Class 10 Assamese Chapter 5 Question Answer | দৃশ্যান্তৰ প্ৰশ্ন উত্তৰ

মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধবী সকল, আজি আমি লৈ আহিছোঁ Class 10 Assamese Chapter 5 Question Answer অৰ্থাৎ কবি হৰেকৃষ্ণ ডেকা দেৱৰ `দৃশ্যান্তৰ Class 10 Assames’ কবিতাটোৰ পাঠৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ লগতে HSLC Final Exam ৰ বাবে প্ৰয়োজনীয় কিছু প্ৰশ্ন উত্তৰ।

Class 10 Assamese Chapter 5 Question Answer 2024

ভাৱ বিষয়ক প্ৰশ্ন উত্তৰ

১। অতি চমু উত্তৰ দিয়া

ক) কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল?
উত্তৰ:– কবিয়ে পঁচিশ বছৰ আগতে মানুহজনক লগ পাইছিল।

খ) মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল?
উত্তৰ:– মানুহজন কুকুৰীকণা আছিল বাবে সন্ধিয়া পৰত নিজৰ ঘৰ বিচাৰি পোৱা নাছিল।

গ) মানুহজনে নিজৰ ঘৰৰ পদূলি কত বিচাৰিছিল?
উত্তৰ:– মানুজনে নিজৰ ঘৰৰ পদূলি নিজৰে নঙলামুখত বিচাৰিছিল।

ঘ) মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰ ভংগিত আছিল?
উত্তৰ:– মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাহেঁ নমস্কাৰ ভংগীত আছিল।

ঙ) কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল?
উত্তৰ:– কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল।

২) সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সতে কি কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা।
উত্তৰ:- সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিয়ে ভাৰাঘৰ বিচাৰি অহা বুলি ভাবিছিল। সেই বাবে তেওঁ কবিৰ সৈতে সেই সাতমহলীয়া ঘৰটোৰ লগতে কাষৰ অট্টালিকাসমূহৰ কথাও পাতিছিল। তেওঁৰ ঘৰটো মানুহজনে কুবেৰৰ মহলাৰ লগত তুলনা কৰিছিল। তেওঁ তাত শান্তিত থাকিব নোৱাৰিব বুলি কৈছিল। সেই ঘৰটোত হেনো স্বাৰ্থপৰ আন্তৰিকতাহীন লোকে হে বাস কৰে। তেওঁলোকে কাৰো সুখ দুখ হেনো বুজি নাপায়। আনকি কাৰোবাৰ মৃত্যু হলে দাহ কৰিবলৈও মানুহ আগবাঢ়ি নাহে।

৩) দৃশ্যান্তৰ কবিতাটোৰ মূলভাৱ লিখা?
উত্তৰ:- কবি হৰেকৃষ্ণ ডেকাৰ `দৃশ্যান্তৰ’ কবিতাটোত সামাজিক জীৱনৰ ৰূপ প্ৰতিফলিত হৈছে। ২৫ বছৰ আগৰ এটা গধূলিৰ সময় আছিল। কেঁচা আলি কেঁকুৰি এটাত ঘৰৰ নঙলামুখত এজনে নিজৰেই ঘৰৰ পদূলি বিচাৰি আছিল। কেইজোপামান কাকিনী তামোল, নমিত নমস্কাৰৰ ভংগীৰে দাঁতিতে থকা আগলি বাহে ঘৰটোৰ পৰিৱেশ সুন্দৰ কৰি তুলিছিল। তাতে আকৌ পূৰ্ণিমাৰ জোনেও গধূলিটো ফটফটীয়া কৰি তুলিছিল। সেই গধূলি সময়ত কবিয়ে লগ পাইছিল, সেই সুন্দৰ ঘৰটোৰ বাসিন্দা জনক। সেই ঘৰটোৰ বাসিন্দা মানুহজন গধূলি চকুৰে ভালকৈ মনিব নোৱাৰা ৰোগত আক্ৰান্ত আছিল। কবিয়ে মানুহজনৰ হাতত ধৰি ঘৰটোলৈ আগবঢ়াই দিছিল। কুকুৰীকণা মানুহজন সুখী হৈছিল। মানুহজনে যদিও বা গধূলি দেখাত কষ্ট পাইছিল তেওঁ কিন্তু মনেৰে সুখী আছিল। সেইবাবে কবিয়ে শান্তিৰে বিৰাজ কৰাৰ কথা কবলৈ পাহৰা নাছিল।

