Class 12 Assamese Chapter 1 Question Answer | মোৰ মাতৃমুখ দৰ্শন

আপুনি যদি দ্বাদশ শ্ৰেণীৰ এজন শিক্ষাৰ্থী তেন্তে এই লিখনিয়ে আপোনাক কিছু সহায় কৰিব বুলি আমি আশা। আজি আমি Class 12 Assamese Chapter 1 Question Answer ইয়াত আলোচনা কৰিবলৈ প্ৰয়াস কৰিছো।

ইয়াত আমি আজি Class 12 Assamese Chapter 1 Question Answer তথা “মোৰ মাতৃমুখ দৰ্শন” নামৰ অধ্যায়ৰ পৰা HS Final Exam 2017 ৰ পৰা HS Final Exam 2020 লৈকে যিমান প্ৰশ্ন সুধিছে তাক আমি ইয়াত সন্নিবিষ্ট কৰিছো।

Watch Video Classes

আপোনালোকৰ বাবে Assamese Question Answer নামৰ এই শিক্ষামূলক ৱেবছাইটত Class 12 Assamese Chapter 1 Question Answer ত সন্নিবিষ্ট আছে অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বৰ্ণনামূলক প্ৰশ্ন উত্তৰ আৰু কিছু ভাষা বিষয়ক প্ৰশ্ন উত্তৰ।

আপুনি ইয়াত Class 12 Assamese Chapter 1 Question Answer পঢ়ি যদি কিবা অসুবিধা অনুভৱ কৰিছে তেন্তে অনুগ্ৰহ কৰি আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আমি আপোনাৰ যিকোনো প্ৰশ্নৰ উত্তৰ যথা সময়ত দিবলৈ প্ৰয়াস কৰিম।

Class 12 Assamese Chapter 1 Question Answer for HS Final Exam 2024

আজি Class 12 Assamese Chapter 1 Question Answer ৰ লগতে HS Final Exam 2017 ৰ পৰা HS Final Exam 2020 লৈকে Class 12 Assamese Chapter 1 Question Answer যিমান সুধিছে তাক আমি ইয়াত সন্নিবিষ্ট কৰিছো। এই লিখনি আপুনি পঢ়িলে নিশ্চিতভাৱে আগন্তুক HS Fianl Exam 2024 ৰ বাবে আপুনি উপকৃত হব।

আৰ্হি প্ৰশ্ন উত্তৰ

অতি চমু প্ৰশ্ন (মূল্যাংক-১)

১। ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটো ক’ৰপৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটো ড॰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী (প্ৰথম খণ্ড) পৰা লোৱা হৈছে।

২। সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত ?
উত্তৰঃ সম্বলপুৰ ভাৰতৰ উৰিষ্যাত অৱস্থিত ৷

৩। বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক’ৰপৰা ক’লৈ যাত্ৰা কৰিছিল?
উত্তৰঃ বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰপৰা অসমলৈ যাত্ৰা কৰিছিল ৷

৪। ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল?
উত্তৰঃ ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী আছিল তেওঁৰ সহধৰ্মিনী প্ৰজ্ঞাসুন্দৰী আৰু সৰুজনী কন্যা ৷

৫। লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম ‘লিতিকাই’৷

চমু প্ৰশ্ন (মূল্যাংক-২/৩)

১। ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটিৰ নামাকৰণৰ তাৎপৰ্য ব্যাখ্যা কৰা ৷
উত্তৰঃ কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ যোৱা সাহিত্যৰথী বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমৰপৰা আঁতৰি থাকিবলগীয়া হৈছিল ৷ প্ৰায় ডেৰ-দুকুৰি বছৰৰ পিছত মাতৃভূমি অসমলৈ অহাৰ কথাটো তেওঁ মাতৃৰ মুখ দৰ্শনৰ লগত ৰিজাইছে ৷ সেয়েহে পাঠটিৰ নাম ‘মোৰ মাতৃমুখ দৰ্শন’ দিয়া হৈছে ৷

২। ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষটিত ‘মাতৃ’ শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল?
উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষটিত ‘মাতৃ’ শব্দৰে মাতৃভূমি অসমক বুজোৱা হৈছে৷প্ৰায় ডেৰ-দুকুৰি বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল ৷

৩। লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল?
উত্তৰঃ গুৱাহাটী অহাৰ পিছত কটন কলেজৰ ছাত্ৰসকলে গধূলি সভা পাতি বেজবৰুৱাক নিমন্ত্ৰণ কৰিছিল আৰু সভাত তেওঁলোকৰ একোজনে শুৱলাকৈ ইংৰাজী আৰু অসমীয়াত ভাষণ দিছিল ৷ কোনোৱে সুললিত কণ্ঠেৰে গীত গাইছিল আৰু কোনোৱে বিয়াহৰ ওজাপালি গাই লেখকক আহ্লাদিত কৰিছিল ৷ এনেদৰেই ছাত্ৰসকলে লেখকক অভিনন্দন জনাইছিল ৷

