Class 12 Assamese Chapter 14 Question Answer | আঘোণৰ কুঁৱলী

আপুনি যদি আগন্তুক HS Final Exam 2024-25 ৰ বাবে নিজকে প্ৰস্তুত কৰি আছে তেন্তে কেশৱ মহন্তৰ আঘোণৰ কুঁৱলী প্ৰশ্ন উত্তৰ তথা Class 12 Assamese Chapter 14 Question Answer য়ে আপোনাক অসমীয়াত ভাল নম্বৰ গোটাবলৈ সহায় কৰিব।

হয় মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে Class 12 Assamese Chapter 14 Question Answer লৈ আহিছোঁ যত পাঠ্যপুথিৰ প্ৰশ্ন উত্তৰ দিয়াৰ লগতে আমি Previous Question Paper ৰ সম্পূৰ্ণ সমাধান দিবলৈ প্ৰয়াস কৰিছো।

Class 12 Assamese Chapter 14 Question Answer 2025

আজি আমি Class 12 Assamese Chapter 14 Question Answer ত অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বহলাই লিখা, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা লগতে Assamese Grammar সম্পৰ্কীয় কিছু প্ৰশ্ন উত্তৰ সন্নিবিষ্ট কৰাৰ প্ৰয়াস কৰা হৈছে।

Class 12 Assamese Chapter 14 Question Answer

আৰ্হি প্ৰশ্ন উত্তৰ

অতি চমু প্ৰশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ১)

১. কবি কেশৱ মহন্তই কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?
উত্তৰঃ কবি কেশৱ মহন্তই ‘মােৰ যে কিমান হেঁপাহ’ গ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ।

২. কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম লিখা ।
উত্তৰঃ কেশৱ মহন্তৰ গীতৰ পুথিখন হৈছে ‘মােৰ যে কিমান হেঁপাহ’ ।

৩. ‘পছােৱা’ আলােচনী কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল ?
উত্তৰঃ পছােৱা’আলােচনী হেম বৰুৱাই সম্পাদনা কৰিছিল ।

৪. কেশৱ মহন্তই কোনখন আললাচনীত প্রথমতেকবি হিচাপে আত্মপ্রকাশ কৰিছিল ?
উত্তৰঃ ‘জয়ন্তী’ৰ পাতত কেশৱ মহন্তই কবি হিচাপে আত্মপ্রকাশ কৰে ৷

৫. ‘আঘােণৰ কুঁৱলী’ শীর্ষক কবিতাটিত উল্লেখ থকা ‘ সেউতী কোন ?
উত্তৰঃ সেউতী কবিৰ কল্পনাৰ প্ৰেয়সী, এগৰাকী দাৱনী ।

চমু প্ৰশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ২/৩)

১. ‘জয়ন্তী’ৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ জয়ন্তীৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য হল— কবিতাসমূহ সাম্যবাদী তথা প্রগতিশীল ভাবধাৰাৰ ।
‘জয়ন্তী’ৰ কবিতাসমূহত কৃষক, শ্রমিক আদি সাধাৰণ শ্ৰেণীৰ লােকৰ সুখ – দুখ আৰু সংগ্ৰামৰ প্রতিচ্ছবি প্রকাশ পায় ।

২. অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যােগােৱা তিনিখন আলােচনীৰ নাম লিখা।
উত্তৰঃ অসমীয়া কবিতাৰ আধুনিক যুগ আৰম্ভ হয় প্রকৃতাৰ্থত কুৰি শতিকাৰ ছল্লিছৰ দশকত । এই যুগসৃষ্টিত বিশেষ ভূমিকা পালন কৰে কমল নাৰায়ণ দেৱ আৰু চক্রেশ্বৰ ভট্টাচার্য দ্বাৰা সম্পাদিত ‘জয়ন্তী’ আলােচনীয়ে । জয়ন্তী’ৰ পৰৱৰ্তী কালত প্রকাশ পােৱা হেম বৰুৱা সম্পাদিত পছােৱা’ আৰু ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দ্বাৰা সম্পাদিত ৰামধেনু’আলােচনীৰ জৰিয়তে অসমীয়া কবিতাৰ আধুনিক ৰূপটিৰ বিকাশ সাধন হয়।

