Class 11 Assamese Chapter 13 Question Answer | বনকুঁৱৰী

আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো Assamese Question Answer ৱেবছাইটৰ আন এক গুৰুত্বপূৰ্ণ লিখনি লৈ যত আমি আপোনাৰ বাবে আজি আলোচনা কৰিব গৈ আছোঁ Class 11 Assamese Chapter 13 Question Answer অৰ্থাৎ একাদশ শ্ৰেণীৰ অসমীয়া বিষয়ৰ ১৩তম অধ্যায় বনকুঁৱৰী সম্পূৰ্ণ প্ৰশ্ন উত্তৰ

Class 11 Assamese Chapter 13 Question Answer 2024

এই Class 11 Assamese Chapter 13 Question Answer ত অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ, ব্যাখ্যা, Assamese Grammar ৰ কিছু প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত সুধা কিছু গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্ন উত্তৰ আপোনালোকৰ বাবে লৈ অহাৰ প্ৰয়াস কৰা হৈছে।

আৰ্হি প্ৰশ্ন উত্তৰ

অতি চমু প্ৰশ্ন (মূল্যাংক-১)

১। প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটোৰ নাম কি ?
উত্তৰঃ প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটোৰ নাম- বনকুঁৱৰী ৷

৩। বেজবৰুৱাই ‘প্ৰতিমা’ সম্পৰ্কে কি মন্তব্য কৰিছিল ?
উত্তৰঃ বেজবৰুৱাই ‘প্ৰতিমা’ সম্পৰ্কে কৈছিল যে- ‘প্ৰতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ ৷’

৩। ‘জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল ?
উত্তৰঃ ‘জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক- চন্দ্ৰকুমাৰ আগৰৱালা ৷

৪। ‘প্ৰতিমাৰ খনিকৰ’ বুলি কাক কোৱা হয় ?
উত্তৰঃ ‘প্ৰতিমাৰ খনিকৰ’ বুলি চন্দ্ৰকুমাৰ আগৰৱালাক কোৱা হয় ৷

৫। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰধান বিষয়বস্তু কি ?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰধান বিষয়বস্তু-প্ৰকৃতি, প্ৰেম আৰু সৌন্দৰ্য ৷

চমু প্ৰশ্ন (মূল্যাংক-২/৩)

১। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম লিখা ৷
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম- প্ৰতিমা আৰু বীণবৰাগী ৷

২। ‘জোনাকী’ যুগৰ ত্ৰিমূৰ্তি বুলি ক’লে কাক কাক বুজোৱা হয় ?
উত্তৰঃ ‘জোনাকী’ যুগৰ ত্ৰিমূৰ্তি বুলি ক’লে চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক বুজোৱা হয় ৷

৩। ‘বনকুঁৱৰী’ কবিতাটিৰ লগত কেনেকুৱা জনবিশ্বাস জড়িত হৈ আছে ?
উত্তৰঃ ‘বনকুঁৱৰী’ কবিতাটিৰ লগত অসমৰ সহজ সৰল গাঁৱলীয়া সমাজে বিশ্বাস কৰা জলকুৱঁৰী, গৃহলক্ষ্মী আদিৰ দৰে বনৰ দেৱী বনকুঁৱৰীৰ জনবিশ্বাস জড়িত হৈ আছে ৷

৪। অসমীয়া ৰোমাণ্টিক কবিসকলে তেওঁলোকৰ কবিতাৰ সমল ক’ৰপৰা গ্ৰহণ কৰিছে?
উত্তৰঃ অসমীয়া ৰোমাণ্টিক কবিসকলে তেওঁলোকৰ কবিতাৰ সমল নিজৰ দেশ তথা সমাজৰ পৰা সংগ্ৰহ কৰিছে ৷

৫। হাবিৰ মাজত মৰমৰ ধ্বনি কোনে তুলিছিল ?
উত্তৰঃ হাবিৰ মাজত বতাহৰ বা লাগি শুকান পাতত মৰমৰণি শব্দ উঠিছিল ৷

দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫)

১। ‘বনকুঁৱৰী’ কবিতাটিৰ মূলভাৱ লিখা ৷
উত্তৰঃ ‘বনকুঁৱৰী’ কবিতাটোৰ কবিয়ে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজত উমলি ফুৰা বনকুঁৱৰীৰ ৰূপ আৰু ধেমালি দেখি এক অনিৰ্বচনীয় আনন্দৰ সন্ধান পাইছে ৷

