ধ্বনি আৰু বর্ণ

আজি আমি আলোচনা কৰিব গৈ আছে Assamese Grammar তথা অসমীয়া ব্যাকৰণৰ অতি গুৰুত্বপূৰ্ণ এটি চমু অধ্যায় “ধ্বনি আৰু বৰ্ণ”।

আপোনালোকে সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ Assamese Question Answer নামৰ এই ৱেবচাইটলৈ, যত আমি ষষ্ট শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ অসমীয়া (MIL) ৰ প্ৰশ্ন উত্তৰ বিনামুল্যত যোগান ধৰাৰ লগতে Assamese Grammar ৰ প্ৰয়োজনীয় কথা আলোচনা কৰোঁ।

Assamese Grammar ৰ কথা আলোচনা কৰিব গৈ আছোঁ বাবেই প্ৰথমে আজি আমি ধ্বনি আৰু বৰ্ণৰ কিছু কথা ইয়াত আলোচনা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব।

ধ্বনি আৰু বর্ণ

ধ্বনি আৰু বৰ্ণ in Assamese Grammar

ভাষাৰ মূল হ’ল ধ্বনি। ধ্বনি-উচ্চাৰণ এটা জৈৱিক প্ৰক্ৰিয়া। ভিতৰলৈ সোমাই যোৱা বায়ু আৰু ভিতৰৰপৰা বাহিৰলৈ
ওলাই অহা বায়ুৰ মাজত মুখ-গহ্বৰত হোৱা সংঘৰ্ষৰ ফলত সংকেত বা মাতৰ উদ্ভৱ হয়। সেয়াই ধ্বনি।

মুখখন হ’ল ঘাই বাক্যন্ত্ৰ। ইয়াৰ আন আন অংগবোৰ হ’ল : ওঁঠ, দাঁত, দাঁতৰ আলু, তালু, জিভা, ঘটিকা (কণ্ঠ) আৰু
নাক। এইবোৰৰ সহায়ত বায়ু-প্ৰৱাহক ৰোধ অথবা নিয়ন্ত্ৰণ কৰি ধ্বনিৰ সৃষ্টি কৰা হয়।

উচ্চাৰণৰ স্থান আৰু ধৰণ অনুযায়ী ধ্বনিৰ ভিন ভিন ৰূপ হয় আৰু ধ্বনিজ্ঞাপক চিনবোৰকে বৰ্ণ বোলা হয়। বর্ণ দুবিধ :
১) স্বৰবৰ্ণ
২) ব্যঞ্জনবর্ণ।

(১) স্বৰবৰ্ণ

যিবিলাক ধ্বনি উচ্চাৰণ কৰোঁতে বায়ুপ্ৰৱাহ বাধাপ্রাপ্ত নহয়, জিভাৰ সঞ্চালনৰ যোগেদি বায়ুৰ সোঁত নিয়ন্ত্ৰিত হৈ থাকে তাকে স্বৰধ্বনি বোলে। সেইবাবে স্বৰধ্বনি একেৰাহে দীঘলীয়াকৈ উচ্চাৰণ কৰিব পাৰি। এনে ধ্বনিসূচক চিনবোৰেই স্বৰবৰ্ণ।

অসমীয়া ভাষাৰ প্ৰচলিত স্বৰবৰ্ণ ১১ টা।

অ আ ই ঈ
উ ঊ ঋ
এ ঐ ও ঔ

(২) ব্যঞ্জনবর্ণ

যিবিলাক ধ্বনি উচ্চাৰণ কৰোঁতে প্ৰয়োজন অনুসৰি বাক্ যন্ত্ৰৰ বিভিন্ন অংগৰ জৰিয়তে বাহিৰলৈ ওলাই অহা বায়ুক
সম্পূর্ণ অথবা আংশিকভাৱে ৰোধ কৰা হয়, তাকে ব্যঞ্জনধ্বনি বোলে। তেনে ধ্বনিসূচক চিনবোৰেই ব্যঞ্জনবর্ণ ।

অসমীয়া ভাষাৰ মুঠ ব্যঞ্জনবর্ণ ৩৩ টা।

ক খ গ ঘ ঙ
চ ছ জ ঝ ঞ
ট ঠ ড ঢ ণ
ত থ দ ধ ন
প ফ ব ভ ম
য ৰ ল ৱ
শ ষ স হ।

ক্ষ —> ক আৰু ষ যুক্ত হৈ আছে। সেইদৰে ড় ঢ় য় ৎ– ক্ৰমে ড ঢ য তৰ পৃথক ৰূপহে; বেলেগ বৰ্ণ নহয় আৰু (ঁ) চন্দ্রবিন্দু —> ঙ ঞ ণ ন ম- ৰ অনুনাসিক ৰূপ ।

