দ্বাদশ শ্ৰেণীৰ অসমীয়া বিষয়ৰ ১৫তম অধ্যায় নবকান্ত বৰুৱা দেৱে ৰচনা কৰা উভতি নহাৰ কবিতাৰ প্ৰশ্ন উত্তৰ তথা Class 12 Assamese Chapter 15 Question Answer আপুনি যদি বিচাৰি এই অসমীয়া শিক্ষামূলক নামৰ ৱেবছাইটলৈ আহিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই।
আমি আপোনাৰ সৈতে আজি আলোচনা কৰিব গৈ আছোঁ Class 12 Assamese Chapter 15 Question Answer তথা উভতি নহাৰ কবিতাৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ যিয়ে আপোনাক আগন্তুক HS Final Exam 2024-25 ত যথেষ্ট সহায় কৰিব।
আমি আগতে Class 12 Assamese Question Answer ৰ বাবে বেছি ভাগ অধ্যায়ৰে প্ৰশ্ন উত্তৰ আলোচনা কৰিছো। আপুনি যদি Class 12 Assamese Chapter 15 Question Answe ৰ বাহিৰে আন আন অধ্যায়সমূহৰ প্ৰশ্ন উত্তৰ বিচাৰে তেন্তে তলত দিয়া লিংকত ক্লিক কৰি পঢ়িব পাৰে –
- আপুনি আৰু পঢ়িব পাৰে —
ইয়াত কি কি আলোচনা কৰা হৈছে
Class 12 Assamese Chapter 15 Question Answer 2025
আন আন অধ্যায়সমূহতউল্লেখ কৰাৰ দৰে আজিও আমি আপোনালোকৰ বাবে Class 12 Assamese Chapter 15 Question Answer ত অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা লগতে আগন্তুক HS Final Exam 2024 ৰ বাবে কিছু অতিৰক্ত প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। তেন্তে আহক, কোনো সময় নষ্ট নকৰাকৈ আজি আমি আপোনালোকৰ সৈতে Class 12 Assamese Chapter 15 Question Answer আলোচনা কৰোঁ।
আৰ্হি প্ৰশ্ন উত্তৰ
অতি চমু প্ৰশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ১)
১. ‘উভতি নহাৰ কবিতা’ পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে ?
উত্তৰঃ‘উভতি নহাৰ কবিতা’ পাঠটি নৱকান্ত বৰুৱাৰ ‘দলঙত তামীঘৰা’ নামৰ কাব্য সংকলনৰ পৰা সংগ্ৰহ কৰা হৈছে ।
২. কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ?
উত্তৰঃ‘ককাদেউতাৰ হাড়’ পুথিখনৰ বা উপন্যাসখনৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ।
৩. ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ এটা পাৰ্থক্য লিখা ।
উত্তৰঃৰোমান্টিক কবিয়ে পুনৰ জন্মত বিশ্বাস কৰে, কিন্ত আধুনিক কবি সকল বাস্তৱবাদী, তেওঁলোকৰ মতে এবাৰ জন্ম লৈ পৃথিৱীৰ পৰা গুছি যোৱা পিছত এই পৃথিৱীলৈ পুনৰাই আহিব নোৱাৰে ।
৪. ‘উভতি নহাৰ কবিতা’ কোন শ্ৰেণীৰ কবিতা
উত্তৰঃ‘উভতি নহাৰ কবিতা’ আধুনিক যুগৰ এক বাস্তৱবাদী দাৰ্শনিক কবিতা।
৫. ‘তামীঘৰা’ শব্দটিৰ অৰ্থ লিখা ।
উত্তৰঃ‘তামীঘৰা’ শব্দটিৰ অৰ্থ হ’ল- তম্বু ।
চমু প্ৰশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্নৰ মুল্যংক ২/৩)
১. নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম লিখা ।
উত্তৰঃনৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথি হ’ল-
- হে অৰণ্য হে মহানগৰ ।
- এটি দুটি এঘাৰটি তৰা ।
- ৰাৱণ ।
২. নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা ।
উত্তৰঃনৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাস হ’ল-
- কপিলীপৰীয়া সাধু ।
- ককাদেউতাৰ হাড় ।
৩. নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা ।
উত্তৰঃ নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্ৰন্থ হ’ল-
- আখৰৰ জখলা ।আৰু
- শিয়ালী পালেগৈ ৰতনপুৰ ।
৪. কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি ? ‘জীয়াই থকাৰ ধেমালিটো’ কবিয়ে কেইবাৰ খেলিছে ?
