Class 12 Assamese Chapter 12 Question Answer | জনতাৰ আহ্বান

ADVERTISEMENT

আপুনি HS 2024-25 Final Exam দিবলৈ প্ৰস্তুতি চলাই আছে নেকি তেন্তে Class 12 Assamese Chapter 12 Question Answer অৰ্থ্য়াৎ “জনতাৰ আহ্বান” য়ে আপোনাক ভাল নম্বৰ প্ৰাপ্ত কৰিবলৈ সহায় কৰিব।

Watch FREE Video Classes

আজি আমি আপোনালোকৰ বাবে Assamese Question Answer নামৰ অসমীয়া শিক্ষামূলক ৱেবছাইটত আজি Class 12 Assamese Chapter 12 Question Answer অৰ্থ্য়াৎ জনতাৰ আহ্বান প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ।

ADVERTISEMENT
Class 12 Assamese Chapter 12 Question Answer
ADVERTISEMENT

Class 12 Assamese Chapter 12 Question Answer 2025

জনতাৰ আহ্বান নামৰ অধ্যায়ৰ অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, কিছু বহল প্ৰশ্ন উত্তৰ লগতে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাৰ লগতে কিছু প্ৰশ্ন উত্তৰ আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ যিয়ে আপোনাক আগন্তুক HS 2024-25 Final Exam ত সহায় কৰিব। তেন্তে আহক কোনো সময় নষ্ট নকৰাকৈ আজি আমি Class 12 Assamese Chapter 12 Question Answer আলোচনা কৰোঁ।

আৰ্হি প্ৰশ্ন উত্তৰ

ক) অতি চমু প্ৰশ্নৰ উত্তৰ (মূল্যাংক ১)

১. অসমীয়া সাহিত্য – সংস্কৃতি জগতত ৰূপকোঁৱৰ’অভিধাৰে কোনগৰাকী সাহিত্যিক বিভূষিত কৰা হৈছে ?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাক ।

২. জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি ?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম হ’ল— ‘লুইতৰ পাৰৰ অগ্নিসুৰ’।

৩. জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্রথম নাটখনৰ নাম কি ?
উত্তৰঃ ‘শােণিত কুঁৱৰী ’ জ্যোতি প্ৰসাদ আগৰৱালাৰ প্রথম নাটক ।

৪. জ্যোতিপ্ৰসাদ আগৰৱালাই জার্মানীলৈ গৈ কিহৰ প্রশিক্ষণ লৈছিল ?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাইজার্মানীলৈ গৈ তাত কথাছবি প্রযােজনা আৰু পৰিচালনাৰ বিষয়ত প্রশিক্ষণ লৈছিল ।

৫. প্রথম অসমীয়া কথাছবিখনৰ নাম কি ?
উত্তৰঃ প্রথম অসমীয়া কথাছবিখনৰ নাম ‘জয়মতী’ ।

৬. জ্যোতিপ্ৰসাদ আগৰৱালাই ‘ইন্দ্ৰমালতী’ কথাছবিখন কোন চনত নির্মাণকৰিছিল ?
উত্তৰঃ ১৯৩৯ চনত ।

খ) চমু প্রশ্নৰ উত্তৰ (মূল্যাংক -২ / ৩)

১. জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য হল— জাতীয়তাবােধ, দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবােধ আৰু জনতাৰ প্রতি দায়ৱদ্ধতা তেখেতৰ কবিতাৰ এক বিশেষ বৈশিষ্ট্য । তেখেতৰ কবিতাত ভাষা আৰু শব্দৰ ওজস্বিতা , যৌৱনসুলভ দীপ্ততা আদি বৈশিষ্ট্য লক্ষ্য কৰা যায় ।

২. আজি সুন্দৰৰ পূজা – থাপনাত
যাচিবি কিহেৰে ঘােড়শােপচাৰ ‘- যােড়শপচাৰ কি বুজাই লিখা ।

