
সবাতোকৈ আপোন
১। কবিতাটি শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়া।
উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।
২। কবিতাটি আবৃত্তি কৰা।
উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।
৩। কোৱা আৰু লিখা।
(ক) কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে?
উত্তৰঃ কবিয়ে নিজৰ আইক, নিজৰ দেশখনক, আৰু নিজৰ মাতৃভাষাক আপোন বুলি কৈছে।
(খ) কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কাৰ কথা কৈছে?
উত্তৰঃ কবিয়ে প্ৰাণৰ চিনাকি বুলি গাওঁ-নগৰ, জান-জুৰীৰ কথা কৈছে।
(গ) কবিতাটিত অন্তৰৰ ভাব কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে?
উত্তৰঃ কবিতাটিত অন্তৰৰ ভাব কুমলীয়াৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে।
(ঘ) কবিয়ে জগতখন কাৰ কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে?
উত্তৰঃ কবিয়ে জগতখন নিজৰ আই, দেশ আৰু মাতৃভাষাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে।
(ঙ) সুবিশাল পৃথিবীত কাৰ স’তে, কেনেকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে?
উত্তৰঃ সুবিশাল পৃথিবীত সকলোৰে স’তে হাতে-হাতে ধৰা-ধৰিকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে।
৪। কবিতাটিৰ মূলভাব লিখা।
উত্তৰঃ ‘সবাতোকৈ আপোন’ নামৰ কবিতাটিৰ মাজেৰে কবি নৱকান্ত বৰুৱাদেবে জন্মদাত্ৰী আই, স্বদেশ আৰু মাতৃভাষাক আটাইতকৈ আপোন বুলি কৈছে ৷
কবি নৱকান্ত বৰুৱাই কৈছে যে নিজৰ আই, দেশ আৰু নিজৰ মাতৃভাষাক সকলো সবাতোকৈ আপোন। আমি সকলো লোকে আইৰ কাৰণে জগতখন চিনি পালো। আৰু আমাৰ দেশখনক আপোন বুলি কোৱাৰ কাৰণ হৈছে- ওপজা ঠাই খনৰ বাবে পৃথিৱীত আগুৱাই যাব পাৰিম সেইফালৰ পৰা দেশখন আমাৰ বাবে আপোন মাতৃভাষা আমাৰ সকলোতকৈ আপোন ভাষা, হয়তো এই ভাষা আটাইতকৈ শুৱলা নহ’ব পাৰে ৷ মাতৃ, স্বদেশ আৰু মাতৃভাষাৰ যোগেদি মানুহে জগতখন চিনি পায় আৰু পৃথিৱীখনত একতাৰে সকলোৰে লগত খোজ মিলায় ৷
৫৷ পাঠৰ পৰা অন্তধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা ৷
উত্তৰঃ
(i) আই – চিনাই।
(ii) দেশ – শেষ।
(iii) চহকী – চিনাকী।
(iv) সুৰীয়া – কুমলীয়া।
(v) জগত – লগত।
(vi) সুখ – দুখ।
(vii) ভাষা – আশা।
৬৷ নিৰ্দিষ্টতাবাছক প্ৰত্যয়টো, টি, জন, জনী, খন, খনি ব্যৱহাৰ কৰি তলৰ শব্দবিলাক নতুনকৈ লিখা ৷ তিৰোতা, ছাতি, কেঁচুৱা, ঘৰ, কিতাপ, ছোৱালী, ফুলনি, নৈ, পৰ্বত
উত্তৰঃ
(i) তিৰোতা + জনী = তিৰোতাজনী।
(ii) ছাতি + টো = ছাতিটো।
(iii) কেঁচুৱা + টি = কেঁচুৱাটি।
(iv) ঘৰ + টো = ঘৰটো (‘গৃহ’ অৰ্থত)
(v) ঘৰ + খন = ঘৰখন (‘পৰিয়াল’ অৰ্থত)
(vi) কিতাপ + খন = কিতাপখন।
(vii) ছোৱালী + জনী = ছোৱালীজনী।
(viii) ফুলনি + খন = ফুলনিখন।
(ix) নৈ + খনি = নৈখনি।
(x) পৰ্বত + খন = পৰ্বতখন।
প্রশ্ন ৭। বাক্য ৰচনা কৰা। — শুৱনি, সুৰীয়া, ধুনীয়া, চহকী, কুমলীয়া, সুবিশাল
উত্তৰঃ