সময়বোৰ পাৰ হৈ গল। সেউজীয়া প্ৰকৃতিৰ প্ৰতিনিধি কাকিনী তামোল, আগলি বাঁহৰ চিন চাব নাইকিয়া হৈ গল। শান্তিৰ পঁজাঘৰৰ ঠাইত হল সাতমহলীয়া অট্টালিকা। ওচৰে পাঁজৰেও আছে আন কেইটামান বৃহৎ অট্টালিকা। ২৫ বছৰ আগেয়ে সেই পথটোৰ আশে-পাশে গধূলি এজনো মানুহ নথকা ঠাইত এতিয়া সন্ধ্যা সময়ত বহুতো মানুহ ঘূৰি ফুৰি আছিল। ইমান বছৰ পাৰ হোৱাৰ পিছতো কবিয়ে সেই একেজন মানুহৰ মুখামুখি হল। সেই বৃদ্ধ মানুহজনৰ চকুত এতিয়া চশমা, গধূলি নেদেখা সমস্যাটো এতিয়া দূৰ হৈছিল তেওঁৰ। মানুহজনে কিন্তু চশমা পিন্ধাৰ পিছতো কবিক চিনিব পৰা নাছিলে। মানুহজনে ভাবিছিল কবিয়ে তেওঁৰ তাত ভাৰাঘৰ বিচাৰি আহিছে।

কিন্তু মানুহজনে পজাঁঘৰত শান্তিত থকাৰ পিছতো কবিক সাতমহলীয়া ঘৰত ভাৰাতীয়া হৈ থাকিব মানা কৰিলে। মানুহজনে কবিক কলে যে জাক জমকীয়া অট্টালিকাত হেনো মনৰ শান্তি নাথাকে। মানুহজনে কবিক কলে যে পাৰ্থিৱ মুখ সম্পদে মানুহক যান্ত্ৰিক কৰি তুলিছে। কোনো মানুহ মৰিলে দাহ কৰিবলৈও তেওঁলোকৰ সময় নাথাকে। বৃদ্ধ মানুহজনৰ ক্ৰোধ নিজৰ মাজতে সামৰি কবি অশান্ত মনেৰে উভতি আহিল।

৪) “বৰ শান্তিত আছো
এই পঁজাটিত। “ – কোনে, কিয় এইদৰে কৈছিল? কথাষাৰৰ অন্তৰ্নিহিত ভাব মোকলাই লিখা।

উত্তৰ:- কথাশাৰী কেঁচা আলি কেঁকুৰি এটাত পঁচিশ বছৰৰ আগৰ সন্ধিয়া লগ পোৱা কুকুৰীকণা মানুহজনে কবিক কৈছে।

কুকুৰীকণা মানুহজনে তেওঁ বাস কৰা পঁজাঘৰটোৰ চাৰিওফালে বিৰাজ কৰা প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ কোলাহলহীন কিন্তু আন্তৰিকতা ব্যৱস্থা থকা, আত্মসন্তুষ্টি লাভ কৰাৰ বাবে পঁজাঘৰটোত শান্তিত থকা বুলি কৈছে। কাৰণ সেই পঁজাঘৰটোত তেওঁ মানুহৰ সহজ- সৰল, আন্তৰিকতাৰ অনূভৱ কৰে। সেই পঁজাঘৰটোত কোনো কৃত্ৰিমতা নাই। মানুহে মানুহৰ মৰম- চেনেহ বুজি পাই। মানুহবোৰৰ মনবোৰ উদাৰ, সেউজীয়া প্ৰকৃতিৰ কোমল সেউজ বুলি কৈছে।

