Assam Govt Class 6 Assamese Question Answer Chapter 5 | গুৰুদক্ষিণা

ADVERTISEMENT

পাঠ: 5 – গুৰুদক্ষিণা

Assam Govt Class 6 Assamese Question Answer Chapter 5

১। পাঠৰ কাহিনীভাগ নিজৰ কথাৰে কোৱা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

২। ছবিখনত কাহিনীটোৰ কোনটো অংশ প্রকাশ পাইছে বহলাই কোৱা।

উত্তৰঃ ছবিখনত বেদকণ্ঠই সত্যব্ৰতৰ পৰা জ্ঞানগৰ্ভ কথা শুনি থকা অংশটো প্ৰকাশ পাইছে।

৩। শব্দৰ অৰ্থ শিকি লোৱা।

  1. নামজ্বলা – প্রখ্যাত; ভাল নাম থকা
  2. চতুষ্পাঠী – বেদ বিদ্যালয়, টোল (টোলত ব্যাকৰণ, কাব্য, স্মৃতি আৰু দর্শন-এই চাৰিটা বিষয় পটুওৱা হয়)
  3. হৃষ্টচিত্তে – বঙেবে; আনন্দবে
  4. চৈত-ফুৰি – চ’ত মাহত ফুৰি সংগ্ৰহ কৰা ধন। (কামৰূপত চ’তক ‘চৈত’ মাহ বোলে)
  5. সাউদ – মুদৈ; বেপাৰী; সদাগৰ
  6. মহলা – বিদ্যালয়ৰ শ্ৰেণী; পৰীক্ষা।
  7. ছেগ – সময়ৰ ভাগ; কোনো কাম কৰিবৰ প্ৰকৃত সময়, ছল।
  8. খোকোজা – কথা কওঁতে বা পড়োতে সহজে মুখেৰে কথা নোলোৱা।
  9. আকব – কোনো বস্তু উৎপন্ন হোৱা ঠাই, খনি।
  10. ভেটগুটীয়া – ভেট ফুলৰ গুটিব নিচিনা সক।

৪। উত্তৰ দিয়া।

(ক) ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয় দুখনৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয় দুখনৰ নাম হ’ল- নালন্দা বিশ্ববিদ্যালয় আৰু তক্ষশীলা বিশ্ববিদ্যালয়।

(খ) লুইতৰ দাঁতিৰ কোন ঠাইত এখন বিশ্ববিদ্যালয় আছিল?

ADVERTISEMENT

উত্তৰঃ লুইতৰ দাঁতিৰ নগাঁও জিলাৰ শিলঘাট ঠাইত এখন বিশ্ববিদ্যালয় আছিল।

(গ) বশিষ্ঠ আশ্ৰমৰ টোলৰ অধ্যাপকজনৰ নাম কি?

উত্তৰঃ বশিষ্ঠ আশ্ৰমৰ টোলৰ অধ্যাপকজনৰ নাম বেদকণ্ঠ।

(ঘ) ছাত্ৰ সকলে বছৰত একোবাৰ নগৰলৈ কিয় যাব লগা হৈছিল?

উত্তৰঃ ছাত্ৰ সকলে খুজি মাগি যি পাইছিল তাকেই আনি গুৰুক দক্ষিণা হিচাপে নিবেদন কৰিবলৈ বছৰত একোবাৰকৈ নগৰলৈ গৈছিল।

(ঙ) গুৰুৰ পৰামৰ্শ কোনজন ছাতবে গ্রহণ কৰিব নোৱাৰিলে?

উত্তৰঃ গুৰুৰ পৰামৰ্শ সত্যব্রতৰ ছাতবে গ্রহণ কৰিব নোৱাৰিলে।

(চ) প্রকৃত গুৰুদক্ষিণা কোনে দিব পাৰিলে?

উত্তৰঃ প্রকৃত গুৰুদক্ষিণা সত্যব্রত দিব পাৰিলে।

৫। চমু উত্তৰ দিয়া।

(ক) গুৰুৱে ছাতৰসকলক ওচৰলৈ মাতি আনি কি কৈছিল?

