Class 12 Assamese Chapter 18 Question Answer | কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

কৈশোৰ কাল সকলোৰে এক গুৰুত্বপূৰ্ণ সময় আৰু এই সময়ত কিছু শিক্ষা গ্ৰহণ কৰা অতি জৰুৰী যিয়ে আপোনাক আগলৈ বহু কামত সহায় কৰিব।

এনেবোৰ বহু আনুসংগিক কথাক সাঙুৰি ড০ স্বৰ্ণলতা দাসে Class 12 Assamese ত এক গুৰুত্বপূৰ্ণ অধ্যায় ৰচনা কৰিছে। আজি আমি আপোনালোকৰ সৈতে Class 12 Assamese Chapter 18 Question Answer তথা কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষাৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিব আহিছোঁ।

Class 12 Assamese Chapter 18 Question Answer

ইয়াৰ আগতে আমি Class 12 Assamese ৰ বহু কেইটা অধ্যায়ৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিছো, আপুনি বিচাৰিলে ওপৰত দিয়া লিংকত ক্লিক কৰি পঢ়িব পাৰে আৰু নিজকে আগন্তুক HS Final Exam 2025 ৰ বাবে প্ৰস্তুত কৰিব পাৰে।

Class 12 Assamese Chapter 18 Question Answer 2025

আজি আমি আপোনালোকৰ বাবে Class 12 Assamese Chapter 18 Question Answer ত কিছু অতি চমু প্ৰশ্নৰ উত্তৰ, চমু প্ৰশ্নৰ উত্তৰ, বহল প্ৰশ্নৰ উত্তৰ, ব্যাখ্যা কৰা, চমু টোকা লিখা আদি কৰি কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ যোগান ধৰাৰ প্ৰয়াস কৰা হৈছে।

আশা কৰোঁ এই লিখনি পঢ়িলে আপুনি আগন্তুক HS Final Exam 2025 ত অসমীয়া বিষয়ত ১০০% নম্বৰ লাভ কৰিব পাৰিব। তেন্তে আহক আজি আমি কোনো সময় নষ্ট নকৰাকৈ Class 12 Assamese Chapter 18 Question Answer আলোচনা কৰোঁ।

আৰ্হি প্ৰশ্ন উত্তৰ

অতি চমু প্ৰশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ১)

১. কৈশোৰ কালৰ এটি বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ দিবাস্বপ্ন বা অলীক কল্পনা কৈশোৰ কালৰ এটি বৈশিষ্ট্য ৷

২. কোনছােৱা সময়ক কৈশােৰ কাল বুলি জনা যায় ?
উত্তৰঃ বাল্যকাল আৰু প্রাপ্তবয়স্কৰ মাজৰ সময়ছােৱাক কৈশােৰ কাল বুলি কোৱা হয় ।

৩. মানৱ জীৱনৰ কোনছােৱা কালক ৰূপান্তৰৰ কাল বুলি অভিহিত কৰিব পাৰি ?
উত্তৰঃ মানৱ জীৱনৰ কৈশােৰ কালক এক ৰূপান্তৰৰ কাল বুলি কোৱা হয় ।

৪. নৈতিকতাৰ বিকাশে কিশােৰ – কিশােৰীৰ মনত কেনে ভাবৰ উন্মেষ হােৱাত সহায় কৰে ?
উত্তৰঃ নৈতিকতাৰ বিকাশে কিশােৰ – কিশােৰীৰ মনত সামাজিক দায়বদ্ধতা , দেশপ্রেম বা বিশ্বপ্রেম আদি ভাবৰ উন্মেষ হােৱাত সহায় কৰে ।

৫. কৈশােৰ কালৰ বাবে প্রচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয় ?
উত্তৰঃ কৈশােৰ কালৰ বাবে প্রচলিত শিক্ষাক মাধ্যমিক শিক্ষা বুলি কোৱা হয় ।

চমু প্রশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ২/৩)