৪। ‘মোৰ মাতৃমুখ দৰ্শন’ৰ লেখকে উল্লেখ কৰা ‘মজিউ’ আৰু ‘জ্ঞান’ কোন আছিল?
উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ৰ লেখকে উল্লেখ কৰা ‘মজিউ’ আছিল কবি আৰু বিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু ‘জ্ঞান’ আছিল আৰ্ল ল কলেজৰ প্ৰিন্সিপাল জে. বৰুৱা বেৰিষ্টাৰ এট্-লৰ ৷

৫। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ উল্লেখ কৰা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ-

  1. প্ৰাকৃতিক সৌন্দৰ্য- ব্ৰহ্মপুত্ৰৰ মাজৰ উমানন্দ, কামাখ্যা, অশ্বক্ৰান্ত আদি অলেখ অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্যৰে গুৱাহাটী ভৰপূৰ ৷ এই সমূহে লেখকক আনন্দ দিছিল ৷
  2. ঐতিহাসিক উৎকৰ্ষ- গুৱাহাটী বিভিন্ন ঐতিহাসিক স্থানেৰে ভৰপূৰ ৷ এইবোৰে তীৰ্থযাত্ৰীৰ তীৰ্থস্পৃহা পলুৱাব পাৰে ৷ এই ঐতিহাসিক স্থানসমূহৰ বাবেও গুৱাহাটীক লেখকে বৰ ভাল পায় ৷
  3. প্ৰাচীন জ্ঞান-গৌৰৱৰ গৰিমা- গুৱাহাটীত থকা বহু প্ৰাচীন স্থানে প্ৰত্নতাত্ত্বিক প্ৰাচীন জ্ঞানৰ দুৱাৰ মুকলি কৰি মনত বিস্ময় জগাই দিব পাৰে ৷ এইবোৰৰ বাবেও গুৱাহাটী লেখকৰ বৰ আদৰৰ ৷

দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫)

১। ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেলযাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা ৷

উত্তৰঃ কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লোৱা সাহিত্যৰথী বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমলৈ আহিব পৰা নাছিল ৷ অৱশেষত ১৯৩০ চনৰ ১৯ চেপ্তেম্বৰত সম্বলপুৰৰপৰা অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰে ৷ সংগী আছিল সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী আৰু সৰু জী ৷ বেংগল-নাগপুৰ ৰেলেৰে সম্বলপুৰৰ পৰা দুঘণ্টা যাত্ৰা কৰি তেওঁ ঝাৰচোগোড়া জংচনত নামে আৰু তাৰ পৰা কলিকতা অভিমুখী ৰেলত উঠে ৷ তেওঁলোকে লগত খোৱা বস্তু নিয়া নাছিল৷যাৰ বাবে তেওঁৰ পৰিয়ালটো ভোকে-লঘোণে যাব লগা হ’ল ৷ ২৯ চেপ্তেম্বৰৰ ৰাতি ৮ মান বজাত তেওঁ কলিকতাত নামি এঠাইত এমুঠি খাই নিশাটোৰ বাবে জিৰণি ল’লে ৷ কলিকতাৰপৰা অসম অভিমুখী যাত্ৰাত আকৌ গাড়ীখনত অত্যাধিক যাত্ৰী উঠিও লেখকৰ পৰিয়ালক যথেষ্ট আহুকালত পেলালে ৷ ২১ চেপ্তেম্বৰত লেখকৰ পৰিয়ালে শিয়ালদাহ ষ্টেচন এৰি ২২ চেপ্তেম্বৰত গুৱাহাটীত উপস্থিত হয়হি৷

২। ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষিকৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা ৷

উত্তৰঃ মহাদেৱে কাম বন নকৰি ভাং ধতুৰা খাই ঘৰতে বহি থকা দেখি এদিন পাৰ্বতীয়ে ককৰ্থনা কৰিলে ৷ ঘৰতে বৃষভটো আছে, ঘাঁহ পানী খাই নোদোকাটো হৈছে ৷ তাৰেই হাল বাই খেতি বাতি কৰি ধান এগালমান আৰ্জিব পাৰে বুলি ধিক্কাৰ দিলে ৷ পাৰ্বতীৰ কথা শুনি মহাদেৱৰ বৰ বেজাৰ লাগিল ৷ লগে লগেই খেতি কৰিবলৈ যাবলৈ দৃঢ় সংকল্প ল’লে আৰু বৃষভৰ ওপৰত উঠি পথাৰলৈ গ’ল ৷ কৃষিকৰ্ম আৰম্ভ হ’ল ৷ কিছুদিনৰ ভিতৰতে খেতি কৰি গোটেইখন উভয়নদী কৰি পেলালে ৷ শোৱা, খোৱা গুছিল৷ঘৰলৈ আহিবলৈ এৰিলে ৷ ইফালে হিতে বিপৰীতে হোৱাত পাৰ্বতী সমস্যাত পৰিল ৷

