Class 12 Assamese Chapter 10 Question Answer | বিশ্ব খনিকৰ

ADVERTISEMENT

আপুনি যদি অসমীয়া মাধ্যমত দ্বাদশ শ্ৰেণীত পঢ়ি আছে আৰু আপুনি আজি ইয়াত Class 12 Assamese Chapter 10 Question Answer অৰ্থাৎ বিশ্ব খনিকৰ প্ৰশ্ন উত্তৰ বিচাৰি আহিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই, আমি আপোনালোকৰ বাবে Class 12 Assamese Chapter 10 Question Answer লৈ আহিছোঁ যত পাঠ্যপুথিৰ প্ৰশ্ন উত্তৰ দিয়াৰ লগতে আমি Previous Question Paper ৰ সম্পূৰ্ণ সমাধান দিবলৈ প্ৰয়াস কৰিছো।

Watch FREE Video Classes

আপুনি যদি আগন্তুক HS Final Exam ত অসমীয়া বিষয়ত ১০০% নম্বৰ লাভ কৰিব বিচাৰে তেন্তে এই লিখনিয়ে আপোনাক বহুত সহায় কৰিব।

ADVERTISEMENT

Class 12 Assamese Chapter 10 Question Answer 2025

আজি আমি Class 12 Assamese Chapter 10 Question Answer ত অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বহলাই লিখা, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা, কিছু Assamese Grammar ৰ লগতে ২০১৫ চনৰ পৰা ২০২০ চনলৈ এই অধ্যায়ৰ পৰা পৰীক্ষাত সুধা প্ৰশ্ন উত্তৰ সন্নিবিষ্ট কৰাৰ প্ৰয়াস কৰা হৈছে।

Class 12 Assamese Chapter 10 Question Answer
ADVERTISEMENT

আৰ্হি প্ৰশ্ন উত্তৰ

(ক) অতি চমু প্রশ্ন উত্তৰ (প্ৰতিটো প্রশ্নৰ মূল্যাংক -১)

১। অসমীয়া সাহিত্যত ‘জ্ঞানমালিনীৰ কবি’ হিচাপে কোনগৰাকী কবি জনাজাত?
উত্তৰঃ অসমীয়া সাহিত্যত ‘জ্ঞানমালিনীৰ কবি’ হিচাপে মফিজুদ্দিন আহমদ হাজৰিকাদেৱ জনাজাত ।

২। মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম হ’ল ‘তত্ত্ব-পাৰিজাত’ ।

৩। ‘বিশ্বখনিকৰ’ বুলি লেখকে কাৰ কথা কৈছে?
উত্তৰঃ ‘বিশ্বখনিকৰ’ বুলি লেখকে ভগৱান বা ঈশ্বৰৰ কথা কৈছে।

৪। ‘বিশ্বখনিকৰ’ কোন শ্ৰেণীৰ কবিতা?
উত্তৰঃ ‘বিশ্বখনিকৰ’ আধ্যাত্মিক তথা দাৰ্শনিক ভাবধাৰাৰ কবিতা ।

৫। মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি?
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকা ‘জোনাকী যুগ’ৰ কবি ।

(খ) চমু প্ৰশ্ন উত্তৰ (প্ৰতিটো প্রশ্নৰ মূলাংক -২/৩ )

১। মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।.
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য হ’ল –

  • মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত আধ্যাত্মিক তত্ত্বৰ প্ৰকাশ পোৱা দেখা যায়।
  • তেখেতৰ কবিতাৰ ভাষা সহজ সৰল আৰু ঘৰুৱা লগতে কবিতাৰ ছন্দোৰীতি সুকীয়া।

২। কবিয়ে ঈশ্বৰক কিয় ‘বিশ্বখনিকৰ’ বুলি অভিহিত কৰিছে?
উত্তৰঃ সমগ্ৰ বিশ্বৰ সৃষ্টি, স্থিতিৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব অনুভৱ কৰা হয়। সেই পৰম সত্তাই সকলোকে এক আত্মীয়তাৰ জৰীৰে বান্ধি ৰাখিছে। তেওঁৰ মহিমাৰ অন্ত নাই। জগতৰ সকলো বস্তুতে তেওঁৰে অৱস্থিতি, সেয়েহে কবিয়ে ঈশ্বৰক বিশ্বখনিকৰ বুলি অভিহিত কৰিছে।

