পণ্ডিত আনন্দৰাম বৰুৱা

আপুনি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ Class 7 ৰ শিক্ষাৰ্থী নেকি বা আপুনি সপ্তম মান শ্ৰেণীৰ অসমীয়া বিষয় পঢ়াই নেকি? তেন্তে এই লিখনিয়ে আপোনাক কিছু সহায় কৰিব।

আমি আজি Assamese Question Answer ত “পণ্ডিত আনন্দৰাম বৰুৱা” ৰ সম্পুৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিব আহিছোঁ। আশা কৰোঁ আপুনি Class 7 Assamese Chapter 3 Question Answer তথা “পণ্ডিত আনন্দৰাম বৰুৱা” ৰ সম্পুৰ্ণ প্ৰশ্ন উত্তৰ এই লিখনি ভাল পাব।

পণ্ডিত আনন্দৰাম বৰুৱা সম্পুৰ্ণ প্ৰশ্ন উত্তৰ

আমি ইয়াত “পণ্ডিত আনন্দৰাম বৰুৱা” ৰ চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ আদিৰ লগতে কিছু কিছু গুৰুত্বপূৰ্ণ Assamese Grammar ৰ প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ প্ৰয়াস কৰিছো। আশা কৰোঁ আপুনি এই লিখনি পঢ়িলে পণ্ডিত আনন্দৰাম বৰুৱাৰ বাবে আন একো পঢ়াৰ প্ৰয়োজন নাই।

‘ক’ পাঠভিত্তিক ক্রিয়া

২। উত্তৰ দিয়া

(ক) আনন্দৰাম বৰুৱাৰ জন্ম কত হৈছিল ?
উত্তৰঃ, উত্তৰ গুৱাহাটীৰ বজাদুৱাৰত ১৮৫০ চনৰ ২১ মে তাৰিখে আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল।

(খ) তেওঁৰ পিতৃ-মাতৃৰ নাম কি আছিল?
উত্তৰঃ তেওঁৰ পিতৃৰ নাম গণৰাম বৰুৱা আৰু মাতৃৰ নাম দুলাভেশ্বৰী বৰুৱানী আছিল।

(গ) আনন্দৰাম বৰুৱাই কলকাতাৰ কোন কলেজত নামভৰ্তি কৰিছিল?
উত্তৰঃ আনন্দৰাম বৰুৱাই কলকাতাৰ প্রেচিডেন্সি কলেজত নামভৰ্তি কৰিছিল।

(ঘ) “আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা” কিয় প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ পণ্ডিত প্ৰবৰ আনন্দৰাম বৰুৱাৰ স্মৃতি ৰক্ষাৰ বাবে ১৯৮৯ চনত অসম চৰকাৰে “আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা” প্রতিষ্ঠা কৰিছিল। ইয়াৰ ইংৰাজী নামটো হ’ল Anundoram Borooah Institute of Language. Art and Culture, Assam – চমুকৈ ABILAC বুলি জনা যায়।

৩। ABILAC ৰ পূৰ্ণ নামটো ইংৰাজী আৰু অসমীয়াত লিখা। ‘
উত্তৰঃ ABILAC- ব সম্পূর্ণ নামটো ইংৰাজীত হ’ল— Anundoram Borooah Institute of Language, Art and Culture. Assam. অসমীয়াত হ’ল— “আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা”।

৪। তলত নাম লিখা পুথিসমূহৰ পৰা আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ বাছি উলিয়াই লিখা।
• কৌটিল্যৰ অৰ্থশাস্ত্র
• প্রাচীন ভাৰতৰ ভূগোল
• ভৱভূতিৰ মহাবীৰ চৰিত
• ইংৰাজী-সংস্কৃত অভিধান
• মহাভাৰত
• উচ্চ সংস্কৃত ব্যাকৰণ
• সৰস্বতী কণ্ঠাহৰণ
• ভাগৱতৰ দশম স্কন্ধ
• সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ
• সংস্কৃত শিক্ষার্থী সহচৰ

