Class 11 Assamese Chapter 7 Question Answer | অসমৰ পুৰণি খেল-ধেমালি

আপুনি Class 11 Arts বা Class 11 Science ৰ শিক্ষাৰ্থী নেকি? আপুনি বাৰু Class 11 Assamese Chapter 7 Question Answer বিচাৰি আছে নেকি তেন্তে চিন্তাৰ কোনো কাৰণ নাই, আজি আমি আলোচনা কৰিম Class 11 Assamese Chapter 7 Question Answer লগতে আপুনি পাৱ Class 11 Assamese Chapter 7 Question Answer PDF Notes.

Class 11 Assamese Chapter 7 Question Answer 2024

ইয়াত আমি Class 11 Assamese Chapter 7 Question Answer ৰ অতি চমু প্রশ্ন উত্তৰ, চমু প্রশ্ন উত্তৰ, ব্যাখ্যা কৰা আদিৰ উপৰিও কিছু অতিৰিক্ত প্রশ্ন উত্তৰ আলোচনা কৰিবলৈ প্ৰয়াস কৰা ।

আৰ্হি প্ৰশ্ন উত্তৰ

ক) অতি চমু প্ৰশ্ন (মূল্যাংক-১)

১। ‘বিহু’ আকৌ আহিল গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
উত্তৰঃ ‘বিহু’ আকৌ আহিল গ্ৰন্থখন হেম বৰগোহাঞিয়ে ৰচনা কৰিছিল৷

২। প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল?
উত্তৰঃ প্ৰথম আহোম ৰজাজনৰ নাম চুকাফা আছিল৷

৩। ক্ৰীড়া কি?
উত্তৰঃ ক্ৰীড়া হ’ল- এক আনন্দ,শাৰীৰিক আৰু মানসিক ক্ষমতাৰ চূড়ান্ত প্ৰকাশ৷

৪। বিশ্বৰ সবাতোকৈ জনপ্ৰিয় ফুটবল খেলক চীনত তাহানি কি আখ্যা দিছিল?
উত্তৰঃ বিশ্বৰ সবাতোকৈ জনপ্ৰিয় ফুটবল খেলক চীনত তাহানি ছু-চু আখ্যা দিছিল৷

৫। চীনত ছু-চু খেলৰ প্ৰচলন থকাৰ সময়ত অসমত কি কি খেলৰ প্ৰচলন আছিল?
উত্তৰঃ চীনত ছু-চু খেলৰ প্ৰচলন থকাৰ সময়ত অসমত কণী যুঁজ,কড়ি খেলৰ প্ৰচলন আছিল৷

খ) চমু প্ৰশ্ন (মূল্যাংক-২/৩)

১। ঢোপ খেলৰ প্ৰচলন ক’ত,কেনেকৈ হৈছিল বৰ্ণনা কৰা৷
উত্তৰঃ ঢোপ খেলৰ জন্ম ক’ত সেয়া কোনেও ক’ব নোৱাৰে৷আহোম যুগতো ইয়াৰ জনপ্ৰিয়তা আছিল৷ব্ৰিটিছ ৰাজত্বৰ শেষছোৱাত তেজপুৰৰ পৰা ৮ কিলোমিটাৰ দূৰৰ মদপীৰ ঢেকেৰিপাৰ নামৰ বৃহৎ বাকৰি এখনত এইবিধ খেলৰ সমাৰোহ অনুষ্ঠিত হৈছিল৷

২। বৰপেটা অঞ্চলত প্ৰচলিত থলুৱা খেল সমূহ কি কি?
উত্তৰঃ বৰপেটা অঞ্চলত প্ৰচলিত থলুৱা খেল সমূহ- হাউ খেল, টাংগুটি, ঘিলা খেলা, লুকা-ভাকু, কড়ি খেল, লালী, হাফলা, ৰছী টনা, কুকুৰা যুঁজ, টেকেলি ভঙা ,হাতবল ৷

৩। ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা খেলসমূহৰ নাম লিখা৷
উত্তৰঃ ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা খেলসমূহৰ নাম- ম’হ যুঁজ,বাঘ-ভালুকৰ যুঁজ,হাতী যুঁজ৷

৪। ইণ্ডিজেনাছ গেমছ কোনে, ক’ত,কেতিয়া অনুষ্ঠিত কৰিছিল?
উত্তৰঃ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ অথবা ছাইৰ তৰফৰ পৰা শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত ১৯৮৯ চনত ইণ্ডিজেনাছ গেমছ নাম দি ক্ৰীড়া সমাৰোহ আয়োজন কৰিছিল৷

