ইয়াত কি কি আলোচনা কৰা হৈছে
ভাৱ বিষয়ক প্ৰশ্ন উত্তৰ
১। অতি চমু উত্তৰ দিয়া
(ক) প্রাগঐতিহাসিক যুগত যিসকল ভাৰতীয় লােক পৰ্বতৰ গুহা বা গছৰ ধােন্দত বাস কৰিছিল তেওঁলােকক কি বােলা হৈছিল ?
উত্তৰঃ আদিম অধিবাসী বােলা হৈছিল।
(খ) বুদ্ধদেৱৰ আচল নাম কি ?
উত্তৰ গৌতম, সিদ্ধার্থ আৰু শাক্যসিংহ।
(গ) মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্রণেতা কোন?
উত্তৰঃ বেদব্যাস।
(ঘ) কুশান বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি?
উত্তৰঃ কনিষ্ক।
(ঙ) জৈনধৰ্মৰ প্রৱর্তক কোন?
উত্তৰঃ মহাবীৰ।
২। কি কি বিষয়ত ভাৰতবৰ্ষৰ বিচিত্রতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা।
উত্তৰঃ ভাৰতবর্ষ এখন বৈচিত্র্যপূর্ণ দেশ। ই ভৌগােলিক অৱস্থাত আৰু বিভিন্ন সময়ত ভাৰতলৈ অহা বিভিন্ন মানৱ জাতিৰ ধৰ্ম-ভাষাৰ, আচাৰ-ব্যৱহাৰ, কলা-সংস্কৃতি আদি বিষয়ত ভাৰতৰ বিচিত্রতা লক্ষ্য কৰিব পাৰি।
ভৌগােলিক অৱস্থাত ভাৰতবৰ্ষৰ বিচিত্রতা হ’ল ইয়াৰ এফালে সুউচ্চ পর্বতমালা, আনফালে সুগভীৰ সাগৰ-মহাসাগৰ, এফালে বিস্তীর্ণ সমতল ভূমি, আনফালে বিৰাট মালভূমি, এফালে দ্বীপমালা, আনফালে হ্রদ-জলাশয়, এফালে গ্রীষ্মৰ তীব্রতা, আনফালে শীতৰ কঠোৰতা, এফালে মৌচুমীৰ তাণ্ডৱ-নৃত্য, আনফালে শুকান মৰুভূমি। জাতিগত বা গােষ্ঠীগত বৈচিত্র্যও মন কৰিবলগীয়া।
ভাৰতত প্রাগ ঐতিহাসিক কালত পৰ্বতৰ গুহা, গছৰ ধােন্দত বাস কৰা আদিমবাসীসকলৰ বংশধৰ বৰ্তমান মধ্যভাৰত, বিহাৰ, উৰিষ্যাৰ কোল-মুণ্ডা, চাওতাল, সুপ্রাচীন মানৱ-গােষ্ঠী পাঞ্জাৱ আৰু দক্ষিণ ভাৰতত থকা দ্রাবিড়সকলৰ বংশধৰ তামিল, তেলেগু, কর্ণাড় আদি, উত্তৰ-পূব ভাৰতত সােমােৱা অষ্ট্ৰিক আৰু মংগােলীয় অষ্ট্রিক গােষ্ঠীৰ লােক নগা, বড়াে, মিচিং, কাৰ্বি, গাৰাে আদি, উত্তৰ-পশ্চিম ফালেদি ভাৰতলৈ অহা আর্যগগাষ্ঠীৰ ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য, শূদ্র আদি আৰু ইয়াৰ পিছতাে ভাৰতবৰ্ষত প্রৱেশ কৰা শক, কুশান, পাঠান, মােগল, পতুগীজ, ইংৰাজ, ফৰাচী আদিৰ বংশধৰ বর্তমানেও ভাৰতত বসবাস কৰি আছে। খাদ্যৰ ক্ষেত্ৰতাে আৰু সাজ-পােছাকৰ ক্ষেত্ৰতাে ভাৰতবৰ্ষত বৈচিত্র্যতা লক্ষণীয়।
ভাৰতবৰ্ষত মুখ্য খাদ্য ভাত হলেও অনেকৰ কাৰণে মুখ্য খাদ্য ৰুটী। উত্তৰ ভাৰতৰ প্রায়সকলেই মাছ-মাংস খায়; কিন্তু দক্ষিণ ভাৰতত মাছ-মাংস প্রায় নচলে। সাজ-পােছাকত কিছুমান মতা মানুহে ধুতী-চুৰিয়া, কামিজ আৰু কিছুমান মানুহে লংপেণ্ট, পায়জামা, কুর্তা, ছার্ট আদি পিন্ধে। তিৰােতা মানুহ কিছুমানে চাদৰ-মেখেলা, কিছুমানে শাৰী, কিছুমানে চুড়িদাৰ-পায়জামা পৰিধান কৰে।
