Class 12 Assamese Chapter 9 Question Answer | বৰগীত প্ৰশ্ন উত্তৰ

আপুনি যদি অসমীয়া মাধ্যমত দ্বাদশ শ্ৰেণীত পঢ়ি আছে আৰু আপুনি আজি ইয়াত Class 12 Assamese Chapter 9 Question Answer বিচাৰি আহিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই, আমি আপোনালোকৰ বাবে Class 12 Assamese Chapter 9 Question Answer অৰ্থাৎ “বৰগীত প্ৰশ্ন উত্তৰ” লৈ আহিছোঁ যত পাঠ্যপুথিৰ প্ৰশ্ন উত্তৰ দিয়াৰ লগতে আমি Previous Question Paper সম্পূৰ্ণ সমাধান দিবলৈ প্ৰয়াস কৰিছো।

Watch FREE Video Classes

আপুনি যদি আগন্তুক HS Final Exam 2024-25 ত অসমীয়া বিষয়ত ১০০% নম্বৰ লাভ কৰিব বিচাৰে তেন্তে এই লিখনিয়ে আপোনাক বহুত সহায় কৰিব।

Class 12 Assamese Chapter 9 Question Answer 2024-25

আজি Class 12 Assamese Chapter 9 Question Answer ৰ লগতে HS Final Exam 2017 ৰ পৰা HS Final Exam 2020 লৈকে Class 12 Assamese Chapter 9 Question Answer যিমান সুধিছে তাক আমি ইয়াত সন্নিবিষ্ট কৰিছো। এই লিখনি আপুনি পঢ়িলে নিশ্চিতভাৱে আগন্তুক HS Fianl Exam 2024-25 ৰ বাবে আপুনি উপকৃত হব।

আৰ্হি প্ৰশ্ন উত্তৰ

ক) অতি চমু প্রশ্ন (প্ৰতিটো প্রশ্নৰ মূল্যাংক -১)

১.vমাধৱ দেৱৰ জন্ম কত হৈছিল ?
উত্তৰঃ উত্তৰ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰী নামৰ ঠাইত ।

২. শংকৰদেৱ আৰু মাধৱদেৱৰ প্রথম সাক্ষাতক কি বুলি অভিহিত কৰা হয় ?
উত্তৰঃ মণিকাঞ্চন সংযােগ বুলি অভিহিত কৰা হয় ।

৩. কোনখন গ্রন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ বুলি কোৱা হয় ?
উত্তৰঃ মাধৱদেৱ বিৰচিত নামঘোষা ’ গ্রন্থক ।

৪. মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল ?
উত্তৰঃ ১৫৭ টা ।

৫. “ উঠৰে উঠ বাপু গােপালহে ” বৰগীতটো কি ৰাগত বন্ধা ?
উত্তৰঃ ‘কৌ’ৰাগত বন্ধা ।

খ) চমু প্রশ্নৰ উত্তৰ (মূলাংক -২/৩ )

১. বৰগীত কাক বােলে ? বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভগাব পাৰি ? ভাগসমূহ উল্লেখ কৰা ।
উত্তৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাবসম্পন্ন আৰু ৰাগ ৰাগিণীযুক্ত গীতসমূহক বৰগীত বুলি কোৱা হৈছে । বৰগীতৰ বিষয়বস্তু ছয়টা ভাগত ভগাব পাৰি । ভাগসমূহ হ’ল লীলা , বিহ , বিৰক্তি , পৰমাৰ্থ , চোৰ , চাতুৰি ।

২. ড ° বাণীকান্ত কাকতিয়ে বৰগীতক কিয় Noble Numbers বুলি কৈছে ?
উত্তৰঃ বৰগীতৰ ৰাগ , তাল , সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাবৰ প্রবাহ লক্ষ্য কৰি ড ° বাণীকান্ত কাকতিয়ে বৰগীতক Noble Numbers- বুলি কৈছে ।