উত্তৰঃ গুৰু বেদকণ্ঠই ছাতৰসকলক ওচৰলৈ মাতি আনি মৰমৰ মাতেৰে ক ‘লে যে বাছাহত। মই বুঢ়া হৈ আহিছোঁ। উপার্জনো টুটি আহিছে। তহঁতক ইমানদিনে পঢ়াই শুনাই খুঁটি খাব পৰা কৰিবলৈ সদায় যত্ন কৰিছোঁ। এতিয়া তহঁতে তাৰ সলনি মোক ধন-সোণ গোটাই আনি দেহক।

(খ) ছাত্ৰসকলক গুৰুৱে কি উপায়েৰে ধন গোটাই অনাৰ পৰামৰ্শ দিছিল?

উত্তৰঃ ছাতৰসকলক গুৰুৱে কলে খুজি-মাগি বেছি ধন গোটোৱাটো উজু নহয়। এতেকে ধনী মানুহৰ পৰা ডকা-হকা দি ধনৰ টোপোলা সৰকাৰলৈ চেষ্টা কৰিবি কোনেও নেদেখাকৈ প্রত্যেকজনে গছৰ আঁৰত লুকাই থাকিবি আৰু কাকাষেদি কোনো ধনী সাউদ গ’লে ততালিকে তেওঁৰ পৰা যি ধন পার কাঢ়ি ল’বি বুলি পৰামৰ্শ দিছিল।

(গ) গুৰুৰ পৰামৰ্শ পাই ছাতৰসকলে কি কৰিলে?

উত্তৰঃ গুৰুৰ পৰামৰ্শ পাই ছাত্ৰসকলে আনন্দতে কিৰীলি পাৰি ধনী লোকৰ পৰা ধন কাঢ়ি অনাৰ উদ্দেশ্য ওলাই গ’ল।

(ঘ) গুৰুৰ অনুমতি পাই সত্যব্রতে কি ক’লে?

উত্তৰঃ গুৰুৰ অনুমতি পাই সত্যব্রতে ক’লে “আপোনাৰ পৰাই আমি জানিব পাৰিছোঁ গুৰুদেৱ পৃথিবীত এনে ঠাই নাই, য’ত ঈশ্বৰ নাই। আমি এনে একো কাম কৰিব নোৱাবো, যি কাম ঈশ্ববে দেখা নোপোৱাকৈ থাকে।

৬। কোনে কাক কেতিয়া কৈছিল লিখা।

(ক) “বাছাইত। মই বুঢ়া হৈ আহিছোঁ। উপার্জনো টুটি আহিছে। তহঁতক ইমানদিনে পঢ়াই শুনাই খুঁটি খাব পৰা কৰিবলৈ সদায় যত্ন কৰিছোঁ।”

উত্তৰঃ উক্ত কথাষাৰ গুৰু বেদকণ্ঠই ছাতৰসকলক গুৰুদক্ষিণা আনিবৰ বাবে দিহা দিয়াৰ সময়ত কৈছিল।

(খ) “আপুনি মাথোন আমাক কর্তব্যহে সোঁৱবাই দিছে। এতিয়া আমি কি উপায়েবে ধন-সোগ গোটাই আনিম, অনুগ্রহ কৰি আমাক দিহা লগাই দিয়ক।”

উত্তৰঃ উক্ত কথাষাৰ ছাত্ৰসকলে গুৰু বেদকণ্ঠক কৈছিল। গুৰুৱে ছাত্ৰসকলক গুৰুদক্ষিণা হিচাপে ধন-সোণ গোটাবলৈ পৰামৰ্শ দিওঁতে এই কথাখিনি তেওঁলোকে কৈছিল।

(গ) “আপোনাৰ পৰাই আমি জানিব পাৰিছোঁ, পৃথিৱীত এনে ঠাঁই নাই, য’ত ঈশ্বৰ নাই।”

উত্তৰঃ উক্ত কথাষাৰ গুৰুৱে ছাতৰসকলক গুৰুদক্ষিণাৰ বাবে ধন-সোণ গোটাই অনাৰ উপায় দিছিল, তেতিয়াই সত্যব্রতে গুৰুক উক্ত কথাষাৰ কৈছিল।