উত্তৰঃ যােড়শ উপচাৰ হৈছে পূজাত লগা ষােলবিধ বস্তু । সেইবস্তুবােৰ হ’ল-গন্ধ , ধূপ , দীপ , নৈবেদ্য , বস্ত্র , আভৰণ , আসন , স্বগত (আবাহন ) , পাদ্য , অর্ঘ্য , আচমনীয় , মধুপক , পুনৰাচমনীয় , স্নান আৰু চন্দন । কবি জ্যোতি প্ৰসাদ আগৰৱালাই ‘ জনতাৰ আহ্বান ’ কবিতাত জনতাৰ আলােক যাত্ৰাৰ অভিযানৰ বিষয়ে ক’বলৈ গৈ ষােড়শােপচাৰ পূজাৰ কথা কৈছে । পূজাত সােড়শােপচাৰেৰে যেনেদৰে আৰাধ্য দেৱ – দেৱীক পূজা কৰা হয় , কবিয়েও সুন্দৰৰ পূজা থাপনাত জনতাৰ আলােকসন্ধানী অভিযানক প্রতিষ্ঠা কৰিবলৈ বিচাৰিছে।

৩. কবিতাটোত কবিয়ে ‘ আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান ’ বুলি কিয় কৈছে ?
উত্তৰঃ ‘ জনতাৰ আহ্বান ’ কবিতাটিত কবিয়ে পৃথিৱীত মানৱৰ মুক্তি সাধনৰ অৰ্থে সাংস্কৃতিক আৰু গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ পক্ষে মত প্রকাশ কৰিছে । কবিৰ দৃষ্টিত জনতাৰ এক নতুন ৰূপ প্রতিভাত হৈছে । অন্ধকাৰ নাশি পােহৰ বিলাবলৈ , সমগ্র পৃথিৱীৰ আকাশতে সৌন্দর্য বিলাবলৈ পৃথিৱীৰ জনতা আজি ওলাই আহিছে । পৃথিৱীৰ সমগ্ৰ জনতাই আজি সাম্যবাদৰ সপােন দেখিছে । সেয়ে পৃথিৱীৰ আকাশে আকাশে এই সাম্যবাদত উদ্বুদ্ধ হােৱাৰ জনতাৰ আহ্বান নিনাদিত হৈছে । মানুহৰ এই পৃথিৱীত শান্তি , ঐক্য সংহতিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্রাণ জাগ্রত কৰি তুলি । সমগ্র পৃথিৱীৰ জনতাৰ এই আহ্বান কাৰণে ‘ আজি পৃথিৱীত আকাশে আকাশে জনতাৰ আহ্বান’বুলি কোৱা হৈছে ।

৪. ‘হে মােৰ আলােক পূজাৰী প্রাণ’ কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা ৷
উত্তৰঃ আলােক পূজাৰী মানে পােহৰৰ পূজাৰী , পােহৰৰ সেৱক । কবি জ্যোতিপ্রসাদ আগৰৱালা মনে – প্রাণে সংস্কৃতিৰ সাধক আছিল । সেয়ে সংস্কৃতিৰ বিকাশ সাধনৰ অৰ্থে দুর্দশাগ্রস্ত জনাৰ পাগল এপাহ পদম ফুলাব বিচৰা যেনকৈ এক আলােক সৃষ্টি কৰিবলৈকো অহৰহ প্রয়াস কৰিছে । জনতাৰ হৃদয়ত এই আলােকৰ সৃষ্টিৰ সম্ভৱনা একমাত্র সুন্দৰৰ অর্থাৎ ভগৱানৰ কৃপাতহে সম্ভৱ । সেয়ে ষােড়শােপচাৰেৰে তেওঁ সুন্দৰৰ পূজাৰ থাপনাত উপাসনা কৰাৰ কথা চিন্তা কৰিছে ।

