Class 12 Assamese Chapter 13 Question Answer | কাঠমিস্ত্ৰীৰ ঘৰ

ADVERTISEMENT

আপুনি যদি আগন্তুক HS Final Exam 2024-25 ৰ বাবে নিজকে প্ৰস্তুত কৰি আছে তেন্তে Class 12 Assamese Chapter 13 Question Answer তথা ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাঠমিস্ত্ৰীৰ ঘৰ নামৰ অধ্যায়ৰ প্ৰশ্ন উত্তৰে আপোনাক ভাল নম্বৰ পাবলৈ সহায় কৰিব।

হয় মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো Assamese Question Answer নামৰ অসমীয়া শিক্ষামূলক ৱেবচাইটৰ আন এক লিখনি লৈ।

Watch FREE Video Classes

ADVERTISEMENT
Class 12 Assamese Chapter 13 Question Answer
ADVERTISEMENT

Class 12 Assamese Chapter 12 Question Answer 2025

এই লিখনিত আমি কাঠমিস্ত্ৰীৰ ঘৰ তথা Class 12 Assamese Chapter 12 Question Answer আলোচনা কৰিছো। ইয়াত আপুনি কাঠমিস্ত্ৰীৰ ঘৰ নামৰ কবিতাৰ মুলভাৱ, কবিৰ পৰিচয়, অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বহলাই লিখা, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা লগতে কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ যোগান ধৰাৰ প্ৰয়াস কৰিছো যিয়ে আপোনাক HS Final Exam 2024-25 ত সহায় কৰিব।

আৰ্হি প্ৰশ্ন উত্তৰ

অতি চমু প্ৰশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যংক ১)

১. কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটো কিমান চনত ৰচিত ?
উত্তৰঃ ১৯৩৯ চনত।

২. কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতাপুথিৰ নাম লিখা।
উত্তৰঃ অভিযান।

৩. কবিতাটিত প্ৰৱাল দ্বীপৰ শৃঙ্গৰ দৰে’ বুলি কিহৰ কথা কোৱা হৈছে ?
উত্তৰঃ প্ৰৱাল দ্বীপৰ শৃঙ্গৰ দৰে বুলি কাঠমিস্ত্ৰীসকলে তৈয়াৰ কৰি উলিওৱা আচবাৱ পত্ৰৰ কথা কোৱা হৈছে।

৪. কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী কোন ?
উত্তৰঃ কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী হʼল কাঠমিস্ত্ৰীসকল।

৫. কাঠমিস্ত্ৰীসকলে নিজৰ অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে ?
উত্তৰঃ কাঠমিস্ত্ৰীসকলে বহুবল প্ৰয়োগ কৰি হʼলেও নিজ কৰ্মৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে।

চমু প্ৰশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যংক ১/২/৩)

১. কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সজুঁলিৰ নাম লিখা।
উত্তৰঃ ৰাণ্ডা আৰু বটালী ।

২. ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কি কৈছিল ?
উত্তৰঃ কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ বিষয়ে কবি নৱকান্ত বৰুৱাই কৈছিল-মোক যদি কোনোৱাই দহোটা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে, তাৰ মাজত এটা হব কাঠমিস্ত্ৰীৰ ঘৰ।

৩. কাঠমিস্ত্ৰীয়ে সজা কেইবিধমান আচবাৱৰ নাম লিখা ।
উত্তৰঃ টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ, আলমাৰি, চাহৰ টিপচ প্ৰাসাদ সদৃশ ঘৰ ইত্যাদি।

৪. কাঠমিস্ত্ৰীয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে ?
উত্তৰঃ কাঠমিস্ত্ৰীয়ে কপালৰ ঘাম মাটত পেলাই অশেষ কষ্ঠ কৰি ৰান্ডা আৰু বটালিৰে কাঠ কাটে।অকনে বিশ্ৰাম লʼবলৈ তেওঁলোকৰ যে আহৰিয়েই নাই।নিৰস, কঠিন, বেকা-বেকি কঠিন শ্ৰমজীৱী কাঠমিস্ত্ৰীয়ে মনোহৰ ৰূপ দি সমাজৰ আৰ্থিকভাৱে স্বচ্ছল শ্ৰেণীটোৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে।

৫. কবিয়ে কাঠমিস্ত্ৰীৰ লগতে আৰু কাক কাক নিজৰ অধিকাৰ কাঢ়ি লবলৈ কৈছে ?
উত্তৰঃ কবিয়ে কাঠমিস্ত্ৰীৰ লগতে মিস্ত্ৰী কঁহাৰ, কমাৰ আদি শ্ৰমজীৱী লোকসকলক নিজ বাহুবলেৰে অধিকাৰ কাঢ়ি লবলৈ কৈছে।

দীঘল প্ৰশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যংক ২/৩/৫)

১. কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জীৱন আৰু কৰ্মৰ চমু পৰিচয় দিয়া।
উত্তৰঃ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জন্ম হয় গোলাঘাটৰ কৰুণাটিং বাগিচাত ১৯১০ চনত।তেওঁৰ দেউতাকৰ নাম আছিল ড০ শৰত চন্দ্ৰ দত্ত আৰু মাকৰ নাম নয়নতৰা।বৰ্তমান বাংলাদেশৰ ঢাকাৰ ওচৰৰ বিক্ৰমপুৰত দেউতাকৰ ঘৰ আছিল।সৰুতে দেউতাক হেৰুৱাই তেওঁৰ আনুষ্ঠানিক শিক্ষা ঘৰতে আহৰণ হয়।১৯২৮চনত তেওঁ দেশ আৰু জাতিৰ হকে স্বাধীনতা আন্দোলনত যোগদান কৰে।তাৰবাবে দুবছৰ জেলো খাটিবলগীয়া হয়।দহবছৰমান আন্দোলনৰ কামত লগাৰ পাছত তেওঁ জীৱনৰ শেষ সময়লৈকে সাম্যবাদী আদৰ্শ অনুসৰি আপোচহীনভাবে কৃষক তথা বনুৱাৰ স্বাৰ্থৰ হকে কাম কৰি যায়।১৯৩৬ চনত তেওঁৰ কাব্য সংকলন অভিযান প্ৰকাশ পায়। ১৯৭২ চনৰ ২২ অক্টোবৰত তেখেতৰ মৃত্যু হয়।

২. কবিতাটিত কাঠমিস্ত্ৰীৰ শ্ৰম আৰু কষ্টৰ চিত্ৰ কেনেদৰে দাঙি ধৰা হৈছে চমুকৈ লিখা ।
উত্তৰঃ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ মাজেৰে কাঠমিস্ত্ৰীৰ বনুৱা শ্ৰেণীৰ দুৰ্দ্দশাগ্ৰস্ত জীৱনৰ এখন ছবি প্ৰকাশ কৰিছে।অসহনীয় শ্ৰমৰ বোজা শৰীৰত লৈ কাঠমিস্ত্ৰীয়ে সমাজৰ অৰ্থনৈতিকভাবে স্বচ্ছল শ্ৰেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা কাঠৰ সামগ্ৰী সাজি দিয়ে। ৰাণ্ডা, বটালিৰ খুন্দাত নীৰস, কঠিন কাঠ হৈ পৰে চালে চকুৰোৱা । দেহৰ তেজ ঢালি তেওঁলোকে গঢ়ি দিয়ে মানুহৰ মায়াপুৰী সাদৃশ্য প্ৰাসাদ।অমদ তেওঁলোকৰ জীৱনৰ অৱস্থা শোচনীয়, অভাৱত জুৰুলা তেওঁলোক ।শিল্পসুলভ কলাকুশলতাৰে তেওঁলোকে গঢ়ি দিয়া আৰামী চকীত বহি বিলাসী শ্ৰেণীটোৱে এক স্বাচ্ছন্দময় জীৱন কটায়।অথচ তেওঁলোকৰ জীৱন অন্ধকাৰত ডুব গৈ থাকে।কবিয়ে সমাজৰ এই শ্ৰমিক শ্ৰেণীটোৰ অৰ্থনৈতিক অৱস্থাৰ পৰিবৰ্তন বিচাৰিছে আৰু নিজ বাহুবলেৰে অধিকাৰ সাব্যস্ত কৰিবলৈ জাগি উঠিবৰ বাবে বৈপ্লৱিক আহবান জনাইছে।

৩) প্ৰসঙ্গ সঙ্গতি দৰ্শাই ব্যাখ্যা কৰা
‘বিশ্বৰ যত কৰ্মীৰ দল
তেজ ঢালি গঢ়ে প্ৰাসাদ উজ্জ্বল’

উত্তৰঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত ৰচিত কাঠমিস্ত্ৰীৰ ঘৰ শীৰ্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

কাঠমিস্ত্ৰীসকলৰ কৰ্মঠ শিল্পী জীৱনৰ প্ৰশংসাত কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰা হৈছে।