৩. কেশৱ মহন্তৰ দুখন কবিতাপুথিৰ নাম লিখা ।
উত্তৰঃ কেশৱ মহন্তৰ দুখন কবিতাপুথি হ’ল— আমাৰ পৃথিৱী আৰু আগন্তুক ।

৪. ‘আঘােণৰ পথাৰত কাম আৰু কাম’— কবিয়ে আঘােণৰ পথাৰত থকা কি কাম’ৰ বিষয়ে ইংগিত কৰিছে ?
উত্তৰঃ আঘােণৰ পথাৰত দাৱনীসকলৰ ব্যস্ততাৰ কথা ক’বলৈ গৈ কবিয়ে এনেদৰে উল্লেখ কৰিছে।

আঘােণৰ পথাৰ সােণালী ধানেৰে উপচি পৰে । আঘােণৰ এই সােণবৰণীয়া ধাননি পথাৰ আঘােণৰ কুঁৱলীয়ে চকুৰে নমনা কৰি ঢাকি ধৰিলেও দাৱনীসকলৰ তাত কৰিবলগীয়া কাম আছে । এই কুঁৱলীৰ মাজতেই দাৱনীসকলে লিহিৰি লিহিৰি আঙুলিৰে মুঠি মুঠি ধান কাচিৰে কেকেকৈ কাটে , খিখিকৈ হাঁহি হাঁহি তৰা – জৰীৰে ডাঙৰি বান্ধে । আঘােণৰ কুঁৱলীয়ে পথাৰ ঢাকি ধৰি থাকিলেও আঘােণৰ পথাৰত কাম পূর্ণোদ্যমে চলি থাকে , পথাৰত দাৱনীৰ কামেই কাম ।

৫. ‘উৰুলি ’ আৰু ‘ৰাগি’ শব্দ দুটাৰ অর্থ লিখা ।
উত্তৰঃ ‘উৰুলি’ৰ অৰ্থ শুভ কার্যত তিৰােতাসকলে মুখেৰে কৰা ধ্বনি বিশেষ আৰু ৰাগি’ৰ অর্থ— নিচা , মাদকতা ।

দীঘল প্ৰশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ৪/৫)

১. আঘােণৰ কুঁৱলীয়ে কবিক কিদৰে আমনি কৰিছে বুজাই লিখা ।
উত্তৰঃ আঘােণৰ সােণবৰণীয়া ধাননি পথাৰত ৰূপহী দাৱনীজাকে খিলখিলকৈ হাঁহি মাতি ধান দাবলৈ ধৰিছে । এই কথা গম পাই কবিয়ে তেওঁৰ প্ৰেয়সী সেউতীজনীও সেই দাৱনীজাকত আছে নেকি চাবলৈ বিচাৰিছিল যদিও আঘােণৰ কুঁৱলীয়ে চকুৰে মণিব নােৱাৰাকৈ ঢাকি ধৰা ধাননি পথাৰ , দাৱনীজাক একোকেই কবিয়ে দেখা নাপালে । ইতিমধ্যে সেই কুঁৱলীৰ মাজেৰেই মন চঞ্চল কৰা কলৰৱ ধ্বনি কৰি বন – হাঁহ এজাক ক’ৰবাৰ বিললৈ আকাশেৰে উৰি গুচি গ’ল । তাকে দেখি তেওঁৰ প্রাণ – প্রিয়াক বিচাৰি যােৱা মনটোৱেও বন – হাঁহৰ দৰে উৰি উৰি যেন বন শেষ কৰিলে ; কিন্তু সেউতীক বিচাৰি নাপালে ; সেউতীক বিচাৰি যােৱা বাটবােৰ যেন আঘােণৰ কুঁৱলীয়ে ভেটা দি ধৰিছে ।