১. কৈশােৰ কালৰ শাৰীৰিক বিকাশৰ লক্ষণসমূহ চমুকৈ আলােচনা কৰা ।
উত্তৰঃ কৈশােৰ কালৰ দ্রুত শাৰীৰিক বিকাশ সহজতে চকুত পৰে । যৌৱনপ্রাপ্তিৰ লগে লগে হােৱা জৈৱিক পৰিৱর্তনে ল’ৰা – ছােৱালীৰ দেহৰ বিভিন্ন অংগৰ আকাৰ , ওজন , দৈর্ঘ্য বৃদ্ধি কৰাৰ লগে লগে নাৰী – পুৰুষৰ দেহৰ গঠনৰ পার্থক্য পৰিলক্ষিত হয় । প্রজনন ক্ষমতাপ্রাপ্তি । কৈশােৰ কালৰ এক প্রধান বৈশিষ্ট্য আৰু তাৰ ফলত শৰীৰৰ বিভিন্ন পৰিৱর্তন , কণ্ঠস্বৰ পৰিৱৰ্তন আদিয়ে দেখা দিয়ে ।

এই অভাৱনীয় পৰিৱর্তনসমূহে কিশােৰ – কিশােৰীৰ মনলৈ আত্ম – সচেতনতাৰ ভাব আনি দিয়ে , যিটোৱে অনাহক লাজ , ভয় আৰু উৎকণ্ঠাৰ সৃষ্টি কৰে । এই সময়ত দেহব । অন্তঃস্রাৱী গ্রন্থিসসমূহৰ নিঃসৰণৰ বাবে হােৱা জৈৱ ৰাসায়নিক প্রক্রিয়াৰ ফলস্বৰূপে কিশােৰ কিশােৰীয়ে বিপৰীত লিংগৰ প্রতি আসক্তিৰ ভাব অনুভৱ কৰে । এই সময়তে দেহৰ যৌন গ্রন্থিসমূহ সক্রিয় হৈ উঠি কিশােৰক যৌৱনৰ অফুৰন্ত শক্তিৰ অধিকাৰী কৰিও তােলে।

২. কৈশােৰ কালত কিশােৰ – কিশােৰীৰ মাজত পৰিলক্ষিত হােৱা নৈতিক পৰিৱর্তনসমূহ ফঁহিয়াই লিখা ।
উত্তৰঃ কৈশােৰ কালছােৱাত মানুহৰ নিজৰ মতাদর্শ গঢ়ি উঠে আৰু নৈতিক ক্ষেত্ৰত কিছু পৰিমাণে তাৰ প্ৰভাৱ পৰে । ধৰ্মৰ প্রতি , দর্শনৰ প্রতি বা জীৱনৰ লক্ষ্য – উদ্দেশ্যৰ প্ৰতি উৎকণ্ঠা জাগি উঠে আৰু তাৰেই ফলস্বৰূপে মানসিক দ্বন্দ্বৰাে সৃষ্টি হ’ব পাৰে । কিছু ক্ষেত্ৰত পিতৃ – মাতৃ বা সমাজৰ বয়ােজ্যেষ্ঠজনৰ মতাদৰ্শৰ পৰা ফালৰি কাটি নিজৰ যুক্তি বিবেচনাৰ এক নতুন নৈতিকতাসমৃদ্ধ সমাজ সৃষ্টি কৰিবলৈ বিচাৰে ।

যৌৱনৰ অফুৰন্ত শক্তিৰ জোৱাৰে কৈশােৰ মনত সৃষ্টি কৰে এক সার্বজনীন বিশ্ব ভ্রাতৃত্বৰ মনােভাব । সমাজ সচেতনতাৰ লগতে গঢ়ি উঠে নিঃস্বার্থ মনােভাব । যাৰ ফলত কিশােৰে নতুন সমাজ গঢ়াৰ সপােনত ব্ৰতী হয় । ন্যায়ৰ হকে যুঁজিবলৈ লােৱা মানৱৰ বাবেই বিশ্বৰ বহুবােৰ সামাজিক বিপ্লৱত অংশ গ্রহণ কৰা লােকসকলৰ অধিকাংশই কিশােৰ – কিশােৰী । নৈতিকতাৰ এনে বিকাশে সামাজিক দায়ৱদ্ধতা , দেশপ্রেম বা বিশ্বপ্রেম আদি ভাবৰ উন্মেষ হােৱাত সহায় কৰে।