উত্তৰঃ আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ হ’ল—

  1. প্রাচীন ভাৰতৰ ভূগোল
  2. ভৱভূতিৰ মহাবীৰ চৰিত
  3. ইংৰাজী-সংস্কৃত অভিধান
  4. উচ্চ সংস্কৃত ব্যাকৰণ
  5. সৰস্বতী কণ্ঠাভৰণ
  6. সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ
  7. সংস্কৃত শিক্ষার্থী সহচৰ।

৫। আনন্দৰাম বৰুৱাই আই. চি. এছ. পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত বিলাতত হোৱা বয়সৰ বিতৰ্কত মি. শ্রেণ্ট ডাফে দিয়া মন্তব্যটি লিখা।
উত্তৰ : আই. ছি. এছ. পৰীক্ষাত উত্তীর্ণ বুলি ঘোষণা কৰাৰ বাবে যি ন্যূনতম বয়সৰ প্ৰয়োজন আনন্দৰামৰ সেই বয়স হোৱা নাছিল। সেইহেতু পালিয়ামেণ্টত তুমুল বিতৰ্কৰ সৃষ্টি হোৱাত মি. গ্রেন্ট ডাফে এই মন্তব্যৰে বিতৰ্কৰ মোখনি মাৰিছিল— আমি এই সিদ্ধান্তত উপনীত হওতে আই. ছি. এছ পৰীক্ষাৰ নিয়মাৱলীৰ ভিতৰুৱা উদ্দেশ্যলৈহে কাণ দিছোঁ। যিজন ছাত্ৰই সুদূৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আহি ইমান প্রতিযোগীৰ মাজতো সুখ্যাতিৰে এই পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰিছে তেওঁৰ আকাঙ্খাৰ বাটত আমি একো প্রতিবন্ধকতা জন্মাবৰ ইচ্ছা নকৰোঁ।”

৬। আনন্দৰাম বৰুৱাৰ কৰ্মজীৱনৰ বিষয়ে কেইশাৰীমান বাক্য লিখা।
উত্তৰ: আই. ছি. এছ. পৰীক্ষা পাছ কৰাৰ পিছত স্বদেশলৈ উভতি আহি আনন্দৰাম বৰুৱাই প্রথমে শিৱসাগৰ জিলাত সহকাৰী মেজিষ্ট্রেট হিচাপে যোগদান কৰিছিল । তাৰ পিছত মৈমনসিং জিলাৰ সহকাৰী মেজিষ্টেট আৰু কলেক্টৰ হিচাপে চাকৰি কৰিছিল। বিভিন্ন জিলাত উচ্চপদস্থ বিষয়া হিচাপে চাকৰি কৰি ১৮৮৪ চনত নোৱাখালি জিলাৰ মেজিষ্ট্রেট নিযুক্ত হৈছিল। সেই সময়ত তেওঁ বংগদেশৰ ভালেমান উন্নয়নমূলক কাম কৰিছিল।

৭ ‘ক’ অংশত থকা শব্দৱ লগত ‘খ’ অংশত থকা অৰ্থবোৰ আঁচ টানি মিলোৱা।
উত্তৰঃ

‘ক’ অংশ‘খ’ অংশ
অধ্যৱসায়নেৰানেপেৰাকৈ লাগি থকা কার্য
মন্থনমথা বা ঘোটা কার্য
সুখ্যাতিসুনাম, যশস্যা
জাকতজিলিকাঅতি শুৱনি
অৱদানবৰঙণি বা অৰিহণা
সংকল্পকোনো কাম কৰিবলৈ দৃঢ় ইচ্ছা
অপ্রত্যাশিতআশা নকৰা
প্রতিযোগীপ্রতিদ্বন্দ্বী
নিযুক্তকামত লগোৱা, কামত নিয়োগ কৰা
মনীষীজ্ঞানী