ধর্মীয় ক্ষেত্ৰতাে ভাৰতবৰ্ষ এক বৈচিত্র্যপূর্ণ দেশ। ইয়াত হিন্দু, ইছলাম, বৌদ্ধ, জৈন, শিখ, খ্রীষ্টান আদি সকলাে ধৰ্মৰে শান্তিপূর্ণ চর্চা হয়। ভাষাৰ ক্ষেত্ৰতত ভাৰতবৰ্ষত অসমীয়া- বঙালী, হিন্দী, উৰিয়া, তামিল, তেলেগু আদিকে ধৰি কুৰিটাতকৈয়াে অধিক মুখ্য ভাষাৰ উপৰি প্রায় তিনিশৰাে বেছি অন্যান্য ভাষা প্রচলন আছে। এইবিলাক বৈচিত্র্যৰ মাজতাে ভাৰতীয় মানুহৰ ঐক্য-সংহতি পৃথিৱীৰ অন্যান্য দেশ আৰু জাতিৰ কাৰণে এক অনুকৰণীয় আদর্শ।
৩। ভাৰতবৰ্ষৰ ভৌগােলিক অবস্থান কি কাৰণে বৈচিত্র্যপূর্ণ বুলি কোৱা হৈছে লিখা।
উত্তৰঃ ভাৰতবৰ্ষৰ ভৌগােলিক অৱস্থান এই কাৰণেই বৈচিত্র্যপূর্ণ বুলি কোৱা হৈছে যে ইয়াৰ এফালে সুউচ্চ পর্বতমালা, আনফালে সুগভীৰ সাগৰ-মহাসাগৰ, এফালে বিস্তীর্ণ সমতলভূমি, আনফালে বিৰাট মালভূমি, এফালে দ্বীপমালা, আনফালে হ্রদ-জলাশয়, এফালে গ্রীষ্মৰ তীব্রতা, আনফালে শীতৰ কঠোৰতা , এফালে মৌচুমীৰ তাণ্ডৱ, আনফালে শুকান মৰুভূমি।
৪। আৰ্যসকল ভাৰতলৈ অহাৰ পিছতাে পৃথিৱীৰ বিভিন্ন ঠাইৰপৰা ইয়ালৈ অহা মানুহৰ সোঁতৰ বিষয়ে চমুকৈ বর্ণনা কৰা।
উত্তৰঃ আৰ্যসকল ভাৰতলৈ অহাৰ পিছতাে পৃথিৱীৰ বিভিন্ন ঠাইৰপৰা ভাৰতলৈ মানুহৰ সোঁত বৈ আছিল। এছিয়া আৰু ইউৰােপৰপৰা কেইবাটাও প্রবল পৰাক্ৰমী জাতি আহি ভাৰতত ৰাজ্য স্থাপন কৰিছিল। সেইবােৰৰ ভিতৰত শক, কুশান, পাঠান, মােগল, পর্তুগীজ, ইংৰাজ, ফৰাচী আদিয়েই প্রধান। এই বিজেতাসকলৰ ভিতৰত সৰহভাগেই ভাৰতবর্ষকে আপােন কৰি লৈ ইয়াতেই নিগাজিকৈ থাকি গ’ল।
৫। ভাৰতত বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্রকৰণৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্রকৰণ এনেকুৱা- পূর্ব আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্রধান খাদ্য ভাত; কিন্তু উত্তৰ, মধ্য আৰু পশ্চিম ভাৰতীয় মানুহৰ প্রধান খাদ্য ৰুটী। উত্তৰ, দক্ষিণ, পশ্চিম ভাৰতৰ উচ্চ হিন্দুৰ মাজত মাছ-মাংস নচলে। কিন্তু পূব ভাৰতৰ প্ৰায় সকলাে লােকেই মাছ-মাংস খায়।
৬। ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজপাৰৰ বিষয়ে পাঠত উল্লেখ থকাৰ দৰে চমুকৈ বর্ণনা কৰা।
উত্তৰঃ ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজপাৰত কিছু বৈচিত্র্যতা আছে। পূব ভাৰতৰ মতা মানুহে পােন্ধ মাৰি চুৰিয়া পিন্ধে, কিন্তু দক্ষিণ ভাৰতীয় লােকে পােন্ধ নামাৰি লুঙীৰ দৰে চুতিয়া পিন্ধে। উত্তৰ ভাৰতত পায়জামাৰ আদৰ বেছি। অৱশ্যে বর্তমানে শিক্ষিত সমাজত লংপেণ্টৰ প্ৰচলনেই অধিক। ভাৰতীয় তিৰােতাৰ প্ৰধান সাজ শাৰী যদিও অসমীয়া তিৰােতাই মেখেলা-চাদৰ আৰু উত্তৰ ভাৰতৰ তিৰােতাসকলে সাধাৰণতে চুড়িদাৰ, পায়জামা