৫. কথাছবি নির্মাতা হিচাপে জ্যোতিপ্ৰসাদৰ এটি চমু পৰিচয় লিখা ।
উত্তৰঃ ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয় ১৯০৩ চনৰ ১৭ জুন তাৰিখে । পিতৃৰ নাম পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম কিৰণময়ী আগৰৱালা । জ্যোতিপ্রসাদ আগৰৱালাই তেজপুৰ আৰু ডিব্ৰুগড়ত স্কুলীয়া শিক্ষা লাভ কৰাৰ পিছত কলিকতাৰ নেচনেল কলেজত পঢ়িছিল যদিও সেই কলেজ উঠি যােৱাত পিছত বিলাতৰ এডিনবৰা বিশ্ববিদ্যালয়ৰ পৰা পুনৰ মেট্রিক পৰীক্ষা পাছ কৰে । তেওঁ ১৯২৬ চনত বিলাতলৈ উচ্চ শিক্ষাৰ কাৰণে যায় । তেওঁ তাত এম এ পঢ়িবলৈ গৈছিল যদিও সেই শিক্ষা বাদ দি জার্মানীত চলচ্চিত্র নির্মাণ । সম্পৰ্কীয় শিক্ষাহে লৈ ১৯৩০ চনত স্বদেশলৈ ঘূৰি আহি অসমৰ প্রথম কথাছবি ‘জয়মতী’ ( ১৯৩৫ ) কে ধৰি কেবাখনাে কথাছবি নির্মাণ কৰি মহাপুৰুষৰ শ্ৰীমন্ত শংকৰদেৱৰ পিছতেই অসমীয়া সংস্কৃতিৰ বৰঘৰ নিৰ্মাণ কৰে ।

গ) দীঘল প্ৰশ্নৰ উত্তৰ (মুল্যাংক ৪/৫)

১. ‘জনতাৰ আহ্বান’ কবিতাটোৰ মূল কথাখিনি আলােচনা কৰা ।
উত্তৰঃ ‘জনতাৰ আহ্বান’ কবিতাটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ লুইতৰ পাৰৰ অগ্নিসুৰ ’ নামৰ কাব্যগ্রন্থৰ পৰা অনা হৈছে । কবিতাটোত বিপ্লৱী কবিজনাই মানৱতাৰ ওপৰত গভীৰ আস্থা আৰু সৌন্দর্য ৰূপায়ণক বিশেষ গুৰুত্ব আৰােপ কৰিছে । আলােকসন্ধানী কবিজনাই জনতাৰ আলোেকসন্ধানী ৰূপ কবিতাটো মূর্ত কৰি তুলিছে।

সুন্দৰৰ পূজাৰী কবিজনাই কবিতাৰ প্রাৰম্ভতে কৈছে যে সুন্দৰৰ পূজাৰ থাপনাত আজি কিহেৰে পূজাৰ ষােড়শােপচাৰ গােটাবনাইবা কি ৰাগ , কি সুৰেৰে পুৱা – সন্ধ্যাৰ গান গাব — এই প্রশ্ন উত্থাপন কৰি কবিয়ে তাৰ উত্তৰ দিছে । কবিয়ে অনুভৱ কৰিছে বিশ্বৰ আকাশে – বতাহে আজি জনতাৰ আহ্বান ধ্বনিত হৈছে । কবিয়ে লক্ষ্য কৰিছে আজি সমগ্র বিশ্বতে জনতাৰ পংকজ ৰূপ পদুমৰ দৰে বিকশিত হৈছে ।

অর্থাৎ সাম্যবাদৰ সুৰে আজি পৃথিৱীৰ আকাশে বতাহে খলকনি তুলিছে। পৃথিৱীত শান্তি সুৰভি বিলাবলৈ , বিশ্বৰ সৌন্দর্য সৃষ্টিত অৰিহণা যােগাবৰ বাবে আজি জনতা ঐক্যবদ্ধ হােৱা প্রয়ােজন। মানৱ জীৱনৰ এনে সংহত অভ্যুত্থানে জনতাৰ মহাপ্রাণ জগাই তুলিবলৈ সক্ষম হ’ব। কবিয়ে বিশ্বাস কৰিছে জনতাৰ আলোেক বিজয়ী এনে অভিযানে নবজীৱনৰ পাতনি তৰি দিব। কবিয়ে বেদত ধ্বনিত হােৱা আলােক মন্ত্ৰেৰে অনুপ্ৰেৰণা লাভ কৰিবৰ বাবে আহ্বান জনাইছে। কবিয়ে উদাত্ত কণ্ঠে জনতাতন্ত্রৰ , আলােক মন্ত্রপুত মহামানৱ তন্ত্রৰ জয়গান গাইছে।