‘খ’ ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

৮। কাল কাক বোলে? ই কেই প্ৰকাৰৰ আৰু কি কি উদাহৰণ দিয়া
উত্তৰঃ ক্ৰিয়াৰ সময়কে কাল বোলে। কাল তিনিবিধ – বর্তমান কাল, অতীত কাল আৰু ভৱিষ্যৎ কাল।
বর্তমান কাল: মই পঢ়িছোঁ— অর্থাৎ মই বর্তমান পঢ়ি আছোঁ৷ গতিকে পঢ়িছোঁ ক্ৰিয়াটো বৰ্তমান কালৰ ক্ৰিয়া ৷
অতীত কাল: মই পঢ়িছিলোঁ— অর্থাৎ যোৱা কোনোবা সময় বা কালত পঢ়া কাম কৰিছিলোঁ ৷ গতিকে ‘পঢ়িছিলোঁ’ অতীত কালৰ ক্ৰিয়া। 1
ভৱিষ্যৎ কাল : মই পঢ়িম— অর্থাৎ ভৱিষ্যতৰ কোনোবা সময় বা কালত পঢ়া কাম কৰিম৷ গতিকে ‘পঢ়িম’ ভৱিষ্যৎ কালৰ ক্ৰিয়া।

‘গ’ জ্ঞান সম্প্ৰসাৰণ

১১। ভাব বহলাই লিখা‘চেষ্টাৰ অসাধ্য একো নাই।’
উত্তৰঃ কোনো কামত কৃতকার্যতা লাভ কৰাৰ বাবে চেষ্টা বা যত্নৰ প্রয়োজন। চেষ্টা নকৰাকৈ একো কাম কৰিব নোৱাৰি। ‘দুখ কৰিলে মুখ ভৰে’ বুলি এযাৰ কথা আছে। এই ‘দুখ কৰা’ মানে যত্ন বা চেষ্টা কৰা আৰু ‘মুখ ভৰা’ মানে সফল বা কৃতকার্য হোৱা। পৃথিৱীত যিসকল পুৰুষে নিজৰ নাম চিৰকাললৈ জিলিকাই থৈ গৈছে, সেইসকলে জীৱনত চেষ্টা, যত্ন, দুখ বা পৰিশ্ৰম কৰি গৈছে। পণ্ডিত আনন্দৰাম বৰুৱাই নিজৰ চেষ্টাৰ ফলত তুমুল প্রতিযোগিতামূলক আই. ছি. এছ. পৰীক্ষাত আনকি প্রয়োজনীয় ন্যূনতম বয়স নৌহওঁতেই ৭ম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হৈছিল৷ পৃথিৱীত হোৱা ডাঙৰ কাম, আৱিষ্কাৰ আদিও চেষ্টাৰ ফলতেই হৈছিল। আমেৰিকা আৱিষ্কাৰ কৰা কলম্বাচৰ লগৰীয়া নাবিকসকল হতাশ হৈ উভতি আহিব খোজাতো কলম্বাছে যত্ন কৰি আৰু দুদিন আগলৈ জাহাজ চলোৱাৰ বাবে নাবিকসকলক সৈমান কৰি চেষ্টা কৰাৰ ফলতেই আমেৰিকা আবিষ্কাৰ হৈছিল। সেয়ে সৰু-বৰ সকলো কামতে একান্ত চেষ্টাৰ প্ৰয়োজন। চেষ্টা কৰিলে সকলো কামেই সাধ্যৰ ভিতৰত আহি পৰে।