৩. মাধৱদেৱৰ বৰগীতৰ বৈশিষ্ট্য কি ?
উত্তৰঃ মাধৱদেৱৰ বৰগীতৰ প্রধান বৈশিষ্ট্য হ’ল বাৎসল্য ভাব প্রকাশ । তেওঁ সমগ্র বৰগীতত শিশু শ্রীকৃষ্ণই প্রাধান্য লাভ কৰিছে । সেই কাৰণেই ড ° বাণীকান্ত কাকতিয়ে “ বাসল্য । প্রেম মাধৱদেৱৰ ভক্ত জীৱনৰ সর্বহ বুলি কৈছে । ভাষাৰ ফালৰ পৰাও মাধৱদেৱৰ বৰগীতৰ ভীষা জনজীৱনৰ ভাষাৰ বেছি ওচৰ চপা । মাধৱদেৱৰ বৰগীতত ভগৱান শ্রীকৃষ্ণৰ শিশুকালৰ শানান ক্রিয়া – কলাপৰ মনােমুগ্ধ বর্ণনাই বৰগীতসমূহক এক বিশেষত্ব প্রদান কৰিছে ।

৪. “ সব পুৰুষৰ শিৰৰ ভূষণ ” বুলি কোনে , কাক , কিয় কৈছে ?
উত্তৰঃ “ সৰ্বপুৰুষৰ শিৰৰ ভূষণ ” বুলি পৰমভক্ত মাধৱদেৱে শিশু কৃষ্ণক কৈছে । ভগৱান কৃষ্ণই মানৱৰূপে দৈৱকীৰ গৰ্ভত জন্ম লৈ যশােদাৰ ঘৰত লালিত – পালিত হৈ নানান ক্রিয়া লিপেৰে তেওঁ মহিমা প্রকাশ কৰিছে । তেৱেঁই ঈশ্বৰ , ভগৱান , সকলােৰে আদি – অন্তক শ্রেষ্ঠ পুৰুষ । সেই কাৰণেই শিশু কৃষ্ণ হলেও সকলাে পুৰুষৰে অর্থাৎ সকলাে লােকৰে শিৰৰ অলংকাৰ স্বৰূপ।

৫. ‘সিদ্ধ মুনিগণে চিন্তিয়া নপাৱে
সো হৰি যশোৱা কোলে – সিদ্ধ মণিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্রৰূপে পালে বুজাই লিখা ।
উত্তৰঃ সিদ্ধ মুণি, ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগবান কৃষ্ণক বিচাৰি নাপায়, প্রেম ভক্তিৰ বলত যশোদাই সেইজনকে পুত্রৰূপে লাভ কৰিছে । মাধৱদেৱে ইয়াৰ কাৰণ হিচাপে ভক্তিৰ প্রভাৱ বুলি উল্লেখ কৰিছে ।

৬. মাধৱদেৱৰ বৰগীতক ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত কৰিব পাৰি ?
উত্তৰঃ মহাৰাষ্ট্রৰ তুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি সুৰদাসৰ লগত তুলনা কৰিব পাৰি।

গ) দীঘলীয়া প্ৰশ্নৰ উত্তৰ (মূল্যাংক ৪/৫

১. মাধৱদেৱৰ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোৰ মূল কথাখিনি আলোচনা কৰা।
উত্তৰঃ মাধৱদেৱৰ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটি শ্রী কৃষ্ণক মাতৃ যশোদাই কেনেদৰে টোপনিৰ পৰা জগাইছে সেই কথা সৰল আৰু সুন্দৰ ৰূপত পৰিস্ফূট হৈছে ।

যশোদাই শিশু কৃষ্ণক বাপু, কমল-নয়ন, প্রাণধন আদিৰে সম্বোধন কৰি টোপনিৰ পৰা জগাইছে । সকলো পুৰুষৰ শিৰৰ ভূষণ হ’ল কৃষ্ণ । যশোদাই ‘মোৰ পুত্র’ বুলি কৃষ্ণক বুকুত বান্ধি লৈছে, কোলাত লৈ বাৰে বাৰে চুমা খাইছে আৰু আনন্দত নিমৰ্জিত হৈছে ।

মাধৱদেৱৰ এইদৰে মাতৃ-পুত্রৰ মধুৰ সম্পর্কৰ বৰ্ণনা কৰি কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথা বৰ্ণনা কৰিছে । সিদ্ধ মুনি আরু ঋষিসকলে বহু ধ্যান আৰু বহু সাধনা কৰিও যিজনা ভগৱানক বিচাৰি নাপায়, সেইজন ভগবানক ভক্তিৰ বলত যশোদাই পুত্রৰূপে লাভ কৰি স্নেহ কৰিব পাৰিছে । ইয়াৰ জৰিয়তে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগবান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে ।

২. বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্রকাশিত হৈছে বুজাই লিখা ।
উত্তৰঃ বৰগীতটিৰ মাজেৰে মাতৃ যশোদাৰ মাতৃস্নেহ সুন্দৰ ৰূপত ফুটি উঠিছে । পুৱা শুই উঠি মাতৃ যশোদাই পুত্র শিশু কৃষ্ণক টোপনিৰ পৰা জগাইছে । যশোদাই কৃষ্ণক মৰমতে বাপু, কমল-নয়ন, প্রাণধন, গোবিন্দ আদি নামেৰে সম্বোধন কৰিছে । সকলো পুৰুষৰ শিৰৰ ভূষণ কৃষ্ণক বুকুত বান্ধি লৈছে আৰু কোলাত তুলি লৈ ঘনে ঘনে চুমা খাইছে । সিদ্ধ মুনি, ঋষিমুনি সকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, সেইজন পৰম পুৰুষক পুত্রৰূপে পাই যশোদাই হিয়া উজাৰি মৰম কৰিছে ।

এনেদৰে মাতৃ যশোদাই ত্রিজগতৰ পতি শ্রী কৃষ্ণক মাতৃস্নেহেৰে আকোৱালী লৈছে ।

৩. বৰগীতটোৰ মাজেৰে শ্রী কৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা ।
উত্তৰঃ মাধৱদেৱৰ দ্বাৰা বিৰচিত বৰগীতটিৰ মাধ্যমেৰে শ্রী কৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপটো সুন্দৰভাৱে বিশ্লেষণ কৰিবলৈ সক্ষম হৈছে । শ্রী কৃষ্ণৰ সান্নিধ্য লাভ কৰিবলৈ সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান, বহু সাধনা কৰিছে । তাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, সেইজনক পৰম ভক্তিৰ বলত যশোদাই পুত্ররূপে লাভ কৰি কোলাত লৈ মৰম কৰিছে । ইয়াৰ জৰিয়তে ভক্তিৰ শ্রেষ্ঠৰ প্রতিপন্ন কৰি ভগবান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে ।

ইয়াৰ জৰিয়তে, ভক্তিৰ শ্রেষ্ঠৰ প্রতিপন্ন কৰি ভগবান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে । এইদরে ইফালে পুত্রৰূপী মানৱীয় ৰূপ আৰু সিদ্ধ মুনি আৰু ঋষিসকলৰ উপমাৰ মাধ্যমেৰে ঐশ্বৰিক ৰূপ পৰিস্ফুট হৈছে ।

৪. বৰগীতটিৰ মাধ্যমেৰে ভক্তিৰ প্রকাশ কিদৰে ঘটিছে আলোচনা কৰা ।
উত্তৰঃ শ্রী শ্রী মাধৱদেৱৰ দ্বাৰা বিৰচিত ‘উঠৰে উঠ বাপু গোপাল হে’ নামৰ কবিতাটোৰ জৰিয়তে ভক্তিৰ প্রকাশ হৃদয়স্পৰ্শী ৰূপত ফুটি উঠিছে ।

বৰগীতটিৰ মাধ্যমেৰে ভক্তিৰ প্রকাশ বৰ্ণনা কৰিবলৈ যাওঁতে মাধৱদেৱে মাতৃ পুত্রৰ মধুৰ সম্পর্কৰ ৰূপ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্রকাশ কৰিছে । কাৰণ, যুগে যুগে সিদ্ধমুনি, ঋষিমুনি আদিসবে বহু ধ্যান আৰু বহু সাধনাৰ পাছতো ভগবান কৃষ্ণক বিচাৰি নাপায় । সেইজনাকে, পৰম ভক্তিৰ বলত যশোদাই পুত্রৰূপে লাভ কৰিছে । ইয়াৰ জৰিয়তে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগবান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী ৰূপত তুলি ধৰিছে ।

ঘ) প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা

ক) ‘ত্রিজগত পতি ভকতি মিলিল
মুৰুখ মাধৱে বোলে ।

উত্তৰঃ প্রশ্নোদ্ধৃত ব্যাখ্যা ফাকি শ্রী শ্রী মাধৱদেৱর দ্বাৰা বিৰচিত বৰগীত ‘উঠৰে উঠ বাপু গোপাল হে’- ৰ পৰা তুলি অনা হৈছে ।