৩। সত্ত্বঃ ৰজঃ তমো গুণ কি বুজাই লিখা ।
উত্তৰঃ সত্ত্বঃ ৰজঃ তমো গুণ- এই তিনিটা গুণতে অৰ্থাৎ শক্তিতে জগতৰ স্থিতি আৰু লয়। সত্ত্বঃ গুণ সুখদায়ক আৰু জ্ঞানাত্মক। ই জীৱক সুখত আসক্ত কৰি মুগ্ধ কৰে। ৰজঃ গুণ ৰাগাত্মক অৰ্থাৎ ই মানুহক বিষয়ত আসক্ত কৰে। আৰু তমঃ গুণ অজ্ঞানৰ পৰা হয়। ই জীৱৰ মোহ উৎপাদন কৰে আৰু প্ৰমোদ ,আলস্য আৰু নিদ্ৰাৰ দ্বাৰা সকলো ঢাকি ৰাখি জীৱক মোহপাশত বন্দী কৰে।

৪। মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম লিখা।
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম হ’ল – ‘জ্ঞানমালিনী’ আৰু ‘তত্ত্ব পাৰিজাত’।

৫। কবিয়ে ‘বিশ্বখনিকৰ’ক কিয় সৰ্ব-ব্যাপী সৰ্ব শক্তিমান বুলি আখ্যা দিছে?
উত্তৰঃ ত্ৰিলোকৰ সৃষ্টি, স্থিতিৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব অনুভৱ কৰিব পাৰি। সেই পৰম সত্তাই সকলোৰে পালন কৰোঁতা, সকলোৰে জন্মদাতা। সত্ত্বঃ,ৰজঃ,তমঃ তিনিও গুণ তেওঁতে বিৰাজমান যদিও তেওঁ নিৰ্গুণ।যদিও তেওঁক দেখা নাপায়, তথাপি তেওঁ অন্তৰ্যামী, সৰ্বজ্ঞানী, বিশ্বৰ প্ৰাণ, আত্মা আৰু সকলোতে বিয়পি থাকে। সেয়ে কবিয়ে ‘বিশ্বখনিকৰ’ক সৰ্ব-ব্যাপী সৰ্ব শক্তিমান আখ্যা দিছে।

(গ) দীঘল প্ৰশ্ন উত্তৰ (প্ৰতিটো প্রশ্নৰমূল্যাংক ৪/৫)

১। ‘বিশ্বখনিকৰ’ কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃততে কাৰ কথা কৈছে আৰু কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে?
উত্তৰঃ বিশ্বখনিকৰ কবিতাটোৰ মাজেৰে কবিয়ে এক গভীৰ আধ্যাত্মিক তথা দার্শনিক ভাব প্রকাশ কৰিছে। এই দর্শনৰ মূল হ’ল বেদান্ত। বেদান্তৰ ঘাই কথা হ’ল ‘ব্রহ্ম সত্য জগত মিথ্যা’। এই দর্শনৰ মাজেৰে এইটোকে তুলি ধৰা হৈছে যে এই জগতত দৃশ্য অদৃশ্য সকলো সম্পদ, জোন-বেলি, গ্রহ-তৰা, আৰু মানুহৰ অথবা জীৱ-জন্তু, গছ-লতা, পশু-পক্ষী সকলোৰে মাজত থকা সকলো গুণৰ অধিকাৰী ঈশ্বৰ। ব্ৰ

হ্মাই সৃষ্টি কৰা বিশ্বজগতখনৰ মহিমা অপাৰ। জীৱজগত তথা জড় জগতত তেওঁৰেই যাদুকৰী হাতৰ স্পৰ্শ দেখা যায় । তেওঁ সৃষ্টি কৰিছে বাবে তেওঁৱেই বিশ্বখনিকৰ স্বৰূপত ব্ৰহ্ম নিৰ্গুণ, নিৰাকাৰ, সৎ, অন্তযামী, সৰ্বব্যাপী বিশ্বপ্ৰাণ, বিশ্বআত্মা স্বৰূপ ।সত্ত্বঃ ৰজঃ তমো এই ত্ৰিগুণ সৃষ্টি কৰি জগতখন তেওঁৱে ধৰি ৰাখিছে । অথচ সকলো গুণৰ উৰ্দ্ধত থকা পৰমেশ্বৰক আমি দেখা নাপাও। কাৰণ তেওঁ নিৰ্গুণ। কবিয়ে বেদান্তৰ এই ভাবটোকে কবিতাটোৰ মাজেৰে প্রতিফলিত কৰিছে ।