এক গহীন নিজান দুপৰ বেলা কোনোবাই যেন সুহুৰি মাৰি কাৰোবাক আমন্ত্ৰণ জনাইছে ৷ বতাহৰ বা লাগি গছৰ আগবোৰে হালি জালি নাচিছে,পাতবোৰ থৰথৰকৈ কঁপিছে আৰু শুকান পাতত মৰমৰ ধ্বনি উঠিছে৷ লতাবোৰে মৰমতে যেন ইটোৱে সিটোক সাৱটি ধৰিছে আৰু পাতৰ আঁৰৰ কপৌটিয়ে জুমি জুমি তাক চাবলৈ ধৰিছে৷কুলুকুলুকৈ বৈ যোৱা নদী খনলৈ চাই বিৰিখে হালি জালি হাঁহিছে৷

তাৰ মাজতে আকৌ বকুল এজোপা,তামোল,লেটেকুৰে ভেটি এটাই এৰাবাৰী এখনৰ চিন দাঙি ধৰিছে৷ তাত বাঁহৰ মাজে মাজে যেন কোনোবা ঘূৰি ফুৰিছে৷পাতে পাতে ফুচফুচাই কিবা কথা পাতিছে,গাতে গা লগাই কপৌ দুটিয়ে মনৰ মৰম যাচিছে৷যখিনী কন্যা যেন কণমানি ছোৱালী এটিয়ে এটা হৰিণী পোৱালি আনি জানৰ পাৰত পানী খুৱাইছে ৷

এপাকত আকৌ আন দুজনীৰে সৈতে মুকলি চুলিৰে টুকটুককৈ চাপৰি বজাই নাম ধৰিছে,ফুল ছিঙিছে,কপৌক সাৱটি ধৰি চুমা যাচিছে,সোপাত বনৰ পখিলা গুঁজিছে৷ মুকুতাৰ মণি শিৰত জিলিকা তাই সৌন্দৰ্যময়ী কুঁৱৰী,লগত জলৰ দেৱী নীয়ৰী৷বতাহে মৰমৰ ভিক্ষাৰী হৈ প্ৰাণৰ অমিয়া মাধুৰী বিচৰাত দুয়ো প্ৰকৃতি কুঁৱৰীয়ে বতাহক মিচিকি হাঁহিৰে আনন্দিত কৰিছে৷আনন্দৰ ঢৌৱে সমগ্ৰ প্ৰাণীৰ প্ৰাণ শিহৰিত কৰি তুলিছে৷

কবিতাটোত প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰ অনুভৱে কেনেকৈ প্ৰাণীজগতক অপাৰ্থিৱ, অনিৰ্বচনীয় আনন্দ দিব পাৰে, কবিয়ে তাকেই প্ৰকাশ কৰিব বিচাৰিছে ৷ চাক্ষুষ দৃষ্টিৰে প্ৰত্যক্ষ কৰা প্ৰকৃতি জগতখনৰ মাজত যে আন এক অপাৰ্থিৱ সত্ত্বা লুকাই থাকে,কবিয়ে যেন তাকেই সন্ধান দিব বিচাৰিছে ৷

২। ‘বনকুঁৱৰী’ কবিতাটিত প্ৰকৃতিৰ ৰূপৰ বৰ্ণনা কিদৰে কৰিছে নিজৰ ভাষাত লিখা ৷
উত্তৰঃ ‘বনকুঁৱৰী’ কবিতাটোৰ কবিয়ে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজত উমলি ফুৰা বনকুঁৱৰীৰ ৰূপ আৰু ধেমালি দেখি এক অনিৰ্বচনীয় আনন্দৰ সন্ধান পাইছে ৷

এক গহীন নিজান দুপৰ বেলা কোনোবাই যেন সুহুৰি মাৰি কাৰোবাক আমন্ত্ৰণ জনাইছে৷বতাহৰ বা লাগি গছৰ আগবোৰে হালি জালি নাচিছে,পাতবোৰ থৰথৰকৈ কঁপিছে আৰু শুকান পাতত মৰমৰ ধ্বনি উঠিছে৷লতাবোৰে মৰমতে যেন ইটোৱে সিটোক সাৱটি ধৰিছে আৰু পাতৰ আঁৰৰ কপৌটিয়ে জুমি জুমি তাক চাবলৈ ধৰিছে ৷ কুলুকুলুকৈ বৈ যোৱা নদী খনলৈ চাই বিৰিখে হালি জালি হাঁহিছে৷তাৰ মাজতে আকৌ বকুল এজোপা,তামোল,লেটেকুৰে ভেটি এটাই এৰাবাৰী এখনৰ চিন দাঙি ধৰিছে৷

