কালিকা লগা পাট কাপোৰ

আপুনি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ Class 7 ৰ শিক্ষাৰ্থী নেকি বা আপুনি সপ্তম মান শ্ৰেণীৰ অসমীয়া বিষয় পঢ়াই নেকি? তেন্তে এই লিখনিয়ে আপোনাক কিছু সহায় কৰিব।

আমি আজি Assamese Question Answer ত Class 7 Assamese Chapter 2 Question Answer তথা “কালিকা লগা পাট-কাপোৰ” ৰ সম্পুৰ্ণ প্ৰশ্ন উত্তৰ দিবলৈ প্ৰয়াস কৰিছো। আশা কৰোঁ আপুনি এই লিখনি ভাল পাব।

কালিকা লগা পাট কাপোৰ প্ৰশ্ন উত্তৰ

আমি ইয়াত “কালিকা লগা পাট-কাপোৰ” ৰ চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ আদিৰ লগতে কিছু কিছু গুৰুত্বপূৰ্ণ Assamese Grammar ৰ প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ প্ৰয়াস কৰিছো। আশা কৰোঁ আপুনি এই লিখনি পঢ়িলে Class 7 Assamese Chapter 2 Question Answer ৰ বাবে আন একো পঢ়াৰ প্ৰয়োজন নাই।

উত্তৰ দিয়া –

(ক) চহকী মানুহজন কোন দেশৰ আছিল?
উত্তৰ: আচিক দেশৰ।

(খ) চহকী-মানুহজনৰ ছোৱালীজনীৰ কাৰ লগত বিয়া হৈছিল?
উত্তৰঃ দেখনিয়াৰ ডেকাৰ লগত বিয়া হৈছিল।

(গ) ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল?
উত্তৰঃ এখন কালিকা লগা বনকৰা পাটৰ কাপোৰ দিয়া হৈছিল।

(ঘ) কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে কি কৈছিল?
উত্তৰ : ‘এটা মধু উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পঁচাবতে সিচৰাইলৈ ৰূপান্তৰিত হ’ব আৰু কাপোৰদন চৰাইৰ নেজ আৰু পাখি হৈ পৰিব।’ ―বুলি কৈছিল।

(ঙ) আচিক সম্প্রদায়ত সম্পত্তিৰ অধিকাৰী কোন?
উত্তৰঃ ছোৱালী পিতৃ-মাতৃৰ সম্পত্তিৰ অধিকাৰী হয়।

(চ) ছোৱালীয়ে কাপোৰখন ৰ’দত মেলি দি ক’লৈ গৈছিল ?
উত্তৰঃ মাছ মাৰিবলৈ গৈছিল।

(ছ) কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হৈছিল?
উত্তৰঃ এটা ডাঙৰ আৰু নানা বৰণীয়া জনকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাইলৈ ৰূপান্তৰিত হৈছিল।

চমু উত্তৰ দিয়া

(ক) বাপেকে ছোৱালীজনীক দিয়া বনকৰা পাটৰ কাপোৰখনৰ বিশেষত্ব কি আছিল?
উত্তৰঃ কাপোৰখন আছিল কালিকা লগা। এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰাতে সি চৰাইলৈ ৰূপান্তৰিত হ’ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। এয়াই আছিল বিশেষত্ব।

(খ) গিৰিয়েকজন কিদৰে সুশোভিত চিত্ৰী চৰহিলৈ ৰূপান্তৰিত হৈছিল?
উত্তৰঃ কালিকালগা পাটৰ কাপোৰখন ৰদত মেলি দি ছোৱালীজনীয়ে গিৰিয়েকক কোনো কাৰণতে কাপোৰখন নুচুবলৈ কৈ মাছ মাৰিবলৈ গৈছিল। এনেতে ধাৰাসাৰ বৰষুণ অহাত ঘৈণীয়েকক চিঞৰি মতাতো নহাত গিৰিয়েকে সামৰি থ’বলৈ বুলি কাপোৰখনত ধৰোঁতেই তেওঁ সুশোভিত চিত্ৰী চৰাইলৈ ৰূপান্তৰিত হৈছিল।

(গ) গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষত তাইৰ কি হ’ল ?
উত্তৰঃ গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকেও মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি “কি কৰিলা ঔ” বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে আৰু লগে লগে তায়ো এজনী চৰাইৰ ৰূপ পালে।

৪৷ তলৰ শব্দবোৰৰ অৰ্থ বাকচৰ পৰা বাছি উলিয়াই লিখা। সুসজ্জিত, ধনী, সুঠাম আৰু দেখিবলৈ ধুনীয়া, বহুত, চলি থকা
প্রচলিত ― দেখনিয়াৰ― চহকী ― সুশোভিত― সৰহ―
উত্তৰঃ প্রচলিত ― চলি থকা
দেখনিয়াৰ― সুঠাম আৰু দেখিবলৈ ধুনীয়া
চহকী ― ধনী
সুশোভিত― সুসজ্জিত
সৰহ― বহুত

