আজিৰ আলোচনাত আমি Class 11 Assamese Chapter 5 Question Answer ত গিবন নামৰ অধ্যায়ত থকা অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ লগত কিছু কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে।
ইয়াত কি কি আলোচনা কৰা হৈছে
Class 11 Assamese Chapter 5 Question Answer 2024
আৰ্হি প্ৰশ্ন উত্তৰ
অতি চমু প্ৰশ্ন (মূল্যাংক-১)
১। এডৱাৰ্ড গিবন কোন আছিল?
উত্তৰঃ এডৱাৰ্ড গিবন পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ঐতিহাসিক আছিল৷
২। এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম লিখা ৷
উত্তৰঃ এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম অক্সফোৰ্ডৰ মেগডালেন কলেজ ৷
৩। এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্ৰন্থ এখনৰ নাম লিখা ৷
উত্তৰঃ এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্ৰন্থ এখনৰ নাম -“The History of the Decline and Fall of the Roman Empire”
৪। শ্বপেনহাৱাৰ কোন?
উত্তৰঃ শ্বপেনহাৱাৰ এগৰাকী বিখ্যাত জাৰ্মান দাৰ্শনিক৷
৫। ‘আলেকজেন্দ্ৰিয়ান কোৱাৰ্টেট’ নামৰ উপন্যাসমালাৰ লেখক কোন?
উত্তৰঃ ‘আলেকজেন্দ্ৰিয়ান কোৱাৰ্টেট’ নামৰ উপন্যাসমালাৰ লেখক লৰেঞ্চ ডাৰেল ৷
চমু প্ৰশ্ন (মূল্যাংক ২/৩)
১। জন মিল্টন কোন শতিকাৰ কবি আছিল? তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম লিখা ৷
উত্তৰঃ জন মিল্টন ১৬০৮-১৬৭৪ শতিকাৰ কবি আছিল ৷ তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম ‘পেৰাডাইজ লষ্ট’৷
২। দাৰ্শনিক ৰুছোয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা ৷
উত্তৰঃ দাৰ্শনিক ৰুছোয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম- ‘ The Social Contract’ আৰু ‘ Confession’
৩। গিবনৰ সম্পূৰ্ণ নামটো কি?তেওঁ কোন শতিকাৰ লেখক?
উত্তৰঃ গিবনৰ সম্পূৰ্ণ নামটো এডৱাৰ্ড গিবন ৷ তেওঁ ১৭৩৭-১৭৯৪ শতিকাৰ লেখক ৷
৪। ‘Age of Reason’ নামৰ গ্ৰন্থখন কোনে কেতিয়া ৰচনা কৰিছিল?
উত্তৰঃ ‘Age of Reason’ নামৰ গ্ৰন্থখন টমাছ পেইনে অষ্টাদশ শতিকাত ৰচনা কৰিছিল ৷
৫। যৌৱনকালত এডৱাৰ্ড গিবন কোনখন দেশৰ, কোনখন চহৰৰ বাসিন্দা আছিল?
