পাঠ: 3 – অসমীয়া ভাষাৰ বিকাশৰ কথা

১। পাঠটো শুদ্ধ উচ্চাৰণেৰে খোকোজা নলগাকৈ পঢ়া।
উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।
ইয়াত কি কি আলোচনা কৰা হৈছে
২। উত্তৰ দিয়া।
(ক) নয়নাহঁতে খুড়াকৰ পৰা কিহৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল?
উত্তৰঃ নয়নাহঁতে খুড়াকৰ পৰা অসমীয়া বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল।
(খ) হেম সৰস্বতীয়ে ৰচনা কৰা, তোমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম কি?
উত্তৰঃ হেম সৰস্বতীয়ে ৰচনা কৰা, আমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম হ’ল- প্রহ্লাদ চৰিত্ৰ।
(গ) অলিখিত বা মৌখিক সাহিত্য মানে কি?
উত্তৰঃ অলিখিত সাহিত্য মানে হ’ল যিবোৰ সাহিত্য আখৰেৰে লিখা নহয়; বৰং, মানুহৰ মুখে মুখেহে প্রচলিত। সেইবাবে ইয়াক মৌখিক সাহিত্য বুলিও কোৱা হয়।
(ঘ) ভাষাৰ দুটা উপাদানৰ নাম লিখা।
উত্তৰঃ ভাষাৰ দুটা অন্যতম প্ৰধান উপাদান হৈছে -ধৱনি আৰু শব্দ।
(ঙ) অসমীয়া ভাষাটোৱে কেতিয়া স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে?
উত্তৰঃ অসমীয়া ভাষাটোৱে দশম শতিকাত স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে।
(চ) ‘অসমীয়া’ শব্দটোৰ প্ৰচলন কাৰ আমোলত বেছিকৈ হৈছিল?
উত্তৰঃ ‘অসমীয়া’ শব্দটোৰ প্ৰচলন ইংৰাজৰ আমোলত বেছিকৈ হৈছিল।
৩। শব্দ সম্ভাৰ বা অভিধান চাই শব্দাৰ্থ লিখা।
ত্ৰয়োদশ, স্থানীয়, নিগাজি, স্বকীয়, আমোল আবাসভূমি, উপাদান, অলিখিত, অনুকৃতি
উত্তৰঃ
শব্দ | অৰ্থ |
ত্ৰয়োদশ | তেৰ সংখ্যক |
স্থানীয় | থলুৱা; নিজ অঞ্চলৰ |
নিগাজি | চিৰস্থায়ী |
স্বকীয় | নিজা |
আমোল | শাসন; প্ৰভুত্ব |
আবাসভূমি | বসবাস কৰা ঠাই আৰু তাৰ প্ৰাকৃতিক পৰিৱেশ |
উপাদান | বস্তুৰ মূল পদাৰ্থ |
অলিখিত | আখৰেৰে নিলিখা |
অনুকৃতি | সদৃশ ৰূপ |
৪। অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান কেনেকৈ সোমাল লিখা।
উত্তৰঃ অসমীয়া ভাষাও যুগে যুগে পৰিৱৰ্তিত হৈ আহি আছে। সপ্তম শতিকামানলৈ পূব আৰু উত্তৰ-পূব ভাৰতত প্রায় একে ভাষাৰ প্রচলন আছিল। তাৰো আগতে অসমত, অর্থাৎ তেতিয়াৰ কামৰূপ ৰাজ্যত প্রচলিত ভাৰতীয় ভাষাটোত দুটা-এটাকৈ স্থানীয় শব্দ সোমাবলৈ লৈছিল। কাৰণ, অতি পুৰণি কালৰে পৰা অসম বিভিন্ন জনগোষ্ঠীৰ নিগাজি আবাসভূমি। সকলোবে মাজত ভাষা, সংস্কৃতি আৰু ভাবৰ আদান-প্রদান হৈছিল। ফলত ইটো ভাষাৰ উপাদান সিটো ভাষাত স্বাভাবিকভাবে সোমাই পৰিছিল।