বৰগীতটোৰ জৰিয়তে ‘ত্রিজগতৰ যি অধিকাৰী ভগবান, শ্রী কৃষ্ণৰ মাহাত্ম্য আৰু ঐশ্বৰিক মহিমাৰ লগতে মাধৱদেৱে নিজকে মূৰুখ বুলি প্রসংগ ক্রমে উল্লেখ কৰিছে ।

এই কবিতাফাকিৰ জৰিয়তে মাধৱদেৱে ইয়াকে বুজাব বিচাৰিছে যে সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো শ্রী কৃষ্ণক বিচাৰি নাপায় । আনহাতে, যশোদাই সেইজন শ্রীকৃষ্ণক পৰম ভক্তিৰ বলত পুত্রৰূপে লাভ কৰিছে আৰু কোলাত লৈ বুকুত বান্ধি মৰম কৰিবলৈ সৌভাগ্য হৈছে । মাধৱদেৱে উল্লেখ কৰিছে যে মহা মহা সিদ্ধ মুনি আৰু ঋষিবৃন্দই যাক ধ্যান-ধাৰণাৰ বলতো লাভ কৰিব পৰা নাই আৰু লীলা-মাহাত্ম্য বুজিব পৰা নাই । সেই সন্দৰ্ভত আৰু প্রসংগত মাধৱে নিজকে ‘মুৰুখ’ বুলি প্রতিপন্ন কৰি তেওঁ কৃষ্ণৰ মাহাত্ম্য প্রকাশ কৰাত নিজকে হ্রেয় প্রতিপন্ন কৰিছে । ।

ঙ) অতিৰিক্ত প্ৰশ্ন উত্তৰ

1) শংকৰদেৱ আৰু মাধৱদেৱৰ প্রথম সাক্ষাতক কি বুলি কোৱা হৈছে?
উঃ শংকৰদেৱ আৰু মাধৱদেৱৰ প্রথম সাক্ষাতক মণিকাঞ্চন সংযােগ বুলি কোৱা হৈছে।

2) শংকৰদেৱৰ বৰগীত সংখ্যা কিমান?
উঃ শংকৰদেৱে মুঠ বাৰকুৰি গীত ৰচনা কৰিছিল যদিও বর্তমান একুৰি চৈধ্যটা’ পােৱা গৈছে।

3) উঠৰে উঠ বাপু গােপাল হে বৰগীতটি কি ৰাগত বন্ধা।
উঃ উঠৰে উঠ বাপু গােপাল হে বৰগীতটি কৌ ৰাগত বন্ধা।

4) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিভম্ভ কি?
উঃ মাধৱদেৰ সাহিত্যিক জীৱনৰ কীর্তিম্ভ হল- নামঘােষা।

5) ব্যাখ্যা কৰা-
উঠৰে বাপু গােপাল হে নিশি পৰভাত ভৈল ।
কমল নয়ন , বুলি ঘনে ঘন , যশােৱা ডাকিতে লৈল ।
উত্তৰঃ উদ্ধৃত বৰগীতৰ পদফাকি মাধৱদেৱ বিৰচিত “ উঠৰে উঠ বাপু গােপালহে বৰগীতটিৰ অন্তৰ্গত ।

মহাপুৰুষ মাধৱদেৱৰ বৰগীত ‘ উঠৰে উঠ বাপু গােপালহে’ৰ জৰিয়তে যশােদাৰ মাতৃ স্নেহ সুন্দৰভাৱে প্রকাশ পাইছে । শিশু সকল ৰাতিপুৱা দেৰীলৈকে শুই থাকিলে সাধাৰণতে চেনেহী মাতৃসকলে শিশুটিক জগালে সি ওৰা অর্থাৎ ওজৰ পাতিব পাৰে বুলি ভাবি অতি মৰমেৰে সােণটি , বাপু , মইনাটো ইত্যাদি নানান মৰমৰ সম্বােধনৰে টোপনিৰ পৰা জগাই , কোলাত লৈ আনে আৰু চকু – মুখ ধুৱাই কিবা খাবলৈ দিয়ে । এয়া সন্তান প্রতি মাতৃৰ আকুল স্নেহ । মাতৃৰ সেই অকৃত্রিম স্নেহ এই বৰগীতটিতাে প্রকাশ পাইছে । যশােদাই শুই থকা পুত্র কৃষ্ণক শুই উঠিবলৈ মৰমেৰে বাপু , কমলনয়ন , প্রাণধন আদি বুলি সম্বােধন কৰি জগাইছে ।