৩. কৈশােৰ কালছােৱাত মানসিক শক্তিৰ বিকাশ কেনেদৰে হয় ?
উত্তৰঃ কৈশােৰ কালছােৱাত মানসিক শক্তিৰ বিকাশ পূর্ণগতিত হয় । মানসিক শক্তি মানে হ’ল— বুদ্ধি , বিমূর্ত চিন্তনৰ ক্ষমতা , যুক্তিশক্তি , বিভিন্ন দিশত আগ্রহ আদি । কৈশােৰৰ আৰম্ভণিতে যদিও বৌদ্ধিক বিকাশৰ গতি কিছু হ্রাস পায় , শেষৰ পিনে ই দ্রুতগতি লয় আৰু কৈশােৰৰ শেষত বৌদ্ধিক ক্ষমতাই চৰম উৎকর্ষ লাভ কৰে ।

আনহাতে শৈশৱ কালৰু অনুকৰণ শিক্ষাৰ সলনি নিজৰ বিচাৰ বুদ্ধিৰে যুক্তিসংগতভাৱে চিন্তা কৰিব পৰা শক্তিৰাে বিকাশ হয় এই কালছােৱাতেই । মূর্ত চিন্তাৰ বিপৰীতে বিমূর্ত চিন্তনৰ ক্ষমতা কৈশােৰ কালৰ এক বৈশিষ্ট্য , যিটোৱে স্বাধীন আৰু মৌলিক চিন্তাধাৰাৰ বিকাশত যথেষ্ট অৰিহণা যােগায় । এক কথাত ক’বলৈ গ’লে , জীৱশ্রেষ্ঠ মানুহৰ ভিন্ ভিন্ মানসিক ক্ষমতাৰ পূর্ণ বিকাশ ঘটে এই কৈশােৰ কালতে ।

৪. কৈশােৰ কালৰ বাবে প্রস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় কি কি?
উত্তৰঃ কৈশােৰ কালৰ বাবে প্রস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা প্রাথমিক আৰু মৌলিক বিষয় হল—

  • ভাষা শিক্ষণ ।
  • গণিত ।
  • বিজ্ঞান ।
  • সমাজবিজ্ঞান

তদুপৰি আৰু কিছুমান বিষয়ত গুৰুত্ব দিয়া হৈছে । কাৰিকৰী বিদ্যা , স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা , পৰিৱেশ বিজ্ঞানৰ শিক্ষা , যৌন শিক্ষা আৰু জনশিক্ষা , মানৱ অধিকাৰ আৰু শান্তিৰ শিক্ষা , মূল্যবােধৰ শিক্ষা আদি কিছুমান ওপৰঞ্চি বিষয়ৰ অন্তর্ভুক্তিয়ে মাধ্যমিক স্তৰৰ শিক্ষা স্বয়ংসম্পূর্ণ কৰি তুলিছে । ইয়াৰ ফলত কিশােৰ – কিশােৰীৰ দৈহিক , মানসিক , সামাজিক সম্পর্কীয় চাহিদাসমূহ পূৰণ হ’ব বুলি ভবা হৈছে ।