উত্তৰঃ যৌৱনকালত এডৱাৰ্ড গিবন ছুইজাৰলেণ্ডৰ লুছান চহৰৰ বাসিন্দা আছিল ৷
দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫)
১। এডৱাৰ্ড গিবনৰ চমু পৰিচয় দিয়া ৷
উত্তৰঃ এডৱাৰ্ড গিবনৰ জন্ম হয় ১৭৩৭ চনত,ইংলেণ্ডত৷ছাত্ৰ অৱস্থাত অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিব নোৱাৰিলেও পৰৱৰ্তী কালত বিশ্বৰ এগৰাকী ঐতিহাসিক আৰু লেখকৰূপে খ্যাতি লাভ কৰা পৰিলক্ষিত হয়৷তেওঁৰ অমৰ কীৰ্তি হ’ল- “The History of the Decline and Fall of the Roman Empire” ৷ শক্তিশালী আৰু ব্যতিক্ৰমী গদ্যশৈলীৰ বাবেও তেও বিখ্যাত ৷ ১৭৯৪ চনত গিবনৰ মৃত্যু হয়৷
২। এডৱাৰ্ড গিবনে ৰচনা কৰা ৰোমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক গ্ৰন্থখনৰ চমু পৰিচয় দাঙি ধৰা৷
উত্তৰঃ গিবনৰ বিখ্যাত ৰচনা “The History of the Decline and Fall of the Roman Empire” ত ৰোমান সাম্ৰাজ্যৰ ইতিহাস বৰ্ণনা কৰা হৈছে ৷ সাতটা খণ্ডত সমাপ্ত এই বিপুলায়তন ইতিহাস গ্ৰন্থই সম্ৰাট এণ্টনিনেছৰ ৰাজত্ব কালৰ পৰা আৰম্ভ কৰি তুৰ্কীসকলৰ দ্বাৰা কনষ্টাণ্টিনপলৰ অধিকাৰৰ সময়লৈকে সুদীৰ্ঘ চৌদ্ধটা শতাব্দী সামৰি লৈছে ৷ গিবনৰ যাদুকৰী লিখনিৰ স্পৰ্শত অসংখ্য চৰিত্ৰ আৰু অজস্ৰ যুগান্তকাৰী ঘটনা জীৱন্ত হৈ উঠিছে ৷ ৰোমান সাম্ৰাজ্যৰ অৱক্ষয়’ সূচনা, খ্ৰীষ্টিয়ানিটিৰ উত্থান, ইছলামৰ বিজয় অভিযান,ইউৰোপত জাতীয় ৰাষ্ট্ৰগঠনৰ আৰম্ভণি আদি পৃথিৱী তোলপাৰ লগোৱা অজস্ৰ ঘটনা – প্ৰবাহৰ ব্যাখ্যাই গিবনৰ গ্ৰন্থখনিত প্ৰাণ পাই উঠিছে ৷ এই গ্ৰন্থখন অভ্ৰভেদী গ্ৰীক মন্দিৰৰ দৰে ৷
৩। এডৱাৰ্ড গিবনে ক’ত কিদৰে শিক্ষা গ্ৰহণ কৰিছিল বুজাই লিখা ৷
উত্তৰঃ পোন্ধৰ বছৰ বয়সত গিবনঅক্সফোৰ্ডৰ মেগডালেন কলেজত ভৰ্তি হয়৷ক’বলৈ গ’লে ছাত্ৰ অৱস্থাত অতি সাধাৰণ ল’ৰা আছিল ৷ জগদ্বিখ্যাত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ অৱস্থা তেতিয়া তেনেই শোচনীয় ৷ পঢ়া-শুনা বিশেষ নহয় বুলিয়েই ক’ব পাৰি৷অধ্যাপক সকলৰ পৰা বিশেষ সহায় নাপালেও গিবনে নিজে প্ৰচুৰ কিতাপ পঢ়িছিল ৷ অক্সফোৰ্ডত পঢ়ি থাকোঁতেই তেওঁ প্ৰটেষ্টাণ্ট ধৰ্মমত ত্যাগ কৰি ৰোমান কেথলিক ধৰ্মমতত দীক্ষিত হ’বলৈ মন মেলিলে ৷
তেওঁৰ মতি গতি দেখি তেওঁৰ অভিভাৱক সকল আতংকিত হৈ তেওঁক কলেজৰপৰা নাম কটাই এৰুৱাই আনিলে আৰু জোৰকৈ ছুইজাৰলেণ্ডৰ লুছান চহৰলৈ পঠাই দিলে ৷ সেইসময়ত লুছান ফৰাছী প্ৰভাৱাধীন আছিল ৷ সমগ্ৰ ইউৰোপীয় মানসত তেতিয়া টমাছ পেইনৰ The Age of Reason – ৰ ভাৱ-তৰংগৰদ্বাৰা উদ্বেলিত৷গিবনকো এই প্ৰভাৱে গ্ৰাস কৰিলে,যাৰ ফলত তেওঁ কেথলিক হ’ব খোজা মানুহজন সংশয়বাদীত পৰিণত হ’ল৷ফলস্বৰূপে তেওঁ “The History of the Decline and Fall of the Roman Empire” গ্ৰন্থ লিখি উলিয়ালে৷