৫। উপযুক্ত যতি চিহ্নৰে তলৰ বাক্যটো নতুনকৈ লিখা।
ভাষাৰ উপাদান মানে কি খুড়া নয়নাই সুধিলে খুড়াকে উত্তৰ দিলে ধ্বনি ৰূপ শব্দ বাক্য আদিয়েই ভাষাৰ উপাদান।
উত্তৰঃ “ভাষাৰ উপাদান মানে কি খুড়া?”— নয়নাই সুধিলে। খুড়াকে উত্তৰ দিলে– “ধ্বনি, ৰূপ, শব্দ, বাক্য আদিয়ে ভাষাৰ উপাদান।”
৬। তলত দিয়া বিশেষণ পদবোৰ বিশেষ্য পদলৈ নিয়া ।
সুন্দৰ, প্ৰচলিত, স্থানীয়, ৰচিত , পৰিৱৰ্তিত, বিকশিত
উত্তৰঃ
বিশেষণ পদ | বিশেষ্য পদ |
সুন্দৰ | সৌন্দৰ |
প্ৰচলিত | প্ৰচলন |
স্থানীয় | স্থান |
ৰচিত | ৰচনা |
পৰিৱৰ্তিত | পৰিৱৰ্তন |
বিকশিত | বিকাশ |
৭। তোমাৰ পাঠৰ পৰা পাঁচটা তৎসম শব্দ আৰু পাঁচটা বিদেশী মূলৰ শব্দ বাছি উলিয়াই তলৰ তালিকাখন পূৰ কৰা।
উদাহৰণ: জন্ম – কাপ
উত্তৰঃ
তৎসম | বিদেশী মূলৰ শব্দ |
এয়োদশ | বেঞ্চ |
প্ৰাচীন | চকলেট |
পূৰ্ণ | পেন |
সৃষ্টি | ফুটবল |
যুগ | বিস্কুট |
৮। তলৰ শব্দবোৰৰ একোটিকৈ সমার্থক শব্দ লিখা।
(i) ধুনীয়া __________
উত্তৰঃ সুন্দৰ।
(ii) নিগজি __________
উত্তৰঃ স্থায়ী।
(iii) প্ৰাচীন ___________
উত্তৰঃ পুৰণি।
(iv) পূৰ্বতে ___________
উত্তৰঃ আগতে।
(v) পুথি ____________
উত্তৰঃ কিতাপ।
(vi) সামৰণি ___________
উত্তৰঃ সমাপ্তি।
৯। “প্রাক্ শংকৰী যুগ বুলি কোনটো যুগক কোৱা হয় খুড়া?” এইটো এটা প্রশ্নবোধক বাক্য। তোমালোকেও এনেধৰণৰ তিনিটা প্রশ্নবোধক বাক্য নিজৰ মতে সাজা।
উত্তৰঃ
(i) আমাৰ ৰাষ্ট্ৰীয় ভাষা কি?
(ii) ভাৰতৰ প্ৰধান মন্ত্ৰী কোন হয়?
(iii) তুমি কাইলৈ স্কুল জাবানে?
১০। বাক্য ৰচনা কৰা।
মিচিকিয়াই, চেনেহী, পুৰণি, ধন্যবাদ, সাহিত্য, যুগে যুগে
উত্তৰঃ
(i) মিচিকিয়াই: ৰিনায়ে আইতাৰ কথা শুনি মিচিকিয়াই হাঁহিছে।
(ii) চেনেহী: বহু দিনৰ মূৰত মাহীয়েকৰ চেনেহী মাতটো শুনি হেমাই দৌৰি ওলাই আহিল।
(iii) পুৰণি: পুৰণি কালৰ ৰীতি-নীতিবোৰ পালন কৰিবলৈ কলিযুগৰ মানুহে টান পায়।
(iv) সাহিত্য: সাহিত্যৰ জৰিয়তে একোটা জাতিৰ আশা-আকাংক্ষা প্ৰকাশ পায়।
(v) যুগে যুগে: যুগে যুগে সমাজৰ নিয়ম সলনি হৈ গৈ থাকে।
Download PDF Notes
Assam Govt Class 6 Assamese Question Answer Chapter 3 PDF
জানি থওঁ আহা-
১) প্রাক শংকৰী যুগৰ পাঁচগৰাকী বিশিষ্ট অসমীয়া কবি হ’ল-
উত্তৰঃ
(ক) হেম সৰস্বতী।
(খ) কবিৰত্ন সৰস্বতী।
(ঘ) হৰিবৰ বিপ্ল।
(গ) কদ্র কন্দলি।
(ঘ) মাধব কন্দলি।
২) প্রাক শংকৰী আৰু শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন?