৫. কিশােৰ সংস্কৃতি কি ?
উত্তৰঃ কিশােৰ কালত সমনীয়াৰ সৈতে হােৱা প্রতিযােগিতা – সহযােগিতাৰ অন্তৰালত গঢ়ি উঠা মনােভাৱকেই ‘ উপ সংস্কৃতি ’ বা ‘ কিশােৰ সংস্কৃতি ’ বােলা হয় । ইয়াৰ ধনাত্মক দিশ হ’ল — এই সময়ত দলীয় মনােভাৱৰ লগতে সহমর্মিতাৰ উন্মেষ হয় । সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযােগিতাৰ ভাব গঢ়ি উঠে । আনহাতে ইয়াৰ ঋণাত্মক দিশ হ’ল সামাজিক ব্যাধিস্বৰূপ মাদকদ্রব্যৰ ব্যৱহাৰ , ড্ৰাগছৰ প্রতি আসক্তি নতুবা সমাজ স্বীকৃত আচৰণৰ প্রতি অনীহা আনকি বিপথগামী মনােভাবাে এই সময়ত গঢ় ল’ব পাৰে ।

দীঘলীয়া প্ৰশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ৪/৫)

১. কৈশোেৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই লিখা ।
উত্তৰঃ মানৱ জীৱনৰ কৈশােৰ কালক এক ৰূপান্তৰ কাল বুলি অভিহিত কৰিব পাৰি । এই কালছােৱাত এটি কিশােৰ সন্মুখীন হয় তেওঁৰ শাৰীৰিক , মানসিক , আৱেগিক , সামাজিক আৰু নৈতিক ক্ষেত্ৰত নানা জটিল পৰিৱর্তনৰ । কৈশােৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে তলত আলােচনা কৰা হ’ল

আৱেগিক বিকাশ:- কৈশােৰ কালত কিশােৰ – কিশােৰীৰ আৱেগিক দিশৰ বিকাশ পূর্ণতম বুলি ক’ব পাৰি । আৱেগ – অনুভূতিৰ অত্যধিক প্রৱণতাৰ ফলত বহু ক্ষেত্ৰত তেওঁলােকৰ জীৱন সম্পূর্ণভাৱে আৱেগে পৰিচালিত কৰে । আৱেগৰ পূৰ্ণতম বিকাশে কিশােৰ – কিশােৰীৰ মনােজগতত আলােড়ন সৃষ্টি কৰে , যাৰ ফলত তেওঁলােকৰ মন হৈ পৰে কেতিয়াবা অতিশয় আশাবাদী আৰু কেতিয়াবা অতি নিৰাশাবাদী । আশা – নিশাৰ দোমােজাত পৰি বহু সময়ত বহুতৰে অন্যৰ লগত মিলিব নােৱাৰা সমস্যাই দেখা দিয়ে । সুস্থভাৱে নিজৰ মনক পৰিচালিত কৰিব নােৱাৰি , বহু সময়ত কিশােৰ – কিশােৰী হৈ পৰে বিদ্রোহী মনােভাবাপন্ন। পৰিয়ালৰ প্রতি , সমাজৰ প্ৰতি নেতিবাচক মনােভাব পােষণ কৰা এনে কিশােৰ – কিশােৰীক সময়মতে সুশিক্ষা দিব নােৱাৰিলে সৃষ্টি হয় অপৰাধপ্রৱণতা ।

সামাজিক বিকাশ:- কৈশােৰ কালৰ সামাজিক বিকাশ এক লেখত ল’বলগীয়া বিষয় । দলীয় মনােভাবৰ লগতে সহমর্মিতাৰ উন্মেষ হয় এই কালছােৱাত । সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযােগিতাৰ ভাব গঢ়ি উঠে । সমনীয়াৰ সৈতে হােৱা প্রতিযােগিতা সহযােগিতাৰ অন্তৰালত গঢ়ি উঠে এক উপ – সংস্কৃতি , যাক কিশােৰ – সংস্কৃতি বুলি অভিহিত কৰা হয় । কিশােৰ অৱস্থাৰ চাল – চলন , সাজ – পাৰ , বাক – ভংগী , ধ্যান – ধাৰণা আনকি ৰাজনৈতিক মতাদর্শ আদিততা এই সংস্কৃতিয়ে যথেষ্ট প্রভাৱ পেলােৱা দেখা যায় । মন কৰিবলগীয়া কথা যে বেছিভাগ ক্ষেত্ৰত কিশােৰ – সংস্কৃতি ধনাত্মক দিশতকৈ ঋণাত্মক দিশটোৰ প্ৰতিহে ধাৱমান হয় । আমাৰ সমাজত দেখা দিয়া সামাজিক ব্যাধিস্বৰূপ মাদক দ্রব্যৰ ব্যৱহাৰ ড্ৰাগছৰ প্ৰতি আসক্তি নতুবা সমাজ স্বীকৃত আচৰণৰ প্রতি অনীহা আদি বিষয়ত কিশােৰসকলক সুশিক্ষিত কৰি নুতুলিলে তেওঁলোক বিপথগামী হয় ।