৪। চমু টোকা লিখা ।
ক) শ্বপেনহাৱাৰ
খ) ভলতেয়াৰ
উত্তৰঃ ক) শ্বপেনহাৱাৰ- এগৰাকী বিখ্যাত জাৰ্মান দাৰ্শনিক (১৭৮৮-১৮৬০) ৷ তেওঁ নান্দনতাত্ত্বিক, নৈতিক আৰু মনোবৈজ্ঞানিক লিখনি সমূহ ঊনবিংশ আৰু বিংশ শতিকাৰ চিন্তানায়ক আৰু শিল্পীসকলক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল ৷ “The World as Will and Representation” তেওঁৰ বিখ্যাত ৰচনা ৷
খ) ভলতেয়াৰঃ অষ্টাদশ শতিকাৰ ফ্ৰান্সৰ বিখ্যাত লেখক-দাৰ্শনিক ৷ তেওঁ মূলতঃ ব্যংগাত্মক ৰচনাৰ বাবে প্ৰসিদ্ধ ৷ সমকালীন ফ্ৰান্সৰ বিভিন্ন দিশৰ ওপৰত তেওঁ আলোকপাত কৰি লিখা ব্যংগাত্মক লেখাসমূহ ফৰাছী সাহিত্যৰ অমূল্য সম্পদ ৷ ‘কান্দিদ’ তেওঁৰ দ্বাৰা ব্যংগাত্মক উপন্যাস ৷ তেওঁ ফৰাছী বিপ্লৱৰ আদৰ্শৰ অন্যতম অনুপ্ৰেৰণাকাৰী ৷
৫।প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা ঃ “যিসকল লেখকে সমগ্ৰ জীৱন ধৰি এখন মাত্ৰ মহৎ গ্ৰন্থ ৰচনাৰ সাধনাত ব্ৰতী হৈ থাকে, তেওঁলোকে সেই গ্ৰন্থ ৰচনাৰ সমাপ্তিৰ পিছত এক বিশেষ ধৰণৰ শূন্যতা অনুভৱ কৰে৷”
উত্তৰঃ উপৰোক্ত গদ্যাংশফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তগৰ্ত হোমেন বৰগোহাঞিৰ ৰচিত ‘গিবন’ পাঠটোৰ পৰা তুলি দিয়া হৈছে ৷
এগৰাকী লেখকে তেওঁৰ সাধনাত মহৎ গ্ৰন্থ এখন লিখি উলিওৱাৰ পিছত বুকুত যি শূন্যতা অনুভৱ কৰে তাকে উক্ত গদ্যফাঁকিৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰা হৈছে ৷
গিবনৰ জীৱনৰ সোতৰটা বছৰৰ,জীৱনৰ সৰ্বশ্ৰেষ্ঠ বছৰবোৰৰ একমাত্ৰ ধ্যান-জ্ঞান আছিল “The History of the Decline and Fall of the Roman Empire” ৷ ১৭৮৭ চনৰ ২৭ জুনৰ দিনা গিবনে তেওঁৰ ফুলনিত বহি ৰাতি ১১/১২ মান বজাত যেতিয়া গ্ৰন্থখনৰ শেষ পৃষ্ঠা লিখি উলিয়ালে এক বিপুল আনন্দই গিবনৰ মন ভৰাই তুলিলে,” স্বাধীনতা ঘূৰাই পোৱাৰ আনন্দ…লগতে যশস্যাৰ ভেটি প্ৰতিষ্ঠা কৰাৰ আনন্দ ৷
কিন্তু পিছ মুহূৰ্ততে তেওঁৰ মনলৈ বিষাদৰ ছাঁ নামি আহিল ৷ অতীতৰ বুকুৱেদি যি দীঘল বাট অতিক্ৰম কৰিলে আৰু ভৱিষ্যতৰ বুকুলৈ তেওঁৰ গ্ৰন্থখনে যি দীঘলীয়া ভ্ৰমণ অতিক্ৰম কৰিব,তাৰ মাজৰ সময়ছোৱা তেওঁৰ অৰ্থশূন্য, ক্ষণস্থায়ী যেন অনুভৱ হৈছিল ৷ গ্ৰন্থখন তেওঁৰ প্ৰিয় লগৰী আছিল, চিৰকাললৈ প্ৰিয় সংগীক বিদায় দিয়াৰ শোকে গিবনক খুলি খুলি খাইছিল ৷ সেয়েহে কোৱা হৈছে, “যিসকল লেখকে সমগ্ৰ জীৱন ধৰি এখন মাত্ৰ মহৎ গ্ৰন্থ ৰচনাৰ সাধনাত ব্ৰতী হৈ থাকে, তেওঁলোকে সেই গ্ৰন্থ ৰচনাৰ সমাপ্তিৰ পিছত এক বিশেষ ধৰণৰ শূন্যতা অনুভৱ কৰে ৷”
অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ
১) হোমেন বৰগোহাঞিৰ জন্ম কিমান চনত হৈছিল?