‘খ’ ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

৫৷ তলৰ দফাটো পঢ়ি উপযুক্ত স্থানত যতি, বিৰাম চিহ্ন বহুওৱা।
এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা ঔ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে লগে লগে তায়ে এজনী চৰাইৰ ৰূপ পালে তেতিয়াৰে পৰা গিৰিয়েকজন হৈ পৰিল মতা ম’ৰা চৰাই আৰু ঘৈণীয়েজনী হৈ পৰিল মাইকী ম’ৰা চৰাই। মতাটোৰ পাখি বেছি জাকজমকীয়া কাৰণ সেই কাপোৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ’ল
উত্তৰঃ এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি ‘কি কৰিলা ঔ’বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে। লগে লগে তায়ো এজনী চৰাইৰ ৰূপ পালে।

তেতিয়াৰে পৰা গিৰিয়েকজন হৈ পৰিল মতা ম’ৰা চৰাই; আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী ম’ৰা চৰাই। মতাটোৰ পাখি বেছি জকমকীয়া। কাৰণ, সেই কাপোৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ’ল।

৬। পাঠটো ভালদৰে পঢ়ি দুটাকৈ সমাপিকা আৰু অসমাপিকা ক্রিয়াযুক্ত বাক্য লিখা
উত্তৰঃ সমাপিকা ক্রিয়াযুক্ত বাক্য :
(১) আচিক দেশত এজন বৰ চহকী মানুহ আছিল।
(২) পৰ্বতীয়া জাতিসমূহৰ ভিতৰত কেতবোৰ মাতৃপ্রধান জাতি আছে।

অসমাপিকা ক্রিয়াযুক্ত বাক্যঃ
(১) এদিন ছোৱালীজনীয়ে কাপোৰখন পেৰাৰ পৰা উলিয়াই ৰ’দত মেলি দিলে।
(২) কিন্তু তাই আহি পোৱাৰ আগতে শিল-বৰষুণ আহিল ৷

৭। তলৰ বাক্যত থকা সমাপিকা আৰু অসমাপিকা ক্রিয়া বাছি উলিওৱা।
উত্তৰঃ ১) মই ঘৰলৈ যাম। (সমাপিকা ক্রিয়া)
২) ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ। (সমাপিকা ক্রিয়া)
৩) পুৱা শুই উঠি ম‍ই বকুলফুল বুটলিম। (অসমাপিকা ক্রিয়া)
৪) মা-দেউতাই সদায় খবৰ কাগজ পঢ়ে। (সমাপিকা ক্রিয়া)
৫) স্কুলৰ পৰা আহি মই কিছুপৰ টিভি চাওঁ। (অসমাপিকা ক্রিয়া)

‘গ’ জ্ঞান সম্প্ৰসাৰণ

৮। পুৰণিকালত তোমাৰ ককা-আইতাহঁতে কাপোৰ-কানি, বাচন-বৰ্তন পেৰাত ভৰাই থৈছিল। তোমালোকে কাপোৰ-কানি, বাচন-বৰ্তন ক’ত থোৱা, তাৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰ: কাপোৰ-কানি থোৱা ঠাই বাচন-বৰ্তন থোৱা ঠাই
(১) আলমিৰা
(২) আলনা
(৩) বাকচ
(৪) ছুটকেচ
(১) আলমিৰ৷
(২) ডিভান
(৩) ৰেক
(৪) বাকচ

১১। অসমৰ শিপিনীয়ে তাঁতশালত কি কি কাপোৰ বয় এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰঃ অসমৰ শিপিনীয়ে তাঁতশালত বোৱা কাপোৰৰ তালিকা হ’ল—
১। মেখেলা
২। চাদৰ
৩। শাৰী
৪। গামোচা
৫। দখনা
৬ ৷ দোপাট্টা
৭। ধুতী
৮। আঁঠুৱাৰ কাপোৰ
৯। ৰুমাল
১০। বিছনা চাদৰ
১১। পর্দা
১২। স্কার্ফ
১৩। ধোচ

১২৷ উত্তৰ-পূব ভাৰতৰ মাতৃপ্রধান জাতিসমূহৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰঃ উত্তৰ-পূব ভাৰতৰ মাতৃপ্রধান জাতিসমূহ হ’ল–
(১) খাচীয়া
(২) গাৰো

শেষ বাক্য হিচাপে

শেষ বাক্য হিচাপে কবলৈ গলে বহু কথাকে কব পাৰি, কিন্তু ইয়াত আমি এটি কথাই উল্লেখ কৰিম যে Assamese Medium ৰ শিক্ষাৰ্থী যাতে টিউচনলৈ যাব নেলাগে তাৰ বাবে এই ক্ষুদ্ৰ প্ৰয়াস।

আমাৰ লিখনিসমূহ আনৰ সৈতে Share কৰি পঢ়িবলৈ সুযোগ কৰি দিলে আমি আৰু দুগুণ উৎসাহৰ সৈতে আপোনালোকৰ বাবে Assamese Medium Class 6 – Class 12 ৰ অসমীয়াৰ সকলো সমাধান দিয়াৰ প্ৰয়াস কৰিম।

1 thought on “কালিকা লগা পাট কাপোৰ”

Leave a Comment