২. কৈশােৰ কালৰ বাবে কেনে ধৰণৰ শিক্ষা উপযােগী ? উদাহৰণসহ বর্ণনা কৰা ।
উত্তৰঃ কৈশােৰ কালৰ বাবে প্রচলিত শিক্ষা হ’ল মাধ্যমিক শিক্ষা । কৈশােৰ বা বয়ঃসন্ধি কালৰ ল’ৰা – ছােৱালীয়ে পঢ়া শিক্ষানুষ্ঠানসমূহ হ’ল মাধ্যমিক শিক্ষাৰ অনুষ্ঠান । অৱশ্যে কৈশােৰৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে ক’বলৈ গ’লে আনুষ্ঠানিক শিক্ষাৰ লগতে অনানুষ্ঠানিক শিক্ষাকো সমানে গুৰুত্ব দিব লাগিব ।

ব্যক্তি জীৱনৰ জটিলতাপূর্ণ কৈশােৰ কালক সামৰি লােৱা মাধ্যমিক শিক্ষাই সমগ্র শিক্ষা ব্যৱস্থাতে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে । কিয়নাে মাধ্যমিক শিক্ষাৰ জৰিয়তে এটা জাতিৰ লক্ষ্য আৰু আদৰ্শক উপলব্ধি কৰিব পাৰি । ভাৰতীয় শিক্ষা পদ্ধতিৰ আঁচনি কার্যকৰী কৰিব পাৰি এই শিক্ষাৰ স্তৰতে । স্বাধীনতাৰ পৰৱর্তী দশকতে গঠিত হােৱা মাধ্যমিক শিক্ষা আয়ােগে ( ১৯৫২-৫৩) মাধ্যমিক শিক্ষাৰ তিনিটা লক্ষ্যৰ বিষয়ে উনুকিয়াইছে । সেইকেইটা হ’ল —

দেশৰ সমসাময়িক ৰাজনৈতিক , সামাজিক বা অর্থনৈতিক সমস্যাৰ পটভূমিত বর্তমান আৰু ভৱিষ্যতৰ দাবী পূৰাব পৰাকৈ শিক্ষা ব্যৱস্থাক গঢ় দিয়া ।
ধর্ম নিৰপেক্ষ দেশৰ সুনাগৰিক হিচাপে প্রয়ােজনীয় গুণ আয়ত্ত কৰি অর্থনৈতিক অগ্রগতিত সহায় কৰা । জাতীয় সংহতিৰ বিকাশসাধন কৰা ।

আনহাতে ১৯৮৬ চনত ভাৰত চৰকাৰে ঘােষণা কৰা ৰাষ্ট্ৰীয় শিক্ষানীতিতে মাধ্যমিক শিক্ষাক গুৰুত্বসহকাৰে লােৱা হৈছে । এই শিক্ষা বৃত্তিমুখীকৰণৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে । এই ব্যৱস্থাৰে দেশৰ জনশক্তিক অর্থনৈতিক বিকাশৰ ক্ষেত্ৰত আগবঢ়াই নিব পাৰি । আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়ােগে ( ১৯৯৬ ) মাধ্যমিক শিক্ষাক জীৱনৰ আলি – কেঁকুৰি ( Crossroad of life ) বুলি অভিহিত কৰিছে , যত ভৱিষ্যৎজীৱনৰ অতি লাগতিয়াল সমলসমূহ আহৰণ কৰিব পাৰে আৰু যােগ্যতা , অভিৰুচি বা প্রয়ােজন অনুসৰি নিজস্ব পথেদি জীৱনৰ বাটত অগ্ৰসৰ হ’ব পাৰে । কিয়নাে মাধ্যমিক স্তৰৰ শিক্ষাই প্রাথমিক স্তৰৰ শিক্ষাৰ বিস্তাৰ ঘটাই উচ্চ স্তৰৰ শিক্ষাত প্ৰৱেশৰ অধিকাৰ সাব্যস্ত কৰাৰ লগতে স্বয়ংসম্পূর্ণ কৰি তােলে ।

