিশাৰ আকাশত ৰাবােৰৰ মাজত কবিয়ে পৰমজনকে দেখা পায়। যেতিয়া নিশাৰ এন্ধাৰত জোনাকী পৰুৱাই পােহৰ বিলায় তেতিয়া দীপালিৰ লােহৰৰ দৰে পৰমজনে যেন কবিকবাট দেখুৱাই নিবলৈ আহিছে বুলি ভাবে জোনাকীৰ পোহৰত পৰমজনক লাভ কৰাৰ দুৰ্বাৰ বাসনা তেওঁৰ মনত জাগি উঠে।

১৮। মিলন কবিতাৰ মুলভাৱ লিখা।
উ : ‘মিলন’ নলিনীবালা দেৱীৰ এটি দার্শনিক কবিতা। কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মিক চেতনাৰ প্ৰতিধ্বনি শুনিবলৈ পােৱা যায়। কবিতাটোৰ দ্বাৰা ৰহস্যবাদৰ ভাবধাৰা সুন্দৰকৈ প্ৰকাশ পাইছে। ব্যক্তিগত জীৱনত কবিয়ে অনেক দুখ-যন্ত্রণা লাভ কৰিছিল। এই দুখ আৰু বেদনাক ভাৰতীয় ধর্ম আৰু দার্শনিক চিন্তাৰ মাজেৰে বিচাৰ কৰি শােক সন্তপ্ত হৃদয়ত শান্তি পাইছিল। এই দুখ-যন্ত্রণাৰ পৰা হাত সাৰিবলৈ পুৱা, গধূলি, নিশা সকলাে সময়তে পৰমজনক পাবলৈ কবিয়ে বিচাৰিছিল।

কবিৰ মনত ভগৱৎ প্রীতিৰ চিন্তা। অন্তহীন মিলনৰ বাসনাত কৰিব মন উদ্বাউল হৈ পৰিছে। কবিৰ মতে ভগৱানৰ সান্নিধ্যৰ প্ৰতিটো ক্ষণেই তেওঁৰ বাবে ভগৱানৰ সৈতে মিলনৰ ক্ষণ। সেয়েহে পৃথিৱীৰ সকলাে বস্তুতে তেওঁ পৰমজনৰ অস্তিত্ব অনুভৱ কৰে। নিশাৰ আন্ধাৰত জোনাকী পােহৰত কবিয়ে তেওঁকে দেখিবলৈ পায়। গতিকে ভগৱানৰ দর্শন লাভ কৰিলেই কবিৰ কামনা-বাসনা পূর্ণ হ’ব বুলি কৈছে।

১৯। কবিয়ে তেওঁৰ পৰম আৰাধ্যজনক ক’ত কেনেকৈ নিতে দেখা পায় বুলি কৈছে, বুজাই চমুকৈ লিখা।
উঃ কবিয়ে তেওঁৰ পৰম আৰাধ্যজনক পাবলৈ ব্যাকুল হৈ থকাৰ। বাবে সকলাে সময়তে আৰু সকলােতে তেওঁৰ অস্তিত্ব দেখা পায়। বুলি কৈছে। কবিৰ মনৰ নিজান কোণত, নিশাৰ আকাশৰ ৰূপােৱালীৰাৰ মাজত কবিয়ে তেওঁক দেখিবলৈ পায়। গধূলিৰ আন্ধাৰত কবিয়ে যেতিয়া ঈশ্বৰৰ ধ্যান কৰে তেতিয়াও তেওঁৰ লগত দেখাদেখি হয়।

গভীৰ এন্ধাৰ ৰাতি গােটেই জগত যেতিয়া নিঃপালি দিয়ে তেতিয়াও কবিয়ে তেওঁকে দেখে। কবিৰ মনৰ নিজান কোণত, সপােনৰ দেশত, মানসৰ তীৰত, জোনাকীৰ উজ্জ্বল দীপালিত, আকাশৰ তৰাৰ তিৰবিৰণিৰ মাজত, গধূলিৰ ক্ষীণ পােহৰত, ধ্যানৰ সময়ত, হৃদয়ৰ আৱেগশীলতাৰ মাজত, পুৱতি শুভ লগনত, গভীৰ নিশাৰ নিস্তব্ধতাৰ মাজত, উষাৰ দোকমােকালি পােহৰত, সর্বত্র কবিয়ে পৰমজনৰ অস্তিত্ব অনুভৱ কৰে।

