উপসর্গ Assamese Grammar | HSLC & HS Final Exam 2025

মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো Assamese Question Answer নামৰ এই ৱেবচাইটলৈ যত আমি আজি আলোচনা কৰিম Assamese Grammar ৰ এক গুৰুত্বপূৰ্ণ বিষয়।

আজি আমি আলোচনা কৰিম উপসর্গৰ বিষয়ে। ইয়াত আমি সংস্কৃত ভাষাৰ উপসর্গ লগতে অসমীয়া ভাষাৰ উপসর্গৰ বিষয়ে আলোচনা কৰিছোঁ। আশা কৰোঁ আপোনালোক এই লিখনিৰ জৰিয়তে লাভৱান হব।

উপসর্গ

উপসর্গ | Assamese Grammar HS/HSLC

উপসর্গ এবিধ অব্যয়। ইহঁতে নিজে কোনো অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। কিন্তু ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে। বেলেগ বেলেগ উপসর্গযুক্ত হৈ একেটা ধাতুৱে বিভিন্ন অর্থ প্রকাশ কৰে।

উপসৰ্গৰ যোগত ধাতুৰ অৰ্থ কেতিয়াবা একেই থাকে, কেতিয়াবা বিপৰীত অৰ্থ বুজায় আৰু কেতিয়াবা অন্য অর্থ প্রকাশ কৰে।

সংস্কৃত উপসর্গ

সংস্কৃত ভাষাত উপসৰ্গ কুৰিটা : প্ৰ, পৰা, অপ, সম্, অনু, অৱ, নিৰ্‌, দুৰ্, অভি, বি, অধি, সু, উৎ, অতি, নি, প্রতি, পৰি, অপি, উপ, আ।

সংস্কৃত ভাষাৰ উপসর্গযুক্ত প্রায় সকলো পদেই অসমীয়াত ব্যৱহাৰ কৰা হয়। সেইবাবে উপসৰ্গৰ বিষয়ে জনা আৱশ্যক।

১। প্র (খ্যাতি, উৎকর্ষ, গতি, অতিশয়, আৰম্ভ, উৎপত্তি, ব্যৱহাৰ, উদ্ভৱ, আধিক্য, দক্ষতা আদি অৰ্থত): প্রণাম, প্রণয়, প্ৰণতি, প্রমাদ, প্ৰহাৰ, প্ৰচ্ছদ, প্ৰণয়ন, প্ৰশংসা, প্রগাঢ়, প্রগতি, প্রকৃতি, প্ৰস্তাৱ, প্রচণ্ড, প্ৰচুৰ, প্ৰভূত, প্ৰৱেশ, প্রসাদ, প্রকাশ, প্রলয়, প্রবল, প্রচলন, প্রগল্ভ, প্ৰখৰ, প্ৰভাৱ, প্ৰতাৰণা, প্ৰমাণ, প্ৰৱঞ্চনা, প্রজ্ঞা, প্রভা, প্রস্থান, প্রক্ষিপ্ত, প্রকৃষ্ট, প্রসিদ্ধ, প্ৰহৰ, প্ৰহাৰ, প্ৰৱীণ, প্রয়োগ, প্রফুল্ল, প্রলেপ, প্রশস্তি, প্রহসন, প্ৰৱাস, প্ৰচেষ্টা, প্ৰব্ৰজন, প্রজনন, প্রভাত ইত্যাদি।

২। পৰা (প্ৰাধান্য, ব্যতিক্রম, অনাদৰ, তিৰস্কাৰ, আধিক্য, আতিশয্য, বিভিন্ন, বিৰুদ্ধ, অপমান, আদি অৰ্থত): পৰাজয়, পৰাভৱ, পৰাক্ৰম, পৰাধীন, পৰাংমুখ, পৰাকাষ্ঠা, পৰাগ, পৰামৰ্শ, পৰায়ণ ইত্যাদি।