২। ‘সকলোতে আছে তেওঁ
কিন্তু নেদেখে কেও
ওৰণিৰে মুখ ঢাকি থাকে ওচৰত ।’ -এই কবিতাফাকিৰ মাজেৰে কবিয়ে কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে লিখা ।

উত্তৰঃ উক্ত কবিতাফাঁকি ‘জ্ঞান মালিনী’ৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ ‘বিশ্বখনিকৰ’ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।

পৃথিৱীৰ গছ-লতা, জীৱ-জন্তু, পশু-পক্ষী,গ্রহ-তৰা, জোন-বেলি এই সকলোবোৰ বস্তু পৰমেশ্বৰৰ কৃপাতে বর্তি আছে। তেৱেঁই পৃথিৱীৰ সকলো গুণ, সকলো বৃত্তি,তেৱেঁই সর্বত্ৰতে বিয়পি থকা সর্বশক্তিমান।অথচ তেওঁক আমি কোনেও নেদেখো। কাৰণ তেওঁ ওৰণিৰে মুখ ঢাকি ওচৰতে থাকে। এই ওৰণিখনেই হ’ল বেদান্ত নিৰ্দেশিত ‘মায়া। সুক্ষ্ম দৃষ্টিৰে লক্ষ্য কৰিলেহে এই অস্তিত্ব অনুভৱ কৰিব পাৰি।তাৰ বাবে লাগে জ্ঞান। জীৱৰ সেই জ্ঞান বা বোধ জন্ম হ’লেই এই ওৰণি আঁতৰি যায় আৰু পৰমেশ্বৰৰ মহিমা উপলদ্ধি কৰিব পৰাৰ ক্ষমতা অর্জন হয়।কবিতাফাকিৰ মাজেৰে কবিয়ে এই কথাখিনিকে প্ৰকাশ কৰিছে।

৩। ‘বিশ্বখনিকৰ’ কবিতাটিৰ মূলভাবটি লিখা ।
উত্তৰঃ ‘বিশ্বখনিকৰ’ আধ্যাত্মিক তথা দাৰ্শনিক ভাবধাৰাৰ কবিতা।যদিও চাক্ষুষ দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই, তথাপি ত্ৰিলোকৰ সৃষ্টি, স্থিতিৰ লগতে এক পৰম সত্তাৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি। সেই পৰম সত্তাই সকলোকে এক আত্মীয়তাৰ জৰীৰে বান্ধি ৰাখিছে। সেই পৰম সত্তাই সকলোৰে পালন কৰোঁতা, সকলোৰে জন্মদাতা।তেওঁৰ মহিমাৰ কথা কৈ অন্ত কৰিব নোৱাৰি। তেওঁ সকলোতে ব্যাপ্ত, অথচ তেওঁক দেখা পোৱা নাযায়। কাৰণ তেওঁ ওৰণিৰে মুখ ঢাকি ওচৰতে থাকে।

মায়াই পৰমেশ্বৰ আৰু পাৰ্থিৱ জগতখনৰ মাজত এখন আৱৰণৰ সৃষ্টি কৰিছে । এই ভেদ আঁতৰাবলৈ আমাৰ জ্ঞানৰ প্ৰয়োজন হয়। জীৱৰ সেই জ্ঞান বা বোধ জন্ম হ’লেই এই ওৰণি আঁতৰি যায় আৰু পৰমেশ্বৰৰ মহিমা উপলদ্ধি কৰিব পৰা ক্ষমতা অৰ্জন হয়। সত্ত্বঃ, ৰজঃ, আৰু তমো এই তিনিও গুণ তেওঁতেই বিৰাজমান যদিও তেওঁ নিৰ্গুণ। তেৱেঁই মৰমৰ বৰষাৰে কুঁহি গজালিক সাৰ পানী দি এজোপা বিশাল গছ কৰি তোলে। তেওঁৰ কৃপাতেই এমাডিমা সন্তানবোৰ ডেকা তেজেৰে পাহোৱাল হৈ উঠে। সেয়ে কবিয়ে কৈছে যে তেৱেঁই অন্তযাৰ্মী সৰ্বজ্ঞানী, বিশ্বৰ প্ৰাণ, তেওঁ সৰ্বত্ৰতে বিয়পি থকা সৰ্ব শক্তিমান ।