৭। সাধুটো নিজৰ কথাৰে চমুকৈ লিখা।

উত্তৰঃপুৰণি কালত অসম ৰাজ্য অৰ্থাৎ তেতিয়াৰ কামৰূপৰ শিলঘাটত এখন বিশ্ববিদ্যালয় আছিল । সেই বিশ্ববিদ্যালয়ৰ অধীনৰ বশিষ্ঠ আশ্ৰমৰ টোলত বেদকণ্ঠ নামৰ এজন বিদগ্ধ পণ্ডিতে অধ্যাপনা কৰিছিল আজিও গুৱাহাটী বিশ্ববিদ্যালয়, কলিকতা বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানসমূহে ভাৰতৰ বিভিন্ন অঞ্চলত এই পৰম্পৰা অব্যাহত ৰাখিছে।

এই অংশটোত কামৰূপৰ সাংস্কৃতিক আৰু শৈক্ষিক উত্তৰাধিকাৰ আৰু উত্তৰ গুৱাহাটীৰ প্ৰাচীন টোলৰ দৰে শিক্ষা কেন্দ্ৰৰ উপস্থিতিৰ কথাও উল্লেখ কৰা হৈছে, য’ত বেদকণ্ঠৰ দৰে পণ্ডিতে বিভিন্ন শাখাৰ শিক্ষা দিছিল।

৮। তলৰ কথাখিনিৰ মূলভাব লিখা।

“সকলোতে থাকে তেওঁ প্রভু ভগবান,
সকলোকে দেখে তেওঁ সর্বশক্তিমান।
সকলোকে জানে তেওঁ জ্ঞানৰ আকৰ,
সত্য তেওঁ, শির তেওঁ, পৰম সুন্দৰ।”

উত্তৰঃ ভগৱান হৈছে সর্বব্যাপ্ত, সর্ব শক্তিমান আৰু সৰ্বজ্ঞাতা। তেৱেঁই সত্য, তেৱেই শিৱ আৰু পৰম সুন্দৰ।

৯। পাঠৰ পৰা যুৰীয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা।
যেনে- খুজি-মাগি

উত্তৰঃ
(i) ধন-সোণ।
(ii) আমন-জিমন।
(iii) ডকা-হকা।
(iv) থোকা-থুকি।
(v) ভাল-বেয়া।

১০। তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা।
ধনী, দক্ষিণা, উজু, টুটি যোৱা, ডাঙৰ

উত্তৰঃ
(i) ধনী – চহকী।
(ii) দক্ষিণা – দান।
(iii) উজু – সহজ।
(iv) টুটি যোৱা – কমি যোৱা।
(v) ডাঙৰ – বৰ।

১১। বিপৰীত অর্থ বুজোৱা শব্দ লিখা।
আনন্দ, ধনী, গুৰু, উজু, প্ৰাচীন

উত্তৰঃ
(i) আনন্দ – নিৰানন্দ।
(ii) ধনী – দুখীয়া।
(iii) গুৰু – লঘু।
(iv) উজু – টান, কঠিন।
(v) প্ৰাচীন – আবাৰচীন।

১২। উপযুক্ত বিশেষণ পদেৰে তালিকাখন পূৰ কৰা।

বিশেষণবিশেষ্য
প্রখ্যাতবিশ্ববিদ্যালয়
পণ্ডিত
মানুহ
হাতী
গ্ৰন্থ
মহিলা
আম
মাত
ADVERTISEMENT

উত্তৰঃ 

বিশেষণবিশেষ্য
প্রখ্যাতবিশ্ববিদ্যালয়
বিদগ্ধপণ্ডিত
ধনীমানুহ
প্ৰকাণ্ডহাতী
মহৎগ্ৰন্থ
সৰবৰহীমহিলা
মিঠা আম
শুৱলামাত
ADVERTISEMENT

১৩। ‘গুৰুদক্ষিণা’ পাঠত থকা ‘ভেটগুটীয়া’ শব্দটোবে সৰু ল’ৰাক বুজাইছে। এই ভেটগুটীয়া শব্দটোৰ আধাৰত দলগতভাবে এটি গল্প লিখা।

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

১৪। ‘গুৰুদক্ষিণা’ কাহিনীটোৰ কথাখিনি সংলাপ আকাৰে লিখা আৰু শ্ৰেণীকোঠাত অভিনয় কৰা। (সকলোবে নাটকত ভাগ ল’বা। অভিনয় নকৰাসকলে নাটকৰ বাবে প্রয়োজনীয় কাম-কাজ কৰিবা)

উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

১৫। চাৰি/পাঁচজনীয়া দলত ভাগ হৈ এই বছৰৰ ৫ছেপ্তেম্বৰ দিনটো তোমালোকে কেনেদবে পালন কৰিবা, তাৰ আঁচনি প্রস্তুত কৰা।