২. আঘােণৰ পথাৰৰ মন পৰশা চিত্র আঘােণৰ কুঁৱলীত কেনেদৰে প্রকাশ পাইছে পাইছে আলােচনা কৰা ।
উত্তৰঃ ‘আঘােণৰ কুঁৱলী’ কবিতাত গীতিকাৰ , কবি কেশৱ মহন্তই আঘােণৰ পথাৰৰ এটি মন পৰশা চিত্র অংকন কৰিছে । কবিতাটিত আঘােণৰ পথাৰৰ সােণবৰণীয়া ধাননিৰ মনােমােহা পৰিৱেশৰ মাজত নিৰ্ভজ প্ৰেমৰ সন্ধান আৰু আঘােণৰ কুঁৱলীয়ে বাট ভেটি প্রেমৰ পথত আমনি কৰাত কবিৰ অন্তৰত যি বিষাদবােধ তাৰাে সহজ – সৰল প্রকাশ ঘটিছে ।

আঘােণৰ পথাৰ সােণবৰণীয়া ধানেৰে উপচি পৰি অতি মনােমােহা হৈ পৰিছে । দাৱনীয়ে মূৰত আকর্ষণীয় খােপা বান্ধি হাতত কাচি লৈ লিহিৰি লিহিৰি আঙুলিৰে মুঠি মুঠি ধান কেকেকৈ কাটিব লাগিছে , যেন দাৱনীয়ে মূৰ তুলি চাবলৈকে সময় পােৱা নাই । কিন্তু এনে সুন্দৰ পৰিৱেশকো আঘােণৰ কুঁৱলীয়ে ঢাকি ধৰি একো নমনা কৰি আমনি কৰিছে । তথাপিতাে দাৱনীসকলৰ প্রাণ চঞ্চল হাঁহি – খিকিন্দালিয়ে পৰিৱেশত মধুৰতা ঢালিছে ।

আঘােণৰ কুঁৱলীয়ে নেদেখাকৈ ঢাকি ধৰি আমনি নকৰাহেঁতেন ‘ অলপ দূৰৰ পৰা নােচোৱাৰ ভাও ধৰি ’ কবিয়ে তেওঁৰ প্ৰেয়সী সেউতী সেই দাৱনীসকলৰ মাজত আছিল নেকি হয়তাে চাব পাৰিলেহেঁতেন । তথাপি কবিয়ে ভাবিছে তামােলৰ পিকেৰে ওঁঠ ৰঙা কৰি ডালিমী দাঁতেৰে হাঁহি হাঁহি ডাঙৰি বন্ধাৰ লগ বিচাৰি আনন্দতে ‘ যাঃ ‘ বুলি ঠেলা মৰা তেওঁৰ সেই সেউতীজনী কিজানিবা তাত আছেই তাৰ গম ল’ব নােৱাৰিনে ! কিন্তু এই সকলােতে আমনি কৰিছে আঘােণৰ কুঁৱলীয়ে ঢাকি ধৰি একোকে নমনা কৰি ।

আঘােণৰ এই মন পৰশা পৰিৱেশৰ মাজতেই আকাশেৰে জাকি মাৰি বন – হাঁহ উৰি কোনােবা বিললৈকে গুচি যায়গৈ । সিহঁতৰ কলৰৱ ধ্বনিয়ে আকাশত উৰুলি ৰাগি তােলে । লগে লগে কবিয়েও মন – হাঁহ খেদি খেদি বন শেষ কৰিও সিহঁতক লগ ধৰিব নােৱাৰে ; কাৰণ আঘােণৰ কুঁৱলী ঢাকি ধৰি একোকে নমনা কৰি ৰাখিছে ; কুঁৱলীয়ে বাট ভেটি ধৰিছে ।

আঘােণৰ কুঁৱলীত আঘােণৰ ধাননি লুকাল , দাৱনী লুকাল আৰু সেই দাৱনীসকলৰ লগতে কবিৰ সেউতীজনীও হেৰাল ; মাথােন থাকি গ’ল সেউতীৰ লগত ডাঙৰি বান্ধিম বুলি তুলি অনা তৰা – জৰীকেইডাল ।