৪। ‘বিশ্বখনিকৰ’ কবিতাটিত প্ৰকাশিত আধ্যাত্মিক দৰ্শনৰ চমু আভাস দিয়া।
উত্তৰঃ কবি মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ ‘বিশ্বখনিকৰ’ কবিতাটি এটি আধ্যাত্মিক দর্শনৰ কবিতা। এই দৰ্শনৰ মূল হিচাপে বেদ-বেদান্তৰ ঘাই কথা ‘ব্ৰহ্ম সত্য জগত মিথ্যা’ এই তত্ত্বটো কবিতাটিত প্ৰতিফলিত কৰিছে ৷ এই তত্ত্বমতে এই ব্ৰহ্মাণ্ডত পৰমেশ্বৰৰ বাদে একো নাই। তেওঁ জগতৰ প্রতিটো অণু-পৰমাণু, প্ৰতিটো জীৱৰ মাজত, প্রকৃতি আদি জড় জগতৰ মাজত বিয়াপি আছে। সত্বঃ ৰজঃ তমঃ- এই তিনিটা গুণতে অর্থাৎ শক্তিতে জগতৰ স্থিতি আৰু লয়। পৰমেশ্বৰ এই তিনিটা গুণৰ অধিকাৰী হৈও নির্গুণ ।

সকলো কাৰ্য আৰু কাৰণৰ মূল তেৱেঁই। তেৱেঁই খনিকৰ ৰূপে সমগ্র বিশ্বকে তিল তিলকৈ গঢ়ি তুলিছে। তেওঁক যদিও কোনেও দেখা নাপাই তথাপি তেৱেঁই অন্তর্য্যামী, সর্বজ্ঞানী, বিশ্বৰ প্রাণ, আত্মা, সর্বত্রতে বিয়পি থকা সর্বশক্তিমান। এনেদৰে কবিয়ে ‘বিশ্বখনিকৰ’ কবিতাটিত ভাৰতীয় আধ্যাত্মিক দর্শনৰ এক চমু আভাস প্ৰকাশ কৰিছে।

প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা

৫। তেৱেঁ কাম তেৱেঁ কৰ্মী তেৱেঁ কাৰিকৰ
নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিকৰ ।

উত্তৰঃ প্ৰসংগ -উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ ‘বিশ্বখনিকৰ’ নামৰ কবিতাটিৰ পৰা তুলি ধৰা হৈছে ।

সংগতি: এই পৃথিৱীৰ সৃষ্টিকৰ্তা বিশ্বখনিকৰৰ মহিমাৰ বৰ্ণনাৰ প্ৰসংগত কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে ।

ব্যাখ্যা: কবিতাফাঁকিৰ মাজেৰে কবিয়ে বিশ্বৰ সকলো কর্মৰ অন্তৰালত যে এক পৰম সত্তা বিৰাজমান সেই কথাৰ উপলব্ধি কৰিছে। সকলো কাম সেই সত্তা তথা বিশ্বখনিকৰে কৰি থাকে। তেওঁক বা তেওঁৰ কামক দেখা নাপালেও সেই সত্তাৰ উপলব্ধি কৰিব পাৰি। প্ৰকৃতিৰ বিচিত্ৰ ৰূপৰ মাজত তেওঁৰেই মহিমা লুকাই আছে তেওঁৱই পৃথিৱীখন গঢ়ি তুলিছে। সেয়ে কবিয়ে তেওঁক ‘বিশ্বখনিকৰ’ আখ্যা দিছে ।

অতিৰিক্ত প্ৰশ্ন উত্তৰ

১। মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম কেতিয়া আৰু ক’ত হৈছিল?
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম ১৮৭০ চনত ডিব্ৰুগড়ত হৈছিল।

২। অসম সাহিত্য সভাৰ কোনখন অধিবেশনত মফিজুদ্দিন আহমদ হাজৰিকাই সভাপতিত্ব কৰিছিল?
উত্তৰঃ ১৯৩০ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ গোলাঘাট অধিবেশনত মফিজুদ্দিন আহমদ হাজৰিকাই সভাপতিত্ব কৰিছিল ।

৩। অসমীয়া ভাষাত ছুফী সাধকসকলৰ ভাবধাৰা প্ৰথম কাৰ কবিতাত প্ৰকাশ পায়?
উত্তৰঃ অসমীয়া ভাষাত ছুফী সাধকসকলৰ ভাবধাৰা প্ৰথম মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত প্ৰকাশ পায়।