৩। অপ (অনাদৰ, ত্যাগ, অপমান, বিকৃতি, কুৎসিত, বৈপৰীত্য আদি অর্থত): অপমান, অপযশ, অপবাদ, অপকর্ম, অপৰাধ, অপকাৰ, অপব্যয়, অপদেৱতা, অপহৰণ, অপসাৰণ, অপমৃত্যু, অপপ্ৰচাৰ, অপৰূপ, অপঘাত, অপচয় ইত্যাদি।

৪। সম (সমীপ, সংগত, সম্যক, উত্তম, অবিশ্রাম, একেলগে আদি অৰ্থত): সম্পর্ক, সমীপ, সংগত, সম্যক, সন্মুখ, সংবাদ, সংগীত, সংযোগ, সংহাৰ, সঞ্চয়, সংকট, সংশয়, সম্পত্তি, সম্পদ, সংসাৰ, সংস্কাৰ, সন্ধান, সংলাপ, সন্মান, সম্ভাষণ, সম্ভেদ, সংস্কৃত, সংস্কৃতি, সম্ভোগ, সমাদৰ, সংগ্রহ, সংক্ৰমণ, সমাস, সংগম, সংজ্ঞা, সম্পৃক্ত, সম্ভৱ, সঙ্কলন, সত্তাপ, সন্তোষ, সন্মিলন, সম্ভাৰ, সংকীৰ্ণ, সমাৱৰ্ত্তন, সম্পূৰ্ণ, সংঘাত ইত্যাদি।

৫। অনু (পাচত, তুল্য, হীন, সাদৃশ্য, নিকৃষ্ট আদি অৰ্থত): অনুকাৰ, অনুৰূপ, অনুপান, অনুৰোধ, অনুচৰ, অনুজ, অনুগ্রহ, অনুগত, অনুকূল, অনুতাপ, অনুনয়, অনুবাদ, অনুপ্রাস, অনুৰণন, অনুকৰণ, অনুসৰণ, অনুমতি, অনুপ্ৰৱেশ, অনুমান, অনুধাৱন, অনুসন্ধান, অনুমোদন, অনুশোচনা, অনুভৱ, অনুলিপি, অনুৰাগ, অনুপাত, অনুসাৰ, অন্বেষণ, অনুসর্গ ইত্যাদি।

৬। অৱ (ঘৃণা, নিন্দা, অভাৱ, নিশ্চয়, বিস্তাৰ আদি অৰ্থত): অৱতৰণ, অৱচেতন, অৱক্ষয় অৱৰোহণ, অৱগাহন, অৱলম্বন, অৱমাননা, অৱজ্ঞা, অৱহেলা, অৱগত, অৱনত, অৱকাশ, অৱস্থা, অৱগতি, অৱনতি, অৱৰোধ, অৱতাৰ, অৱসৰ, অৱদান, অৱলম্বন, অৱগুণ্ঠন, অৱতীৰ্ণ, অৱচ্ছিন্ন, অৱধান, অৱসাদ, অৱলীলা ইত্যাদি।

৭। নিৰ (নিশ্চয়, অভাৱ, নিষেধ, সমীপ, বিনা, বাহিৰ, আদি অর্থত): নির্গত, নির্ণয়, নির্মাণ, নির্বাণ, নির্মল, নিশ্চয়, নির্দয়, নির্ভয়, নির্ধন, নিঃসংগ, নির্মুক্ত, নিঃশব্দ, নির্যাস, নির্জন, নির্বোধ, নিৰীক্ষণ, নির্ঘাত, নিৰপৰাধ, নিৰন্তৰ, নির্লিপ্ত, নিৰূপণ, নিৰ্জীৱ, নিৰাকাৰ, নিৰাময়, নিৰতিশয়, নিৰ্ভৰ, নিৰংকুশ, নিঃসম্বল, নিঃসংকোচ, নিবস্ত, নিৰঞ্জন, নির্যান, নির্যাতন, নিষ্প্রভ, নির্মম ইত্যাদি।