৫) `হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত?’ – কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা।
উত্তৰ:- উক্ত কথাষাৰি কবিক কৈছে এগৰাকী বৃদ্ধ, নু্্যব্জ্য দেহৰ অধিকাৰী লোকে।
এদিনাখন কবিয়ে সন্ধিয়া সময়ত নগৰৰ এটা বাটেৰে গৈ আছিল। যি বাটেৰে কবিয়ে গৈ আছিল সেই বাট ২৫ বছৰ আগেয়ে এটা কেঁচা আলি আছিল। যত আছিল কেৱল এটা পঁজা আৰু সেই পঁজাটোৰ সন্মুখতে কবিয়ে লগ পাইছিল এগৰাকী বৃদ্ধ লোকক। সেই বৃদ্ধ লোকজন সহজ- সৰল আন্তৰিকতাৰে কবিক কৈছিল সেই পঁজাটোত তেওঁ শান্তিৰে থকা কথা। কবিয়ে সেই একে ঠাইতে ২৫ বছৰৰ পিছত দেখিলে তাত এটা সাতমহলীয়া অট্টালিকা আৰু সেই অট্টালিকাটোৰ সন্মুখত ৰৈ থকা এগৰাকী বৃদ্ধ লোকক। কবিয়ে পদূলিত ৰৈ থকা দেখি সন্দেহৰ দৃষ্টিৰে চাই বৃদ্ধগৰাকীয়ে কবিক ৰৈ থকাৰ উদ্দেশ্য সুধিছিল আৰু তেতিয়া বৃদ্ধগৰাকীয়ে কবিক প্ৰশ্নোদ্ধৃত বাক্যষাৰি কৈছিল।

৬) `দৃশ্যান্তৰ’ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা।
উত্তৰ:- “দৃশ্যান্তৰ” নামটোতেই লুকাই আছে আমাৰ সমাজ জীৱনৰ পৰিৱৰ্তিত সত্য। দুটা ভিন্ন অভিজ্ঞতাৰ মাজেৰে কবিয়ে কবিতাটোত ভাব আৰু ভাষাৰ অনুপম সামঞ্জস্য ৰাখিবলৈ সমৰ্থ হৈছে। কবিতাটোত কবিৰ মতে এটা সময়ত গাঁৱৰ মানুহবোৰে এটা মুকলিমুৰীয়া পৰিৱেশত বাস কৰিছিল। প্ৰকৃতিৰ সেউজীয়া পৰিৱেশবোৰে মানুহক পঁজা ঘৰত থাকিও উশাহ লবৰ বাবে সতেজ অক্সিজেন যোগান ধৰিছিল। পঁজা ঘৰত থাকিও মানুহে মৰম- চেনেহ আদিৰ মাজেৰে শান্তিত সময় কটাইছিল।

সময় বাগৰাৰ লগে লগে গ্ৰাম্য জীৱন যেন নগৰীয়া জীৱনলৈ পৰিৱৰ্তন হৈ পৰিল। ২৫ বছৰ আগেয়ে মানুহে পঁজাঘৰত বাস কৰিছিল। কিন্তু কবিৰ মতে ২৫ বছৰ পিছত পঁজাঘৰৰ ঠাইত সাতমহলীয়া অট্টালিকা হল। সন্ধ্যা সময়ত আগতে মানুহৰ ভিৰ নাছিল। এতিয়া সন্ধা সময়ত বাটে পথে মানুহৰ ভীৰ। কিন্তু ২৫ বছৰ পিছত তাত সাতমহলীয়া অট্টালিকা হলেও খালী হৈ আছিল মানুহৰ মনবোৰ আৰু অনুভব কৰিছিল আত্মীয়তাৰ। অট্টালিকাৰ ভিতৰতো যেন অকনমান মৰমৰ মাত পাবলৈ নোহোৱা হৈছিল। মানুহে মানুহক সন্দেহৰ চকুৰে চাইছিল। গ্ৰাম্য সৰলতাৰ ঠাই নোহোৱা কৰি পেলাইছিল নগৰীয়া যান্ত্ৰিকতাই।

৭) `দৃশ্যান্তৰ’ কবিতাটোৰ কবি গৰাকীৰ এটা চমু পৰিচয় দিয়া।
উত্তৰ:- হৰেকৃষ্ণ ডেকাৰ ১৯৪৩ চনত তিনিচুকীয়াত জন্ম হয়। তেওঁৰ পিতৃৰ নাম নৰেন্দ্ৰ নাথ ডেকা আৰু মাতৃৰ নাম কামিনী ডেকা। তেখেতে তিনিচুকীয়াত শিক্ষা জীৱন আৰম্ভ কৰি তাৰ পৰাই ১৯৫৯ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীৰ কটন কলেজত পঢ়িবলৈ লয় । ১৯৬৩ চনত কটন কলজৰ পৰা স্নাতক আৰু ১৯৬৫ চনত ইংৰাজী বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেখেতে গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱনৰ পাতনি মেলে যদিও ১৯৬৮ চনত ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰি ২০০৩ চনত আৰক্ষী সঞ্চালক হিচাপে অবসৰ গ্ৰহন কৰে।