গিৰিয়েকক ঘৰলৈ মাতি আনিবলৈ নন্দী ভৃংগীকে আদি কৰি যোৰে যোৰে মানুহ পঠিয়াবলৈ ধৰিলে৷পিছে কামত নাহিল ৷ এইবাৰ নাৰদক ৰিপুৱা ধৰিলে ৷ নাৰদে মহাদেৱক ঘৰলৈ আহিবলৈ খাটনি ধৰিলে ৷ কাৰো কথা নুশুনা মহাদেৱে নাৰদৰ খাটনিকো কাণ নকৰিলে ৷ অনেক ভাবি পাৰ্বতীয়ে এইবাৰ অসংখ্য মহ-ডাঁহ, চেৰেপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠাই দিলে ৷ একো কামত নাহিল ৷ অৱশেষত হাহা আৰু হুহু নামৰ দুটা মানসপুত্ৰ সৃষ্টি কৰি পঠিয়াই দিয়াত মহাদেৱৰ সমস্ত খেতি পুৰি ধ্বংস কৰিলে ৷

৩। হাহা হুহু কোন আছিল? এওঁলোকক কি কাৰণে সৃষ্টি কৰিছিল লিখা ৷

উত্তৰঃ হাহা হুহু পাৰ্বতীৰ মানসপুত্ৰ আছিল ৷

মহাদেৱে কাম বন নকৰি ভাং ধতুৰা খাই ঘৰতে বহি থকা দেখি এদিন পাৰ্বতীয়ে ককৰ্থনা কৰিলে ৷ ঘৰতে বৃষভটো আছে, ঘাঁহ পানী খাই নোদোকাটো হৈছে ৷ তাৰেই হাল বাই খেতি বাতি কৰি ধান এগালমান আৰ্জিব পাৰে বুলি ধিক্কাৰ দিলে ৷ পাৰ্বতীৰ কথা শুনি মহাদেৱৰ বৰ বেজাৰ লাগিল ৷ লগে লগেই খেতি কৰিবলৈ যাবলৈ দৃঢ় সংকল্প ল’লে আৰু বৃষভৰ ওপৰত উঠি পথাৰলৈ গ’ল ৷ কৃষিকৰ্ম আৰম্ভ হ’ল ৷ কিছুদিনৰ ভিতৰতে খেতি কৰি গোটেইখন উভয়নদী কৰি পেলালে ৷ শোৱা, খোৱা গুছিল৷ঘৰলৈ আহিবলৈ এৰিলে ৷ ইফালে হিতে বিপৰীতে হোৱাত পাৰ্বতী সমস্যাত পৰিল ৷

গিৰিয়েকক ঘৰলৈ মাতি আনিবলৈ নন্দী ভৃংগীকে আদি কৰি যোৰে যোৰে মানুহ পঠিয়াবলৈ ধৰিলে ৷ পিছে কামত নাহিল ৷ এইবাৰ নাৰদক ৰিপুৱা ধৰিলে৷নাৰদে মহাদেৱক ঘৰলৈ আহিবলৈ খাটনি ধৰিলে ৷ কাৰো কথা নুশুনা মহাদেৱে নাৰদৰ খাটনিকো কাণ নকৰিলে ৷ অনেক ভাবি পাৰ্বতীয়ে এইবাৰ অসংখ্য মহ-ডাঁহ, চেৰেপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠাই দিলে ৷ একো কামত নাহিল ৷ অৱশেষত হাহা আৰু হুহু নামৰ দুটা মানসপুত্ৰ সৃষ্টি কৰি পঠিয়াই দিয়াত মহাদেৱৰ সমস্ত খেতি পুৰি ধ্বংস কৰিলে ৷

৪। ‘ডিবৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল৷’-ডিবৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা ৷

উত্তৰঃ দীৰ্ঘদিনৰ অন্তত মাতৃভূমিলৈ আহি বেজবৰুৱাই বহু পৰিবৰ্তন দেখা পাইছিল ৷ ডিব্ৰুগড়ৰ গোটাচেৰেক কথাই লেখকক বৰ আনন্দিত কৰিছিল ৷ প্ৰথমে ডিব্ৰুগড়ৰ অসমীয়া তিৰোতাসকল শিক্ষা-দীক্ষা আৰু ৰাজহুৱা কথাদিত পুৰুষৰ সমকক্ষ হ’বলৈ আগবাঢ়িছিল৷সভা-সমিতি পতাত তেওঁলোক আগৰণুৱা হৈ পৰিছিল ৷ অথচ তেওঁলোকৰ স্ত্ৰীসূলভ গাম্ভীৰ্য আৰু কমনীয়তাৰ এচুলিমানো হ্ৰাস হ’বলৈ দিয়া নাছিল ৷ সভাই সমিতিয়ে বক্তৃতা দিয়াৰ ক্ষেত্ৰত দুই এগৰাকীয়ে অনেক পুৰুষকো চেৰ পেলাইছিল ৷ দ্বিতীয়তে ডিব্ৰুগড়ৰ ডেকাসকলৰ উদ্যমৰ ফলত সমৃদ্ধ হৈ পৰা ৰংগশালাটো দেখিও লেখকে মনত সন্তোষ পাইছিল ৷