৩. আঘােণৰ কুঁৱলী’শীর্ষক কবিতাটিত সহজ – সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বুজাই লিখা ।
উত্তৰঃ ‘আঘােণৰ কুঁৱলী’ কেশৱ মহন্তৰ এটি মনােৰম কবিতা । এই কবিতাটিৰ মাজেৰে আঘােণৰ সােণবৰণীয়া পথাৰৰ মন পৰশা পৰিৱেশ দাঙি ধৰাৰ লগতে এটি সহজ – সৰল নিভাজ প্ৰেমৰ চিত্রও অংকিত কৰিছে।

আঘােণৰ কুঁৱলীয়ে একো নমনাকৈ সােণবৰণীয়া ধাননি পথাৰ আৰু ধাননি পথাৰত মুঠি মুঠি ধান কাচিৰে কাটি হাঁহি – খিকিন্দালি কৰি থকা সুন্দৰকৈ তুলি বন্ধা খােপাৰে শুৱনি দাৱনীহঁতক ঢাকি ধৰি থাকিলেও কবিয়ে তাৰ মাজতেই তেওঁৰ মৰমৰ প্রেম – প্রিয়া সেউতীক বিচাৰি চাব বিচাৰিছে ; কিন্তু তেনে কার্যত কবিক আঘােণৰ কুঁৱলী একো নমনা কৰি ঢাকি ধৰি বৰকৈ আমনি কৰিছে । কবিৰ প্রেয়সী সেউতীয়েও ধান কাটিবলৈ আহে ; তেওঁকেই লগ বিচাৰি তৰা জৰীৰে ডাঙৰি বান্ধিবলৈ আহে , — “ যাঃ ‘ বুলি তেওঁক ঠেলা মাৰি খিখিকৈ হাঁহে ।

আঘােণৰ কুঁৱলীৰ মাজতে ধান দাই থকা দাৱনীসকলৰ মাজত সেউতী আহিছে নেকি অলপ দূৰত ৰৈ নােচোৱাৰ ভাও ধৰি চাবলৈকো কবিয়ে পৰা নাই , আঘােণৰ কুঁৱলীয়ে তেওঁক আমনি কৰিছে । ইয়াৰ মাজতে সেউতীক তেওঁৰ কথা কৈছিল নে নাই — এই কথাও কবিয়ে বৌৱেকক সুধিছে । কবিৰ মন বিষাদেৰে ভৰি পৰিছে , এই কাৰণেই আঘােণৰ কুঁৱলীৰ মাজত তেওঁ প্রিয়া সেউতী হেৰাই গ’ল ; থাকিল মাথোঁ সেউতীৰে ডাঙৰি বান্ধিম বুলি তুলি অনা তৰা – জৰীকেইডালহে ।

৪. আঘােণৰ কুঁৱলীত কবিৰ অন্তৰ বিষাদবােধ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা ।
উত্তৰঃ ‘আঘঘাণৰ কুঁৱলী’ কবিতাটিত আঘােণৰ সােণবৰণীয়া ধাননি পথাৰৰ মনােমােহা পৰিৱেশ অংকনৰ মাজতে সহজ – সৰল প্ৰেমৰ চিত্র এটিও চিত্রিত হৈছে আৰু সেই প্রেমৰ চিত্ৰত এটি বিষাদবােধধা প্রকাশ পাইছে ।

আঘােণৰ কুঁৱলীয়ে ধাননি পথাৰ চকুৰে নমনা কৰি ঢাকি ধৰিছে । তাৰ মাজতে সুন্দৰী গাভৰু দাৱনীহঁতে হাঁহি – খিকিন্দালিৰে কাচিৰে মুঠি মুঠি ধান কাটিছে । এইসকল দাৱনীৰ মাজতে কবিৰ প্রেয়সী সেউতীজনীও আছে নেকি গম ল’বলৈ , অলপ দূৰৰ পৰা নােচোৱাৰ ভাও ধৰি চাবলৈও কবিয়ে বৰ অসুবিধা পাইছে , কিয়নাে আঘােণৰ কুঁৱলীয়ে সােণবৰণীয়া ধাননি পথাৰকে নহয় দাৱনীসকলকো ঢাকি ধৰি চকুৰে নমনা কৰি ৰাখিছে ।