পৰিধান কৰে।
৭। আৰ্যসকলৰ পিছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় দিয়া।
উত্তৰঃ আৰ্যসকলৰ পিছত ভাৰতবৰ্ষলৈ এছিয়া আৰু ইউৰােপৰপৰা কেইবাটাও বিদেশী জাতি ইয়ালৈ আহি ৰাজ্য স্থাপন কৰিছিল। সেইবােৰৰ ভিতৰত শক, কুশান, পাঠান, মােগল, পর্তুগীজ, ইংৰাজ, ফৰাচী আদিয়েই প্রধান। ইয়াৰে দুটা বিদেশী জাতিৰ পৰিচয় তলত চমুকৈ দিয়া হল-
মােগল→ ভাৰতবৰ্ষলৈ অহা বিদেশী জাতিবােৰৰ ভিতৰত মোগল হ’ল অন্যতম পৰাক্ৰমী জাতি। এই জাতিৰ বাবৰে পানীপথৰ যুদ্ধৰ ফলত ভাৰতত মােগল সম্রাজ্য স্থাপন কৰে। মােগল সাম্রাজ্যৰ উল্লেখযােগ্য সম্রাটসকল হ’ল-বাবৰ, হুমায়ুন, আকবৰ, জাহাংগিৰ, ছাহজাহন আৰু ঔৰংজেৱ। ঔৰংজেৱৰ পিছতেই মােগল সাম্রাজ্যৰ পতন ঘটে আৰু মাৰাঠা শক্তিৰ বিস্তাৰ হয়। মােগলসকলে প্রায় উত্তৰ ভাৰত আৰু দাক্ষিণাত্যৰাে কিছু অংশ নিজ ৰাজত্বৰ অন্তর্ভুক্ত কৰিছিল। কিন্তু অসমক কেইবাবাৰাে আক্ৰমণ কৰিও মােগল সাম্রাজ্যৰ অন্তর্ভুক্ত কৰিব নােৱাৰিছিল। মােগল সম্রাটসকলৰ ভিতৰত আকবৰ আছিল অতি মহান আৰু জ্ঞানী। সম্রাট ছাহজাহানে নিজ পত্নী মমতাজৰ অকাল বিয়ােগত তেওঁৰ স্মৃতি ৰক্ষাৰ অর্থে পৃথিৱীবিখ্যাত তাজমহল নির্মাণ কৰাইছিল। এই জাতি শিক্ষা-সংস্কৃতিত যথেষ্ট আগবঢ়া আছিল যদিও অন্তর্কলহত জাতিটো থান- বান হৈ পৰিছিল। মােগল জাতিৰ ভাৰতবৰ্ষত ৰাজত্বৰ অনেক কীৰ্তিচিহ্ন আজিও পর্যটকৰ কাৰণে আকর্ষণৰ বস্তু হৈ আছে।।
ইংৰাজ→ ইংৰাজ জাতি অকল ভাৰতৰে নহয় পৃথিৱীৰ ভিতৰতে অতি শিক্ষিত, বুদ্ধিমান আৰু শক্তিশালী জাতি। এই জাতিয়ে ভাৰতলৈ ব্যৱসায় কৰাৰ চলেৰে আহি ভাৰতত আধিপত্য বিস্তাৰ কৰে আৰু প্রায় দুশ বছৰ ভাৰত শাসন কৰে। সমগ্র পৃথিৱীতে তেওঁলােকৰ ৰাজ্য বিস্তাৰ হৈছিল। সেই কাৰণেই সেই সময়ত কোৱা হৈছিল ইংৰাজ তথা ব্রিটিছৰ ৰাজ্যত সূর্য ডুব নগৈছিল।
অৱশ্যে বর্তমান ভাৰতৰ দৰে প্ৰায় সকলে দেশেই ইংৰাজৰ কবলৰপৰা স্বাধীন হ’ল। এই জাতি সকলাে কামতে অতি নিপুণ আৰু বিদ্যোৎসাহী। তেওঁলােকেই আমাৰ দেশত ইংৰাজী শিক্ষাৰ প্ৰচলন কৰি স্কুল, কলেজ আদি প্রতিষ্ঠা কৰি পশ্চিমীয়া শিক্ষা, সভ্যতা-সংস্কৃতি আৰু সাহিত্যৰ লগত ভাৰতীয় মানুহক পৰিচয় কৰাই দিছিল। তেওঁলােকৰ কাৰণেই ভাৰতীয় মানুহে আধুনিক শিক্ষাৰ লগত পৰিচয় হৈ সভ্যতা-সংস্কৃতিত আনকি সাহিত্যৰ ক্ষেত্ৰতাে বহুখিনি আগবাঢ়ি যাব পাৰিলে। শেক্সপিয়েৰৰ দৰে অমৰ সাহিত্যিকজন এই জাতিৰেই। ১৯৪৭ চনৰ ১৫ আগষ্টত এই জাতিৰ শাসনৰপৰা ভাৰতে মুক্ত হৈ স্বাধীন ভাৰত হিচাপে পৰিচিত হ’ল।