৫। ‘ফুলতী-মালতী’ খেল কিদৰে খেলা হয়,পাঠৰ আধাৰত লিখা৷
উত্তৰঃ ‘ফুলতী-মালতী’ খেল ছোৱালীৰ মাজতহে আৱদ্ধ৷এই খেলত সৰু সৰু বল বা গুটিৰে তিনিটা শাৰী সজোৱা হয়৷প্ৰতিটো শাৰীত সমান সমান গুটি ৰাখিব লাগে আৰু প্ৰতিটো গুটিৰ ব্যৱধানো সমান হ’ব লাগে৷ইয়াৰ পিছত প্ৰতিজন অংশগ্ৰহণকাৰীয়ে গুটিৰ চাৰিওপিনে এটা বৃত্ত আঁকিব লাগিব৷এনেদৰে বৃত্ত আকোঁতে কোনো প্ৰতিযোগীয়ে যদি গুটি স্পৰ্শ কৰে তেন্তে তেওঁক খেলৰ বাহিৰ বুলি ধৰা হয়৷

গ) দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫)

১। আহোম যুগত কোন ৰজাৰ দিনত ক্ৰীড়াই সৰ্বাধিক পৃষ্ঠপোষকতা লাভ কৰিছিল?তেওঁৰ খেলৰ প্ৰতি থকা মোহ কেনেদৰে প্ৰকাশ পাইছিল,তাৰ এটি চমু বৰ্ণনা দিয়া৷
উত্তৰঃ আহোম যুগত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত ক্ৰীড়াই সৰ্বাধিক পৃষ্ঠপোষকতা লাভ কৰিছিল৷আহোম ৰাজ্যৰ বিভিন্ন অঞ্চলত পুখুৰী খান্দি সাঁতোৰৰ প্ৰতি জনসাধাৰণক আকৃষ্ট কৰিছিল৷অৱশ্যে তেওঁ পেভিলিয়নসদৃশ মঞ্চ নিৰ্মাণ কৰিও খেলৰ প্ৰতি থকা মোহ প্ৰকাশ কৰিছিল৷তেওঁ ১৫/১৬ হাতৰ শালকাঠৰ খুঁটাৰে নিৰ্মাণ কৰিছিল এই মঞ্চ৷

২। অসমৰ কড়ি খেলৰ বিষয়ে এটি প্ৰবাদ আছে৷তাৰ এটি চমু বিৱৰণ দিয়া৷
উত্তৰঃ ‘কড়িৰ ঢালতে কড়ি নুফুটিলে কপালত দি যাওঁ দুখ৷’ – কড়ি ফুটিলে ভাল, নুফুটিলে কাল৷বছৰৰ আৰম্ভণিতে খেলা কড়ি ফুটা মানে ধৰণী সোণালী শইচৰে নদন-বদন হোৱা আৰু নুফুটা মানেই অনাবৃষ্টি,অতিবৃষ্টি,বন্যা আদিয়ে আগুৰি ধৰা৷ কড়ি প্ৰজননৰ প্ৰতীক৷ইয়াৰ সহায়ত গুটি গজোৱা আৰু পকোৱা হয়৷আদিম সমাজৰ যৌন বিশ্বাসৰ লগতে শস্য সম্পদ বৃদ্ধিৰ ধ্যান-ধাৰণাও কড়ি খেলৰ মাজেদি প্ৰকাশ পায়৷কড়িৰ ঢালখন আই বসুমতীৰ আৰু খেলখন হ’ল কৃষি জীৱনৰ প্ৰতীক৷আহোম যুগত অসমত এই খেলৰ জনপ্ৰিয়তা অধিক আছিল৷

৩। পুৰণি কালত বিহুৰ সময়ত কেনেধৰণৰ খেল অনুষ্ঠিত হৈছিল?
উত্তৰঃ পুৰণি অসমত বিহুৰ সময়ত নৈ,পুখুৰী আদিত নাওখেল অনুষ্ঠিত হৈছিল৷পাহোৱাল ডেকা ল’ৰাই মালযুঁজত ভাগ লৈছিল৷ইয়াৰ উপৰিও মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে জনসাধাৰণৰ মাজত প্ৰচলিত খেল সমূহ হ’ল- হাউ খেল,ঢোপ খেল,টাংগুটি,ঘিলা খেল,লুকা-ভাকু,কড়ি খেল ইত্যাদি৷