কবিয়ে তথাপি গম ল’বলৈ চেষ্টা কৰিছে তামােলৰ পিকেৰে ওঁঠ দুখনি বােলাই ডালিমী দাঁতেৰে খিলখিকৈ হাঁহি তেওঁৰ সৈতে ডাঙৰি বান্ধিবলৈ অহা , অভিমানত যাঃ ‘ বুলি তেওঁ ঠেলা মাৰি হাঁহি আঁতৰি যােৱা তেওঁৰ প্ৰাণ – প্রিয়া সেউতীজনী হয়তাে নিশ্চয় আছে । কিন্তু ইমান চেষ্টা কৰা সত্ত্বেও কবিয়ে সেউতীজনীৰ কোনাে সন্ধানেই নাপালে ; চকুৰে সেউতীজনী নেদেখিলে । কাৰণ আঘােণৰ কুঁৱলীত ধাননি লুকাল , তেওঁৰ প্রাণ – প্রিয়াজনীও হেৰাল । মৰমৰ সেউতীজনীৰে ডাঙৰি বান্ধিবলৈ বৰ আশাৰে অনা তৰা জৰী তেওঁলােকৰ হাততে থাকি গ’ল । তেওঁ আৰু সেউতীজনীক লগনাপালে , নেদেখিলে । প্রাণ প্রিয়া সেউতীজনীক নেদেখি , লগ নাপাই কবিৰ মন বিষাদেৰে ভৰি পৰিল ।

প্রসংগ সংগতি দর্শাই ব্যাখ্যা

ক) আঘোণৰ পথাৰত দাৱনীৰ কাম আছে
মুঠি মুঠি ডাঙৰি ডাঙৰি,
কাম আছে
আঘোণৰ পথাৰত কাম আৰু কাম ।

উত্তৰঃ উক্ত কবিতাফাঁকি কেশৱ মহন্ত দ্বাৰা ৰচিত ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটোৰ তুলি দিয়া হৈছে ।

কবিতাফাঁকিৰ মাধ্যমেৰে কবিয়ে আঘোণৰ পথাৰত দাৱনীৰ লানি নিছিগা কামৰ সম্পৰ্কৰ প্রসংগ ব্যক্ত কৰিছে ।

আঘোণৰ পথাৰত দাৱনীৰ তল মূৰ ওপৰ কৰিব নোৱাৰা নিচিনাকৈ কাম থাকে । দাৱনীবোৰে নিজৰ নিজৰ কাচিৰ সৈতে মুঠি মুঠি ধান কাটে । দাৱনীৰ আন এক উল্লেখনীয় কাম হ’ল- তেওঁলোকে মুঠি মুঠি সোণ গুটি ধান কাটি ডাঙৰিৰ পৰিপেক্ষিতত সাজু কৰে । সেয়েহে কবি কেশৱ মহন্তই আঘোণৰ পথাৰত দাৱনীৰ আহৰি নোপোৱা কাম আছে বুলি এই কবিতাংশত অভিহিত কৰিছে ।

খ) ‘আঘোণৰ আকাশেদি কোনোবা বিললে
মন কাঢ়ি বন-হাঁহ জাকি মাৰি গ’ল ।
ৰাগি আছে,
আঘোণৰ আকাশত ৰাগি আরু ৰাগি ।

উত্তৰঃ উক্ত কবিতাফাঁকি কেশৱ মহন্ত দ্বাৰা ৰচিত ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটোৰ তুলি দিয়া হৈছে ।

কবিতাফাঁকিৰ মাধ্যমেৰে কবিয়ে আঘোণৰ পথাৰৰ আকাশৰ পৰিস্ফূৰ্ট হোৱা এক অন্যতম ৰাগিৰ কথা ব্যক্ত কৰিছে ৷