৮। যিবােৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্র্য আনিছে সেইবােৰেই আকৌ স্থান বিশেষে ঐক্যৰ সেতু নির্মাণ কৰি দিছে।’ – এই কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰা হৈছে চমুকৈ লিখা।
উত্তৰঃ ভাৰত এখন বিভিন্ন দিশত বৈচিত্র্যপূর্ণ দেশ। ভৌগােলিক অৱস্থান, জাতি- গােষ্ঠী, সাজ-পাৰ, খাদ্য, ধর্ম আৰু ভাষাৰ ক্ষেত্ৰত ভালেমান বৈচিত্র্য দেখা যায়; কিন্তু তথাপি বিভিন্ন দিশত যিবােৰে ভাৰতৰ বৈচিত্র্য আনিছে সেইবােৰেই আকৌ স্থানবিশেষে ঐক্য-সংহতিৰ সেতু নির্মাণ কৰিছে। উদাহৰণস্বৰূপে অসমত থকা হিন্দু, মুছলমান, শিখ, খ্রীষ্টান আদি লােকসকলে ধর্মীয় দিশত বিভিন্ন আদর্শ আৰু নীতি-নিয়ম পােষণ কৰে কিন্তু তেওঁলােকৰ মাতৃভাষা অসমীয়াই তেওঁলােকক এক অসমীয়া জাতি হিচাপে বান্ধি ৰাখিছে।
আনহাতে অসমীয়া হিন্দু এজনৰ ভাষা আৰু আচাৰনীতি দক্ষিণ ভাৰতৰ হিন্দু এজনৰ ভাষা আৰু আচাৰ-নীতিৰ মাজত বিভিন্নতা থাকিলেও ধর্মীয় বান্ধোনে দুয়ােকে এক কৰি ৰাখিছে। অন্যান্য ধর্মাবলম্বী লােকৰ ক্ষেত্ৰতাে একে কথাকেই ক’ব পাৰি। সেই কাৰণে যেতিয়া এজন ধর্মপ্রাণ অসমীয়া ব্যক্তিয়ে অসমৰ বাহিৰৰ কোনাে ধর্মানুষ্ঠানত যােগদান কৰে, তেতিয়া তেওঁৰ মনত এনে ভাব অহাটোৱেই স্বাভাৱিক যে ভাৰতৰ বিভিন্নতা সত্ত্বেও ধর্মানুষ্ঠানত যােগ দিয়া অন্যান্য ব্যক্তি আৰু তেওঁৰ মাজত ভালেখিনি মিল আছে।
৯। ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণিও উলাই কৰিব নােৱাৰি।’– এই কথাষাৰিৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষণ কৰা।
উত্তৰঃ ভাৰতবর্ষ এখনি বৈচিত্র্যপূর্ণ দেশ। কিন্তু বিভিন্ন দিশত বৈচিত্র্যতা থাকিলেও সেইবােৰেই আকৌ ভাৰতৰ ঐক্য-সংহতিতে বিশেষভাৱে বৰঙণি যােগাইছে। এই ঐক্য স্থাপনৰ ক্ষেত্ৰত ভাৰতৰ বিভিন্ন সুকুমাৰ কলা আৰু সংস্কৃতিয়ে উল্লেখযােগ্য বৰঙণি। আগবঢ়াইছে। সংগীত, চিত্রকলা, ভাস্কর্য, স্থাপত্য আদিয়েই হ’ল সুকুমাৰ কলা। ভাৰতীয় বিভিন্ন সংগীত, চিত্রকলা, ভাস্কর্য, স্থাপত্য আদিয়ে প্রাচীন কালৰেপৰা ভাৰতবাসীক একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে। ভাৰতত অনুষ্ঠিত কিছুমান উৎসৱ-পার্বনেও ভাৰতবাসীক ঐক্যবদ্ধভাৱে ৰখাত সহায় কৰিছে। পােন্ধৰ আগষ্ট (স্বাধীনতা দিৱস), গণতন্ত্র দিবস, হিন্দুৰ জন্মাষ্টমী, শিৱৰাত্রি, দেৱালী, হােলি, দুর্গা পূজা আৰু ইছলাম ধৰ্মৰ ঈদ, ফাতেহা আদিৰ উপৰি অন্যান্য ধর্মৰাে তেনে অনেক অনুষ্ঠানত জাতি-ধর্ম নির্বিশেষে সকলােৰে আন্তৰিকতা আৰু সহযােগ একপ্ৰকাৰ ঐক্য-সংহতিৰ সুন্দৰ নিদর্শন।