৪। বিশ্বখনিকৰে এমাডিমা ল’ৰাক কিহলৈ পৰিৱৰ্তন কৰে?
উত্তৰঃ বিশ্বখনিকৰে এমাডিমা ল’ৰাক ডেকা তেজ ধৰা যুৱকলৈ পৰিৱৰ্তন কৰে ।

৫। মফিজুদ্দিন আহমদ হাজৰিকাৰ কিমান চনত মৃত্যু হয়?
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ ১৯৫৮ চনত মৃত্যু হয়।

Download PDF Notes

তলত দিয়া লিংকৰ জৰিয়তে আপুনি Class 12 Assamese Chapter 10 Question Answer PDF ডাউনলোড কৰিব পাৰিব।

Class 12 Assamese Chapter 10 Question Answer PDF

Watch Video Class

ADVERTISEMENT

পাঠটোৰ পৰা ২০১৫ বৰ্ষত অহা প্ৰশ্ন উত্তৰসমূহ

1) মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত কেনে ধৰণৰ দৰ্শনৰ প্ৰকাশ ঘটিছে?
ডঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত ছুফী সাধকসকলৰ দৰ্শনৰ (ছুফীবাদী) প্রকাশ ঘটিছে।

2) প্ৰসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ
সত্ত্বঃ, ৰজঃ তমাে গুণ……
বােলে হুনু বিশ্ব-গিৰি সেই মহাজন। (F-2020)

উঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ মফিজুদ্দিন আহমদ হাজৰিকাৰ ৰচিত ‘বিশ্বখনিকৰ কবিতাটিৰ পৰা অনা হৈছে।
ইয়াৰ মাজেৰে যিজনৰ চালনাত এই বিশ্বব্রহ্মাণ্ড চালিত হৈ আছে সেই পৰম সত্তাৰ কথা কোৱা হৈছে।

ভগৱান হ’ল অদৃশ্য শক্তি। সত্ত্বঃ, ৰজঃ, তমাে গুণ উৰ্দ্ধত তেওঁ নির্গুণ শক্তিৰ অধিকাৰী। এই বিশ্বব্রহ্মাণ্ডৰ তেৱেঁই সৃষ্টিকর্তা কাৰণ সকলাে জীৱকে তেৱেঁই সৃষ্টি কৰিছে। গতিকে তেৱেঁই হল জন্মদাতা আৰু পালন কৰোঁত। ভগৱান এই তিনিগুণৰ অধিকাৰী হৈয়াে নির্গুণ। অর্থাৎ এই তিনি গুণে ভগৱানক ক্রিয়া
কৰিব নােৱাৰে। সত্ত্বঃ এই গুণটো হ’ল সুখদায়ক আৰু জ্ঞানদায়ক। ই জীৱক সুখত আসক্ত কৰি মুগ্ধ কৰি ৰাখে। ৰজঃ এই গুণটো ৰুগাত্মক। এই গুণৰ দ্বাৰা মানুহ বিষয় বাসনাত আসক্ত হৈ পৰে। তমােঃ এই গুণৰ দ্বাৰা জীৱৰ মােহ উৎপাদন হয়। এই গুণে মানুহক প্রমাদ, আলস্য আৰু নিদ্ৰাৰ দ্বাৰা সকলাে ঢাকি ৰাখি জীৱক মােহপাশত বন্দী কৰে। এই তিনি গুণ ভগৱানৰ সৃষ্টি যদিও তেওঁ এই তিনিগুণৰ উর্ধত থাকি জড়জগত, জীৱজগত সুন্দৰকৈ পৰিচালনা কৰি আছে।

পাঠটোৰ পৰা ২০১৬ বৰ্ষত অহা প্ৰশ্ন উত্তৰসমূহ

1) বিশ্বখনিকৰ কবিতাটিত বিশ্বখনিকৰ বুলি কাক কোৱা হৈছে?
উঃ বিশ্বখনিকৰ কবিতাটিত বিশ্বখনিকৰ বুলি এটা পৰমসত্তাক, অর্থাৎ জীৱজগত, জড়জগতৰ সৃষ্টিকর্তা ভগৱানক কোৱা হৈছে।