থিয়েটাৰৰ বাবে অসমীয়া চিত্ৰবিদ ডেকাসকলে অঁকা ছবি এনে সুন্দৰ আছিল যে সেইবোৰ কলিকতাৰ নিপুণ চিত্ৰবিদ ডেকাসকলে অঁকা ছবিতকৈ কোনো গুণে কম নাছিল ৷ নাট্যকলাত ডিব্ৰুগড়ৰ সম্ভ্ৰান্তঘৰৰ ডেকাসকলে আশাতীত ভাৱে উন্নতি কৰিছিল ৷ পেইণ্টিং আৰু ফটোগ্ৰাফীত মুক্তানাথ বৰদলৈয়ে কৃতিত্ব দেখুৱাইছিল ৷ প্ৰভাতচন্দ্ৰ দাস আৰু জনদিয়েকৰ অভিনয়ে কলিকতাৰ বিখ্যাত অভিনেতাতকৈ কোনোগুণে কম নাছিল৷এনেবোৰ কথাই লেখকৰ মনত বৰ সন্তোষ দিছিল ৷

৫। লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত বুজাই লিখা ৷
উত্তৰঃ নাট মঞ্চায়নৰ ক্ষেত্ৰত মৌলিক নাটৰ অভিনয় সৰহ কৰিবলৈ পৰামৰ্শ দি বেজবৰুৱাই কৈছিল যে বিদেশী নাটক মঞ্চায়ন কৰাত তেওঁ বৰ সন্তোষ পালেও ঘোৰ বিৰোধী নহয় ৷ অৱশ্যে তেনে নাটকবোৰৰ অনুবাদ প্ৰকৃত অসমীয়া অনুবাদ হ’ব লাগে বুলি উল্লেখ কৰিছে৷ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাৱ সম্পদেৰে অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অতি শোভন কথা বুলিও তেওঁ উল্লেখ কৰিছে৷ কিন্তু সেয়া কৰিবলৈ যাওঁতে বাৰি বঙলুৱা অনুবাদ নকৰি আচল অসমীয়া অনুবাদ হোৱা উচিত বুলিও তেওঁ পৰামৰ্শ দিছে ৷

অতিৰিক্ত প্ৰশ্ন উত্তৰ

  • বেজবৰুৱাই চাকৰি কৰা কোম্পানীটোৰ নাম আছিল “বাৰ্ড কোম্পানী” ৷
  • “ভ্ৰমৰংগ” শ্বেক্সপীয়েৰৰ “Comedy of Errors” নাটকৰ অনুবাদ ৷
  • শ্বেক্সপীয়েৰৰ “Comedy of Errors” নাটকখনৰ অসমীয়া অনুবাদৰ লগত জড়িত ছাত্ৰ কেইগৰাকী হ’ল- ৰমাকান্ত বৰকাকতি, ঘনশ্যাম বৰুৱা, ৰত্নধৰ বৰুৱা আদি ৷
  • লক্ষ্মীনাথ বেজবৰুৱাক আধুনিক সাহিত্যৰ কাণ্ডাৰী বুলি কোৱা হয় ৷
  • বেজবৰুৱাৰ ৰচিত একমাত্ৰ উপন্যাস-পদুমকুঁৱৰী ৷
  • বেজবৰুৱাই ১৯২৪ চনত গুৱাহাটীত অনুস্হিত হোৱা অসম সাহিত্য সভাৰ অধিবেশনত সভাপতিত্ব কৰিছিল ৷
  • বেজবৰুৱাৰ ৰচিত বুৰঞ্জীমূলক নাটককেইখন হ’ল- জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ, বেলিমাৰ ৷

Download PDF Notes

তলত দিয়া লিংকৰ জৰিয়তে আপুনি Class 12 Assamese Chapter 1 Question Answer PDF ডাউনলোড কৰিব পাৰিব।

Class 12 Assamese Chapter 1 Question Answer PDF

Watch Video Class


২০১৭ বৰ্ষত HS Final Exam অহা প্ৰশ্নসমূহ

১) ‘মােৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটো ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?
উঃ ‘মােৰ মাতৃ দর্শন’ শীর্ষক পাঠটো ড° নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলীৰ (প্রথম খণ্ডৰ) পৰা সংগ্রহ কৰা হৈছে।