তেখেতে `The Sentinel’ আৰু `গৰিয়সী’ আলোচনীৰ সম্পাদনাৰ দায়িত্বও গ্ৰহণ কৰিছিল। তেখেতৰ ৰচিত একমাত্ৰ উপন্যাসখনৰ নাম হল `আগন্তুক’।তেখেতে `ৰাতিৰ শোভাযাত্ৰা’, `আন এজন’, `Sea Scare’ আদি কবিতা পুথি ; `গল্প আৰু কল্প’, `মধুসূদনৰ দলং’, `মৃত্যু দণ্ড’ আদি গল্প পুথিৰ ৰচনা কৰাৰ উপৰি কেইবাখনো পুথি অসমীয়া ভাষালৈ অনুবাদ কৰিছে। তেখেতে ১৯৮৭ চনত `সাহিত্য অকাডেমী বঁটা’, ১৯৯৬ চনত `কথা- বঁটা’ আৰু ২০১০ চনত `আসাম ভেলী লিটাৰীৰ (অসম উপত্যকা সাহিত্য বঁটা)’ বঁটা লাভ কৰে।

৮) বাখ্যা কৰা

ক) মৰিলে দাহ কৰিবলৈও
এজন মানুহ নাই।

উত্তৰ:- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত `দৃশ্যান্তৰ’ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

কবিতাফাঁকিৰ দ্বাৰা কবিয়ে আধুনিকতাৰ ধামখুমীয়াত উটি- ভাঁহি আন্তৰিকতাহীন, স্বাৰ্থপৰ হৈ পৰা মানুহবোৰৰ স্বৰূপ প্ৰকাশ কৰিছে।

বৰ্তমান সময়ত মানুহবোৰ আভিজাত্য হৈ উঠিছে ।মানুহবোৰ যিমানেই শিক্ষিত হৈ উঠিছে মনবোৰ স্বাৰ্থপৰ হৈ পৰিছে। মানুহবোৰ নিজক লৈ ব্যস্ত হৈ পৰিছে। মানুহবোৰৰ এনে ব্যস্ততাৰ বাবে নিজৰ মানুহৰ ভিতৰতে খবৰ লব সময় যেন নাইকিয়া হৈ পৰিছে। মানুহ বোৰ শিক্ষা- দীক্ষা, ব্যস্ততা, আভিজাত্য আদিক লৈ প্ৰতিযোগিতাত নামি নিজৰ মানৱীয় গুণ, আন্তৰিকতা, সবলতা আদি সকলোবোৰ হেৰুৱাই পেলাইছে। মানুহবোৰ নিজক লৈ ব্যস্ত হৈ পৰিছে যে বিপদে- আপদেও কোনো কাৰো সহায় কৰিবলৈও ওলাই নাহে। আনকি মানুহবোৰৰ ইমানে অনুভূতিহীন হৈ পৰিছে যে কোনোবা মৰিলেও দাহ কৰিবলৈও কাৰো ওলাই আহিবলৈ সময় নহয়। কবিয়ে মানুহৰ নিদাৰুণ স্থিতিৰ কথা কব বিচাৰিছে কবিতাফাঁকিৰ দ্বাৰা।

খ) যখৰ পোৱালিহঁতে কাক কোনে চায়।
উত্তৰ:- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত `দৃশ্যান্তৰ’ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে অট্টালিকাত বাস কৰা মানুহৰ মানসিকতাৰ কথা কৈছে।

সময় ৰথৰ চকাৰ দৰে আগবাঢ়ি গৈছে। ২৫ বছৰ আগতে এজন মানুহে গাঁৱৰ এটা পঁজাত বাস কৰিছিল। মানুহ জনে গধূলি কমকৈ দেখিলেও আত্মীয়তাবোধ আৰু মৰমৰ মাজেৰে সুন্দৰ, শান্তিৰ মাজেৰে সেই সৰু পঁজাঘৰটোত বাস কৰিছিল। কিন্তু এতিয়া কবিয়ে ২৫ বছৰ পিছত যেতিয়া সেই ঠাইলৈ গল তাত তেওঁ দেখিলে সাতমহলীয়া অট্টালিকা। গাওঁৰ সেই পৰিৱেশ নাই। গাঁওখন এতিয়া নগৰ হৈ পৰইছিল। মানুহবোৰ বাঢ়িছে কিন্তু মানুহবোৰৰ মাজত আত্মীয়তা নাইকিয়া হৈ গৈছে।