১২। কিছুমান লোকে ভালদৰে পঢ়া-শুনা কৰি, ভাল কাম কৰি নিজৰ বংশৰ লগতে দেশৰ নামো উজ্জ্বল কৰে। তুমি নিজে তেনে এজন ব্যক্তি হ’বলৈ কি কৰিবা লিখা।
উত্তৰঃ নিজৰ বংশৰ লগতে দেশৰ নাম উজ্জ্বল কৰিবলৈ ময়ো সৰুৰে পৰা দৃঢ় প্রতিজ্ঞ হম। বয়স আৰু শিক্ষা কম কাৰণে এতিয়াও ভাল-বেয়া বহুত কথা জনা হোৱা নাই৷ গতিকে ভাল সৎ ব্যক্তিৰ আদৰ্শত চলিবলৈ যত্ন কৰিম। পিতৃ-মাতৃ, শিক্ষক গুৰুজন, জ্যেষ্ঠজনৰ কথা শুনি, মহৎ লোকৰ জীৱনী পঢ়ি তেনে গুণ আহৰণ কৰিবলৈ চেষ্টা কৰিম৷ সৰুৰে পৰা পঢ়াত অতি মনোযোগী হলে শিক্ষা ল’ব পাৰি। মই পঢ়াত অতি মনোযোগী হম আৰু এজন ভাল, সৎ মানুহ হ’বলৈ সদায় যত্ন কৰিম। সৎ বন্ধুৰ সংগ ল’ম৷ মানুহৰ প্ৰতি সন্মান আৰু মৰম কৰিবলৈ শিকিম। নিজৰ দেশক, সমাজক ভাল পাবলৈ শিকিম। কেতিয়াও স্বাৰ্থপৰ নহ’বলৈ যত্ন কৰিম। এনেবোৰ গুণৰ অধিকাৰী হ’ব পাৰিলে ময়ো নিজৰ বংশৰ লগতে দেশৰ নাম উজলাব পাৰিম বুলি মোৰ বিশ্বাস আছে।

চমু টোকা লিখা: (জানো আহা)

কৃষ্ণকান্ত সন্দিকৈ (১৮৯৮-১৯৮২): ১৮৯৮ চনত (যোৰহাটত কৃষ্ণকান্ত সন্দিকৈৰ জন্ম হৈছিল। তেওঁ আছিল ৰাধাকান্ত সন্দিকৈ আৰু নাৰায়ণী সন্দিকৈৰ প্ৰথম পুত্র। কৃষ্ণকান্তই ১৯১৩ চনত যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা প্রথম বিভাগত মেট্রিক পাছ কৰি গুৱাহাটীৰ কটন কলেজত আই. এ. লৈ পঢ়ি কলকাতাৰ সংস্কৃত কলেজৰ পৰা প্রথম শ্রেণীৰ সাম্মানিক স্নাতক হয়। ১৯১৯ চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লৈ এম. এ. পাছ কৰে। পিছত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰাও বুৰঞ্জী বিষয়ত এম. এ. পাছ কৰে।

সন্দিকৈদেবে প্রথমে জে. বি. কলেজৰ প্ৰতিষ্ঠাপক অবৈতনিক অধ্যক্ষ হিচাপে সেৱা আগবঢ়াই পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচার্য হিচাপে যোগদান কৰি সেই পদৱীৰ পৰাই অৱসৰ গ্ৰহণ কৰে। সংস্কৃত সাহিত্যৰ বিদগ্ধ পণ্ডিত সন্দিকৈদেৱে কেইবাখনো মূল্যবান গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। সেইবোৰৰ ভিতৰত নৈষধ চৰিত তেখেতৰ শেষ বয়সৰ অনূদিত গ্রন্থ। ইয়াৰ বাহিৰেও সমকালীন ‘বাঁহী’, ‘মিলন’, ‘আবাহন’, ‘চেতনা’ আদি কাকতত ভালেমান মূল্যবান প্রবন্ধ প্রকাশ কৰিছিল। সন্দিকৈদেৱৰ পাণ্ডিত্য, শৈক্ষিক আৰু সাহিত্য জগতলৈ আগবঢ়োৱা অমূল্য অৱদানসমূহৰ স্বীকৃতিত তেওঁক ‘পদ্মশ্ৰী’ আৰু ‘পদ্মভূষণ’ সন্মানেৰে চৰকাৰে সন্মান জনাইছে। ১৯৮২ চনত পণ্ডিত প্ৰবৰ সন্দিকৈদেৱ স্বৰ্গী হয়।