উত্তৰঃ ৫ ছেপ্টেম্বৰ দিনটো অৰ্থাৎ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো আমাৰ শ্ৰেণীত নিম্নোক্ত ধৰণে উদ্যাপন কৰাৰ আঁচনি হৈছে–

  • পুৱা ৯ বজাত সকলো ছাত্ৰ-ছাত্ৰীয়ে শ্রেণীকোঠাত উপস্থিত হৈ কোঠা সজাব। ইয়াৰ বাবে ফুল, বেলুন আৰু ভাল টেলবুল কাপোৰ লাগিব।
  • ছাত্র-ছাত্ৰীসকলৰ পৰা সংগ্ৰহ কৰা ধনেৰে কেক্ আৰু অন্যান্য খোৱাবস্তু অনা হ’ব। লগতে শিক্ষক শিখয়িত্ৰীৰ বাবে ফুলাম গামোচাও অনা হ’ব।
  • ১০ বজাত শিক্ষাগুৰুসকলক শ্ৰেণীকোঠালৈ আদিৰ অনা হ’ব। তেনেসকলক ফুলৰ টোৰা আৰু ফুলাম গামোচাৰে সম্বধৰ্ণা জনোৱা হ’ব।
  • ছাত্ৰ-ছাত্ৰী ফালৰ পৰা আল্পনা আৰু বিশালে ক্ৰমে ৰাধাকৃষ্ণনৰ জীৱন আৰু কৰ্মৰ ওপৰত আৰু শিক্ষক দিৱসৰ তাৎপৰ্যৰ ওপৰত ভাষণ ৰাখিব।
  • অবিনাশ তালুকদাৰ ছাৰকো ভাষণ দিবলৈ অনুৰোধ জনোৱা হ’ব।

১৬। ‘গুৰুদক্ষিণা’ কাহিনীটোৰ পৰা আমাৰ পুৰণি শিক্ষাব্যবস্থাৰ বিষয়ে পাঁচটা বাক্য লিখা।

উত্তৰঃ ‘গুৰুদক্ষিণা’ কাহিনীটোৰ পৰা আমাৰ পুৰণি শিক্ষাব্যবস্থাৰ বিষয়ে পাঁচটা বাক্য হ’ল-

  1. প্ৰাচীন কালত ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা গুৰুকেন্দ্ৰিক আছিল।
  2. গুৰুৱে ব্যাকৰণ, কাব্য, দৰ্শন আদি বিষয়ত শিক্ষাদান কৰিছিল।
  3. শিষ্যসকলে বছৰেকত এবাৰ নগৰ-চহৰলৈ ওলাই গৈ বিষয়ত শিক্ষাদান কৰিছিল।
  4. শিষ্যসকলে বছৰেকত এবাৰ নগৰ-চহৰলৈ ওলাই গৈ খুজি-মাগি আনি যি পাইছিল তাকেই গুৰুদক্ষিণা স্বৰূপে গুৰুৰ চৰণত অৰ্পণ কৰিছিল।
  5. পুৰণি শিক্ষা ব্যৱস্থাত গুৰু শিষ্যৰ সম্পৰ্ক ভক্ত-ভগৱানৰ সম্পৰ্কৰ দৰে মধুৰ আছিল।

১৭। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিষয়ে শিক্ষকক সুধি জানি লোৱা।

উত্তৰঃ ১৯৪৮ চনত স্থাপিত গৌহাটী বিশ্ববিদ্যালয় ভাৰতৰ অসমৰ গুৱাহাটীৰ জালুকবাৰীত অৱস্থিত উচ্চ শিক্ষাৰ এক বিশিষ্ট শিক্ষানুষ্ঠান। শৈক্ষিক উৎকৰ্ষতা আৰু বৈচিত্ৰময় কাৰ্যসূচীৰ বাবে পৰিচিত ই বিভিন্ন শাখাত স্নাতক, স্নাতকোত্তৰ, আৰু ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। উত্তৰ-পূব ভাৰতৰ শৈক্ষিক পৰিৱেশত বিশ্ববিদ্যালয়খনে উল্লেখযোগ্য ভূমিকা পালন কৰে, গৱেষণা, সাংস্কৃতিক কাৰ্যকলাপ, আৰু ইয়াৰ ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ পোষকতা কৰে।