(i) শুৱনি: পকা পকা ধানেৰে পথাৰখন বৰ শুৱনি হৈ পৰিছে।
(ii) সুৰীয়া: আইতাহঁতৰ মুখৰ সুৱদি সুৰীয়া বিয়া নামবোৰ শুনি বৰ ভাল লাগিছিল।
(iii) ধুনীয়া: অভিপসাহঁতৰ ঘৰৰ সন্মুখত এখন বৰ ধুনীয়া ফুলনি আছে।
(iv) চহকী: মানুহঘৰ চহকী হ’লেও বৰ কৃপন।
(v) কুমলীয়া: চোৱাচোন, ফুলমতীহঁতে কেনেকৈ চাহগছৰ কুমলীয়া পাতবোৰ ছিঙি আছে।
(vi) সুবিশাল: সুবিশাল সাগৰৰ ঢৌবোৰ উপকূলত ঠেকা খাইছেহি।
৮। কবিতাটিৰ পৰা যুৰীয়া শব্দবোৰ বিচাৰি লিখা। উদাহৰণ – জান-জুৰি।
উত্তৰঃ
(i) সুখ-দুখ।
(ii) নগৰ-গাঁও।
(iii) গছ-লতা।
(iv) স্নেহ-শান্তি।
৯। তলত দিয়া শব্দসমূহৰ নঞৰ্থক ৰূপবোৰ লিখা।
কৰোঁ নকৰোঁ খেলোঁ _____
ধোওঁ _____ যাম _____
শুনা _____ দিম _____
পাৰে _____ লিখোঁ _____
উত্তৰঃ
শব্দ | নঞৰ্থক ৰূপ |
কৰোঁ – নকৰোঁ | খেলোঁ – নেখেলোঁ |
ধোওঁ – নোধোওঁ | যাম – নাযাম |
শুনা – নুশুনা | দিম – নিদিম |
পাৰে – নোৱাৰে | লিখোঁ – নিলিখোঁ |
(লক্ষ্য কৰা: মূল শব্দৰ আদিত যিটো স্বৰবৰ্ণ থাকে, নঞৰ্থক উপসৰ্গ ‘ন’ৰ লগতো সেইটো স্বৰবৰ্ণ যুক্ত হয়; যেনে ন + লিখ = নিলিখ; ন + যাম = নাযাম; ন + শুনা = নুশুনা ইত্যাদি।)
১০। কবিতাটিত থকা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি উলিয়াই লিখা।
উত্তৰঃ
বিশেষ্য পদ | বিশেষণ পদ |
আই | সবাতো |
গছ | শুৱনি |
লতা | আপোন |
ফুল | ধুনীয়া |
ধৰণী | চহকী |
দেশ | সুৰীয়া |
নগৰ | কুমলীয়া |
গাওঁ | সুবিশাল |
১১। উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা।
(ক) মই মোৰ আইক _____________ পাওঁ।
উত্তৰঃ মই মোৰ আইক ভাল পাওঁ।
(খ) মই মোৰ মাতৃভাষাক _____________ কৰোঁ।
উত্তৰঃ মই মোৰ মাতৃভাষাক শ্ৰদ্ধা কৰোঁ।
(গ) আমি আমাৰ স্বদেশক লৈ ___________ বোধ কৰোঁ।
উত্তৰঃ আমি আমাৰ স্বদেশক লৈ গৌৰৱ বোধ কৰোঁ।
১২। তলত দিয়া স্তৱকসমূহ জননী, জন্মভূমি আৰু মাতৃভাষাক লৈ ৰচিত । স্তৱকসমূহ দলীয়ভাবে পঢ়া আৰু কোনটো স্তবক কাৰ উদ্দেশ্যে ৰচিত হৈছে কোৱা।
(ক) মেলিলোঁ প্ৰথম চকু
তোমাৰ কোলাতে আই
জনমৰ আদিম পুৱাত;
উত্তৰঃ দেশ মাতৃৰ বিষয়ে লিখা হৈছে।
(খ) কোনে মোক তুলি-তালি কৰিলে ডাঙৰ
মউসনা মিঠা মাতে পাহৰি ভাগৰ;
উত্তৰঃ জননীৰ বিষয়ে লিখা হৈছে।
(গ) চিৰ চেনেহী মোৰ ভাষা জননী
উত্তৰঃ মাতৃভাষাৰ বিষয়ে লিখা হৈছে।
১৩। অসমৰ যিকোনো তিনিগৰাকী শিশু- সাহিত্যিকৰ নাম লিখা
উত্তৰঃ অসমৰ তিনিগৰাকী বিশিষ্ট শিশু-সাহিত্যিক নাম হল –
- অতুলচন্দ্ৰ হাজৰিকা।
- নৱকান্ত বৰুৱা।
- ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া।
১৪। তোমাৰ জন্মভূমিৰ বিষয়ে দহটা বাক্য লিখা।