৪। আহোম যুগৰ আটাইতকৈ জনপ্ৰিয় খেলবিধ কি?এই খেল সম্পৰ্কে চমুকৈ লিখা৷
উত্তৰঃ আহোম যুগৰ আটাইতকৈ জনপ্ৰিয় খেলবিধ হ’ল- ম’হ যুঁজ৷এই ম’হ যুঁজত কোনো নিৰ্দিষ্ট নীতি-নিয়ম দেখা পোৱা নাযায় যদিও প্ৰতিযোগীতাত বিজয়ী হোৱা ম’হৰ গৰাকীৰ বাবে এই কৃতিত্ব গৌৰৱ আৰু আত্মসন্মানৰ কথা৷এই যুঁজৰ ভালেমান দিন আগৰেপৰা যুঁজাৰু ম’হক কামৰ বোজা কমাই ভালকৈ তত্ত্বাৱধান লোৱা হয়৷খাদ্যৰ ওপৰতো যথেষ্ট গুৰুত্ব দিয়া হয়৷ম’হ প্ৰতিপালন কৰা ঠাই টুকুৰাত আন মানুহ যোৱাতো বন্ধ কৰি দিয়া হয়৷শেষ নিশা ম’হক চৰাবলৈ নিয়া হয় যাতে ম’হে পেট পূৰাই খাব পাৰে৷যুঁজৰ দিনা যেতিয়া ম’হ দুটাক যুঁজিব দিয়া হয়৷শিঙে শিঙে কৰা যুদ্ধত কোনোবা এটা ম’হ তৰা-নৰা ছিঙি প্ৰাণ ৰক্ষাৰ বাবে পলায়৷বাকীথকা ম’হটো জয়ী হয়৷

৫। ঢেমনা অনা খেল কোন অঞ্চলত প্ৰচলিত?খেলবিধ সম্পৰ্কে চমুকৈ লিখা৷
উত্তৰঃ ঢেমনা অনা খেল বৰপেটা অঞ্চলত প্ৰচলিত৷সাধাৰণতে শীতকালত অনুষ্ঠিত হয়৷এন খেলৰ অৰ্থ হ’ল-কোনো বিপত্নীকে কোনো বাৰী তিৰোতাক পত্নীৰূপে অনা৷দুটা দলৰ মাজত অনুষ্ঠিত এইবিধ খেলত এটা দলত চাৰিজনৰ পৰা দহজন বা তাতোধিক খেলুৱৈ থাকে৷বয়সৰ তাৰতম্য লৈও খেলুৱৈৰ সংখ্যা কম-বেছি কৰা হয়৷খেলৰ সজুঁলি হিচাপে এটা বল ব্যৱহাৰ কৰা হয়৷আহল-বহল মুকলি ঠাইত এইবিধ খেল খেলা হৈছিল৷

এই খেলত ব্যৱহাৰ কৰা বলটো দুয়োটা দলে দলিওৱাৰ পিছত যিটো দলে অধিক ঢমনা আনিব,সেইটো দলেই বিজয়ী হ’ব৷অৰ্থাৎ এটা মূৰৰ পৰা এটা দলে খুব জোৰেৰে ওপৰলৈ দলিয়ালে আনটো দলে ওপৰতে ধৰিব লাগিব৷ইয়াৰ পিছত যিটো দলে প্ৰথমে বলটো ধৰে তেওঁ মধ্যবৃত্ত এটাত থিয় হৈ থাকি৷আনহাতে,অন্য দলৰ বল শূন্যত ধৰা খেলুৱৈজনে বলটো মধ্যবৃত্তত থকা খেলুৱৈজনলৈ দলিয়ায়৷এই বলটো যদি মধ্যবৃত্তত ৰৈ থকা খেলুৱৈজনৰ গাত লাগে তেন্তে তেওঁক ঢেমনা আখ্যা দি প্ৰতিপক্ষৰ দললৈ অনা হয় ৷

অতিৰিক্ত প্ৰশ্নঃ

১। সুবোধ মল্লবৰুৱাৰ জন্ম কিমান চনত হৈছিল ?
উত্তৰঃ সুবোধ মল্লবৰুৱাৰ জন্ম ১৯৬৩ চনত হৈছিল ৷

২। সুবোধ মল্লবৰুৱাৰ গ্ৰন্থকেইখনমানৰ নাম লিখা ৷
উত্তৰঃ সুবোধ মল্লবৰুৱাৰ গ্ৰন্থকেইখনমান হ’ল- ‘One More Six’, ‘এথেন্সৰ পৰা শ্বিলঙলৈ’, ‘জীৱন যৌৱন ক্ৰীড়াংগন’, ‘অসম ফুটবলৰ বৰ্ণিল যাত্ৰা’, ‘বিখ্যাত ফুটবলাৰৰ ল’ৰালিকাল’৷

শেষ বাক্য

Class 10 Assamese Chapter 7 Question Answer তথা ‘অসমৰ পুৰণি খেল-ধেমালি’ নামৰ একাদশ শ্ৰেণীৰ অসমীয়া (মাতৃভাষা) ৰ যি প্ৰয়োজনীয় প্ৰশ্ন আছিল সম্পূৰ্ণ ভাবে আমি ইয়াত আলোচনা কৰিলোঁ। পাঠ্য পুথিৰ প্ৰশ্ন উত্তৰৰ ওপৰিও ইয়াত আমি কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰিছোঁ। ইয়াৰ উপৰিও যদি আপোনাৰ কিবা প্ৰশ্ন জানিব আছে তেন্তে Comment Section ত জনাব নেপাহৰি।

Leave a Comment