১০। ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু।— তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰঃ যুগে যুগে স্বকীয় সংস্কৃতি লৈ বিভিন্ন জাতি-উপজাতি ভাৰতলৈ আহিছে; কিন্তু কোনেও কেৱল নিজৰটোকে ধৰি ৰাখিব পৰা নাই। পূৰ্বৰেপৰা ভাৰতত চলি থকা বিৰাট সাংস্কৃতিক প্রবাহত তেওঁলােকৰ সংস্কৃতি মিলি গ’ল, সমন্বয় সাধন হ’ল। ভাষাগত, ধর্মগত বা অঞ্চলগত পার্থক্য থাকা সত্ত্বেও ভাৰতীয় লােকৰ মাজত এটি সামূহিক মিল আছে, সেয়ো হ’ল সাংস্কৃতিক মিল। এই মিলনৰ কাৰণেই এজন ভাৰতীয় মুছলমান বা খ্রীষ্টান, মক্কা বা জেৰুজালেমত থাকিলেও তেওঁৰ প্ৰথম পৰিচয় হব, তেওঁ এজন ভাৰতীয়হে। কাৰণ তেওঁৰ গাত ভাৰতীয় সংস্কৃতিৰ চাপ বিদ্যমান।
১১। ভাৰতবৰ্ষত বাস কৰা বিভিন্ন ধর্মালম্বী লােকসকলৰ নাম পাঠটোৰ সহায়ত লিখা।
উত্তৰঃ পাঠটিত উল্লেখ থকা ভাৰতবৰ্ষত বাস কৰা বিভিন্ন ধর্মাৱলম্বী লােকসকলৰ নাম হ’ল— হিন্দুধর্মাৱলম্বী লােকসকল, ব্যাস,—মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্রণেতা; বাল্মিকী। আদিকাব্য ৰামায়ণ চতিয়া, বশিষ্ঠ ব্রহ্মাৰ মানসপুত্ৰ আৰু মন্ত্রদ্রষ্টা ঋষি; বিশ্বামিত্র চন্দ্রবংশীয় গাধিৰজাৰ পুত্র, এজন ঋষি, শংকৰদেৱ অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্রবর্তক, অসমীয়া জাতিৰ সংগঠক আৰু সাহিত্য-সংস্কৃতিৰ জনক;
শংকৰাচার্য → | জগত প্রসিদ্ধ দার্শনিক পণ্ডিত; |
ৰামানুজ→ | বিখ্যাত দার্শনিক পণ্ডিত; |
ৰামানন্দ→ | এগৰাকী বিখ্যাত ধর্ম প্রচাৰক, কবি; |
চৈতন্যদেব→ | বৈষ্ণৱ ধৰ্ম প্ৰচাৰক; |
কবীৰ → | এগৰাকী ধর্ম প্রচাৰক; |
বুদ্ধদেৱ→ | আচল নাম গৌতম, সিদ্ধার্থ আৰু শাক্যসিংহ। এওঁ বৌদ্ধ ধৰ্মৰ প্রবর্তক। |
জৈন ধর্মৰ→ | মহাকীৰ →এওঁৰ প্রকৃত নাম বদ্ধমান, জৈন ধর্ম প্রবর্তক। |
শিখ ধৰ্মৰ→ | নানক → এওঁ শিখ ধৰ্মৰ প্রবর্তক। |
১২। চমু উত্তৰ লিখা
(ক) কোনবােৰ লােক মংগােলীয় গােষ্ঠীৰ ?
উত্তৰঃ নগা, বড়াে, মিচিং, কাৰ্বি, গাৰাে আদি লােক মংগােলীয় গােষ্ঠী।
(খ) সুকুমাৰ কলা কোনবিলাক ?
উত্তৰঃ কবিতা, সংগীত, চিত্রবিদ্যা, ভাস্কর্য আৰু স্থাপত্য— এই পাঁচবিধেই সুকুমাৰ কলা।
(গ) কি কি গ্রন্থই প্রাচীন কালৰেপৰা ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাব গঢ়াত সহায় কৰিছে?
উত্তৰ : প্রাচীন কালৰেপৰা ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যৰ ভাব গঢ়াত সহায় কৰা গ্ৰন্থবােৰ হ’ল—— বেদ-উপনিষদ, গীতা-ভাগৱত, ৰামায়ণ, মহাভাৰত আদি।
১৩। কি কি পার্থক্য থকা সত্ত্বেও ভাৰতীয় লােকসকলৰ মাজত এটি সামূহিক মিল আছে?