২. ‘জনতাৰ আহ্বান’ কবিতাটোত সাধাৰণ মানুহৰ প্রতি কবিৰ কেনে মনােভাব প্রকাশ পাইছে বুজাই লিখা ।
উত্তৰঃ ‘জনতাৱ আহ্বান’ কবিতাটোত সাধাৰণ মানুহ অর্থাৎ জনতাৰ প্রতি কবিৰ গভীৰ আস্থাৰ ভাব প্রকাশ পাইছে । সেয়ে কবিতাটোত কবিয়ে পৃথিৱীৰ এই সাধাৰণ মানুহৰ মাজত বিয়পি পৰা এক নতুন চেতনা অভ্যুদ্বয়ৰ কথা বর্ণনা কৰিছে । কবিয়ে দেখিছেৰূপান্তৰৰ পৃথিৱীত আকাশে বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে ।

সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে তাত সাধাৰণ মানুহে অর্থাৎ জনতাই যােড়শােপচাৰেৰে সুন্দৰৰ আৰাধনাত মগ্ন হৈছে । বােকাত জন্ম লাভ কৰা জনতা আজি পদুম ফুলৰ দৰে ফুলি সৌৰভ বিলাইছে, পােহৰ বিলাইছে । অন্ধকাৰ নাশি পােহৰত পাহি মেলি, আকাশত সৌন্দর্য সিঁচিবলৈ আজি জনতা ওলাই আহিছে । মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্রাণ জাগ্রত কৰি তুলিছে । কবিৰ মনােভাব আজি জনতাৰ এই আলােকবিজয়ী অপূর্ব অভিযানে পৃথিৱীৰ আকাশ মুখৰিত কৰি তুলিব । নৱ জীৱনৰ মহা সংঘাতে বর্তমানক কঁপাই তুলিব । জনতাৰ এই উদ্যোগ দেখি কবিৰ মনােভাব হৈছে বেদত ধ্বনিত হােৱা আলােকৰ আগমনী মন্ত্র আজি সার্থক হ’বলৈ আগ বাঢ়িছে ।

৩. কবিয়ে কেনেকুৱা জনতন্ত্র কামনা কৰিছে কবিতাটোৰ আধাৰত বিশ্লেষণ কৰা ।
উত্তৰঃ কবি জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জনতাৰ আহ্বান’ কবিতাত জনতাক ‘প্রবুদ্ধ’ বুলি অভিহিত কৰি কৈছে যে জনতা আজি জ্ঞানৰ আলােকত উদ্ভাসিত হৈ উঠিছে । আজিৰ জনতা পূৰ্বৰ দৰে অজ্ঞান – আন্ধাৰত নিমজ্জিত নহয় ।

সাংস্কৃতিক আধাৰত প্রতিষ্ঠিত এক কেন্দ্রীভূত শক্তিৰ ওপৰত গভীৰ আস্থাৱান এই জনতা আজি আলােকসন্ধানী হৈ পৰিছে । জ্ঞান আৰু মানৱীয় মূল্যবােধত এওঁলােকে গুৰুত্ব দিছে । সমাজৰ সকলাে অসুন্দৰ আঁতৰাই সত্য আৰু সুন্দৰৰ ভিত্তিত প্রবুদ্ধ জনতাই সমাজ স্থাপন কৰিব খােজে । জ্ঞান বুদ্ধি – চেতনা আৰু নিস্বার্থ সেৱাৰ মনােভাবেৰে এওঁলােক উজ্জীৱিত । জাতিৰ জীৱন আগুৱাই নিবলৈ এই জনতাই সাংস্কৃতিক প্রচেষ্টা কার্যকৰী কৰিবলৈ বদ্ধ পৰিকৰ । তাৰ বাবে যি শাসনতন্ত্র প্রয়ােজন হ’ব সেয়া হ’ব জনতন্ত্র । কবিয়ে তেনে জনতন্ত্ৰৰে জয় জয়কাৰ ঘােষণা কৰিছে ।