২) লক্ষ্মীনাথ বেজবৰুৱাক কিয় অসমীয়া চুটিগল্প জনক বুলি কোৱা হয়?
উঃ জোনাকী আলােচনীত লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ দ্বাৰা ৰচিত গল্পৰ জৰিয়তে অসমীয়া চুটিগল্পৰ শুভাৰম্ভ বিকাশৰ যাত্ৰাৰ সূচনা কৰে। সেয়েহে লক্ষ্মীনাথ বেজবৰুৱাক চুটিগল্পৰ জনক বুলি কোৱা হয়। তেওঁৰ ৰচিত চুটিগল্প হ’ল জোনবিৰি, সাধুকথাৰ কুকি, কেহােকলি, সুৰভি আদি।

৩) ‘মােৰ মাতৃমুখ দর্শন’ পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজ বৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেলযাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা।
উঃ লিখক লক্ষ্মীনাথ বেজবৰুৱাদেৱে কামৰ ব্যস্ততাৰ কাৰণে ডেৰকুৰি-দুকুৰি বছৰৰ পাছত মাতৃমুখ দর্শনৰ বাবে সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্রা কৰিছিল। দুর্গাপূজাৰ বন্ধত ৰেল কোম্পানীয়ে যাত্রীক ভাড়াৰ সুবিধা কৰি দিয়া বাবে লিখকে সেই সুযােগ এৰি নিদি ১৯৩০ চনৰ ১৯ ছেপ্টেম্বৰত অসমলৈ যাত্ৰা আৰম্ভ কৰিছিল। এই যাত্ৰাৰ সংগী আছিল তেখেতৰ সহধর্মিণী আৰু সৰু জীয়েক। সংস্কৃত শ্লোক আছে যে পথে নাৰী বিবর্জিত। অর্থাৎ যাত্রাপথত নাৰী লগত থাকিলে আহুকালে দেখা দিয়ে। গতিকে ক’ৰবালৈ গলে লগত তিৰােতা মানুহ নিব নালাগে। কিন্তু লিখকৰ ক্ষেত্ৰত তেনে কোনাে বিপদ হােৱা নাছিল। তেওঁৰ ভার্যা লগত থকা বাবে ৰেল যাত্ৰাত সহায়হে হৈছিল।

লিখকৰ ভাষাত মই কওঁ মােৰ বহু দর্শনত ‘পথে নাৰী বর্জিতা নহয় সম্পূজিতাহে। যাত্রা পথত তেখেতৰ ভার্যাই ৰেলৰ টিকট কিনা, ফল কাটি দিয়া, পিঠা-চাহ পানীৰ যোগান ধৰা আনকি ৰেলৰ খােটালী ভাত-পানীৰ যােগান ধৰি ভােক নিবাৰণ কৰাৰ দৰে, শুরৰ সময়ত পার্টীখন পাৰি দিয়া, গাৰুটো মূৰৰ তলত গুজি দিয়া, বিচনীৰে বিচি ঘাম দূৰ কৰা আদি কামবােৰে তেওঁক লঘু আনন্দৰে যাত্ৰা সুসম্পাদিত হৈ অন্ত পৰিছিল। সেয়েহে লেখকৰ বাবে নাৰী পথত যে গলগ্রহ নহয় বৰং গলৰ মালাহে অর্থাৎ মালতীৰ মালা। লিখকৰ সেইবাৰৰ ৰেল যাত্ৰাটো কিছু বিৰক্তিকৰ আছিল। তেওঁলােক সেইদিনা সম্বলপুৰৰ পৰা ৩১ মাইল দূৰৈৰ বেংগল, নাগপুৰ ৰেলৰ জংছন ঝাৰচোগােড়া জংছন পাওঁতে কিছু পলম হােৱাত ঝাৰচোগােড়া পােৱাৰ আগতে বােম্বাই মেইলখনে, ষ্টেচন এৰিছিল।

পিছত ষ্টেচনতে অপেক্ষা কৰি থাকোতে ৰাতি দুই তিনিমান বজাতহে কলিকতালৈ যােৱা পেছেঞ্জাৰ এখনত উঠি পিছদিনা ৰাতি ৮ বজামানত কলিকতা পাইছিল। এই যাত্ৰাত ৰাতিটো অনাহাৰে থাকিবলগীয়া হৈছিল কিয়নাে তেওঁলােকে এইখন ট্রেইনত খাবৰ বাবে একো নিয়া নাছিল। লগত জমা থকা খােৱা বস্তুও শেষ হৈছিল। গতিকে সময় বাঢ়ি যােৱাৰ লগে লগে তেওঁলােক ভােকত অতিষ্ঠ হৈ পৰিছিল। গার্ডক কৈ খৰগপুৰ আৰু চক্ৰধৰপুৰ ৰিফ্রেছমেণ্ট ৰূমৰ মেনেজাৰলৈ টেলিগ্রামাে কৰিছিল আহাৰ যােগান ধৰাৰ বাবে। কিন্তু টেলিগ্রাম কৰবাত পৰি থাকিল, তেওঁলােকৰ বাবে কোনাে সঁহাৰি নাহিল। ফুটা নাৱত চিৰচিৰকৈ পানী সােমােৱাদি ওৰে দিনটো লেখকৰ পেটত ভােকে চিৰচিৰাই থাকিল।