৮। দূৰ (নিন্দা, অভাৱ, ক্লেশ, বাধা, নিষেধ, দুখ আদি অৰ্থত): দুর্নাম, দুর্গম, দুঃসাহস, দুর্ভাগ্য, দুর্জন, দুর্দিন, দুর্গতি, দূৰম্ভ, দুর্মদ, দুর্দান্ত, দুর্নীতি, দুৰ্বাৰ, দুৰাচাৰ, দুৰাশয়, দুঃশীল, দুর্জয়, দুঃস্বপ্ন, দুঃশাসন, দুঃসহ, দুষ্প্রাপ্য, দুর্গত, দুঃসময়, দুৰ্যোগ, দুৰ্ব্যৱহাৰ, দুৰভিসন্ধি, দুর্ভাগ্য, দুৰাকাংক্ষা, দুর্মুখ, দুষ্কৃতি, দুর্মতি, দুৰাশা, দুর্ভিক্ষ, দুনিবাৰ, দুৰন্ত, দুৰ্ঘটনা, দুর্বিপাক, দুর্ঘশ, দুঃসাধ্য, দূৰদৃষ্ট, দুৰ্দ্দম, দুর্ভাবনা, দুর্বল, দুষ্ট, দুর্গন্ধ, দুঃখ ইত্যাদি।

৯। অভি (প্রতি, প্রধান, সমীপ, সম্মুখ, বিরুদ্ধ, প্রশংসা, উন্নতি, উত্তম আদি অর্থত): অভিমান, অভিযান, অভিলাষ, অভিমুখ, অভিভাবক, অভিসন্ধি, অভিসাৰ, অভিভাষণ, অভ্যুত্থান, অভিধান, অভিজাত, অভিনয়, অভিযোগ, অভিবাদন, অভিনন্দন, অভিষেক, অভিলেখ, অভিশাপ, অভিরাম, অভ্যুদয়, অভিনয়, অভীপ্সা, অভীষ্ট, অভিজ্ঞান, অভিজ্ঞ, অভিসম্পাত ইত্যাদি।

১০। ৰি (অভাৱ, বাহিৰ, বিকাৰ, বিশেষ, বিশিষ্ট, হীন আদি অর্থত): বিষয়, বিশেষ, বিশেষণ, বিশিষ্ট, বিষাদ, বিমর্ষ, বিয়োগ, বিপথ, বিষম, বিবাহ, বিপৰীত, বিখ্যাত, বিনয়, বিকল, বিবাদ, বিৰাগ, বিজ্ঞান, বিজ্ঞ, বিকাৰ, বিধান, বিৱৰণ, বিফল, বিয়োগ, বিপর্যয়, বিৰূপ, বিলাপ, বিক্ষোভ, বিগত, বিজিত, বিজ্ঞাপন, বিতরণ, বিচৰণ, বিবচন, বিদায়, বিকট, বিকাশ, বিজয়, বিবর্ণ, বিশুদ্ধ, বিন্যাস, বিচ্ছিন্ন, বিচাৰ, বিভৱ, বিসর্জন, বিজন, বিরোধ, বিস্মৃতি, বিতৃষ্ণা, বিশিষ্ট, বিসদৃশ, বিশাল, বিলয়, বিহীন, বিৰুদ্ধ ইত্যাদি।

১১। অধি (কৰ্তৃত্ব, গৰাকী, গতি, প্রধান, ওপৰ, আদি অৰ্থত): অধিকাৰ, অধীশ্বৰ, অধীন, অধিবাস, অধ্যয়ন, অধ্যৱসায়, অধিষ্ঠান, অধিৰোহণ, অধিবাসী, অধিৰাজ, অধিপতি, অধিনিয়ম, অধ্যাপনা, অধ্যুষিত, অধ্যক্ষ, অধিকৰণ, অধ্যায়, অধ্যাত্ম, অধিৱেশন, অধিত্যকা, অধিনায়ক, অধিগত, অধিষ্ঠাতা ইত্যাদি ।