কাঠমিস্ত্ৰীসকলৰ কৰ্মঠ, নিপুণ শিল্পী তেওঁলোকে কঠিন একা-বেকা কাঠত আনি দিয়ে কোমল অনুভৱ।অকণো জিৰণি নোলোৱাকৈ দেহে কেনে খাটি কঠিন কাঠেৰে খাজে নিত্য ব্যৱহাৰ্য সামগ্ৰীবোৰ ।কপালৰ ঘাম মাটিত পেলাই, দেহৰ তাজ পানী কৰি তেওঁলোকে সমাজৰ স্বচ্ছল শ্ৰেণীটোৰ বাবে নানান ধৰণৰ মনোমোহা সামগ্ৰী সাজি দিয়ে।নীৰস আৰু কঠিন বেঁকা-বেঁকি কাঠক ৰাণ্ডা-বটালি মাৰি মাৰি তেওঁলোকে গঢ়ি দিয়ে পৃথিবীৰ মানুহৰ বাবে মায়াপুৰী সদৃশ্য প্ৰাসাদ।অ্থচ সেই মিস্ত্ৰীসকলৰ জীৱনৰ অৱস্থা শোচনীয়, অভাৱত জুৰুলা।সেই মৰ্মান্তিক অৱস্থাটো কবিতাফাকিৰ মাজেদি ফুটি উঠিছে।

৪. কাঠমিস্ত্ৰীক কিয় শিল্পী বুলি কোৱা হৈছে ?
উত্তৰঃ কাঠমিস্ত্ৰীসকল কৰ্মঠ আৰু নিপুন শিল্পী,নিৰস কঠিন একা-বেকা কাঠ এওঁলোকৰ হাতৰ পৰশত প্ৰাণ পাই উঠে।ৰাণ্ডা-বটালিৰ খুন্দাত গঢ় লয় নানা ধৰণৰ সামগ্ৰৰ।শিল্পী সুলভ কলাকুশলতাৰে আৰু কঠোৰ পৰিশ্ৰমেৰে নিৰস শুকান কাঠক চালে চকুৰোৱা কৰি গঢ়ি তোলে ব্যহাৰ উপযোগী আচবাব, মায়াপুৰীসদৃশ অট্টালিকাৰ সততে লিজৰ কথা চিন্তা নকৰা কাঠমিস্ত্ৰীসকলে আনৰ সুবিধাৰ বাবে জীৱন পাত কৰি কষ্ট কৰে। অথচ নিজে দুৰ্দশাগ্ৰস্থ জীৱন কটায় । সেয়েহে কাঠমিস্ত্ৰীসকলক শিল্পী বুলি কোৱা হৈছে।

৫. কাঠমিস্ত্ৰীকে ধৰি শ্ৰমজীৱীসকলে কেনেদৰে নিজৰ অধিকাৰ সাব্যস্থ কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে ?
উত্তৰঃ বিপ্লৱী কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই কাঠমিস্ত্ৰীৰ ঘৰ কবিতাৰ যোগেদি কাঠমিস্ত্ৰীসকলক নিজৰ আত্মসন্মান নায্য প্ৰাপ্তি আৰু অধিকাৰৰ বাবে নিজ বাহু বলেৰে অধিকাৰ সাব্যস্ত কৰিবলৈ জাগি উঠিবৰ বাবে বৈপ্লৱিক আহবান জনাইছে। কাঠমিস্ত্ৰীৰ কষ্টকৰ আৰু দুৰ্দশাময় জীৱনৰ বাবে কবিৰ মানসিক কাঠমিস্ত্ৰীয়ে বহু কষ্টেৰে কপালৰ ঘাম মাটিত পেলাই স্বচ্ছল বিত্তবান শ্ৰেণীটোৰ বাবে টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ, আলমাৰি, চাহৰ টিপয় আদি নানা ধৰনৰ মনোমোহা কাঠৰ সামগ্ৰী নিৰ্মাণ কৰে। অথচ নিজৰ জীৱন শোচনীয়।শিল্পসুলভ কলাকুখলতাৰে কাঠমিস্ত্ৰীয়ে গঢ়ি দিয়া আৰামী চকীত বহি বিলাসী শ্ৰেণীটোৱে এক স্বচ্ছল, ছন্দময়, সুন্দৰ জীৱন কটায়।কবি দত্তই সমাজত এই শ্ৰমিক শ্ৰেণীৰ পৰিবৰ্তন বিচাৰি নিজ বহুবলেৰে অধিকাৰ সাব্যস্থ কৰিবলৈ জাগি উঠিবৰ বাবে বৈপ্লৱিক আহবান জনাইছে।

Download PDF Notes

তলত দিয়া লিংকৰ জৰিয়তে আপুনি Class 12 Assamese Chapter 13 Question Answer PDF ডাউনলোড কৰিব পাৰিব।

Class 12 Assamese Chapter 13 Question Answer PDF

Watch Video Class

ADVERTISEMENT

শেষ বাক্য

আজি আমি আপোনালোকৰ সৈতে Class 12 Assamese Chapter 13 Question Answer আলোচনা কৰিলোঁ, আশা কৰো আপুনি পঢ়ি ভাল পাইছে। আমাৰ এই লিখনি আপুনি আনৰ সহায় হোৱাকৈ WhatsApp ৰ জৰিয়তে শ্বেয়াৰ কৰক যাতে উপকৃত হব পাৰে।

Leave a Comment

ADVERTISEMENT