অৱশেষত পেটৰ ভােকৰ ফুটাত সােপা দি ৰাখিবলৈ ষ্টেচনত বিক্ৰী কৰা কচুৰি-শিঙৰাকে খাই তেওঁলােকে কলিকতা পালে। ট্রেইন যাত্ৰাত দ্বিতীয় শ্রেণীৰ ডবাবােৰত কিছুমান মগনিয়াৰ মানুহ সােমাই ভিৰ কৰিছিল। শেষত মানুহৰ ভিৰ বাঢ়ি ডবাবােৰ অন্ধকূপ যেন হৈ পৰিছিল। এনেদৰে নানা আহুকালৰ মাজেৰে আহি লেখকে বাইশ তাৰিখে গুৱাহাটীত উপস্থিত হৈছিলহি।

২০১৮ বৰ্ষত HS Final Exam অহা প্ৰশ্নসমূহ

১) ‘মােৰ মাতৃ মুখ দর্শন’ত লেখকে উল্লেখ কৰা মাজিউ’ আৰু জ্ঞান’ কোন আছিল?
উ : ‘মােৰ মাতৃমুখ দর্শন’ত লেখকে উল্লেখ কৰা ‘মাজিউ’ আছিল সুকবি, সু-বিখ্যাত চাহ খেতিয়ক সদাগৰ শ্ৰীযুত চন্দ্র কুমাৰ আগৰৱালা আৰু জ্ঞান’ আছিল আর্সল কলেজৰ প্রসিদ্ধ প্রিন্সিপাল মিষ্টাৰ জে বৰুৱা বেৰিষ্টাৰ এৰ।

২) ডিব্ৰুগড়ৰ অসমীয়া তিৰােতাসকলৰ কেনে ধৰণৰ গড়গতি আৰু কার্যকলাপত লক্ষ্মীনাথ বেজবৰুৱা আনন্দ বিমিশ্রিত আচৰিত হৈ পৰিছিল চমুকৈ লিখা। (2021) নাইবা- ডিব্ৰুগড়ত গােটাচেৰেক কথাই মােক বৰ সন্তোষ দিছিল’– ডিব্ৰুগড়ত কোনবােৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল, বুজাই লিখা। (2018)
উঃ লেখকে মাতৃমুখ দর্শনৰ বাবে অসমলৈ আহি কেইদিনমান ডিব্ৰুগড়ত কটাইছিল। কথাতে কয় ‘আইৰাে বার্তা, গংগাৰৰ যাত্রা। বেজবৰুৱায়াে ডিব্ৰুগড়ত থকা জী-জোঁৱাইৰ খবৰ লােৱাৰ লগতে বন্ধুবান্ধব, সতীর্থ সকলৰ লগতে সাক্ষাৎ কৰিছিল। দুই-এদিন ডিবুৰুতে থাকি কিছুমান নতুন নতুন জ্ঞান লাভ কৰিছিল। গােটাচেৰেক দুই-এটা কথাই তেওঁক সন্তোষ দিছিল বুলি কৈছে।

প্রথমে তেওঁ সন্তোষ লাভ কৰিছিল ডিবুৰৰ অসমীয়া মহিলাসকলৰ কার্যকলাপ, মাত কথা, ব্যৱহাৰ দেখি। তেওঁলােক ওৰণিৰ তলতে আবদ্ধ হৈ চেঁচুকৰ ডেমডেউকা হৈ থকা নাই। শিক্ষা-দীক্ষা আৰু ৰাজহুৱা কাম-কাজততা আজি-কালি তেওঁলোক অগ্রণী, সকলাে সজ কামত পুৰুষৰ সমানে আগ্রহী হৈ অংশ লয়। ৰক্ষণশীল সমাজৰ শিকলি ছিঙি তেওঁলোেক ওলাই আহিছে। সভা-সমিতিত সুন্দৰ বক্তৃতা দি নামজ্বলা পুৰুষকো চেৰ পেলাইছে।

ৰামমােহন ৰায়ৰ স্মৃতিসভাত কল্যাণীয়া শ্ৰীমতী যােগা দেৱীৰ বক্তৃতা শুনি তেওঁ বৰকৈ অভিভূত হৈ পৰিছিল। অসমীয়া তিৰােতাই মাজতে বােৱা-কটা এৰিছিল। কিন্তু ডিবুৰুৰ মহিলাসকলে পুনৰ হাতে-কামে বােৱা কটা গ্ৰহণ কৰিছিল। বেজবৰুৱাদেৱক সন্তোষ দিয়া আন এটা কথা হল বালিকা স্কুলখনৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীমতী গৌৰীপ্রভা চলিহাৰ ব্যৱহাৰ। তেওঁ লগত সহশিক্ষয়িত্ৰী আৰু একুৰিমান ছাত্ৰী লৈ বেজবৰুৱাক সাক্ষাৎ কৰিবলৈ আহিছিল।