(ং) অনুস্বাৰ আৰু (ঃ)বিসর্গ —> এই দুটা বৰ্ণৰ স্বৰবৰ্ণ বা ব্যঞ্জনবৰ্ণৰ লগত যোগ নাই আৰু স্বতন্ত্ৰ স্থানো নাই; অথচ ব্যৱহাৰ আছে। সেইবাবে ইহঁতক অযোগবাহবর্ণ বোলে।

ব্যঞ্জনবর্ণৰ প্ৰকাৰ –

(ক) স্পৰ্শবৰ্ণ— ক ৰপৰা ম লৈ এই পঁচিছটা বৰ্ণ উচ্চাৰণ কৰোঁতে জিভাই মুখৰ একোটা একোটা অংশ স্পৰ্শ কৰে। গতিকে ইহঁতৰ নাম স্পর্শবর্ণ। স্পর্শ্ববৰ্ণৰ পাঁচটা বর্ণ লগ লাগি একোটা বর্গ হয় ।
ক খ গ ঘ ঙ— ক-বর্গ।
চ ছ জ ঝ ঞ— চ-বর্গ।
ট ঠ ড ঢ ণ— ট-বর্গ।
ত থ দ ধ ন— তবর্গ।
প ফ ব ভ ম— প-বর্গ।

(খ) উষ্মবর্ণ — শ ষ স হ এইকেইটা বৰ্ণ উচ্চাৰণ কৰোঁতে মুখৰ বায়ু জোৰেৰে ওলাই উষ্ম বা তপত হয়। গতিকে ইহঁতৰ
নাম উষ্মবর্ণ।

(গ) অন্তঃস্থবর্ণ — য ৰ ল ৱ এইকেইটা বৰ্ণ স্পৰ্শবৰ্ণ আৰু উষ্মবৰ্ণৰ মধ্যৱৰ্তী স্থানত থকা বাবে ইহঁতৰ নাম অন্তঃস্থবর্ণ।

(ঘ) অল্পপ্রাণবৰ্ণ — প্ৰতি বৰ্গৰ প্ৰথম, তৃতীয় আৰু পঞ্চম বৰ্ণৰ উচ্চাৰণ কোমল বাবে ইহঁতৰ নাম অল্পপ্রাণ বর্ণ। ক গ ঙ, চ জ ঞ, ট ড ণ, ত দ ন, প ব ম ।

(ঙ) মহাপ্রাণবর্ণ — প্ৰতি বৰ্গৰ দ্বিতীয় আৰু চতুৰ্থ বৰ্ণৰ উচ্চাৰণ কঠিন বাবে ইহঁতক মহাপ্রাণ বর্ণ বোলে। খ ঘ, ছ ঝ, ঠ ঢ, থ ধ, ফ ভ ।

(চ) অঘোষবর্ণ — প্ৰতি বৰ্গৰ প্ৰথম আৰু দ্বিতীয় বৰ্ণ উচ্চাৰণ কৰোঁতে স্বৰতন্ত্ৰী কঁপি নুঠে। গতিকে ইহঁতৰ নাম অঘোষবর্ণ বা
শ্বাসবর্ণ। ক খ, চ ছ ট ঠ, ত থ, প ফ ।

(ছ) ঘোষবর্ণ — প্ৰতি বৰ্গৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম বর্ণ উচ্চাৰণ কৰোঁতে স্বতন্ত্ৰী কঁপি উঠে। গতিকে ইহঁতক ঘোষ বা নাদবর্ণ বোলে। গ ঘ ঙ, জ ঝ ঞ, ড ঢ ণ, দ ধ ন, ব ভ ম।

Download Assamese Grammar PDF

Watch YouTube Video

শেষ বাক্য

এতিয়ালৈকে আমি চমুকৈ ধ্বনি আৰু বর্ণৰ কথা আলোচনা কৰিলোঁ। ইয়াত আমি ধ্বনি আৰু বর্ণ কি, স্বৰবৰ্ণ কি, ব্যঞ্জনবর্ণ কি বা ইহঁতৰ প্ৰকাৰৰ বিষয়ৰ বহু কথা আলোচনা কৰিছোঁ।

Leave a Comment