১৮। ছবি দুখন চাই কি দেখিছা কোৱা।

ADVERTISEMENT

উত্তৰঃ

  1. প্ৰথম ছবিখনত শিক্ষক দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগুৰুক সম্বধৰ্ণা জনোৱা দেখা গৈছে।
  2. দ্বিতীয়খন ছবিত এগৰাকী ছাত্ৰীয়ে শিক্ষক দিৱস অনুষ্ঠানত ভাষণ দিয়া দেখা গৈছে।

১৯। ছবিখনত থকা শব্দৰে নালন্দা বিশ্ববিদ্যালয়ৰ বিষয়ে এটি টোকা প্রস্তুত কৰা।

উত্তৰঃ ভাৰতৰ বিহাৰত নালন্দা বিশ্ববিদ্যালয় আছিল এক বিখ্যাত প্ৰাচীন শিক্ষাৰ কেন্দ্ৰ। ৫ম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে ই ফুলি উঠিছিল আৰু সমগ্ৰ এছিয়াৰ পৰা পণ্ডিতসকলক আকৰ্ষণ কৰিছিল। বৌদ্ধ অধ্যয়নৰ এটা প্ৰধান কেন্দ্ৰ আছিল যদিও ইয়াত গণিত, জ্যোতিৰ্বিজ্ঞান, চিকিৎসা বিজ্ঞান, যুক্তি আদি বিভিন্ন বিষয়ৰ শিক্ষাও দিয়া হৈছিল। যদিও দ্বাদশ শতিকাত মূল বিশ্ববিদ্যালয়খন ধ্বংস হৈছিল, তথাপিও ইয়াক পুনৰুজ্জীৱিত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে, আৰু ২০১৪ চনত নালন্দা বিশ্ববিদ্যালয়খন আন্তঃশাখা অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি আধুনিক প্ৰতিষ্ঠান হিচাপে পুনৰ মুকলি কৰা হয়।

Download PDF Notes

Assam Govt Class 6 Assamese Question Answer Chapter 5 PDF

Conclusion on Assam Govt Class 6 Assamese Question Answer Chapter 5

এতিয়ালৈকে আমি আপোনালোকৰ সৈতে আলোচনা কৰিলোঁ Assam Govt Class 6 Assamese Question Answer Chapter 5 তথা গুৰু দক্ষিণা নামৰ পঞ্চম অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ ।

আশা কৰোঁ আপোনালোকে আমাৰ এই লিখনি পঢ়ি উপকৃত হৈছে, তেন্তে আমাৰ এই Assamese Question Answer নামৰ ৱেবচাইটৰ কথা বেলেগ বন্ধু বান্ধৱী সকলৰ সৈতে আলোচনা কৰিবলৈ নাপাহৰিব ।

FAQs

1) আপুনি Assamese Question Answer নামৰ ৱেবছাইটত কিয় আহিব?
Ans: আপুনি যদি ষষ্ট শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ বিচাৰে তেন্তে Assamese Question Answer নামৰ এই ৱেবছাইটত আহিব লাগিব ।

2) বিনামূল্যত Assamese Question Answer কত পোৱা যায়?
Ans: আপোনালোকৰ সুবিধাৰ বাবে assamesequestionanswer.com নামৰ ৱেবছাইটত সকলো শ্ৰেণীৰ অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ বিনামুল্যত যোগান ধৰা হৈছে ।

3) Assamese Question Answer PDF কত পোৱা যায়?
Ans: assamesequestionanswer.com নামৰ এই ৱেবছাইটটোত বিনামূল্যত Assamese Question Answer PDF পোৱা যায় ।

4) আজিৰ এই লিখনি কি কি আলোচনা কৰা হল?
Ans: আজিৰ এই লিখনি আমি আপোনালোকৰ সৈতে Assam Govt Class 6 Assamese Question Answer Chapter 5 আলোচনা কৰিলোঁ ।

5) আজিৰ এই লিখনি PDF পোৱা যাব নেকি?
Ans: আজিৰ এই লিখনিত আমি Assam Govt Class 6 Assamese Question Answer Chapter 5 আলোচনা কৰিছো লগতে আপোনালোকৰ বাবে ইয়াৰ Free PDF দিয়াৰ ব্যৱস্থা কৰিছো ।