উত্তৰঃকবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ হ’ল-যন্ত্ৰণা । জীয়াই থকাৰ ধেমালিটো কবিয়ে এবাৰেই খেলিছে ।
৫. কবিৰ মতে পৃথিৱীলৈ ‘নতুন মানুহ’ আহিলে কি পৰিৱৰ্তন হʼব ?
উত্তৰঃ কবিৰ মতে পৃথিৱীলৈ ‘নতুন মানুহ’ আহিলে নানান পৰিবৰ্তন হʼব । তেওঁলোকৰ কাম কাজত নতুন চিন্তাধাৰা, নতুন দিন আৰু নতুন ধ্যান-ধাৰণাৰ প্ৰকাশ ঘটিব । তেতিয়া, কবিৰ দৰে পুৰণা মানুহৰ কোনো চিন নাথাকিব ।
দীঘল প্ৰশ্নৰ উত্তৰ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ৩/৪)
১. কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে, বুজাই লিখা ।
উত্তৰঃমানুহ মৰণশীল । প্ৰত্যেকৰে এবাৰেই জন্ম হয় আৰু এবাৰেই মৃত্যু হয় । মৃত্যুৰ পিছত কোনোৱেই পুনৰ পৃথিৱীলৈ উভতি আহিব নোৱাৰে । কবিয়েও জীৱনৰ বকুলপাহ এবাৰে বুটলিছে অৰ্থাৎ এবাৰেই জনম লভিছে । পৃথিৱীক কবিয়ে প্ৰাণভৰি ভালপায় । তথাপি তেওঁৰ জীৱন চিৰস্থায়ী নহয় । কবিয়ে পৃথিৱীক ভালপোৱাৰ কথা নানা ভাবেৰে আৰু নানা ভাষাৰে প্ৰকাশ কৰিছে । তেওঁ জানে হাজাৰ ভালপোৱাই তেওঁক ওভোতাই আনিব নোৱাৰে । সেয়ে এবাৰ গুছি যোৱাৰ পিছত কবি পুনৰ উভতি নাহে, ই প্ৰকৃতিৰ চিৰন্তন ৰীতি যাক কবিয়ে মানিবই লাগিব ।
২.‘উভতি নহাৰ কবিতা’টিৰ মূলভাব লিখা ।
উত্তৰঃ আধুনিক অসমীয়া কবিতাৰ এগৰাকী শক্তিশালী কবি নৱকান্ত বৰুৱাদেৱৰ ‘উভতি নহাৰ কবিতা’ এটি দাৰ্শনিক ভাৱাপন্ন কবিতা । কবিতাটিৰ মাজেদি কবিয়ে মানুহৰ জন্ম মৃত্যুৰ চিৰন্তন সত্যৰ বিষয়ে প্ৰকাশ কৰিছে ।
প্ৰকৃতিৰ চিৰাচৰিত নিয়ম অনুসৰি কবিয়ে এই পৃথিৱীত এবাৰেই জন্ম গ্ৰহণ কৰিছে । এই পৃথিৱীৰ পৰা এবাৰ গুছি গʼলে পুনৰ উভতি নাহে আৰু আহিব নোৱাৰে । অকল কবিয়েই নহয়, কোনো লোকেই এই পৃথিৱীলৈ উভতি নাহে । কবিয়ে এই পৃথিৱীখনক প্ৰাণভৰি ভালপায় । এই কথা জীৱনত বহুবাৰ ক’লে আরু বহু ভাবেৰে বুজালে । কিন্ত সেয়ে হʼলেও পৃথিৱীখনলৈ পুনৰ তেওঁ উভতি নাহে ।