৪. ‘জনতাৰ আহ্বান’ কবিতাটোত জনতাৰ মহাপ্রাণ কেনেদৰে জাগৰিত হয় বুলি কবিয়ে কৈছে আলােচনা কৰা ।
উত্তৰঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জনতাৰ আহ্বান’ নামৰ কবিতাত জনতাৰ আলােকসন্ধানী ঐক্যবদ্ধ যাত্ৰাৰ কথা প্রকাশ কৰিছে । মানুহৰ শ্রেষ্ঠতম গুণ মানৱতাৰ বিকাশ সাধন হােৱাৰ পিছত কবিয়ে পৃথিৱীত মানৱীয় মূল্যবােধৰ উত্তৰণ প্রত্যক্ষ কৰিছে । বােকাত গজি বিকশিত হােৱা পদুম ফুলৰ দৰে একেবাৰে নেহাত অৱস্থাত জন্মলাভ কৰা এইসকল মানুহেও সংস্কৃতিৰ বিকাশ সাধনত নিজৰ ভাগ ল’বলৈ , আকাশে বতাহে সৌন্দর্যৰ সৌৰভ বিলাবলৈ , পৃথিৱী শান্তিময় কৰিবলৈ এক আলােকসন্ধানী যাত্ৰা আৰম্ভ কৰিছে । সেয়ে কবিয়ে পৃথিৱীৰ আকাশে বতাহে জনতাৰ আহ্বান হােৱা শুনিবলৈ পাইছে । জীৱনৰ প্রতিটো ক্ষণে ক্ষণে , মহাপ্রবাহে প্রবাহে এনেদৰে জনতাৰ আহ্বান শুনি কবি আপ্লুত হৈ পৰিছে ।

৫) প্রসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা
আজি জনতাৰ পংকজ ৰূপ
জাগে পদুমৰ দৰে
বোকাত জনমা মানুহে আজি
আলোকলৈ’ উঠি আহে
বেলিমুৱা হৈ হাঁহে ।

উত্তৰঃ উক্ত কবিতাফাঁকি ৰূপকোৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ দ্বাৰা ৰচিত ‘জনতাৰ আহ্বান’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ।

কবিতাফাঁকিৰ মাধ্যমেৰে কবিয়ে বোকাত জন্মা পদুমে আদৰ পোৱাৰ নিচিনাকৈ আজি সাধাৰণ জনতাই বা অতি দুখীয়া-দৰিদ্র মানুহেও সু-কর্মৰাজিৰ আৰু নতুন দিগন্তৰ কাৰণে আদৰ পাবলৈ সক্ষম হোৱাৰ প্রসংগ কথা ব্যক্ত কৰিছে ।

কবিৰ মতে, বোকাত জন্ম লভা সাধাৰণ জনতাই আজি পদুমৰ দৰে ফুলি পোহৰৰ লগতে সৌৰভ বিলাইছে । অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দৰ্য সিঁচিবলৈ আজি জনতা ব্যাকুল হৈ পৰিছে । মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ রূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্রাণ জাগ্রত কৰি তুলিছে । কবিৰ মনোভাৱ আজি জনতাৰ এই আলোকবিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ বতাহ মুখৰিত কৰি তুলিব।

Download PDF Notes

তলত দিয়া লিংকৰ জৰিয়তে আপুনি Class 12 Assamese Chapter 12 Question Answer PDF ডাউনলোড কৰিব পাৰিব।

Class 12 Assamese Chapter 12 Question Answer PDF

Watch Video Class

ADVERTISEMENT

শেষ বাক্য

আজি আমি আপোনালোকৰ সৈতে Class 12 Assamese Chapter 12 Question Answer আলোচনা কৰিলোঁ, আশা কৰো আপুনি পঢ়ি ভাল পাইছে। আমাৰ এই লিখনি আপুনি আনৰ সহায় হোৱাকৈ WhatsApp ৰ জৰিয়তে শ্বেয়াৰ কৰক যাতে উপকৃত হব পাৰে।

Leave a Comment

ADVERTISEMENT