সুপৰিকল্পিতভাৱে গঢ় দিয়া মাধ্যমিক শিক্ষাই কৈশােৰৰ ভিন্নমুখী চাহিদাসমূহ পূৰণ কৰাত সফল হ’ব পাৰে ।

কেৱল পাঠ্যক্রম সংক্রান্ত কথাতে গুৰুত্ব নিদি সহপাঠ্যক্রমিক কার্যাৱলীকে যথােপযুক্ত গুৰুত্বসহকাৰে বিবেচনা কৰিলে এই শিক্ষা কিশােৰ – কিশােৰীৰ বাবে অধিক ফলপ্রসূ হ’ব । পাঠ্যক্রম কেৱল পাঠ্যপুথিতে আৱদ্ধ থাকিব নালাগে । আনহাতে জ্ঞানৰ পৰিধি কেৱল বিশেষ বিশেষ বিষয়তে সীমাৱদ্ধ নকৰি এক সুসংহত জ্ঞানৰ আভাস ছাত্র – ছাত্রীক দিয়াৰ বাবে যত্নপৰ হ’ব লাগে । পাঠ্যক্ৰমৰ মাজেৰে দিয়া জ্ঞানৰ সুসংগত বিকাশৰ কাৰণে শিক্ষাৰ লগত প্রত্যক্ষ আৰু পৰােক্ষভাৱে জড়িত আটাইবােৰ বৃত্তি , যেনে— পিতৃ – মাতৃ , অভিভাৱক , শিক্ষক আৰু অন্যান্যসকলৰ দায়িত্ব আৰু কর্তব্য সমানে গুৰুত্বপূর্ণ ।

চমুটোকা লিখা

১. দিবাস্বপ্ন , বীৰপূজা , অপৰাধপ্রবণ কিশােৰ ।

উত্তৰঃ দিবাস্বপ্ন:- দিবাস্বপ্ন বা অলীক কল্পনা হ’ল কৈশােৰ কালৰ এক বৈশিষ্ট্য । কল্পনাশক্তিৰ অভূতপূর্ব বিকাশে কিশােৰ – কিশােৰীৰ মনত কল্পনাৰ মায়াজাল বিস্তাৰ কৰে আৰু বহু ক্ষেত্ৰত বাস্তৱতাৰ পৰা ফালৰি কাটি কেৱল কল্পনাৰ জগততে তেওঁলােক বিচৰণ কৰা দেখা যায় । অৱশ্যে দিবাস্বপ্নৰ যােগাত্মক দিশ এটাও আছে , যিয়ে কৈশােৰৰ সৃজনী প্রতিভা বিকাশত সহায় কৰিব পাৰে । মানসিক পৰিতৃপ্তি সাধনৰ বাবে বহুতাে কিশােৰ কিশােৰীয়ে সংগীত , সাহিত্য আদি বিভিন্ন মাধ্যমৰ মাজেৰে নিজৰ সৃষ্টিশীল কল্পনাৰ প্ৰকাশ কৰিবলৈ যত্ন কৰে । আনহাতে , কেৱল কল্পনাৰ মায়াজালতে আৱদ্ধ নাথাকি বহুতে দুঃসাহসিক কার্যত অংশগ্রহণ কৰিবলৈ আগবাঢ়ি যায় । কিছুমানৰ মনত আকৌ ভ্ৰমণতৃষ্ণা জাগি উঠে , দেশে – বিদেশে ঘূৰি ফুৰাৰ ইচ্ছা হয় আৰু কেতিয়াবা কেতিয়াবা ক’ৰবালৈ গুচি যােৱা কিশােৰ কিশােৰীৰ উদাহৰণাে পােৱা যায় ।