Download PDF Notes

তলত দিয়া লিংকৰ জৰিয়তে আপুনি Class 12 Assamese Chapter 9 Question Answer PDF ডাউনলোড কৰিব পাৰিব।

Class 12 Assamese Chapter 9 Question Answer PDF

Watch Video Class

পাঠটোৰ পৰা ২০১৭ বৰ্ষত অহা প্ৰশ্নসমূহ

1) শংকৰদেৱ আৰু মাধৱদেৱৰ প্রথম সাক্ষাতক কি বুলি কোৱা হৈছে?
উঃ শংকৰদেৱ আৰু মাধৱদেৱৰ প্রথম সাক্ষাতক মণিকাঞ্চন সংযােগ বুলি কোৱা হৈছে।

2) বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভগাব পাৰি? ভাগসমূহ উল্লেখ কৰা।
উঃ বৰগীতৰ বিষয়বস্তুক ছটা ভাগত ভগাব পাৰি। ভাগকেইটা হ’ল-

  • লীলা বিষয়ক।
  • বিৰহ বিষয়ক।
  • বিৰক্তি বিষয়ক।
  • পৰমাৰ্থ বিষয়ক।
  • চোৰ বিষয়ক।
  • চাতুৰি বিষয়ক।

3) মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি লিখা?
উঃ মাধৱদেৱৰ বৰগীতৰ প্রধান বৈশিষ্ট্যবােৰ হ’ল—

  • বাৎসল্য ভাব মাধৱদেৱৰ বৰগীতৰ প্রধান বৈশিষ্ট্য।
  • বৰগীতত শিশু কৃষ্ণই সাধাৰণ শিশু ৰূপত প্রাধান্য লাভ কৰে৷
  • ৰগীতত সংস্কৃত শব্দৰ ব্যৱহাৰ কম আৰু কামৰূপী শব্দৰ ব্যৱহাৰ বেছি।
  • বৰগীতত কৃষ্ণৰ শিশুকালৰ নানা চোৰ-চাতুৰী প্রাধান্য পায়।
  • শিশু কৃষ্ণক মাকে টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰাৰ ছবিখন সুন্দৰ আৰু সৰল ৰূপত পৰিস্ফুট।

পাঠটোৰ পৰা ২০১৮ বৰ্ষত অহা প্ৰশ্নসমূহ

1) শংকৰদেৱৰ বৰগীত সংখ্যা কিমান?
উঃ শংকৰদেৱে মুঠ বাৰকুৰি গীত ৰচনা কৰিছিল যদিও বর্তমান একুৰি চৈধ্যটা’ পােৱা গৈছে।

2) মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰে? মাধৱদেৱৰ ৰচিত দুখন নাটৰ নাম লিখা।
উঃ মাধৱদেৱে ১৫৭টা বৰগীত ৰচনা কৰে মাধৱদেৱৰ ৰচিত দুখন নাটকৰ নাম হ’ল— (১) অর্জুন ভঞ্জন (2) পিম্পৰা গুচোৱা ।

3) সিদ্ধ মুনিগণে চিন্তিয়া নাপাৱে
সাে হৰি যশােৱা কোলে।

—সিদ্ধ মুনিগণে নােপােৱা হৰিক যশােদাই কিহৰ বলত পুত্ৰৰূপে পালে বুজাই লিখা।
উঃ কৃষ্ণ হ’ল পৰম পুৰুষ ভগবান। পৰম ভগত্রানক পাবলৈ বৰ টান। সিদ্ধ ঋষি-মুনিয়ে হাজাৰ বছৰ তপস্যা কৰিও কৃষ্ণক লাভ কৰিব নােৱাৰে। কিন্তু যশােদাই একমাত্ৰ পৰম ভক্তিৰ বলত কৃষ্ণক পুত্ৰৰূপে লাভ কৰিছে। ভক্তিত ভগৱান সন্তুষ্ট হয় কিয়নাে ভগৱান সদায় ভক্তৰ অধীন