Download PDF Notes

তলত দিয়া লিংকৰ জৰিয়তে আপুনি Class 12 Assamese Chapter 11 Question Answer PDF ডাউনলোড কৰিব পাৰিব।

Class 12 Assamese Chapter 11 Question Answer PDF

Watch Video Class

ADVERTISEMENT

পাঠটোৰ পৰা ২০১৬ বৰ্ষত অহা প্ৰশ্নসমূহ

১) নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? (Final-16)
উঃ নলিনীবালা দেৱীয়ে অলকানন্দা নামৰ কাব্যগ্রন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

পাঠটোৰ পৰা ২০১৭ বৰ্ষত অহা প্ৰশ্নসমূহ

১) নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি? (Final-17)
উঃ নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম হ’ল—এৰি অহা দিনবােৰ৷

২) ‘মিলন’ কবিতাটিত কবিয়ে কাৰ লগত কাৰ মিলন হােৱাৰ কথা বুজাইছে আলােচনা কৰা। (Final-17)
উঃ মিলন’ কবিতাটিত কবিয়ে পৰম আৰাধ্য ঈশ্বৰৰ লগত নিজৰ আত্মাৰ মিলন হােৱাৰ কথা কৈছে। প্ৰকৃতিৰ সকলাে বস্তুতে দিনে-নিশাই কবিয়ে আৰাধ্যজনকে দেখে। নিজৰ মনৰ মাজত, নিশাৰ তৰাৰ মাজত বা দোভাগ নিশা টোপনিত লাল কাল দি থাকিলেও ভগৱানৰ উপস্থিতি কবিয়ে অনুভৱ কৰে। কেৱল নেদেখাজনৰ দৰ্শনৰ বাবে হৃদয় মন্দিৰত থাপনা পাতি ৰৈ থাকে।

কবিয়ে সপােনে, দিঠকে পৰমজনৰ অস্তিত্বক নিজৰ হৃদয়ৰ মাজতে অনুভৱ কৰে। জোনাকী নিশা, গধূলিৰ তৰাভৰা আকাশৰ মােহনীয় সৌন্দর্য-সুষমাই কবিৰ ভগৱ-প্ৰীতিৰ ধাৰণাক গভীৰ কৰি তােলে। ৰাতিপুৱা সূর্য উদয় হােৱাৰ পিছৰে পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব ভিন্ন ভিন্ন ধৰণে অনুভৱ কৰে আৰু কবিয়ে এই অনুভৱক পৰমজনৰ সতে অন্তহীন মিলন বুলি অভিহিত কৰে।

পাঠটোৰ পৰা ২০১৮ বৰ্ষত অহা প্ৰশ্নসমূহ

১) নলিনীবালা দেৱীয়ে লিখা দুখন জীৱনীগ্রন্থৰ নাম লিখা। (Final-18)
উঃ নলিনীবালা দেৱীয়ে লিখা দুখন জীৱনীগ্রন্থৰ নাম হ’ল-

  • স্মৃতিগ্ৰন্থ
  • বিশ্বদীপা

২) কিমান চনত নলিনীবালা দেৱীয়ে পদ্মশ্রী উপাধি লাভ কৰিছিল? (Final-18)
উঃ ভাৰত চৰকাৰৰ পৰা নলিনীবালা দেৱীক ১৯৫৮ চনত পদ্মশ্রী উপাধি লাভ কৰিছিল।

৩) নলিনীবালা দেৱীৰ কবিতাসমূহৰ মাজেৰে মূলতঃ কি ভাৱধাৰা প্ৰকাশ পাইছে, তােমাৰ, পাঠটিৰ আধাৰত আলােচনা কৰা। (Final-18)
উঃ নলিনীবালা দেৱী হ’ল মূলতঃ অতিন্দ্রীয় বাদী বা ৰহস্যবাদী কবি। তেওঁৰ কবিতাসমূহৰ মাজেৰে আধ্যাত্মিক চেতনাৰ অপূর্ব প্রকাশ দেখিবলৈ পােৱা যায়। ৰহস্যবাদী কবিসকলে জীৱনৰ দুখ-বেদনা পৰমজনৰ ওচৰত অৰ্পণ কৰিব বিচাৰে।