তেওঁলােকে বেজবৰুৱাক সন্মান যাচি বিদ্যালয়খনলৈ গৈ দুই এটি জ্ঞান গর্ভ উপদেশ দিবলৈ নিমন্ত্রণ কৰিছিল। তেওঁলােকৰ নিমন্ত্রণে লেখকক বৰকৈ আনন্দিত কৰিছিল। লেখকক তেওঁলােকৰ সন্মান আৰু আন এক কার্যই বৰকৈ সন্তোষ দিছিল। স্কুলখনলৈ তেওঁ গৈ পােৱাত তেওঁলােকে বৰ আদৰ-সাদৰ কৰিছিল। বাছকবনীয়া ৰূপৰ বঁটা এটাত যি কাকত এডুখৰি দি সন্মান জনাইছিল সেয়াই সদায় সন্তোষ দি থাকিব বুলি উল্লেখ কৰিছে। ডিবুৰুৰ সম্রান্ত ঘৰৰ মহিলাসকলৰ ব্যৱহাৰেও লেখকক সন্তোষ দিছিল। তেওঁলােকৰ মুগাৰ কাপােত ছােৱা সভাৰ অভিনন্দন পত্ৰখন লাভ কৰি বৰ আনন্দ লাভ কৰিছিল। এয়া যেন তেওঁৰ হাতত আদৰৰ সমল হৈ থাকিব।

ডিবুৰুৰ ডেকাসকলৰ সাংস্কৃতিক চিন্তা-ভাৱনা। দেখিও লেখকে সন্তোষ পাইছিল। ৰংগশালত ডেকাসকলৰ গান-বাজনা, নাট-যাত্রা-ভাওনা আদিৰ অনুশীলন দেখি লেখকে বৰ আনন্দ পাইছিল। স্নেহাস্পদ মুক্তানাথ বৰদলৈৰ পেইন্টিং আৰু ফটোগ্রাফীয়েও তেওঁক সন্তোষ দিছিল।

২০১৯ বৰ্ষত HS Final Exam অহা প্ৰশ্নসমূহ

১) লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণকথা কি বিষয়ক গ্রন্থ?
উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণকথা’ এখন তত্ত্বমূলক গ্রন্থ।

২) লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ উল্লেখ কৰা।
উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ কাৰণ তিনিটা হ’ল—

  • গুৱাহাটীৰ প্রাকৃতিক সৌন্দর্য
  • গুৱাহাটীৰ ঐতিহাসিক উৎকর্ষ আৰু
  • গুৱাহাটীৰ প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা।

৩) “পানীমে মীন পিয়াসী। মােক শুনত শুনত লাগে হাসি”– এই পদ ফাকি কাৰ ৰচনা? পদফাঁকি অর্থ কি? বেজবৰুৱাই কি প্ৰসংগত ইয়াৰ অৱতাৰণা কৰিছে?
উঃ এই পদফাঁকি ভক্ত কবীৰৰ ৰচনা। এই পদফাঁকি এটা দোহাৰ অন্তৰ্গত। বেজবৰুৱাদেৱ বছৰ ধৰি কর্মব্যস্ততাৰ বাবে মাতৃভূমিলৈ আহিব পৰা নাছিল। এজন অসমীয়া ডেকাই গপ বা অভিমানত তেওঁ মাতৃভূমিৰ পৰা আঁতৰি আছে বুলি অভিযােগ কৰিছিল। এই অভিযােগৰ উত্তৰ দিবলৈ গৈ বেজবৰুৱাই এই পদফাকিৰ অৱতাৰণা কৰিছে। মানুহৰ অন্তৰতে ঈশ্বৰ আছে যদিও ভক্তিহীন অজ্ঞানী মানুহে তেওঁক উপলব্ধি কৰিব নােৱাৰে। অজ্ঞানীজনৰ এনে অৱস্থা দেখি কবিৰ হাঁহি উঠে।

লক্ষ্মীনাথ বেজবৰুৱাই কর্মব্যস্ততাৰ বাবে বহুবছৰ ধৰি অসমলৈ অহা নাছিল। কলিকতা, সম্বলপুৰ আদিতে বেছি বছৰ কটাইছিল। শিৱসাগৰত অনুষ্ঠিত সভা এখনত এজন অসমীয়া ডেকাই কয় যে বেজবৰুৱাই গপ বা অভিমান কৰিহে মাতৃ ভূমিৰ পৰা আতৰি আছে। মাতৃভূমিৰ প্ৰতি তেওঁৰ যেন আস্থা কমি গৈছে। এয়া শিৱসাগৰীয়া এজন ডেকাৰ অভিযােগ। বেজবৰুৱাই প্রবাসত থাকিও যে মাতৃভূমিৰ প্ৰতি সেৱা কৰি আছে সেয়া যেন ডেকাই বুজি পােৱা নাই। বিধিৰ বিপাকত পৰিলে এডিঙি পানীত থকা মানুহেও পানী বিচাৰি নাপাই পিয়াহত শুকাই মৰে। তেনেদৰে অসমত থাকিও কিছুমানে অসমৰ প্ৰতি একো নকৰে।