সেই সাতমহলীয়া অট্টালিকাত থকা মানুহবোৰে ইজনে আনজনক সন্দেহৰ চকুৰে চাই। যিদৰে কৃপন মানুহৰ ধন কোনো কামত নাহে, নগৰীয়া মানুহৰ কৃত্ৰিম আদৰৰো কোনো মূল্য নাই। সাতমহলীয়া অট্টালিকাত বাস কৰা লোকসকলে ধন- সোণ উপাৰ্জ্জন কৰি যখৰ দৰে ৰাখি থৈছিল। তেওঁলোকে কাৰোবাৰ বিপদ হলে সহায় কৰা দূৰৰ কথা আনকি মানুহ এজন মৰিলেও দাহ কৰিবলৈ আগবাঢ়ি অহা নাছিল। কবিতাফাঁকিৰ জৰিয়তে কবিয়ে নিসংগতা জীৱনৰ কথা কৈছে।

গ) `এই কংক্ৰীটৰ হাবিখনত তেওঁক
বিচাৰি নাপালো আৰু।’

উত্তৰ:- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত `দৃশ্যান্তৰ’ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

উক্ত কবিতাফাঁকিৰ দ্বাৰা কবিয়ে কব বিচাৰিছে যে সেউজীয়া গছ গছনিৰে ভৰা ঠাইবোৰ ধ্বংস কৰি মানুহে তাত ঘৰ- দুৱাৰ সাজিছে। মানুহে কিদৰে সেউজীয়া অৰণ্যবোৰ কংক্ৰীটৰ ভাৱে হাবিলৈ কৰিবলৈ ধৰিছে তাকে কব বিচাৰিছে।

সময়বোৰ যিদৰে সলনি হয়, সেই সময়ৰ লগে লগে প্ৰাকৃতিক পৰিৱেশ, সামাজিক পৰিৱেশ আদিও সলনি হয়। এটা সময়ত সেউজীয়া পৰিৱেশত থাকি ভাল পোৱা মানুহবোৰে সময়ৰ লগে লগে শিল- বালি ইটা আদিৰে গঢ়ি তোলে। সেই চহৰ বুলি কংক্ৰীটেৰে গঢ়ি উঠা একেদৰে মানুহৰ মনবোৰে কংক্ৰীটেৰে গঢ়ি উঠে। মানুহৰ মনবোৰ সহজ- সৰল, কোমল ৰূপৰ সলনি শিলৰ দৰে কঠিন আৰু কঠোৰ হৈ পৰিল। ভালদৰে এটা মূহুৰ্তৰ বাবেও সময় উলিয়াই মানুহৰ মনৰ বতৰা লবৰ বাবে কোনো কাৰো সময় নোহোৱা হৈ পৰিল।

যিদৰে অৰণ্য জীৱ- জন্তু লুকালে বিচাৰি পোৱা সহজ নহয় একেদৰে মানুহৰ মনবোৰো যদি কংক্ৰীটৰ দৰে কঠিন হৈ পৰে তাক আৰু পুনৰ বিচাৰি পোৱা নাযায়। সেইবাবে হয়তো কবিয়ে ভাৰাঘৰ বিচাৰি অহা বুলি সোধা মানুহজনক এটা সময়ৰ পিছত পুনৰ বিচাৰি নাপালে। মানুহৰ মনত মানবীয়তা, আন্তৰিকতা, সৌহাদ্যতা আদি নাথাকে তেন্তে মানুহ কেতিয়াও সুখত থাকিব নোৱাৰে। সেয়েহে কবিয়ে কৈছে কংক্ৰীটৰ অট্টালিকাৰ মাজত যেন মানুহবোৰৰ মানবীয়তা হেৰাই পশু সদৃশ হৈ উঠিছে বুলি।