তেওঁলােকে ঈশ্বৰৰ অস্তিত্ব সকলােতে অনুভৱ কৰি নিজক অর্পণ কৰি দিয়ে। কবি নলিনীবালা দেৱীৰ কবিতাৰ মাজত এক পৰম সত্তা বা ভগৱানৰ অস্তিত্ব পৃথিৱীৰ সকলােতে অনুভৱ কৰা হৈছে। ঈশ্বৰৰ সৈতে মিলনেই হৈছে কবিৰ হৃদয়ৰ আকুলতা। ৰাতিপুৱা সূর্য উদয় হােৱাৰ পৰা নিশা গভীৰ টোপনিত লালকাল দি থকালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব অনুভৱ কৰে। এই অনুভৱকে কবিয়ে পৰমজনৰ লগত অন্তহীন। মিলন বুলি কৈছে।

পাঠটোৰ পৰা ২০১৯ বৰ্ষত অহা প্ৰশ্নসমূহ

১) নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাৱৰ ব্যঞ্জনা প্রতিধ্বনিত হােৱা দুখন কাব্যগ্রন্থৰ নাম লিখা। (Final-19)
উঃ নলিনীবালা দেৱীৰ ভাৱৰ ব্যঞ্জনা প্রতিধ্বনিত হােৱা দুখন কাব্যগ্রন্থৰ নাম হ’ল—

  • সপােনৰ সুৰ
  • অন্তিমৰ সুৰ

২) নলিনীবালা দেৱীৰ কবিতাৰ মূল সুৰ কি? (Final-19)
উঃ নলিনীবালা দেৱীৰ কবিতাৰ মূল সুৰ আছিল আধ্যাত্মিকতা।

পাঠটোৰ পৰা ২০২০ বৰ্ষত অহা প্ৰশ্নসমূহ

১) ‘বিশ্বদীপা’ শীর্ষক জীৱনীমূলক, গ্রন্থখনৰ ৰচক কোন? (Final-20)
উঃ ‘বিশ্বদীপা’ শীর্ষক জীৱনীমূলক গ্ৰন্থখনৰ ৰচক হ’ল- নলিনীবালা দেৱী।

২) নলিনীবালা দেৱীৰ কোন দুখন কাব্যগ্রন্থৰ ভালেমান কবিতাত স্বদেশপ্রেমৰ সুৰ প্ৰবাহিত হৈছে। (Final-20)
উঃ নলিনীবালা দেৱীৰ যুগ দেৱতা’আৰু জাগৃতি’নামৰ কাব্যগ্রন্থ দুখনৰ ভালেমান কবিতাত স্বদেশপ্রেমৰ সুৰ প্রবাহিত হৈছে।


শেষ বাক্য

হয়, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিলোঁ Class 12 Assamese Chapter 11 Question Answer তথা দ্বাদশ শ্ৰেণীৰ অসমীয়া বিষয়ৰ মিলন প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত কিছু প্ৰশ্ন উত্তৰ। ইয়াৰ ওপৰিও আপোনালোকৰ বাবে Class 12 Assamese Chapter 11 Question Answer PDF দিয়াৰও ব্যৱস্থা কৰিছো।

যদি আপোনাৰ এই Class 12 Assamese Chapter 11 Question Answer ৰ জৰিয়তে কিবা লাভ অনুভৱ কৰিছে হৈছে তেন্তে আপুনি Facebook বা Whatsapp ৰ জৰিয়তে আপোনাৰ বন্ধু বান্ধবীলৈ Share কৰিবলৈ নাপাহৰিব।

ইয়াৰ উপৰিও যদি আপোনাৰ কিবা জানিব লগা আছে তেন্তে Comment Section ত জনাব। আপোনাৰ যিকোনো প্ৰশ্ন উত্তৰ আমি সময়মতে দিবলৈ প্ৰয়াস কৰিম।

Leave a Comment

ADVERTISEMENT