১২। সু (প্রশংসা, অতিশয়, মংগল, উজু আদি অৰ্থত): সুন্দৰ, সুদৰ্শন, সুশ্রী, সুগম, সুকোমল, সুশোভিত, সুবাস, শুশ্রাব্য, সুকণ্ঠ, সুনাম, সুদৃশ্য, সুদিন, সুনীতি, সুজলা, সুতীক্ষ্ণ, সুস্বাদ, সুস্থ, সুভাষ, সুভাষিত, স্বস্তি, স্বাগতম, সুখ্যাতি, সুবোধ, সুধীৰ, সুদৃঢ়, সুচিন্তা, সুদূৰ, সুহৃদ, সুশান্ত, সুজন, সুকীর্তি, সুকৃতি, সুকুমাৰ, সুজন, সুশোভন ইত্যাদি।

১৩। উৎ (অতিশয়, ঊর্ধ্ব, শ্রেষ্ঠ, বিপৰীত, বিৰুদ্ধ আদি অর্থত): উন্নত, উন্নতি, উন্নয়ন, উত্থান, উজ্জ্বল, উত্তীর্ণ, উৎকর্ষ, উৎসৱ, উদ্যত, উদ্ধাৰ, উচ্ছ্বাস, উচ্ছৃংখল, উদ্বাহু, উল্লাস, উল্লসিত, উল্লিখিত, উদ্ভিদ, উৎখাত, উন্মেষ, উৎক্ষেপণ, উদগীৰণ, উৎসুক, উদ্ভাসিত, উচ্চাৰণ, উৎক্ষেপ, উৎকণ্ঠা, উদ্বেল, উদ্ধত, উদ্দাম, উদ্‌গতি, উদ্যোগ, উৎপত্তি, উদ্যম, উদ্বোধন, উদ্বেগ, উদ্দীপনা, উৎসাহ, উত্তাল, উন্মনা, উচ্ছল, উদাহৰণ, উৎসর্গ, উৎকৰ্ণ, উৎপত্তি, উত্তপ্ত, উন্মুখ, উদগ্ৰীৱ, উৎপাদন, উৎপাটন, উৎপাদক, উত্তম ইত্যাদি।

১৪। অতি (অধিক, অতিশয়, অতিৰিক্ত, আদি অর্থত): অতীত, অতীব, অতিৰিক্ত, অতিশয়, অতিকায়, অত্যধিক, অত্যন্ত, অত্যুক্তি, অতিবাহিত, অতিমাত্র, অতিৰঞ্জিত, অতিক্রম, অত্যাচাৰ, অতিবৃষ্টি, অতিমানৱ, অতীন্দ্ৰিয়, অতিবুদ্ধি, অতিপ্রাকৃত, অত্যুগ্র, অত্যল্প, অত্যুচ্চ, অত্যাৱশ্যক, অতিৰঞ্জন, অত্যাশ্চর্য, অত্যুষ্ণ, অত্যুজ্জ্বল, অত্যুৎকৃষ্ট ইত্যাদি।

১৫। নি (সমীপ, সম্যক, অন্তৰ, নিষেধ, নিশ্চয়, বিৰতি, সদৃশ আদি অর্থত): নিষেধ, নিবাস, নিপাত, নিমাত, নিকৃষ্ট, নিমগ্ন, নিক্ষেপ, নিবিষ্ট, নিমজ্জন, নিমজ্জিত, নিদারুণ, নিকৰুণ, নিশকতীয়া, নিবোধ, নিবেদন, নিবৃত্ত, নিযুক্ত, নিদ্রা, নিদর্শন, নিগম, নিদান, নিগ্রহ, নিকট, নিষাদ, নিবাৰণ, নিকাৰ ইত্যাদি।