উত্তৰঃ প্রাক শংকৰী যুগৰ শ্রেষ্ঠ কবি মাধৱ কন্দলি। শংকৰী যুগৰ শ্ৰেষ্ঠ কবি শ্ৰীমন্ত শঙ্কৰদেৱ।
৩) মৌখিক সাহিত্য বুলিলে কি বুজা?
উত্তৰ: মানুহৰ মুখে মুখে প্রচলিত সাহিত্যক মৌখিক সাহিত্য বোলে। মৌখিক সাহিত্য বুলিলে সাধুকথা, আইনাম, ধাইনাম, বিহুনাম, বিয়ানাম আদিক বুজা যায়।
৪) তুমি জনা এফাকি বিহুনাম আৰু এফাকি বিয়ানাম লিখা।
উত্তৰ: উত্তৰঃ ছাত্র-ছাত্ৰী নিজে কৰা।

Conclusion on Assam Govt Class 6 Assamese Question Answer Chapter 3
এতিয়ালৈকে আমি আপোনালোকৰ সৈতে আলোচনা কৰিলোঁ Assam Govt Class 6 Assamese Question Answer Chapter 3 তথা অসমীয়া ভাষাৰ বিকাশৰ কথা নামৰ তৃতীয় অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ ।
আশা কৰোঁ আপোনালোকে আমাৰ এই লিখনি পঢ়ি উপকৃত হৈছে, তেন্তে আমাৰ এই Assamese Question Answer নামৰ ৱেবচাইটৰ কথা বেলেগ বন্ধু বান্ধৱী সকলৰ সৈতে আলোচনা কৰিবলৈ নাপাহৰিব ।
FAQs
1) আপুনি Assamese Question Answer নামৰ ৱেবছাইটত কিয় আহিব?
Ans: আপুনি যদি ষষ্ট শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ বিচাৰে তেন্তে Assamese Question Answer নামৰ এই ৱেবছাইটত আহিব লাগিব ।
2) বিনামূল্যত Assamese Question Answer কত পোৱা যায়?
Ans: আপোনালোকৰ সুবিধাৰ বাবে assamesequestionanswer.com নামৰ ৱেবছাইটত সকলো শ্ৰেণীৰ অসমীয়া বিষয়ৰ প্ৰশ্ন উত্তৰ বিনামুল্যত যোগান ধৰা হৈছে ।
3) Assamese Question Answer PDF কত পোৱা যায়?
Ans: assamesequestionanswer.com নামৰ এই ৱেবছাইটটোত বিনামূল্যত Assamese Question Answer PDF পোৱা যায় ।
4) আজিৰ এই লিখনি কি কি আলোচনা কৰা হল?
Ans: আজিৰ এই লিখনি আমি আপোনালোকৰ সৈতে Assam Govt Class 6 Assamese Question Answer Chapter 3 আলোচনা কৰিলোঁ ।
5) আজিৰ এই লিখনি PDF পোৱা যাব নেকি?
Ans: আজিৰ এই লিখনিত আমি Assam Govt Class 6 Assamese Question Answer Chapter 3 আলোচনা কৰিছো লগতে আপোনালোকৰ বাবে ইয়াৰ Free PDF দিয়াৰ ব্যৱস্থা কৰিছো ।