পাঠটোৰ পৰা ২০১৭ বৰ্ষত অহা প্ৰশ্ন উত্তৰসমূহ

1) বিশ্ব খনিকৰক কিয় খেপিয়ালে পােৱা নাযায়?
উঃ বিশ্ব খনিকৰ হ’ল এক অদৃশ্য শক্তি। মায়াৰ ওৰণিৰে মুখ ঢাকি তেওঁ আমাৰ ওচৰতে থাকে যদিও আমি তেওঁক খেপিয়ালেও বিচাৰি নাপাওঁ।

2) নিশ্চয় নিশ্চয় তেৱে…..
অন্তর্যামী সর্বজ্ঞান, বিশ্ব আত্মা প্রাণ।
সর্বব্যাপী, সর্ব শক্তিমান।…. কবিতা ফাকিৰ তাৎপর্য ব্যাখ্যা কৰা।

উঃ জ্ঞানমালিনীৰ কবি’ মফিজুদ্দিন আহমদ হাজৰিকাই উক্ত কবিতাফাকিত নির্গুণ নিৰাকাৰ স্বৰূপ ঈশ্বৰ আৰু তেওঁৰ কৰ্মৰ বিষয়ে প্রকাশ কৰিছে। কবিয়ে কৈছে ঈশ্বৰক চাক্ষুষ দৃষ্টিৰে আজিলৈকে কোনেও দেখা নাই। তথাপি ত্রিলােকৰ সৃষ্টি, স্থিতি আৰু লয়ৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব সদায় অনুভৱ কৰিব পাৰি। তেৱেঁই খনিকৰৰূপে সমগ্র বিশ্বকে সৃষ্টি কৰিছে যদিও তেওঁক কোনেও দেখা নাপায়। তেওঁ হৈছে অন্তর্যামী, সর্বজ্ঞান, বিশ্বব্রহ্মাণ্ডৰ প্ৰাণ-আত্মাস্বৰূপ আৰু সর্বত্রতে বিয়পি থকা সর্বশক্তিমান।

পাঠটোৰ পৰা ২০১৮ বৰ্ষত অহা প্ৰশ্ন উত্তৰসমূহ

1) জ্ঞানমালিনীৰ কবি কোন?
উঃ মফিজুদ্দিন আহমদ অসমীয়া সাহিত্যত জ্ঞানমালিনী কবিৰূপে জনাজাত।

2) মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।
উঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য হ’ল-(১) আধ্যাত্মিক তথা সহজ-সৰল ভাষা আৰু (২) দার্শনিক ভাব প্রকাশ।

3) প্ৰসংগ সংগতি দশাই ব্যাখ্যা কৰা
তেৱে কাম তেৱে কর্মী কাৰিকৰ
নিশ্চয় নিশ্চয় তেৱে বিশ্বখনিকৰ।

উঃ উক্ত কবিতাফাকি আমাৰ পাঠৰ অন্তৰ্গত কবি মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ দ্বাৰা ৰচিত ‘বিশ্বখনিকৰ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
ইয়াৰ দ্বাৰা ইয়াকে কোৱা হৈছে যে গােটেই পৰমেশ্বৰ অর্থাৎ বিশ্বখনিকৰ।

আমাৰ এই সুন্দৰ পৃথিৱীখন আৰু ইয়াত থকা সকলাে বস্তু কেৱল এজন ঈশ্বৰৰেই সৃষ্টি। অনন্ত বিশ্বব্রহ্মাণ্ডৰ সৃষ্টি, স্থিতি আৰু ইয়াৰ অংশৰ লয়ৰ মূলতে আছে সকলােৰে প্রত্যক্ষৰ অগােচৰ কিন্তু অস্তিত্ব অনুভৱ কৰিব পৰা এজন বিশ্ব খনিকৰ। এই পৰমেশ্বৰৰ কৃপাতে এই পৃথিৱীত থকা জীৱসমূহ জীয়াই আছে। এওঁৰ মহিমাৰ বলতেই এখিলা সৰু পাতেও সময়ত গৈ এজোপা ডাঙৰ গছৰ ৰূপ লয়।