১৬। প্রতি (সমীপ, বিৰোধ, বিপৰীত, সাদৃশ্য, সন্মুখ, অনুৰূপ আদি অৰ্থত): প্রতিকূল, প্ৰতিকাৰ, প্ৰতিশোধ, প্রতিদান, প্রতিপন্ন, প্রতিশব্দ, প্রতিমূর্তি, প্রতিৰূপ, প্রতিবেশী, প্রতিবাদী, প্রতিবিধান, প্রতিহিংসা, প্রতিষ্ঠা, প্রতিষ্ঠান, প্রতীক্ষা, প্রত্যাশা, প্রত্যহ, প্রত্যুপকাৰ, প্ৰত্যর্পণ, প্রত্যাগমন, প্ৰতিৰোধ, প্রতিভা, প্রতিকৃতি, প্রতিশ্রুতি, প্রতিবাদ, প্রতিমা, প্রতিপাদন, প্রতিঘাত, প্রতিবাসী, প্রতিনিধি, প্রতিভূ, প্রতিপাল, প্ৰত্যুত্তৰ, প্রতিগ্রহণ, প্রতিযোগিতা, প্রতিদ্বন্দ্বী, প্রতিপদ, প্রতিধ্বনি, প্রতিজ্ঞা, প্রতিক্রিয়া, প্রতিফল, প্রতীতি, প্রত্যাখান, প্রতিফলন, প্রত্যায়ন, ইত্যাদি।

১৭। অপি (নিশ্চয়, সম্ভাৱনা, ওপৰ, ওচৰ, আদি অৰ্থত): অপনিহিতি, অপিধান, অপিনিধান, অপিনদ্ধ, অপিশুন, অপিগীর্ণ, অপিচ, অপিতু ইত্যাদি।

১৮। পৰি (অনাদৰ, বিৰুদ্ধতা, সম্পূর্ণতা, ত্যাগ, অতিশয় আদি অৰ্থত): পৰিত্যাগ, পৰিৱেশ, পৰিণয়, পৰিণত, পৰিচয়, পৰিণাম, পৰিমাণ, পৰিপক্ক, পৰিত্ৰাণ, পৰিমিত, পৰিসৰ, পৰিষদ, পৰিস্থিতি, পৰিজন, পৰিগ্ৰহ, পৰিশেষ, পৰিচ্ছেদ, পৰিচ্ছদ, পৰিপন্থী, পৰিহাস, পৰীক্ষা, পৰিৱৰ্তন, পৰিণতি, পৰিশিষ্ট, পৰিসীমা, পৰিবেষ্টন, পৰিপুষ্ট, পৰিতাপ, পৰিদৰ্শন, পৰিশ্ৰম, পৰিষ্কাৰ, পৰিপাটি, পৰিচৰ্যা, পৰিশোধ, পৰিতৃপ্ত, পৰিপূৰ্ণ, পৰিচালনা, পৰিপাক, পৰিচালক, পৰিক্ৰমা, পৰিধান,
পৰিহাৰ, পৰিখা ইত্যাদি।

১৯। উপ (প্রায়, তুল্য, সদৃশ, ওচৰ, সামান্য, আৰম্ভ, আদি অৰ্থত): উপকাৰ, উপহাৰ, উপচাৰ, উপকূল, উপযুক্ত, উপমা, উপদেশ, উপনিৱেশ, উপাসনা, উপচক্ৰ, উপায়ুক্ত, উপস্থিত, উপনয়ন, উপসর্গ, উপশব্দ, উপকৰণ, উপঢৌকন, উপন্যাস, উপাখ্যান, উপনিষদ, উপবন, উপমন্ত্রী, উপমেয়, উপমান, উপপতি, উপপত্নী, উপশম, উপবাস, উপাদেয়, উপযাজক, উপকণ্ঠ, উপনদী, উপলব্ধি, উপদ্বীপ, উপকথা, উপমহাদেশ, উপহাস, উপসংহাৰ, উপপথ, উপগ্রহ, উপসাগৰ, উপত্যকা, উপনীত, উপলক্ষ, উপদ্ৰৱ, উপনগৰ, উপজাত, উপায় ইত্যাদি।