সীতানাথব্ৰহ্ম চৌধুৰীঃ ১৯০৮ চনৰ ৮ অক্টোবৰত গোৱালপাৰা জিলাৰ ভালুকমাৰী গাঁৱত ব্ৰহ্ম৷ চৌধুৰীৰ জন্ম হয়। গুৱাহাটীৰ কটন কলেজৰ পৰা বি এ পাছ কৰে। ব্ৰহ্মচৌধুৰীৰ অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদান অতুলনীয়। তেখেতৰ প্ৰথম কবিতাপুথি ‘কমল কলি’ ১৯২৫ চনত প্ৰকাশ হৈছিল। ‘আৱেগ” আৰু “চকুলো” পিছত প্রকাশিত আন দুখন কবিতা পুথি। ‘কমল কলি’ৰ কবিতাত কবিয়ে নিৰুপমা সৌন্দর্য প্ৰতিমা’ৰ অন্বেষণ কৰিছে। ব্ৰহ্মচৌধুৰী অসম সাহিত্য সভাৰ ১৯৫৬ চনৰ ধুবুৰী অধিবেশনৰ মুকলি সভাৰ উদ্বোধক, ১৯৮১ আৰু ১৯৮২ চনত দুবছৰত দুবাৰ অসম সাহিত্য সভাৰ সভাপতি হোৱাৰ গৌৰৱৰ অধিকাৰী। তেখেত আছিল জাতীয় সংস্কৃতিৰ সমন্বয়ৰ প্রতীকস্বৰূপ। ১৯৮২ চনৰ ২৩ নৱেম্বৰ তাৰিখে তেখেত স্বৰ্গী হয়।

গৌহাটি গভর্ণমেণ্ট ছেমিনাৰী: ১৮৩৫ চনত স্থাপিত এইখন আছিল অসমৰ প্রথম ইংৰাজী মাধ্যমৰ বিদ্যালয়। ১৮৪১ চনত শিৱসাগৰত দ্বিতীয়খন বিদ্যালয় স্থাপিত হয়। ১৮৬৪ চনত শিৱৰাম বৰা, মাধৱ চন্দ্ৰ বৰদলৈ আৰু জালনুৰ আলি আহমেদৰ লগত আনন্দৰাম বৰুৱাই এই বিদ্যালয়ত পঢ়িছিল।

আই.ছি.এছ. (Indian Civil Service): প্রশাসন পৰিচালনাৰ বাবে এক প্রতিযোগিতামূলক পৰীক্ষা। বৃটিছ চৰকাৰে ভাৰতৰ প্রশাসন চলাবৰ বাবে এই পৰীক্ষাৰ দ্বাৰা সুদক্ষ প্রশাসক নিৰ্বাচনৰ ব্যৱস্থা কৰিছিল। দুটা পৰ্যায়ৰ প্ৰথমটোত মুক্ত প্রতিযোগিতামূলক পৰীক্ষা হয়। ১ম পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলে দ্বিতীয় পর্যায়ব পৰীক্ষা দিব পাৰে। ১৮৭০ চনত হোৱা এই আই. ছি. এছ পৰীক্ষাৰ প্ৰথম খণ্ডত আনন্দৰাম বৰুৱাই ৩৮তম স্থান লাভ কৰিছিল আৰু ইয়াৰ দ্বিতীয় পৰ্যায়ৰ ১৮৭২ চনৰ পৰীক্ষাত ৭ম স্থান লাভ কৰিছিল। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ দাদাক সত্যেন্দ্রনাথ ঠাকুৰ আছিল প্রথমজন ভাৰতীয় আই.ছি. এছ।

মহর্ষী পানিনি: মহষী পানিনিয়ে ‘অষ্টাধ্যায়ী’ নামে সংস্কৃত ভাষাৰ ব্যাকৰণ প্ৰণয়ন কৰে। এই ব্যাকৰণখনেই বিশ্বৰ ভিতৰত স্বীকৃত বিজ্ঞান সম্মত ব্যাকৰণ পুথি। জন বেকাচ (John Bakus) নামে এজন বিজ্ঞানীয়ে এই ব্যাকৰণ পুথিখনৰ ভিত্তিত পোন প্ৰথমে তথ্য প্ৰযুক্তিৰ আহিলা কম্পিউটাৰৰ উপযোগীকৈ ‘কৃত্রিম ভাষা প্রযুক্তি’ নির্মাণ কৰে । এই প্রযুক্তিক যান্ত্রিক ভাষা’ বুলি কোৱা হয়। ভাষাটো কম্পিউটাৰ জগতত PBNF (Panini Bakus Normal Form) নামে জনাজাত। পানিনিৰ এই অৱদানৰ বাবে বিশ্বই সদায় ভাৰতবৰ্ষ আৰু সংস্কৃত ভাষাৰ ওচৰত ৰণী হৈ থাকিব।