উত্তৰঃ ভাৰতবৰ্ষত বিভিন্ন গােষ্ঠীৰ মানুহে বাস কৰে। এইসকলৰ মাজত গােষ্ঠীগত কিছু পার্থক্য আছে। সাজ-পাৰ আৰু খাদ্যৰ মাজতাে পার্থক্য আছে। ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন ভাষা চলে। ইয়াত বিভিন্ন ধৰ্মৰ লােকে বাস কৰে। অঞ্চলভেদে আচাৰ- নীতি, মাত-কথাৰ পার্থক্য আছে। কিন্তু এই গােষ্ঠীগত, ভাষাগত, ধর্মগত বা অঞ্চলগত পার্থক্য থকা সত্ত্বেও ভাৰতীয় লােকৰ মাজত এটি সামূহিক মিল আছে, সেয়ে হ’ল সাংস্কৃতিক মিল। এই মিলৰ কাৰণেই এজন ভাৰতীয় মুছলমান বা খ্রীষ্টান মক্কাত বা জেরুজালেমত থাকিলেও তেওঁৰ প্রথম পৰিচয় হ’ব ভাৰতীয়হে। কাৰণ তেওঁৰ গাত ভাৰতীয় সংস্কৃতিৰ চাপ বিদ্যমান।
১৪। উত্তৰ ভাৰতৰ তিৰােতাসকলে সাধাৰণতে কেনে ধৰণৰ পােছাক পৰিধান কৰে তাৰে এটি বর্ণনা দিয়া।
উত্তৰঃ উত্তৰ ভাৰতৰ তিৰােতাসকলে সাধাৰণতে পৰিধান কৰা পােছাক হ’ল চুড়িদাৰ আৰু পায়জামা। এই পােছাকত থাকে চেলােৱাৰ কামিজ, চূর্ণী আৰু পায়জামা। এই পােছাকৰ উপৰি বহুতে শাৰীও পৰিধান কৰা দেখা যায়।
১৫। চমু টোকা লিখা –
(ক) সুকুমাৰ কলা (খ) সংগীত (গ) কুশান (ঘ) ব্যাস (ঙ) মক্কা (চ) বশিষ্ঠ।
(ক) সুকুমাৰ কলা ⇒ কবিতা, সংগীত, চিত্রবিদ্যা, স্থাপত্য আৰু ভাস্কর্য— এই পাঁচবিধক সুকুমাৰ কলা বােলে।
(খ) সংগীত ⇒ গীত, বাদ্য আৰু নৃত্যৰ সমলয়ক একেলগে সংগীত বােলা হয়।
(গ) কুশান ⇒ কুশান এটি ৰাজকীয় বংশৰ নাম। শক নামৰ এটি যাজাবৰী জাতিৰ পাঁচোটা শাখাৰ ভিতৰত কুশান বংশই শ্রেষ্ঠ শাখা। কুশান বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ভাৰত বুৰঞ্জী প্রসিদ্ধ কণিষ্ক।।
(ঘ) ব্যাস ⇒ ব্যাসক দ্বৈপায়ন আৰু বেদব্যাসসা বােলা হয়। এওঁ মহাভাৰত আৰু অষ্টাদশ পুৰাণ ৰচনা কৰে। এওঁ বেদকো ঋক, অথর্ব, সাম, যজু— এই চাৰিভাগত বিভক্ত কৰা এজন ঋষি।।
(ঙ) মক্কা⇒ আৰ দেশৰ ৰাজধানী আছিল। প্রাচীন চহৰ। ইছলাম ধৰ্মৰ প্রৱর্তক হজৰত মহম্মদৰ ই জন্মস্থান। ইছলামধর্মী মানুহৰ অতি পরিত্র তীর্থস্থান।
(চ) বশিষ্ঠ ⇒ ব্ৰহ্মৰ মানসপুত্ৰ আৰু মন্ত্রদ্রষ্টা ঋষি। সূর্য বংশৰ ৰজাসকলৰ কুলপুৰােহিত। গুৱাহাটী নগৰৰ দক্ষিণফালে পাহাৰৰ কাণত বশিষ্ঠ মুনিয়ে আশ্রয় প্রতিষ্ঠা কৰিছিল। এই বশিষ্ঠাশ্ৰম আজিও এখনি পরিত্র তীর্থস্থান।
১৬। ভাৰতবর্ষ এখন অতি পুৰণি সুসভ্য ঐতিহ্যপূর্ণ দেশ। -কথাষাৰি বহলাই লিখা।