তাত বাঁহৰ মাজে মাজে যেন কোনোবা ঘূৰি ফুৰিছে৷পাতে পাতে ফুচফুচাই কিবা কথা পাতিছে,গাতে গা লগাই কপৌ দুটিয়ে মনৰ মৰম যাচিছে৷যখিনী কন্যা যেন কণমানি ছোৱালী এটিয়ে এটা হৰিণী পোৱালি আনি জানৰ পাৰত পানী খুৱাইছে৷এপাকত আকৌ আন দুজনীৰে সৈতে মুকলি চুলিৰে টুকটুককৈ চাপৰি বজাই নাম ধৰিছে,ফুল ছিঙিছে, কপৌক সাৱটি ধৰি চুমা যাচিছে,সোপাত বনৰ পখিলা গুঁজিছে৷মুকুতাৰ মণি শিৰত জিলিকা তাই সৌন্দৰ্যময়ী কুঁৱৰী,লগত জলৰ দেৱী নীয়ৰী ৷

বতাহে মৰমৰ ভিক্ষাৰী হৈ প্ৰাণৰ অমিয়া মাধুৰী বিচৰাত দুয়ো প্ৰকৃতি কুঁৱৰীয়ে বতাহক মিচিকি হাঁহিৰে আনন্দিত কৰিছে৷ আনন্দৰ ঢৌৱে সমগ্ৰ প্ৰাণীৰ প্ৰাণ শিহৰিত কৰি তুলিছে৷

৩। ‘বনকুঁৱৰী’ কবিতাটিত কবিয়ে কিদৰে অতি প্ৰাকৃত পৰিৱেশৰ সৃষ্টি কৰিছে বুজাই লিখা৷
উত্তৰঃ কবিতাটোত প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰ অনুভৱে কেনেকৈ প্ৰাণীজগতক অপাৰ্থিৱ,অনিৰ্বচনীয় আনন্দ দিব পাৰে,কবিয়ে তাকেই প্ৰকাশ কৰিব বিচাৰিছে৷যখিনী কন্যা যেন কণমানি ছোৱালী এটিয়ে এটা হৰিণী পোৱালি আনি জানৰ পাৰত পানী খুৱাইছে৷

এপাকত আকৌ আন দুজনীৰে সৈতে মুকলি চুলিৰে টুকটুককৈ চাপৰি বজাই নাম ধৰিছে,ফুল ছিঙিছে,কপৌক সাৱটি ধৰি চুমা যাচিছে,সোপাত বনৰ পখিলা গুঁজিছে৷ মুকুতাৰ মণি শিৰত জিলিকা তাই সৌন্দৰ্যময়ী কুঁৱৰী, জলৰ দেৱী নীয়ৰীৰ লগত তুলনা কৰিছে৷চাক্ষুষ দৃষ্টিৰে প্ৰত্যক্ষ কৰা প্ৰকৃতি জগতখনৰ মাজত যে আন এক অপাৰ্থিৱ সত্ত্বা লুকাই থাকে,কবিয়ে যেন তাকেই সন্ধান দিব বিচাৰিছে ৷

৪। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবি প্ৰতিভা সম্পৰ্কে আলোচনা কৰা ৷
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা (১৮৬৭-১৯৩৮): এজন অসমীয়া কবি আৰু লেখক। অসমীয়া সাহিত্যত ৰোমাণ্টিকতাবাদৰ সূচনা কৰা লেখকসকলৰ তেখেত আছিল অন্যতম। জোনাকীৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা ‘বনকুঁৱৰী’য়েই আছিল প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা। আগৰৱালাক “প্ৰতিমাৰ খনিকৰ” বুলিও অভিহিত কৰা হয়।

তেখেত জোনাকী আলোচনীৰ প্ৰথমজন সম্পাদক আৰু সাহিত্য সংগঠন অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠাপক সদস্য আছিল। ‘জোনাকী’ আলোচনীৰ জৰিয়তে আধুনিক অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বৰঙণিৰ বাবে আগৰৱালাৰ লগত লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক একেলগে ‘জোনাকী যুগৰ ত্ৰিমূৰ্তি’ বুলি কোৱা হয়। বনকুঁৱৰী, তেজীমলা, মাধুৰী, বীণবৰাগী, মহাত্মা আদি তেওঁৰ অনুপম কবিতা সমূহৰ অন্যতম কবিতা ।