২০। আ (অলপ, পৰ্যন্ত, পুনৰ, সম্যক, ঈষৎ, সীমা, সম্পূর্ণ আদি অর্থত): আগম, আগমন, আনয়ন, আকাৰ, আহাৰ, আকাশ, আবাস, আলাপ, আৰাম, আদায়, আগ্রহ, আক্ষেপ, আজন্ম, আমৃত্যু, আনন্দ, আদর্শ, আকণ্ঠ, আচ্ছাদন, আক্ত, আক্ৰমণ, আৱেশ, আদেশ, আৰম্ভ, আদান, আৱাহন, আভাস, আকুল, আহৰণ, আৰোহণ, আমৰণ, আশ্লেষ আৱৰণ, আভৰণ, আকর্ণ, আসমুদ্র, আবালবৃদ্ধ, আবেদন, আধাৰ, আৰাধনা, আব্ৰহ্ম, আঘাত, আঘ্রাণ, আৰদ্ধ, আলম্বন, আহ্লাদ, আভা ইত্যাদি।

অসমীয়া উপসর্গ

অসমীয়া অব্যয়ৰ যোগতো নানা শব্দ গঠন কৰা হয়। তলত কিছুমান অসমীয়া উপসৰ্গৰ উদাহৰণ দিয়া হ’ল :

  1. অ (বিসদৃশ, বিপৰীত আদি অৰ্থত): অনামা, অনামী, অচিনাকি, অহিংসা, অসুখ, অহিচাপী, অজান, অজানা, অসুৰ, অগৈণত, অগুণ, অকাজ, অসাৰ ইত্যাদি। (এইবোৰ সমাসনিষ্পন্ন পদ। ইয়াত নঞাৰ্থক “অ” যোগ হৈছে।
  2. আ (সংস্কৃত ‘আ’ উপসৰ্গৰ সমার্থক): আকাল, আমনি, আমৰণ, আহৰণ, আশকতি, আকাজী (একাজী) ইত্যাদি।
  3. আও (সংস্কৃত অপ আৰু অব উপসৰ্গৰ সমার্থক): আওহেলা, আওকাণ, আওকাঠ, আওবাৰ, আওপুৰণি, আওমৰণ ইত্যাদি।
  4. অনা: অনাতাঁৰ, অনাভুৱা, অনাজৰী, (এনাজৰী), অনাগত, অনাহাৰ, অনাবৃষ্টি আদি।
  5. উ (সংস্কৃত উৎ উপসৰ্গৰপৰা বিকৃত হৈ): উছৱ, উছৰ্গা, উছাহ, উলাহ, উলংঘা, উলংগ, উল্লাস, উজান, উলহ-মালহ আদি ৷
  6. নি (সংস্কৃত নি আৰু নিৰ্‌ উপসৰ্গৰ অৰ্থত): নিৰহ, নিপানী, নিজান, নিমাত, নিতাল, নিলগ, নিগাজি, নিখুঁত, নিচিনা, নিছলা, নিবোকা, নিমাখিত, নিচেই, নিনাও, নিমাওমাও, নিকপীয়া, নিবাৰণ, নিদারুণ, নিমৰমিয়াল, নিকৰুণ, নিঘুণী ইত্যাদি ৷
  7. সু (সংস্কৃত সু উপসৰ্গৰ অৰ্থত): সু-খবৰ, সু-বাতৰি, সু-কাঠি, সু-জান ইত্যাদি।

Download PDF: উপসর্গ

Watch Video Class

শেষ বাক্য

আজি আমি আপোনালোকৰ সৈতে উপসৰ্গ আলোচনা কৰিলোঁ, আশা কৰো এইয়ে আপোনাক সহায় কৰিব। আগলৈ আমি অনুসৰ্গ আলোচনা কৰিম।

Leave a Comment