‘যন্ত্ৰণাকো আকোৱালী লৈ জীয়াই থকা’টো কবিয়ে এটা ধেমালী বুলি কৈছে । এই ধেমালী কবিয়ে এবাৰেই খেলিলে । মৃত্যুৰ পিছত খেল খেলিব কোনো উভতি নাহে । কবিৰ বিদায়ৰ লগে লগে পৃথিৱীলৈ নতুন ধ্যান–ধাৰণাৰ প্ৰকাশ ঘটিব আৰু তাত কবিৰ একো চিন নাথাকিব । নতুন প্ৰজন্মই হʼব পৃথিৱীৰ নতুন মানুহ আৰু সেই দিনবোৰো হʼব নতুন দিন ।
জীয়াই থকা কালত কবিয়ে বুটলা বকুলজুপিৰ ফুল, এতিয়া কবিয়ে নহয় অইন কোনোবাই বুটলিব । কবি উভতি নাহে আৰু আহিব নোৱাৰে । হেৰাই যোৱাৰ দুখত কবিয়ে যেন অকলেই হাহেঁ । তেওঁ পৃথিৱীখনক ভালপায় এই কথা শেষবাৰ স্বীকাৰ কৰিছে, তথাপি তেওঁ মৰমৰ পৃথিৱীখনলৈ উভতি আহিব নোৱাৰে ।
৩. কবিয়ে নতুন দিনত তেওঁৰ একো চিন নাথাকিব বুলি কিয় ভাৱিছে, বুজাই লিখা
উত্তৰঃ কবি নৱকান্ত বৰুৱাৰ ‘দলঙত তামীঘৰা’ৰ অন্তৰ্গত কবিতা পুথিৰ ‘উভতি নহাৰ কবিতা’ত যুগ পৰিৱৰ্তনৰ আভাস দেখা পোৱা যায় ।
কবিয়ে পৃথিৱীখনক প্ৰাণভৰি ভালপায়, কিন্ত যিমানে ভাল পালেও এই পৃথিৱীত তেওঁ চিৰদিন ৰৈ নাথাকে । এবাৰ গুছি যোৱাৰ পিছত কোনোৱেই এই পৃথিৱীলৈ পুনৰাই উভতি আহিব নোৱাৰে । কবিয়ে উপলব্ধি কৰিছে যে যিহেতু এই পৃথিৱীখনত কোনো মানুহেই বাৰে বাৰে উভতি নাহে, গতিকে ভৱিষ্যতে যিসকল এই পৃথিৱীলৈ আহিব তেওঁলোকে সম্পূৰ্ণ নতুন ভাৱেৰে, নতুন দিনত নিজ নিজ জীৱন গঢ় দিব । ইতিমধ্যে আতৰি যোৱা কবিৰ জীৱনৰ লগত নতুন প্ৰজন্মৰ কোনো চিনাকি আৰু সম্পৰ্ক নাথাকিব । কবিৰ চিন্তা-চৰ্চা, ধ্যান-ধাৰণা আদি সকলোবোৰ নতুন মানুহৰ ওচৰত তেনেই অপৰিচিত আৰু অপ্ৰাসংগিক হৈ পৰিব । অৰ্থাৎ পুৰণি যুগৰ কোনো চিন–মোকাম নতুন যুগত নাথাকিব ।