পাঠটোৰ পৰা ২০২০ বৰ্ষত অহা প্ৰশ্নসমূহ

1) মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড ভাঙনি কৰিছিল।
উঃ মাধৱদেৱে ৰামায়ণৰ আদিকাণ্ড ভাঙনি কৰিছিল।

2) মাধৱদেৱৰ বৰগীতক ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত তুলনা কৰিব পাৰি?
উঃ মাধৱদেৱৰ বৰগীতক মহাৰাষ্ট্ৰৰ কবি তুকাৰাম, উত্তৰ ভাৰতৰ কবি সুৰদাসৰ গীতৰ লগত তুলনা কৰিব পাৰি।

3) প্ৰসংগ সংগতি দশাই ব্যাখ্যা কৰা:
উঠবে উঠৰে বাপু গােপাল হে নিশি পৰভাত ভৈল।
কমল নয়ন, বুলি ঘনে ঘন, যশােৱা ডাকিতে লৈল।।
উঃ প্রশ্নোকৃত বৰগীতাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত থকা মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত “উঠ উঠ বাপু গােপাল হে” নামৰ বৰগীতটিৰ অন্তৰ্গত।

শ্রীকৃষ্ণক মাতৃ যশােদাই কেনেদৰে টোপনিৰ পৰা জগাইছে, তাকে সুন্দৰভাবে তুলি ধৰা প্ৰসংগতে উপৰােক্ত বৰগীতাকিৰ অৱতাৰণা কৰা হৈছে। বৰগীতটিৰ মাজেৰে যশােদাৰ মাতৃস্নেহ অতি সুন্দৰৰূপত পৰিস্ফুট হৈছে। মাতৃ যশােদাৰ মতে, শ্রীকৃষ্ণ হ’ল কমলনয়ন, প্রাণধন, বাপু, গােবিন্দ।

মাতৃ যশােদাই মৰমতে শ্রীকৃষ্ণক সকলাে পুৰুষৰ শিৰৰ ভূষণ বুলি কৈ সকলােৰে আৰাধ্য শ্রীকৃষ্ণক বুকুত বান্ধি, কোলাত লৈ বাৰে বাৰে চুমা খাইছে। অর্থাৎ, আমাৰ সমাজত সাধাৰণ শিশুক যিদৰে পিতৃ-মাতৃয়ে মৰম কৰে, ঠিক সেইদৰে চিৰ মাতৃৰূপে যশােদায়ে পুত্র শ্রীকৃষ্ণক আনন্দ- মনে মৰম কৰিছে। ফলত পুত্র শ্রীকৃষ্ণৰ প্ৰতি থকা যশােদাৰ মাতৃস্নেহ সুন্দৰৰূপত প্রকাশিত হৈছে। মাতৃ-পুত্ৰৰ মধুৰ সম্পৰ্কৰ একজীৱন্ত ছবি বৰগীতটিৰ মাজত দেখা যায়।


শেষ বাক্য

হয়, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিলোঁ Class 12 Assamese Chapter 9 Question Answer তথা দ্বাদশ শ্ৰেণীৰ অসমীয়া বিষয়ৰ “বৰগীত প্ৰশ্ন উত্তৰ” প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত কিছু প্ৰশ্ন উত্তৰ। ইয়াৰ ওপৰিও আপোনালোকৰ বাবে Class 12 Assamese Chapter 9 Question Answer PDF দিয়াৰও ব্যৱস্থা কৰিছো।

যদি আপোনাৰ এই Class 12 Assamese Chapter 9 Question Answer ৰ জৰিয়তে কিবা লাভ অনুভৱ কৰিছে হৈছে তেন্তে আপুনি Facebook বা Whatsapp ৰ জৰিয়তে আপোনাৰ বন্ধু বান্ধবীলৈ Share কৰিবলৈ নাপাহৰিব।

ইয়াৰ উপৰিও যদি আপোনাৰ কিবা জানিব লগা আছে তেন্তে Comment Section ত জনাব। আপোনাৰ যিকোনো প্ৰশ্ন উত্তৰ আমি সময়মতে দিবলৈ প্ৰয়াস কৰিম।

Leave a Comment