বীৰপূজা:- বীৰপূজাৰ প্রবৃত্তি কৈশােৰ কালৰ আন এক বৈশিষ্ট্য । নিজৰ ভাল লগা ব্যক্তিৰ জীৱনৰ আদর্শ গ্রহণৰ প্রবৃত্তি এই সময়ত প্রবল হৈ উঠে আৰু সেয়েহে সেই ব্যক্তিৰ ব্যক্তিত্বৰ সকলােবােৰ গুণৰ নীৰৱ অনুকৰণ কিশােৰ কিশােৰীয়ে কৰিবলৈ লয় । কিশােৰসকলে আদর্শ ব্যক্তি হিচাপে সাধাৰণতে গ্ৰহণ কৰা দেখা যায় ছবি জগত নতুবা খেল জগতৰ লগত জড়িত ব্যক্তিসকলক । বীৰপূজনৰ এই প্রবৃত্তিক সঠিক পথেৰে নিবলৈ কৈশােৰ কালৰ শিক্ষাৰ পাঠ্যক্ৰমত মহৎ লােকৰ জীৱন পাঠ অন্তর্ভুক্ত কৰা হয় ।

অপৰাধপ্রৱণ কিশােৰ:- কিশােৰ – কিশােৰীৰ মনত আহি পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য । হ’ল নিজস্বৰ সংঘাত । এই সংঘাত কৈশােৰ মনত আহি পৰে বিপৰীত ভাবাপন্ন বিভিন্ন অনুভূতিৰ প্ৰভাৱত । এই প্রভাৱত কিশােৰসকল ঋণাত্মক দিশটোৰ প্ৰতি ধাৱমান হােৱা দেখা যায় । তেতিয়াই কিশােৰসকলৰ অপৰাধ প্ৰৱণতা জাগি উঠে । সামাজিক ব্যাধিস্বৰূপ মাদকদ্রব্য ব্যৱহাৰ , ড্ৰাগছৰ প্রতি আসক্তি নতুবা সমাজ স্বীকৃত আচৰণৰ প্রতি অনীহা আদি বিষয়ত সুস্থভাৱে পৰিচালিত নােহােৱা কিশােৰসকল ধাৱিত হয় । এনে অপৰাধপ্রৱণ কিশােৰসকলক বচাবলৈ সমাজৰ সকলাে স্তৰৰ লােক তথা পিতৃ – মাতৃ , অভিভাৱক সততে সতর্ক হােৱা উচিত।

৪. ‘কিশােৰ – কিশােৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল পৰিচিতিৰ সংঘাত ।’— ব্যাখ্যা কৰা ।
উত্তৰঃ কৈশােৰ কালত কিশােৰ – কিশােৰীৰ মনৰ বিভিন্ন ধৰণৰ বৈশিষ্ট্য দেখা যায় , তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল নিজস্বতাৰ সংঘাত । এই সংঘাত কৈশােৰ মনত আহি পৰে বিপৰীত ভাবাপন্ন বিভিন্ন অনুভূতিৰ প্ৰভাৱত । নৈতিকতাবােধ , মূল্যবােধ , সামাজিক দায়ৱদ্ধতা আদি আদৰ্শৰ বাস্তৱ জগতৰ লগত অমিলখিনি কিশােৰ – কিশােৰীয়ে নিজৰ চিন্তা বুদ্ধি বা বিচাৰ–বিবেচনাৰে ফঁহিয়াই চাব নােৱাৰে । কৈশােৰত গঢ়ি উঠা আদর্শবাদৰ লগত বাস্তৱতাৰ সংঘাতে জন্ম দিয়ে নিজস্বতাৰ সংঘাত । সমাজ গঠনত এনে সংঘাতে জোৱাৰৰ সৃষ্টি কৰে । কেতিয়াবা কেতিয়াবা এনে শক্তিশালী সংঘাতেই সমাজ গাঁথনি সলনি কৰি নতুন । সমাজ গাঁথনি সৃষ্টি কৰাত অৰিহণা যােগােৱাও দেখা যায় ।