প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা

ক) অথিৰ বায়ুৰ শিয়ঁৰিল নোম,
উছলাইছে গৈ জান
কাৰণ নেদেখা আনন্দৰ ঢৌৱে
বুৰালে প্ৰাণীৰ প্ৰাণ ৷

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাৰ বিৰচিত ‘বনকুঁৱৰী’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ৷

কবিয়ে বনকুঁৱৰীৰ উপস্থিতিত প্ৰকৃতিৰ বুকুত হোৱা পৰিবৰ্তনৰ কথা ক’বলৈ গৈ উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে ৷

বন্য ফুল পাতেৰে সজ্জিতা বনকুঁৱৰীৰ ৰূপ সৌন্দৰ্যই বতাহক বলিয়া কৰিছে৷মুগ্ধ বতাহে সেয়েহে মৰমৰ সমিধান বিচাৰিছে৷বনকুঁৱৰী আৰু জলকুৱঁৰী দুয়োৰে মিচিকিয়াঁ হাঁহিৰে বতাহৰ প্ৰতি সমিধান দিছে৷দুই কুঁৱৰীৰ এনে সমিধানত অস্থিৰ হৈ থকা বতাহৰ নোম যেন শিয়ৰি উঠিছে৷এই শিহৰণে জান,জুৰিৰ পানী উছলাই তুলিছে৷এক অজান আনন্দত সকলোৰে মন ভৰি পৰিছে৷আচলতে কবিয়ে প্ৰকৃতিৰ মাজত চলি থকা এই বিচিত্ৰ লীলাক মানৱীয় ৰূপত প্ৰত্যক্ষ কৰিছে আৰু মানুহৰ প্ৰেম,ভালপোৱা তাৰ মাজতেই অনুভৱ কৰিছে ৷

খ) মুকলি চুলিৰে নাম গাই ঘূৰি
চাপৰি টুক্ টুক্ টুক্।
ৰূপহীৰ মেল দেৱযোনি খেল
মানুহে নেদেখা মুখ।

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাৰ বিৰচিত ‘বনকুঁৱৰী’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ৷

কবিয়ে বনকুঁৱৰীয়ে কিদৰে প্ৰকৃতিৰ বুকুত খেলি কৰি নিজৰ ৰূপেৰে মানুহক মুগ্ধ কৰিছে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে ৷

কবিয়ে কবিতাটিত প্ৰকৃতিক মানৱীয় ৰূপত কল্পনা কৰিছে ৷ বনকুঁৱৰীয়ে যেন প্ৰকৃতি জগতখনক মোহময়ী কৰি তুলিছে৷আচলতে কবিয়ে এগৰাকী মুকলিমূৰীয়া গাভৰুৰ চিত্ৰ অংকন কৰিছে৷তেওঁ প্ৰকৃতিৰ মাজত বিচাৰি পাইছে সেই উন্মুক্ত যৌৱন৷প্ৰকৃতিৰ এই অনিৰ্বচনীয় ৰূপ আৰু স্বাধীন সত্ত্বাটোৱে কবিক আকৰ্ষিত কৰিছে৷সেয়ে তেওঁ প্ৰকৃতিৰ মাজতে বিচাৰি পাইছে মুকলি চুলিৰে নাম গাই ঘূৰি ফুৰা টুকটুক চাপৰি বজোৱা ছোৱালীজনী৷প্ৰকৃতি সত্ত্বাৰ এই ভুৱন ভোলোৱা ৰূপত তেওঁ বিমোহিত হৈ মিচিকিয়াঁ হাঁহিৰ এটা সমিধান বিচাৰিছে আৰু তাতেই তেওঁৰ প্ৰাণ আনন্দৰে ভৰি পৰিছে ৷

শেষ বাক্য

আজি আমি আলোচনা কৰিলোঁ Class 11 Assamese Chapter 13 Question Answer, যদি আপুনি ইয়াত আলোচনা কৰা প্ৰশ্ন উত্তৰ বুজি পোৱাত অসুবিধা পাইছে তেন্তে অনুগ্ৰহ কৰি Comment Section ত জনাব পাৰে।

Leave a Comment