৪. উভতি নহাৰ কবিতাত পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উত্তৰঃসৃষ্টিৰ নীতি পালন কৰি কবিয়ে এই পৃথিৱীত জনম লৈছে । সেয়েহে পৃথিৱীখন কবিৰ অতিকে আপোন । তেওঁ বাস কৰা পৃথিৱীখনৰ প্ৰত্যেকটো বস্তুৱেই কবিৰ প্ৰিয় । জাবৰৰ মাজৰ পৰা এপাহ বকুল বুটলিবলৈ পাই কবি সন্তষ্ট । পৃথিৱীৰ সেউজীয়াই কবিৰ মন ভৰাই তোলে । যন্ত্ৰণাই হৃদয় দগ্ধ কৰিলেও পৃথিৱীৰ মাটি-পানী-সেৱন কৰি কবিয়ে হাঁহি হাঁহি পাহৰি যায় । পৃথিৱীৰ রূপ-ৰস-গন্ধ-স্পৰ্শৰ আবেশত কবিয়ে জীৱনক আকোৱালী লয় । পৃথিৱীখনক তেওঁ প্ৰাণভৰি ভাল পায় । কবিতাটোত তাৰ প্ৰকাশ দেখা যায় এনেদৰে-
ʼʼমাথোন এই পৃথিৱীখনক ভালপাই গʼলোঁ
এই কথাটোকে কিমানবাৰ যে কʼলোঁ
কিমান ভাবেৰে কʼলোঁ……।”
প্ৰসংগ সঙ্গতি দৰ্শাই ব্যাখ্যা
ক) যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ
সেই মন্ত্ৰকে গালোঁ
জীয়াই থকাৰ ধেমালিটো মই
এবাৰেই খেলি গʼলোঁ ।
উত্তৰঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথি ʼসাহিত্য সৌৰভʼৰ অন্তৰ্গত নৱকান্ত বৰুৱা দেৱৰ ৰচিত ʼউভতি নহাৰ কবিতাʼ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে।
ইয়াত কবিয়ে পুনৰ এই পৃথিৱীখনলৈ উভতি নহাৰ প্ৰসঙ্গত কথাখিনি উল্লেখ কৰিছে ।
কবিয়ে পৃথিৱীখনলৈ দুনাই আহিব নোৱাৰে । সাংসাৰিক প্ৰাণী মাত্ৰেই সুখ-দুখ পোৱা-নোপোৱা আরু বেদনা থাকে । কবিও তাৰ উৰ্ধ্বত নহয় । কবিৰ জীৱনতো যন্ত্ৰণাৰ পাহাৰ আছে । সেই যন্ত্ৰণাক বুকুত বান্ধি কবিয়ে জীৱন বাটত খোজ দিছে ।
কবিয়ে জানে জীয়াই থকাটো এটা ধেমালি মাত্ৰ ক্ষন্তেকীয়া । এদিন সকলোৱে এই পৃথিৱী এৰি যাব লাগিব । সেয়ে যন্ত্ৰণাত দগ্ধ হৈ ক্ষন্তেকীয়া জীৱনটোক কবিয়ে দুখময় কৰি তুলিব নোখোজে । যন্ত্ৰণাৰে পৰিপূৰ্ণ এই পৃথিৱীখনলৈ কবিয়ে বাৰে বাৰে উভতি আহিব নোৱাৰে । তেওঁ এবাৰেই এই জীৱনৰ খেল-ধেমালি খেলিব সুযোগ পাইছে বুলি কবিতাংশত বুজাব খুজিছে ।
খ) কোনোৱা আহিব মোৰ দৰে কোনো দিনা ?
মোৰ সুৰতে বাজিব নতুন বীণা ?