৫. বিপৰীত লিংগকামিতা কৈশােৰ কালৰ আন এক প্রধান বৈশিষ্ট্য । চমুকৈ আলােচনা কৰা ।
উত্তৰঃ কৈশােৰ কালৰ দ্রুত শাৰীৰিক বিকাশ সহজেই লক্ষ্যণীয় । যৌৱনপ্রাপ্তিৰ লগে লগে হােৱা জৈৱিক পৰিৱর্তনে ল’ৰা – ছােৱালীৰ দেহৰ বিভিন্ন অংগৰ আকাৰ , ওজন , দৈর্ঘ্য বৃদ্ধিৰ লগে লগেনাৰী – পুৰুষৰ দেহৰ গঠনৰ পার্থক্য পৰিলক্ষিত হয় । প্রজনন ক্ষমতাপ্রাপ্তি কৈশােৰ কালৰ এক প্রধান বৈশিষ্ট্য আৰু তাৰ ফলত শৰীৰৰ বিভিন্ন পৰিৱৰ্তন , কণ্ঠস্বৰৰ পৰিৱৰ্তন আদিয়ে দেখা দিয়ে । এই অভাৱনীয় পৰিৱৰ্তনসমূহে কিশােৰ – কিশােৰীৰ মনলৈ আত্মসচেতনতাৰ ভাব আনি দিয়ে , যিটোৱে অনাহক লাজ , ভয় বা উৎকণ্ঠাৰ সৃষ্টি কৰে । বিপৰীত লিংগকামিতা কৈশােৰ কালৰ আন এক প্রধান বৈশিষ্ট্য ।

বাল্যকালৰ সমলিংগকামিতাৰ পৰিৱর্তে কিশােৰ – কিশােৰীয়ে বিপৰীত লিংগৰ প্রতি আসক্তিৰ ভাব অনুভৱ কৰে । প্ৰকৃততে আমাৰ দেহত থকা অন্তঃস্রাৱী গ্রন্থিসমূহৰ নিঃসৰণৰ ফলস্বৰূপে হােৱা জৈৱ ৰাসায়নিক প্রক্রিয়াৰেই এই ফল । এই প্রক্রিয়াত যৌন গ্রন্থিসমূহ সক্রিয় হৈ উঠি কিশােৰক যৌৱনৰ অফুৰন্ত শক্তিৰ অধিকাৰী কৰি তােলে । এই শক্তিক সুপথে পৰিচালিত কৰিব পাৰিলে কৈশােৰত দেখা দিয়া বহুবােৰ সমস্যাৰ হাত সাৰিব পাৰি।

Download PDF Notes

আপুনি আজি ওপৰত Class 12 Assamese Chapter 18 Question Answer পঢ়িলে, যদি এই লিখনিৰ PDF Notes ডাউনলোড কৰিব খোজে তেন্তে তলত দিয়া লিংকৰ জৰিয়তে কৰিব পাৰিব।

Class 12 Assamese Chapter 18 Question Answer PDF

Watch YouTube Video Class

শেষ বাক্য

আপুনি যদি Class 12 Assamese Chapter 18 Question Answer পঢ়ি বা Class 12 Assamese Chapter 18 Question Answer PDF ডাউনলোড কৰি উপকৃত হৈছে তেন্তে অনুগ্ৰহ কৰি আন আন ছাত্ৰ ছাত্ৰীৰ সৈতে Facebook, WhatsApp ৰ জৰিয়তে শ্বেয়াৰ কৰক।

Leave a Comment