Class 11 Assamese Chapter 3 Question Answer | গৌৰৱ প্ৰশ্ন উত্তৰ

আপুনি গৌৰৱ প্ৰশ্ন উত্তৰ তথা Class 11 Assamese Chapter 3 Question Answer বিচাৰি আছে নেকি তেন্তে Assamese Question Answer ৱেবছাইট হৈছে এক নিৰ্ভৰযোগ্য স্থান যত আপুনি Class 11 Assamese Chapter 3 Question Answer তথা গৌৰৱ অধ্যায়ৰ প্ৰশ্ন উত্তৰ বিনামূল্যত পাব।

Class 11 Assamese Chapter 3 Question Answer 2024

আজি আমি আপোনাৰ বাবে লৈ আহিছোঁ Class 11 Assamese Chapter 3 Question Answer তথা একাদশ শ্ৰেণীৰ অসমীয়া বিষয়ৰ তৃতীয় অধ্যায় গৌৰৱৰ প্ৰশ্ন উত্তৰ। আমি ইয়াত গৌৰৱৰ প্ৰশ্ন উত্তৰ হিচাপে অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ লগতে দীঘল আৰু কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে।

আৰ্হি প্ৰশ্ন উত্তৰ

ক) অতি চমু প্ৰশ্ন (মূল্যাংক -১)

১। কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম লিখা ৷
উত্তৰঃ কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব’

২। ‘ডিভাইন কমেডি’ কাৰ ৰচনা?
উত্তৰঃ ‘ডিভাইন কমেডি’ ডাণ্টেৰ ৰচনা৷

৩। নেপোলিয়ন বোনাপাৰ্ট কোন দেশৰ বীৰ আছিল ?
উত্তৰঃ নেপোলিয়ন বোনাপাৰ্ট ফ্ৰান্সৰ বীৰ আছিল।

৪। মৈথিলী জৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ ‘টনাটনি’ কৰে ?
উত্তৰঃ মৈথিলী জৰু বঙালীয়ে বিদ্যাপতি পণ্ডিতক লৈ ‘টনাটনি’ কৰে ৷

৫। জাপানীবিলাকে নিজৰ দেহৰ গঢ় কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে?
উত্তৰঃ জাপানীবিলাকে নিজৰ দেহৰ গঢ় ককেচিয়ানবিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে৷

খ) চমু প্ৰশ্ন (মূল্যাংক – ২/৩)

১। সৌভাগ্যৰপৰা গৌৰৱ কেনেকৈ ওপজে ?
উত্তৰঃ সৌভাগ্যৰ বাবে উচ্চবংশৰ মৰ্যাদা,ধন-সম্পতি আৰু মান-মৰ্যাদা লাভ কৰে৷ এজন ধনী ব্যক্তি বা উচ্চবংশৰ লোকক বৰ্তমান সমাজত এক শ্ৰেণীৰ লোকে যথেষ্ট মান সন্মান কৰে৷

২। ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্হায়ী হয়নে ? বুজাই লিখা ৷
উত্তৰঃ ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্হায়ী নহয়৷কাৰণ শৰীৰৰ পতনৰ লগে লগে ৰূপৰো পতন ঘটে ৷

৩। বিশ্বামিত্ৰৰ দুখৰ কাৰণ কি আছিল বুলি পাঠটোত কোৱা হৈছে ?
উত্তৰঃ বিশ্বামিত্ৰৰ দুখৰ কাৰণ জন্ম আছিল বুলি পাঠটোত কোৱা হৈছে৷

৪। শুদ্ধোধনৰ নাম মানুহে কিয় জানে?
উত্তৰঃ শুদ্ধোধন বুদ্ধৰ বাপেক হোৱা বাবে মানুহে জানে৷

৫। দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব পাৰেনে?
উত্তৰঃ দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব নোৱাৰে৷

গ) দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫)

১। “ধনেই ধৰ্মৰ মূল,মন নহ’লে যায় জাতি কুল” -কথাষাৰ বুজাই লিখা ৷
উত্তৰঃ ধন-সম্পতি এনেকুৱা এটা নিচা যাৰ বাবে মানুহে নিজক লৈ গৌৰৱ,অহংকাৰ কৰে ৷ তেওঁলোকৰ মানত ধনেই সৰ্বেসৰ্বা ৷ ধন থাকিলে সকলো বস্তু কিনিব পাৰি অথচ মান-সন্মানকো নিজৰ কৰি ৰাখিব পাৰে ধনৰ বলত৷ধন থাকিলে বন্ধু লগত থাকে,সেয়া লাগিলে স্বাৰ্থপৰ ব্ন্ধুৱে হওঁক ৷ ধনীক সাধাৰণ মানুহে ভয় কৰে,ভক্তি কৰে আৰু সন্মান কৰে ৷ সেয়েহে কোৱা হৈছে,”ধনেই ধৰ্মৰ মূল,মন নহ’লে যায় জাতি কুল”৷