ওহোঁ সেয়া হʼব নতুন মানুহ ,
সেই দিনো হʼব নতুন দিন
মোৰ তাত একো নাথাকে চিন ।
উত্তৰঃ ব্যাখেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নৱকান্ত বৰুৱা ৰচিত ‘উভতি নহাৰ কবিতা’শীৰ্ষক কবিতাটোৰ পৰা উৰ্দ্ধিত কৰা হৈছে ।
কবিয়ে এই পৃথিৱীখনলৈ পুনৰ উভতি নহাৰ প্ৰসঙ্গত এই কবিতাংশ উল্লেখ কৰিছে ।
প্ৰকৃতিৰ নিয়ম অনুসৰি কবিয়ে এই পৃথিৱীখনত জন্ম গ্ৰহণ কৰিছে । পৃথিৱীখনক ভালপায় বাবেই কবিয়ে দুখ-যন্ত্ৰণা পাহৰি হাঁহি হাঁহি জীৱন অতিবাহিত কৰিছে । কিন্ত কবি বাস্তৱত বিশ্বাসী কবি এই পৃথিৱীৰ পৰা এদিন যাব লাগিব, এই কথা মৰ্মে তেওঁ উপলব্ধি কৰে । সংসাৰত তেওঁ বহু কাম কৰি গৈছে, জীৱন কালত তাৰ কেতবোৰ স্বীকৃতিও পাইছে । তেওঁৰ মৃত্যুৰ পাছত তেওঁক অনুকৰণ কৰি উত্তৰ প্ৰজন্মই হয়তো বহুতো কাম কৰিব । তথাপি, তেওঁৰ চিন তাত নাথাকিব, থাকিব মাথো নতুন ধ্যাণ-ধাৰণা আৰু এক নতুন দিনৰ বা যুগৰ সূচনা হ’ব ।
অতিৰিক্ত প্ৰশ্ন উত্তৰ
১) ব্যাখ্যা কৰা
ক) মই নাহোঁ মই নাহোঁ
পৃথিৱী , তােমাক ভাল পাই গ’লোঁ
তথাপিও মই নাহোঁ ।
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি কবি নৱকান্ত বৰুৱা ৰচিত ‘ উভতিনহাৰ কবিতা’নামৰ পাঠটিৰ অন্তর্গত ।
পৃথিৱীক কবিয়ে প্রাণভৰি ভাল পায় । পৃথিৱীক ভালপােৱাৰ কথা তেওঁ বিভিন্ন ভাৱ আৰু ভাষাৰে প্ৰকাশ কৰিছে । যন্ত্রণা কবিৰ জীৱনৰ মন্ত্র ; জীয়াই থকাটো অর্থাৎজীৱনটো এটা ধেমালিহে মাত্র । তেওঁ এই পৃথিৱীলৈ আহি এই , পৃথিৱীতে জীৱনটো কটালে অর্থাৎ জীয়াই থকা কেইদিন ধেমালি কৰিলে । জীৱনৰ বকুলপাহকবিয়ে এই পৃথিৱীতেই বুটলিছে । গতিকে কবিয়ে এই পৃথিৱীক প্রাণভৰি ভাল পায় ; কিন্তু দুখৰ বিষয় পৃথিৱীক ইমান ভাল পালেও ইয়াৰ পৰা এবাৰ গুচি গলে তেওঁ পুনৰ এই পৃথিৱীলৈ নাহে , আহিব নােৱাৰে ।
Download PDF Notes
আপুনি আজি ওপৰত Class 12 Assamese Chapter 15 Question Answer পঢ়িলে, যদি এই লিখনিৰ PDF Notes ডাউনলোড কৰিব খোজে তেন্তে তলত দিয়া লিংকৰ জৰিয়তে কৰিব পাৰিব।
Class 12 Assamese Chapter 15 Question Answer PDF
Watch YouTube Video Class
শেষ বাক্য
আপুনি যদি Class 12 Assamese Chapter 15 Question Answer পঢ়ি বা Class 12 Assamese Chapter 15 Question Answer PDF ডাউনলোড কৰি উপকৃত হৈছে তেন্তে অনুগ্ৰহ কৰি আন আন ছাত্ৰ ছাত্ৰীৰ সৈতে Facebook, WhatsApp ৰ জৰিয়তে শ্বেয়াৰ কৰক।