উত্তৰঃ ভাৰতবর্ষ এখন অতি পুৰণি সুসভ্য ঐতিহ্যপূর্ণ দেশ। কেইবা হাজাৰ বছৰৰ আগতে যেতিয়া পৃথিৱীৰ বহুতাে দেশ অজ্ঞান আন্ধাৰত বুৰ গৈ আছিল তেতিয়া ভাৰতবৰ্ষই। দর্শন, বিজ্ঞান, সাহিত্য, সুকুমাৰ কলা আদি বিষয়ত উন্নতিৰ শিখৰত উপনীত হৈছিল। সেইসকলৰ জ্ঞানী-মানী, পণ্ডিত, ঋষি-মুনি ব্যাস, বশিষ্ঠ, বিশ্বামিত্র, বাল্মিকী আদি ত্রিকালজ্ঞ তপস্বী-সাধক, ভগৱান বুদ্ধ, মহাবীৰ, শংকৰাচার্য, ৰামানুজ, ৰামানন্দ, কবীৰ, নানক, শংকৰদেৱ আদি মহাপুৰুষসকলৰ জন্ম আৰু কৰ্মস্থান এই ভাৰতবৰ্ষই। ইয়াতেই ৰচিত হৈছিল সেই সময়ত অমৰ সাহিত্য বেদ-উপনিষদ, গীতা-ভাগৱত, ৰামায়ণ, মহাভাৰত।
সেই সময়ৰ সুকুমাৰ কলাৰ নিদর্শন আজিও বিদ্যমান। এই কাৰণেই ভাৰতবর্ষ এখন অতি পুৰণি সুসভ্য ঐতিহাপূর্ণ দেশ বুলি কোৱা হৈছে।
১৭। ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণিও উলাই কৰিব নােৱাৰি।
উত্তৰঃ ভাৰতৰ ঐক্য-সংহতি স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণিও উল্লেখযােগ্য। কবিতা, সংগীত, চিত্রকলা, স্থাপত্য আৰু ভাস্কর্য এই পাঁচবিধক সুকুমাৰ কলা বােলা হয়। ভাৰতীয় ভাষাৰ বিভিন্ন কবিতা কাব্য, সংগীত, চিত্রকলা, স্থাপত্য আৰু ভাস্কর্য আদিয়ে প্রাচীন কালৰেপৰা ভাৰতবাসীক একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে। ভাৰতবৰ্ষত অনুষ্ঠিত কিছুমান উৎসৱ-পার্বণেও ভাৰতবাসীক ঐক্যবদ্ধভাৱে ৰখাত সহায় কৰিছে।
পােন্ধৰ আগষ্ট, গণতন্ত্র দিৱস, হিন্দুৰ জন্মাষ্টমী, শিৱৰাত্রি, দেৱালী, হােলী আদি অন্য ধর্ম ধর্মীয় উৎসৱৰ কথা এই প্রসংগত উল্লেখ কৰিব পাৰি। আনহাতে ভাৰতীয় সংস্কৃতিও এক ঐক্য সমন্বয়ৰ বস্তু। যুগে যুগে স্বকীয় সংস্কৃতি লৈ বিভিন্ন জাতি-উপজাতি ভাৰতবৰ্ষলৈ আহিছে; কিন্তু কোনেও কেৱল নিজৰটোকে ধৰি ৰাখিব পৰা নাই। পূৰ্বৰেপৰা ভাৰতত চলি অহা বিৰাট সংস্কৃতি প্রবাহত তেওঁলােকৰ সংস্কৃতি মিলি গল—সমন্বয় সাধন হল। এইদৰেই ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিয়ে উল্লেখযােগ্য বৰঙণি যােগাই আহিছে।
১৮। ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু।” – ভাব বিশ্লেষণ কৰা।
উত্তৰঃ বিভিন্ন উপাদান তথা কাৰকে ভাৰতীয় ঐক্য-সংহতি, সমন্বয়ত যিদৰে উল্লেখযােগ্য বৰঙণি আগবঢ়াই আহিছে, ভাৰতীয় সংস্কৃতিয়েও সমন্বয়ত তেনেদৰে সহায় কৰি আহিছে। যুগে যুগে স্বকীয় সংস্কৃতি লৈ বিভিন্ন জাতি-উপজাতি ভাৰতবৰ্ষলৈ আহিছে। এই জাতি-উপজাতিৰ মিশ্ৰণতেই ভাৰতীয় জাতি গঠিত হৈছে। এইবােৰ জাতি-উপজাতিয়ে ইয়ালৈ আহোঁতে নিজা নিজা সংস্কৃতি লৈ আহিছিল যদিও ইয়াতে কোনেও কেৱল নিজৰটোকে ধৰি ৰাখিব পৰা নাই। পূৰ্বৰেপৰা ভাৰতত চলি অহা বিৰাট সংস্কৃতি প্রবাহত তেওঁলােকৰ সংস্কৃতি মিলি গ’ল— সমন্বয় সাধন হ’ল। মুঠতে তেওঁলােকৰ মাজত ভাষাগত, ধর্মগত বা অঞ্চলগত পার্থক্য থাকিলেও তেওঁলােকৰ মাজত এটি সামূহিক মিল আছে— সেয়ে হ’ল সাংস্কৃতিক মিল। এয়াই সমন্বয়ৰ বস্তু।