২০২০ বৰ্ষত HS Final Exam অহা প্ৰশ্নসমূহ

১) ‘Comedy of Errors’ৰ অসমীয়া ভাঙনি “ভ্ৰমৰংগ” কোন চনত প্ৰকাশ পাইছিল?
উঃ ‘Comedy of Errors’ৰ অসমীয়া ভাঙনি “ভ্ৰমৰংগ” ১৮৮৮ চনত প্রকাশ পাইছিল।

২) যথা নিযুক্তোহস্মি তথা কৰােমি” পদটিৰ অর্থ লিখা।
উঃ উক্ত সংস্কৃত পদটিৰ অৰ্থ হ’ল— যিদৰে বা যিটো কামৰ বাবে নিযুক্ত হৈছে, তাকে কৰিছে।

৩) ব্যাখ্যা কৰা :- কালৰ পীড়নত আজিৰ অসম জীর্ণ-শীর্ণ-দীর্ণ।”
উ : “কালৰ পীড়নত আজিৰ অসম জীর্ণ-শীর্ণ-দীর্ণ।” উপৰােক্ত বাক্যৰি আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত ‘মােৰ মাতৃমুখ দর্শন’ নামৰ প্রবন্ধটিৰ পৰা তুলি দিয়া হৈছে।

সােণত সুৱগা চৰা অসমী আইয়ে চিৰকাল অসমবাসীক গৌৰৱান্বিত কৰি আহিছে। ইয়াৰ প্রাকৃতিক সৌন্দৰ্য্য, ঐতিহাসিক উৎকর্ষ, প্রাচীন গৰিমাই অসমবাসীক যেন বিশ্ব দৰবাৰত জিলিকাই তুলিছে। চিৰদিন অসমীয়াৰ গৌৰৱৰ ধ্বজা হৈ অহা অসম আজি যেন কালৰ পীড়নত স্নান হৈ যাব ধৰিছে। যুগ-যুগ ধৰি বিভিন্ন জাতি-জনজাতিয়ে অসম মাতৃৰ বুকুত কৰি অহা আঘাতে যদিও অসম মাতৃক জীর্ণ কৰি তুলিছে, তথাপি কেতিয়াও দুর্বল কৰিব পৰা নাই। অসমযাত্রী বিদেশীয়ে অসমীয়াৰ ঢকুৱাৰ বেৰ গুৱাহাটীত নেদেখে, বৰং যিমানকৈ চকু বহলকৈ মেলে, সিমানলৈ বৰচুৰিয়াৰ ফেৰহে দেখিবলৈ পাব বুলি কৈ বেজবৰুৱাদেৱে গুৱাহাটীক অসমৰ গৌৰৱৰ চানেকি বুলি শলাগিছে। অর্থাৎ বিদেশীৰ আঘাতত মান হ’ব খোজা অসমী আইৰ ঐতিহ্য, কীর্তিক গুৱাহাটীয়ে নতুনকৈ প্রতিষ্ঠা কৰা বুলি কোৱাৰ প্ৰসংগতে বেজবৰুৱাদেৱে এই বাক্যৰিৰ অৱতাৰণা কৰিছে।

৪) সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত?
উ : সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত।


শেষ বাক্য

হয়, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিলোঁ Class 12 Assamese Chapter 1 Question Answer তথা দ্বাদশ শ্ৰেণীৰ অসমীয়া বিষয়ৰ “মোৰ মাতৃমুখ দর্শন” প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত কিছু প্ৰশ্ন উত্তৰ। ইয়াৰ ওপৰিও আপোনালোকৰ বাবে Class 12 Assamese Chapter 1 Question Answer PDF দিয়াৰও ব্যৱস্থা কৰিছো।

যদি আপোনাৰ এই Class 12 Assamese Chapter 1 Question Answer ৰ জৰিয়তে কিবা লাভ অনুভৱ কৰিছে হৈছে তেন্তে আপুনি Facebook বা Whatsapp ৰ জৰিয়তে আপোনাৰ বন্ধু বান্ধবীলৈ Share কৰিবলৈ নাপাহৰিব।

ইয়াৰ উপৰিও যদি আপোনাৰ কিবা জানিব লগা আছে তেন্তে Comment Section ত জনাব। আপোনাৰ যিকোনো প্ৰশ্ন উত্তৰ আমি সময়মতে দিবলৈ প্ৰয়াস কৰিম।

5 thoughts on “Class 12 Assamese Chapter 1 Question Answer | মোৰ মাতৃমুখ দৰ্শন”

Leave a Comment