ভাষা- বিষয়ক প্ৰশ্ন উত্তৰ

১) বিপৰীত শব্দ লিখা – কেঁচা, গধূলি, পোহৰ, শান্তি, ৰূপ ।
উত্তৰ:-

শব্দবিপৰীত শব্দ
পোহৰআন্ধাৰ
কেঁচাপকা
গধূলিপুৱা
ৰূপঅৰূপ

২) এটাকৈ সমাৰ্থক শব্দ লিখা : জোন, ঘৰ, চৰা, দাহ, উভতি।
উত্তৰ:-

শব্দসমাৰ্থক শব্দ
জোনচন্দ্ৰ
ঘৰআবাস
চৰা অধিক
দাহ পোৰা
উভতিউলটি

৩) নঞাৰ্থক শব্দ গঠন কৰা : শান্তি, চিনাকি, সহায়।
উত্তৰ:-

  • শান্তি – অ+ শান্তি = অশান্তি
  • চিনাকি – অ + চিনাকি = অচিনাকি
  • সহায় – অ + সহায় = অসহায়।

৪। `নমস্কাৰ’ শব্দটো সন্ধি ভাঙিলে এনে হব – নমঃ + কাৰ। – এনেদৰে আন চাৰিটা শব্দ লিখি সন্ধি ভাঙা।
উত্তৰ:-

  • পুৰঃ + কাৰ = পুৰস্কাৰ
  • পৰিঃ + কাৰ = পৰিস্কাৰ
  • নিঃ + কাৰ = নিৰাকাৰ
  • বহিঃ + কাৰ = বহিস্কাৰ।

অতিৰিক্ত প্ৰশ্নোত্তৰ

ক) হৰেকৃষ্ণ ডেকাই কিমান চনত জন্ম গ্ৰহণ কৰিছিল?
উত্তৰ:- হৰেকৃষ্ণ ডেকাই ১৯৪৩ চনত জন্মগ্ৰহণ কৰিছিল।

খ) হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি?
উত্তৰ:- হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম হল – `আগন্তুক’।

গ) হৰেকৃষ্ণ ডেকা কোনখন কাকতৰ সম্পাদক আছিল?
উত্তৰ:- হৰেকৃষ্ণ ডেকা `The Sentinel’ নামৰ কাকতৰ সম্পাদক আছিল।

ঘ) হৰেকৃষ্ণ ডেকাই কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে?
উত্তৰ:- হৰেকৃষ্ণ ডেকাই ১৯৮৭ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

ঙ) হৰেকৃষ্ণ ডেকাই কিমান চনত `অসম উপত্যকা সাহিত্য বঁটা’ লাভ কৰিছিল?
উত্তৰ:- হৰেকৃষ্ণ ডেকাই ২০১০ চনত `অসম উপত্যকা সাহিত্য বঁটা’ লাভ কৰিছিল।

চ) কবিয়ে ২৫ বছৰ পিছত লগ পোৱা মানুহজনৰ দেহৰ অৱস্থা কেনে আছিল?
উত্তৰ:- কবিয়ে ২৫ বছৰ পিছত লগ পোৱা মানুহজনৰ দেহৰ অৱস্থা বৃদ্ধ আৰু নু্্যব্জ্য আছিল।

ছ) কবিতাটোৰ সাতমহলীয়া ঘৰটোৰ ওচৰে পাঁজৰে কি আছিল?
উত্তৰ:- কবিতাটোৰ সাতমহলীয়া ঘৰটোৰ ওচৰে- পাঁজৰে কেইবাটাও অট্টালিকা আছিল।

জ) মানুহজনে কবিক কি বিচাৰি অহাৰ কথা সুধিছিল?
উত্তৰ:- মানুহজনে কবিক ভাৰাঘৰ বিচাৰি অহাৰ কথা সুধিছিল।

শেষ বাক্য

হয়, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা পঢ়ুৱৈ বন্ধু বান্ধবী সকল, এতিয়ালৈকে আমি Class 10 Assamese Chapter 5 Question Answer অৰ্থাৎ “দৃশ্যান্তৰ Class 10 Assamese” নামৰ পাঠৰ সম্পূৰ্ণ মূলভাব, কবিৰ পৰিচয়, প্ৰশ্ন মালাৰ উত্তৰ লগতে অতিৰিক্ত কিছু প্ৰশ্ন উত্তৰ যি Exam ৰ বাবে প্ৰয়োজনীয়। আশা কৰোঁ আপোনালোকে আলোচনা কৰা প্ৰশ্ন উত্তৰ সমূহ বুজিব পৰিছে।

অনুগ্ৰহ কৰি আপোনালোকে আমৰ আলোচ্য বিষয়সমূহ বন্ধু বান্ধবী তথা পঢ়ুৱৈ সমাজত share কৰিব।

Leave a Comment