গছ-গছনি, হাবি-বন আদি সকলাে ঠাইতে ঈশ্বৰৰ অস্তিত্ব আছে, কিন্তু তেওঁক কোনেও দেখা নাপায় কাৰণ তেওঁ নিজকে মায়াৰ ওৰণিৰে ঢাকি ৰখিছে। এই পৃথিৱীখনত পৰমেশ্বৰেই কর্মী হৈ কাম কৰে, খেতি কৰে, জ্ঞানী পণ্ডিত হৈ শিষ্যসকলক জ্ঞান প্রদান কৰে। পৃথিৱীত থকা সকলাে বস্তু তেওঁৰেই সৃষ্টি। তেওঁ নিজেই কাৰিকৰ হৈ এইবােৰ সৃষ্টি কৰিছে। সমগ্র বিশ্বব্রহ্মাণ্ডৰ জ্ঞান তেওঁতেই নিহিত হৈ আছে তেওঁ বিশ্বৰ আত্মাপ্রাণ স্বৰূপ। সর্বত্র ব্যাপ্ত এই পৰমসত্তা সর্বশ্রেষ্ঠ আৰু সর্ব শক্তিমান।

পাঠটোৰ পৰা ২০১৯ বৰ্ষত অহা প্ৰশ্ন উত্তৰসমূহ

1) সত্ত্ব, ৰজঃ তমঃ গুণ কি? নাইবা বিশ্বখনিকৰ কবিতাটোত থকা তিনিটা গুণ কি কি?
উঃ বিশ্বখনিকৰ কবিতাটোত থকা তিনিটা গুণ হল- (১) সত্বঃ (২) ৰজঃ আৰু (৩) তমাে গুণ।

2) গােমােস্তা’ শব্দটিৰ অৰ্থ লিখা।
উঃ গােমােস্তা’ শব্দটিৰ অৰ্থ হৈছে— দোকানত হিচাপ-পত্র ৰখা কৰ্মচাৰী।

পাঠটোৰ পৰা ২০২০ বৰ্ষত অহা প্ৰশ্ন উত্তৰসমূহ

1) অর্থ লিখাঃ যদিস্যাতাে
উঃ যদিও।

2) বিশ্বখনিকৰ কবিতাত কবিয়ে কুঁহিগজালি’ বুলি কোন তিনিজোপা গছৰ নাম বন্ধনীত উল্লেখ কৰিছে?
উঃ বিশ্বখনিকৰ’কবিতাত কবিয়ে কুঁহিগজালি’ বুলি পমা, চিচু আৰু পাৰলীক নামৰ তিনিজোপা গছক বন্ধনীত উল্লেখ কৰিছে।

3) সত্ত্ব,ৰজঃ আৰু তমঃ গুণে মানৱ জীৱনলৈ কি কঢ়িয়াই আনে?
উত্তৰঃ সত্ত্বঃ, ৰজঃ, তমঃ—এই তিনিটা গুণতে, অর্থাৎ শক্তিতে জগতৰ স্থিতি আৰু লয়। সত্ত্বঃ গুণ সুখদায়ক আৰু জ্ঞানাত্মক। ই জীৱক সুখত আসক্ত কৰি মুগ্ধ কৰে। ৰজঃ গুণ ৰাগাত্মক অর্থাৎই মানুহক বিষয়ত আসক্ত কৰে। ই দুখদায়ক। তমঃ গুণ অজ্ঞানৰ পৰা হয়। ই জীৱনৰ মােহ উৎপাদন কৰে আৰু প্ৰমাদ, আলস্য আৰু নিদ্ৰাৰ দ্বাৰা সকলাে ঢাকি ৰাখি জীৱক মােহপাশত বন্দী কৰে।


শেষ বাক্য

হয়, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিলোঁ Class 12 Assamese Chapter 10 Question Answer তথা দ্বাদশ শ্ৰেণীৰ অসমীয়া বিষয়ৰ “বিশ্ব খনিকৰ” প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত কিছু প্ৰশ্ন উত্তৰ। ইয়াৰ ওপৰিও আপোনালোকৰ বাবে Class 12 Assamese Chapter 10 Question Answer PDF দিয়াৰও ব্যৱস্থা কৰিছো।

যদি আপোনাৰ এই Class 12 Assamese Chapter 10 Question Answer ৰ জৰিয়তে কিবা লাভ অনুভৱ কৰিছে হৈছে তেন্তে আপুনি Facebook বা Whatsapp ৰ জৰিয়তে আপোনাৰ বন্ধু বান্ধবীলৈ Share কৰিবলৈ নাপাহৰিব।

ইয়াৰ উপৰিও যদি আপোনাৰ কিবা জানিব লগা আছে তেন্তে Comment Section ত জনাব। আপোনাৰ যিকোনো প্ৰশ্ন উত্তৰ আমি সময়মতে দিবলৈ প্ৰয়াস কৰিম।

Leave a Comment

ADVERTISEMENT