১৯। তােমাৰ দৈনন্দিন খাদ্য সম্ভাৰত বাহিৰৰ কোন কোন মানৱ জাতিৰ খাদ্যাভাস পােৱা যায় চমুকৈ লিখা।
উত্তৰঃ আমাৰ দৈনন্দিন খাদ্য সম্ভাৰ হ’ল ভাত, দাইল, তৰকাৰী আৰু তাৰ লগত থাকে সাময়িকভাৱে মাছ-মাংস-কণী। লঘু খাদ্যৰ ভিতৰত বৰা-চাউলৰ জলপান, চিৰা, সান্দহ, পিঠা-পনা আদি। আমাৰ এই খাদ্য সম্ভাৰত আকৌ ৰন্ধন বা পৰিপাক পদ্ধতিত বিভিন্ন মানৱ জাতিৰ খাদ্যাভাস পােৱা যায়। মাছ, আলু আদি পুৰি খােৱা, খৰিকাত দি খােৱা, খাৰত দি খােৱা, ভাপত দি খােৱা, চুঙাপিঠা পােৰা আদি পদ্ধতিসমূহ নিতান্তই জনজাতীয়সকলৰপৰা অহা। ভাতৰ সলনি ৰুটী আদিও খাবলৈ লােৱা পদ্ধতিটো উত্তৰ আৰু পশ্চিম ভাৰতৰ মানুহৰ খাদ্যাভাস বুলি ক’ব পাৰি।
অসমত বসবাস কৰা বিভিন্ন জনগােষ্ঠীৰ লগত প্ৰতিটো জনগােষ্ঠীৰে সুসম্পর্ক থকা হেতুকেই প্রতিটো জনগােষ্ঠীৰে খাদ্যাভাস আমাৰ খাদ্যসম্ভাৰত পােৱা যায়। তদুপৰি বর্তমান আধুনিক খাদ্য সম্ভাৰ যেনে ধােচা, কাটলেট, ৰেচিপি, বৰ, পৰি, মালপােৱা, চাটনি, ফ্লাই চিকেন, জিঞ্জাৰ চিকেন, চপ, স্প্রিং ৰােল, ফ্রাইড চিলি পন’চ, চকলেট ফুট, ক্ষীৰ পটল, ক্ষীৰ সন্দেশ, ইলি, পুত্তি, হালােৱা এইবােৰৰ ভাৰতৰ বিভিন্ন জনগােষ্ঠী আৰু বিদেশী জনগােষ্ঠীৰ খাদ্যাভাস পােৱা যায়।
২০। সন্ধি ভাঙা -অনুষ্ঠান, জনাকীর্ণ, স্বাধীন, জন্মাষ্টমী
উত্তৰঃ
- অনুষ্ঠান = অনু + স্থান,
- জনাকীর্ণ = জন + অকীর্ণ।
- স্বাধীন = স্ব + অধীন।
- জন্মাষ্টমী = জন্ম + অষ্টমী।
২১। তলৰ শব্দবােৰৰ প্রত্যয় নির্ণয় কৰা ।
উত্তৰঃ (ক) শাৰীৰিক = শৰীৰ + কি বা শৰীৰ + ইক।
(খ) সামাজিক = সমাজ + ইক। (গ) সুকীয়া = সু + কীয়া।
(ঘ) ভৌগােলিক = ভূগােল + ইক। (ঙ) ফুলনি = ফুল + অনি।
(চ) ভাৰতীয় = ভাৰত + ঈয়া। (ছ) ফুলাম = ফুল + আম
(জ) অবিনাসী = অবিনাশ + ঈ।।
২২। প্রত্যেকৰে এটা বা দুটাকৈ সমার্থক শব্দ লিখাঃ হেতু , পৃথিৱী , গ্রস্থ , মাতা
উত্তৰঃ
- হেতু = কাৰণে, বাবে।
- পৃথিৱী = ধৰা, ধৰণী।
- গ্রস্থ = কিতাপ, পুথি।
- মাতা = আই, মাতৃ।
২৩। বিপৰীত শব্দ লিখা ?
উত্তৰঃ
শব্দ | বিপৰীত শব্দ |
পার্থক্য | কাৰণে, বাবে |
ত্যাগ | ধৰা, ধৰণী |
বৈচিত্র্য | কিতাপ, পুথি |
প্রাচীন | আই, মাতৃ |