২। ‘গৌৰৱ’ প্ৰৱন্ধটোত প্ৰকৃত গৌৰৱৰ কাৰণ কি বুলি কোৱা হৈছে?
উত্তৰঃ প্ৰকৃত গৌৰৱৰ কাৰণ জ্ঞান,আত্মসংযম আৰু আত্মদানৰ পৰা ওলায় ৷ এই গুণবিলাকে মানুহক অমৰ কৰে৷ছক্ৰেটিছৰ জ্ঞান, হৰিশ্চন্দ্ৰৰ ন্যায়, প্ৰহ্লাদৰ আত্মসংযম আৰু জয়মতীৰ আত্মদান ইতিহাসৰো গৌৰৱৰ বিষয় ৷ ছেক্সপীয়েৰ, কবীৰ, শংকৰদেৱ, মাধৱদেৱ, কালিদাস, ব্যাস আদিৰ ৰচনাৰাজিয়ে আজিও গোটেই বিশ্বত স্থান দখল কৰি আছে ৷ এই গৌৰৱৰ কাৰণ স্বৰ্গীয় আৰু চিৰস্থায়ী৷

৩। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা- “বিজেতাই মানুহক হে পৰাস্ত কৰে,মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে”৷
উত্তৰঃ উপৰোক্ত গদ্যাংশফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত ‘গৌৰৱ’ পাঠটোৰপৰা তুলি দিয়া হৈছে ৷

বলীয়ে নিজৰ দেহৰ বলত সকলো জয় কৰিব পাৰিলেও কিন্তু মন জয় কৰিব নোৱাৰে৷উপৰোক্ত বাক্যফাঁকিয়ে তাৰেই অৱতাৰণা কৰিছে ৷

বল হ’ল শৰীৰৰ এটি গৌৰৱৰ কাৰণ৷বলে মানুহক সাহস, স্ফূৰ্তি আৰু আনন্দ দিয়ে৷বল থাকিলে মানুহে আনৰ ওপৰত প্ৰভুত্ব চলাব পাৰে আৰু আনৰ পৰা ভয়,ভক্তি আকৰ্ষণ কৰিব পাৰে ৷ দেশ জয় কৰা বীৰসকলক গৌৰৱৰ পাত্ৰ বুলি ভবা হয় ৷ কিন্তু বিজেতাই প্ৰথম দিন দেশ জয় কৰে, দ্বিতীয় দিন ৰাখে, তৃতীয় দিন আনে জয় কৰি লয়৷আলেকজেণ্ডাৰে দেশ জয় কৰিছিল, কিন্তু প্লেটোৱেহে মানুহৰ মন জয় কৰিছিল৷নিউটন, ডাৰউইনৰ নিজৰ ভাব আনৰ মনত সুমুৱাই দি আনৰ মন জয় কৰিছে আৰু তেওঁলোকৰ নিচিনাকৈ ভাবিবলৈ সমৰ্থ কৰাইছে ৷ চুকাফা আৰু নৰনাৰায়ণৰ ৰাজ্য নাই কিন্তু শংকৰদেৱৰ ৰাজ্য কোনেও ধ্বংস কৰিব পৰা নাই৷আকবৰৰ ৰাজ্য কেতিয়াবাই চাৰখাৰ হ’ল কিন্তু গৌতম বুদ্ধৰ হোৱা নাই ৷ সেয়েহে কোৱা হৈছে, “বিজেতাই মানুহক হে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে”৷

৪। জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী হয়নে?বুজাই লিখা ৷
উত্তৰঃ জন্ম, ধন আৰু মান সৌভাগ্যৰ পৰা আহে৷ জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী নহয়৷ধন থাকিও যদি প্ৰয়োজনত খৰচ কৰা নহয়, দান কৰা নহয়, ধাৰ নিদিয়ে তেন্তে সেই ধন কি কামৰ? টকা থাকে মানে বাহিৰৰ পৰা মান-সভ্ৰম নিজেই আহি লগ ধৰে ৷ সংসাৰত আহি যদি সৎ কৰ্ম নকৰি অসৎ কৰ্মত ধন ভাঙিব লগা হয় এই কু-সংগীবোৰৰ পৰা বাচি থাকিব নোৱাৰিলে ধন আৰু মান কেতিয়াও স্থায়ী হৈ থাকিব নোৱাৰে ৷