‘ঘ’ প্রকল্প

১৫। ভবিষ্যতে কোনে কি হ’বলৈ বিচৰা আৰু কিয় হ’ব বিচৰা সেই বিষয়ে লিখা।
উত্তৰঃ প্ৰথম কথা, ভৱিষ্যতে মই এজন ভাল মানুহ হ’ব বিচাৰোঁ। ভাল মানুহ হোৱাৰ উপৰি কৰ্মময় জীৱনত মই এজন ডাক্তৰ হ’ব বিচাৰোঁ। মানৱ সেৱাৰ মনোভাব এটা সদায় মই পুহি ৰাখিছোঁ। অনেক দুখীয়া, গৰীৱ ৰগীয়া লোকে ধনৰ অভাৱত চিকিৎসা কৰাব নোৱাৰি দুখ লগা অৱস্থাত বেয়াকৈ একালতে মৰিব লগা হোৱাটো মই সৰুৰে পৰা দেখি আহিছোঁ। এনে অৱস্থা হয় ঘাইকৈ গাঁও অঞ্চলত। সেয়ে মই কঠোৰ শ্ৰম কৰি পঢ়া-শুনা কৰিম যাতে নিষ্ঠাৰে এই বিদ্যা অধ্যয়ন কৰিম। আঁতি-গুৰি মাৰি বেমাৰ আৰু ঔষধ সম্পর্কীয় কথাবোৰ শিকি ল’ম যাতে ভবিষ্যতে চিকিৎসাৰ ক্ষেত্ৰত মোৰ কেতিয়াও ভুল নহয়।

মানুহে কয় ৰোগীৰ কাৰণে ডাক্তৰসকল ভগৱান স্বৰূপ। মই ভগৱান হ’ব নোৱাৰোঁ; কিন্তু ৰোগীসকলৰ সহায়কাৰী বন্ধু হ’ব পাৰোঁ। ৰোগীক শুশ্ৰূষা কৰাটো অন্যতম সহায় মানৱ সেৱা। চিকিৎসাত ৰোগীজন ভাল হৈ উঠিলে ডাক্তৰৰ ইয়াত ডাঙৰ আত্মতৃপ্তি একো নাই। এই সেৱাত দুটা লাভ হয়— প্রথম ৰোগীয়ে আৰোগ্য লাভ কৰে, আৰু দ্বিতীয়তে ডাক্তৰেও জীৱন নিৰ্বাহ কৰিবলৈ সামান্য হলেও আর্থিক লাভ কৰে।

শেষ বাক্য

শেষ বাক্য হিচাপে কবলৈ গলে বহু কথাকে কব পাৰি, কিন্তু ইয়াত আমি এটি কথাই উল্লেখ কৰিম যে Class 7 Assamese Medium ৰ শিক্ষাৰ্থী যাতে টিউচনলৈ যাব নেলাগে তাৰ বাবে এই ক্ষুদ্ৰ প্ৰয়াস।

আমাৰ লিখনিসমূহ আনৰ সৈতে Share কৰি পঢ়িবলৈ সুযোগ কৰি দিলে আমি আৰু দুগুণ উৎসাহৰ সৈতে আপোনালোকৰ বাবে Class 6 – Class 12 ৰ সকলো সমাধান দিয়াৰ প্ৰয়াস কৰিম।

1 thought on “পণ্ডিত আনন্দৰাম বৰুৱা”

Leave a Comment