উত্তৰঃ মোৰ জন্মভূমি অসম। ই ভাৰত ৰাষ্ট্ৰৰ এখন অন্যতম অংগৰাজ্য। অসম ভাৰতৰ একেবাৰে পূৱ প্ৰান্তত অৱস্থিত। অসমৰ মাজেৰে মহাবাহু ব্ৰহ্মপুত্ৰ বৈ গৈছে। এই নদী আৰু ইয়াৰ উপনদীবোৰ যুগ-যুগান্তৰৰ পৰা পলস পেলাই অসমৰ মাটি সাৰুৱা কৰি আহিছে। ৰসাল চাহ বাগিচা আৰু জীপাল সংস্কৃতিৰ দেশ অসম।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ভৱিষ্যৎ এক শিংৰ গঁড়ৰ বাবে অসম পৃথিৱীত বিখ্যাত। বিহু, অসমীয়া সংস্কৃতিৰ আত্মাক উদযাপন কৰা উৎসৱ। অসম ভূ-খণ্ড সেউজীয়া গছ-গছনি আৰু জীৱ-জন্তুৰে ভৰা। ইয়াৰ প্ৰাকৃতিক জলাশয়বোৰত অজস্ৰ প্ৰজাতিৰ মাছ পোৱা যায়। প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ হ’লেও অসমত বানপানীৰ লেখীয়া বহুতো প্ৰাকৃতিক আৰু দুৰ্নীতিৰ দৰে মানৱ সৃষ্টি সমস্যা আছে মুগা, এৰি, আৰু পাট ৰেচম, অসমৰ বাবে অনন্য, গুণগত মান আৰু সৌন্দৰ্য্যৰ বাবে বহুমূলীয়া আৰু আহোম বংশৰ পৰা আৰম্ভ কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ ভূমিকালৈকে অসমৰ চহকী ইতিহাসে ইয়াৰ আকৰ্ষণ বৃদ্ধি কৰে।
১৫। তোমাৰ জন্মদাত্রী মাতৃৰ বিষয়ে এটি কবিতা ৰচনা কৰা।
উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।
১৬। সাঁথৰ ভাঙা —
(ক) নাকত বহি কাণত ধৰে
এনে কি বস্তু ভাল পায় নৰে?
উত্তৰঃ চচ্মা
(খ) ক আইটি টপৰাই,
কাটি নিলে বাঢ়ি যায়।
উত্তৰঃ সূতা।
(গ) দি মৰিল কোন?
উত্তৰঃ দধাচি।
(ঘ) নিদি মৰিল কোন?
উত্তৰঃ দুৰ্যোধন।
(ঙ) নি মৰিল কোন?
উত্তৰঃ ৰাৱণ।
(চ) নকৈ মৰিল কোন?
উত্তৰঃ জয়মতী।
Download PDF Notes FREE
Assam Govt Class 6 Assamese Question Answer Chapter 1 PDF
Conclusion on Assam Govt Class 6 Assamese Question Answer Chapter 1
এতিয়ালৈকে আমি আপোনালোকৰ সৈতে আলোচনা কৰিলোঁ Assam Govt Class 6 Assamese Question Answer Chapter 1 তথা সবাতোকৈ আপোন নামৰ প্ৰথম অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ ।
আশা কৰোঁ আপোনালোকে আমাৰ এই লিখনি পঢ়ি উপকৃত হৈছে, তেন্তে আমাৰ এই Assamese Question Answer নামৰ ৱেবচাইটৰ কথা বেলেগ বন্ধু বান্ধৱী সকলৰ সৈতে আলোচনা কৰিবলৈ নাপাহৰিব ।
FAQs
1) আপুনি Assamese Question Answer নামৰ ৱেবছাইটত কিয় আহিব?
Ans: আপুনি যদি ষষ্ট শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ বিচাৰে তেন্তে Assamese Question Answer নামৰ এই ৱেবছাইটত আহিব লাগিব I
2) বিনামূল্যত Assamese Question Answer কত পোৱা যায়?
Ans: আপোনালোকৰ সুবিধাৰ বাবে assamesequestionanswer.com নামৰ ৱেবছাইটত সকলো শ্ৰেণীৰ অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ বিনামুল্যত যোগান ধৰা হৈছে I
3) Assamese Question Answer PDF কত পোৱা যায়?
Ans: assamesequestionanswer.com নামৰ এই ৱেবছাইটটোত বিনামূল্যত Assamese Question Answer PDF পোৱা যায় I
4) আজিৰ এই লিখনি কি কি আলোচনা কৰা হল?
Ans: আজিৰ এই লিখনি আমি আপোনালোকৰ সৈতে Assam Govt Class 6 Assamese Question Answer Chapter 1 আলোচনা কৰিলোঁ I
5) আজিৰ এই লিখনি PDF পোৱা যাব নেকি?
Ans: আজিৰ এই লিখনিত আমি Assam Govt Class 6 Assamese Question Answer Chapter 1 আলোচনা কৰিছো লগতে আপোনালোকৰ বাবে ইয়াৰ Free PDF দিয়াৰ ব্যৱস্থা কৰিছো I