উত্তৰ: হোমেন বৰগোহাঞিৰ জন্ম ১৯৩২ চনত হৈছিল৷
২) হোমেন বৰগোহাঞিয়ে লিখা কেইখনমান উপন্যাসৰ নাম লিখা৷
উত্তৰ: হোমেন বৰগোহাঞিয়ে লিখা কেইখনমান উপন্যাসৰ নাম- ‘সুবালা’, ‘পিতাপুত্ৰ’, ‘হালধীয়া চৰায়ে বাওধান খায়’, ‘তিমিৰ তীৰ্থ’, ‘অস্তৰাগ’৷
৩) হোমেন বৰগোহাঞিয়ে লিখা চুটিগল্পৰপুথিৰ নাম উল্লেখ কৰা৷
উত্তৰ: ‘বিভিন্ন কোৰাচ’, ‘বিভিন্ন নৰক’ হোমেন বৰগোহাঞিয়ে লিখা চুটিগল্পৰ পুথি৷
৪) বৰগোহাঞিৰ আত্মজীৱনীমূলক ৰচনাসমূহ কি কি?
উত্তৰ: বৰগোহাঞিৰ আত্মজীৱনীমূলক ৰচনাসমূহ হ’ল – ‘আত্মানুসন্ধান’, ‘ ধুমুহা আৰু ৰামধেনু’ ৷
৫) হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰা কেইখনমান বাতৰি কাকতৰ নাম লিখা৷
উত্তৰ: হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰা কেইখনমান বাতৰি কাকতৰ নাম- ‘সাপ্তাহিক নীলাচল’, ‘নাগৰিক’, ‘অসমবাণী’, ‘নিয়মীয়া বাৰ্তা’ ৷
৬) কি গ্ৰন্থৰ বাবে বৰগোহাঞি দেৱে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ: ‘পিতাপুত্ৰ’ গ্ৰন্থৰ বাবে ১৯৭৮ চনত বৰগোহাঞি দেৱে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল৷
৭) হোমেন বৰগোহাঞিয়ে অসম সাহিত্য সভাৰ কোন বৰ্ষৰ সভাপতিৰ আাসন অলংকৃত কৰিছিল ?
উত্তৰ: হোমেন বৰগোহাঞিয়ে অসম সাহিত্য সভাৰ ২০০১-২০০২ বৰ্ষৰ সভাপতিৰ আাসন অলংকৃত কৰিছিল ৷
শেষ বাক্য হিচাপে
আজি আমি আলোচনা কৰিলোঁ Class 11 Assamese Chapter 5 Question Answer, যদি আপুনি ইয়াত আলোচনা কৰা প্ৰশ্ন উত্তৰ বুজি পোৱাত অসুবিধা পাইছে তেন্তে অনুগ্ৰহ কৰি Comment Section ত জনাব পাৰে।