আঘোণৰ পথাৰত আকাশৰ পৰা এক উরুলিৰ ৰাগি বিদ্যমান হয় । কবি কেশৱ মহন্তই উল্লেখ কৰিছে যে দাৱনীবোৰে পথাৰত উৎসাহ উদ্দীপনাৰ সৈতে যি অতুলণীয় কাম-কাজ কৰে সেয়া এক ৰাগিৰ সৃষ্টি কৰে । কবিজনাৰ মতে এই ৰাগি সমগ্র আকাশ জুৰি বিয়পি অর্থাৎ পৰিস্ফূৰ্ট হৈ আছে।

গ) আঘোণৰ কুঁৱলীত ধাননী লুকালে
আঘোণৰ কুঁৱলীয়ে দাৱনী ঢাকিলে
আঘোণৰ কুৱলীতে সেউতী হেৰালে
ডাঙৰি বান্ধিম বুলি তৰা-জৰী তোলাতে থাকিল।

উত্তৰঃ উক্ত কবিতাফাঁকি কেশৱ মহন্ত দ্বাৰা ৰচিত ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটোৰ তুলি দিয়া হৈছে ।

কবিতাফাঁকিৰ মাধ্যমেৰে কবিয়ে আঘোণৰ পথাৰত কুঁৱলীয়ে কৰা আমনি আৰু অসুবিধাসমূহৰ প্রসংগ ব্যক্ত কৰিছে ।

আঘোণৰ কুঁৱলীয়ে বাট ভেটি কবিক আমনি কৰিছে। কবিৰ ভাব হয় কুঁৱলী নথকা হ’লে তেওঁ সোণবৰনীয়া ধানৰ মনোমোহা দৃশ্য দেখিলেহেঁতেন। মূৰত আধাবন্ধা খোপায়ে ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা দাৱনীৰ লিহিৰি আঙুলিৰ চিক চিকীয়া কাচিৰে কেচ কেচকৈ মুঠি মুঠি ধান কাটি থকাৰ দৃশ্যও তেওঁ দেখিলেহেতেন।

আঘোণৰ বাটটো কুৱলীৰ ঢকা । মনহাঁহ খেদি বনশেষ হ’ল, কবিৰ বৌয়েকে কবিক সেউতিৰ কথা কৈছিল, কিন্তু কবিৰ মনত প্রশ্ন জাগিছে যে তেওঁৰ কথা সেউতীক কৈছিল জানো ? আঘোণৰ কুঁৱলীত ধাননি লুকালে, দাৱনিক ঢাকিলে, সেউতীও হেৰাল। কবিক উপেক্ষিত কৰি হাতৰ তৰাজৰী হাততে থাকিল।

এইদৰে কবিয়ে উল্লেখ কৰিছে যে কুঁৱলীৰ বাবে ধাননী লুকালে, দাৱনী ঢাকিলে, সেউতী হেৰালে আৰু ডাঙৰি বান্ধিম বুলি তৰা-জৰী তোলাতে থাকিল ।

Download PDF Notes

আপুনি আজি ওপৰত Class 12 Assamese Chapter 14 Question Answer পঢ়িলে, যদি এই লিখনিৰ PDF Notes ডাউনলোড কৰিব খোজে তেন্তে তলত দিয়া লিংকৰ জৰিয়তে কৰিব পাৰিব।

Class 12 Assamese Chapter 14 Question Answer PDF

Watch YouTube Video Class

শেষ বাক্য

আপুনি যদি Class 12 Assamese Chapter 14 Question Answer পঢ়ি বা Class 12 Assamese Chapter 14 Question Answer PDF ডাউনলোড কৰি উপকৃত হৈছে তেন্তে অনুগ্ৰহ কৰি আন আন ছাত্ৰ ছাত্ৰীৰ সৈতে Facebook, WhatsApp ৰ জৰিয়তে শ্বেয়াৰ কৰক।

Leave a Comment