৫।প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা – “ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে৷”
উত্তৰঃ উপৰোক্ত গদ্যাংশফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত ‘গৌৰৱ’ পাঠটোৰপৰা তুলি দিয়া হৈছে ৷

ৰূপে মানুহক কিদৰে নিজৰ মায়াজালত বন্দী কৰিব পাৰে তাৰে অৱতাৰণা উপৰোক্ত বাক্যফাঁকিৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰা হৈছে ৷

শৰীৰৰ এটা প্ৰধান অংশ হ’ল ৰূপ৷ৰূপৰ সহায়তো মানুহে জগত জিনিব পাৰে ৷ মহাদেৱৰ নিচিনা প্ৰধান যোগীকো ভগৱানৰ বিশ্ব-বিমোহন ৰূপে বলিয়া কৰিছিল ৷ ৰাম-ৰাৱণৰ যুদ্ধৰ কাৰণো সীতাৰ ৰূপ-লাৱণ্য ৷ গ্ৰীক-ট্ৰজান যুদ্ধৰ কাৰণ ৰূপ৷ডাণ্টেৰ ‘ডিভাইন কমেডি’ ৰূপৰ পৰাই ওলাইছে৷হিৰোৰ লাৱণ্যৰ প্ৰভাৱত লিয়েণ্ডাৰে হেলিস্পট সাগৰ সাতুঁৰি পাৰ হৈছিল ৷ সাপ যেনেকৈ যোগীৰ মন্ত্ৰত মুগ্ধ হয়,মানুহো তেনেকৈ ৰূপত মুগ্ধ হয় ৷ ৰূপৰ বলতে বহুতে বহুত ঠাইত মান আৰু ভক্তি পায় ৷ মহাপুৰুষ শংকৰদেৱৰ ৰূপ আৰু শান্ত মূৰ্তিয়ে তেওঁৰ প্ৰতিদ্বন্দ্বীৰ পৰাও ভক্তি আৰু শ্ৰদ্ধা আকৰ্ষণ কৰিছিল ৷ ৰূপৰ প্ৰভাৱতে মহম্মদক বধ কৰিবলৈ উদ্যত শত্ৰুৰ হাতৰ তৰোৱাল খহি পৰিছিল ৷ গতিকে সেইকাৰণে ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে বুলি কোৱা হৈছে ৷

অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ

১। কালিৰাম মেধি কিমান চনত জন্ম হয় ?
উত্তৰঃ কালিৰাম মেধি ১৮৭৮ চনত জন্ম হয় ৷

২। ‘মহাপুৰুষ শংকৰদেৱৰ বাণী’ কাৰ ৰচনা ?
উত্তৰঃ ‘মহাপুৰুষ শংকৰদেৱৰ বাণী’ কালিৰাম মেধিৰ ৰচনা৷

৩। কালিৰাম মেধিৰ মৃত্যু কিমান চনত হৈছিল ?
উত্তৰঃ কালিৰাম মেধিৰ মৃত্যু ১৯৫৪ চনত হৈছিল৷

৪। কালিৰাম মেধিয়ে সম্পাদনা কৰা কেইখনমান গ্ৰন্থৰ নাম লিখা ৷
উত্তৰঃ কালিৰাম মেধিয়ে সম্পাদনা কৰা কেইখনমান গ্ৰন্থৰ নাম- ‘অংকাৱলী’, ‘প্ৰহ্লাদ চৰিত’, ‘মহাপুৰুষ শংকৰদেৱৰ বাণী’ ৷

৫। কালিৰাম মেধি অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল আৰু এই অধিৱেশন কেতিয়া হৈছিল ?
উত্তৰঃ কালিৰাম মেধি অসম সাহিত্য সভাৰ বৰপেটা অধিৱেশনৰ সভাপতি আছিল আৰু এই অধিৱেশন ১৯১৯ হৈছিল ৷

৬। হোমাৰৰ মহাকাব্য দুখনৰ নাম লিখা ৷
উত্তৰঃ হোমাৰৰ মহাকাব্য দুখনৰ নাম- ‘ইলিয়াড’ আৰু ‘ওডিছি’ ৷

শেষ বাক্য

আপুনি যদি বৰ্তমান ইয়ালৈকে পঢ়ি আছে, তেন্তে নিশ্চয় আপুনি Class 11 Assamese Chapter 3 Question Answer গোটেই খিনি পঢ়িছে। যদি এই লিখনিয়ে আপোনাক কিছু পৰিমাণে সহায় কৰিছে তেন্তে অনুগ্ৰহ কৰি আপোনাৰ আন আন বন্ধু বান্ধৱী সকলৰ সৈতে Share কৰক।

Leave a Comment